ঘোৰ অন্ধকাৰ ৰাতি, কৃষ্ণ পক্ষৰ আন্ধাৰ | কংক্রিতৰ চহৰৰ সৌ পাহাৰ খনৰ এটি জুপুৰিট বাস কৰে তৰুন পাঠক নামৰ বৃদ্ধজন আৰু তেওঁৰ বৃদ্ধা পত্নী ( Storyboard )| ৰাতিৰ আন্ধাৰৰ মাজত তেওঁলোকৰ সেই জুপুৰিৰ বেৰৰ ফাকেৰে ওলাই আহিছে চাকিৰ ধিমিকি ধিমিকি অকমান পোহৰ | গোটেই মহানগৰী খন জিলিকি আছে অত্যাধুনীক লাইটৰ ৰঙা নীলা পোহৰত | পাহাৰ খনত বাস কৰা প্রত্যক মানুহৰ ঘৰত জ্বলিছে বিজুলি চাকি | কিন্তু ব্যতিক্রম তৰুন পাঠকৰ ঘৰতি |
নিশা ন বাজিছে | দিনটোৰ সীমাহিন ব্যস্ততাৰ পাছত সকলোৰে মন যায় এবাৰ নিদ্রা দেৱীৰ কোলাত শান্তিৰ তোপনি যাব | কিন্তু কি কৰিব ! অসহায় তৰুন পাঠকৰ যেন নাই ব্যস্ততাৰ অন্ত নিশালৈ | ইটো সিটো বহুতো কাম | কেতিয়াবা মন যায় এই বৃদ্ধ অৱস্থাত আত্মাহত্যা কৰবলৈ | নোৱাৰে পত্নীক দুখ সাগৰত পেলাই তেওঁ গুছি যাব নোৱাৰে |
বৃদ্ধ অৱস্থাত ও তেওঁলোকৰ সম্পৰ্ক যেন নৱবিবাহিত দম্পওি হে | দুয়ো দুয়োৰো মাজত জীয়াই আছে |
ইমান বিৰক্তি | ভাত বনাৱলব গৈ তৰুন পাঠকৰ খং হে উঠিল | উঠিবই জুই কুৰা ভালকে উঠাব পৰা নাই | খৰিবোৰ ভালকে শুকোৱাই নাই | তথাপি বহু চেষ্টাৰ মূৰত জুই কুৰা ভালকে উঠিলে | আৰু তৰুন পাঠকে ভাত ৰন্ধাত লাগিলে |,,,,,,
আমাৰে মইনা
শুৱয়ে,,,,,,
বাৰীতে বগৰী
ৰুৱয়ে,,,,,
ঘৰৰ মজিয়াত বহি বহি তৰুন পাঠকৰ পত্নী তথা বাসন্তীয়ে গামোচা খন মেৰিয়াই বুকুৰ মাজত লৈ নিচুকনি গাই আছে,,,,,
- অ অ নাকান্দিবা সোণ,,,, নাকান্দিবা | পিতাই ভাত বনাই আছে নহয় | আমি ভাত খাম দে |
বাসন্তীয়ে গামোচা খনক কেচুৱা বনাই নিচুকাই আছে |
কিমান নো আৰু সহ্য কৰিব | এই বৃদ্ধকালত ও শান্তি বোলা বস্তু অকন নাপালে | ভাত বনাই থাকোতে কেতিয়া নো তৰুন পাঠকৰ তপত চকুলো ওলাই আহিল গমকে নাপালে |
- হে এৰি ! চাওঁক হি চোন আমাৰ মইনাই হাহিঁব ধৰিছে | আপোনাক পিতাই বুলি মাতিছে আৰু কি জানে মইনাই মোক ,,,কি বুলি মাতিছে জানে?
লাহে লাহে তৰুন পাঠক পাকঘৰৰ পৰা ওলাই আহিল | আহি মজিয়াতে বাসন্তীৰ কাষতে বহিলে |
- মইনাই তোমাক কি বুলি মাতিছে বাসন্তী ?
- ইহ ! নকওঁ মোৰ লাজ লাগে ,,,,,,,
- আজি বিয়া হোৱাৰ ৫৫ বছৰ হল | এতিয়াওঁ মোলৈ লাজ লাগে নে ?
- নালাগিব নেকি কিবা ! এতিয়াওঁ মই নতুন কইনাই হৈ আছো |
কি কব বাৰু ! নিজৰ পত্নীজনী মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে | যি মনত আহে তাকে কৈ থাকে | কি কৰিব ! নিজৰ পত্নীক ভালকে ৰখাৰ স্বাৰ্থত সকলো কথাতে সমৰ্থন দিব লগা হয় |
নিৰৱতা ভংগ কৰি আকৌ বাসন্তীয়ে কব ধৰিলে |
- জানেনে ই বহুত বদমাছ হৈছে | সি মোক মা বুলি মাতিছে |
কথা খিনি কৈ বাসন্তীয়ে বাহিৰলৈ দৌৰ দিলে | নীলা পাহাৰৰ ৰাতিৰ আন্ধাৰৰ মাজত আকাশ খন বেচ ধুনীয়া লাগিছে | গোটেই আকাশ খন তৰাৰে ভৰি পৰিছে | বাসন্তীয়ে আকাশ খনৰ ফালে চাই চিঞৰি চিঞৰি কান্দি কান্দি কব ধৰিছে |
- ঐ মইনা মইনা অ ,,,,,, আহ এবাৰ মোৰ বুকুৰ মাজত আহ ! তোক সাৱতি এবাৰ কান্দিবলৈ বৰ মন গৈছে অ মাইনা | আহ অ মইনা তই বিহীন পৃথিৱী খনত তোৰ পিতাই আৰু মই বৰ কষ্টত জীয়াই আছো অ মইনা |বৰ কষ্টত |
পত্নীৰ এই ৰূপ আৰু তৰুন পাঠকে চাই থাকিব নোৱাৰিলে | মানুহজন ঠাইতে বহি গল | হাত দুখন কপালত দি ভাগ্যক ধীয়াই ধীয়াই কান্দিব ধৰিলে | বৰ মৰ্মান্তিক এই দৃশ্য |
- এই বাসন্তী | কান্দি কান্দি চকুপানি বোৰ শেষ নকৰিবাচোন | আমাৰ জীৱনত বহুত কান্দিব লগা আছে |
বাসন্তীয়ে তৰুন পাঠকৰ কাষত দৌৰি আহিলে | মূৰত হাত খন বুলাই কব ধৰিলে |
- আপুনি কিয় কান্দিছে | নাকান্দিব চোন | মই আপোনাক বহুত দুখ দিছো ন ? হব দিয়ক মই মৰি যাম |
তৰুন পাঠকে বহাৰ পৰা উঠিলে | আৰু পত্নীৰ কান্ধত হাত থৈ ঘৰৰ ভিতৰলৈ আহিব ধৰিলে |
দিনৰ কষ্টৰ পাছত | ৰাতিৰ ভাত কেইটা খাই দুয়ো শুই গ'ল |
অ যায় অ যায়
কানু
বৃন্দাৱনে মৰুলি বজায়,,, ,,
এটি ৰাতিৰ পাছত সুন্দৰ ৰাতিপুৱাৰ আৰম্ভনী | আকৌ আৰম্ভ হল ব্যস্ততাৰ |
তৰুন পাঠক আৰু বাসন্তীয়ে ঘৰৰ কাম সমূহ কৰি নিজৰ কৰ্তব্য স্থলীলৈ খোজ ললে | সকলো মানুহে গাড়ী মটৰত গৈ আছে | কিন্তু তেওঁলোকে যাত্রা কৰিছে ইজনে সিজনৰ হাতত ধৰি | এই দৃশ্যও এক বিনন্দিয়া |
এটা সময়ত গৈ তেওঁলোকে নিজৰ গন্তব্য স্থলী পালে | বাসন্তীয়ে গৈয়ে ফুটপাথ্ত বহি ললে | তৰুন পাঠকে তেওঁলোকৰ ফুটপাথ্ ৰ ওপৰত থকা সাধাৰন পান দোকান খন সজালে | এয়াই তেওঁলোকৰ জীৱনৰ ভৰসা | এইখনৰে কিবাকে নিজৰ পেট পুৰাই আছে |
- ককা আহিলে |
ৰাস্তাৰে গৈ থকা তন্ময় ৰ তৰুন পাঠকক প্রশ্ন |
- অ খুলিলো বোপা |
- আইতা ভাল নে ?
- উম আছো দিয়া ভালে,,,,,
বাসন্তীৰ উওৰ |( Storyboard )
তন্ময় এজন কলেজৰ ছাত্র | সৰুৰ পৰাই সি মানুহক সন্মান কৰিব শিকিছে | সি সদায় কলেজ গলে এবাৰ তৰুন পাঠকৰ দোকানত সোমাই যায় | সি যেন আৱিস্কাৰ কৰিব খুজিছে তৰুন পাঠকৰ জীৱনত সাচি ৰখা দুখৰ পৃষ্ঠা বোৰ | কাৰন মানুহ দুজনক দেখিলে গম পায় যে তেওঁলোকৰ জীৱনত আছে ডাঙৰ সংঘাট | নহলে এই বয়সত ফুটপাথত এনেকে দোকান দি খাই থাকিব নালাগিল হেতেন | সি আজি সুধিব কি এই বিষাদ যন্ত্রনা |
- ককা মই এটা কথা জানিব খোজো কবনে ?
- কব পৰা কথা হলে নিশ্চয় কম বোপা |
- আপোনালোকৰ কি নো ইমান ডাঙৰ দুখ আছে আজি যে এনেকে জীৱন অতিবাহিত কৰিছে ?
- সেয়া বহুত কথা বোপা | শুনিবলৈ যানো তোমাৰ ধৈৰ্য্যৰ লগতে সময় হব ?
- নিশ্চয় হব ককা , আপুনি কব পাৰে |
- শুনা তেন্তে ,,,,,আজিৰ পৰা কেইবছৰ মান আগৰ কথা | মোৰ ঘৰ আছিলে মাজুলীৰ এখন ভিতৰুৱা গ্রাম্যঅঞ্চলত | আমাৰ বিয়াৰ পাছতে আমাৰ জীৱনলৈ আহিছিলে মৰম লগা পোনা এটি | মই এজন খেতিয়ক আছিলো | খেতিয়ক হলেও আমাৰ পোনাক কেতিয়াওঁ কষ্ট দিয়া নাছিলো | সি পঢ়াত যথেষ্ট ভাল আছিলে | লাহে লাহে সি ডাঙৰ হল | সময় গৈ থাকিল | কিন্তু আমাৰ এই সুখৰ সংসাৰ খনত ফাত মেলিলে |
তাৰ গা বেয়া আজি বহুদিনে হল | মৰমৰ পোনাৰ এনে যন্ত্রনা চকুৰ আগত চাই থাকিব নোৱাৰো | কাৰন সি আমাৰ ভৱিষ্যত সিয়ে আমাৰ সপোন | তাক ডাক্তৰৰ ওচৰলৈ লৈ গলো | ডাক্তৰে বহুতো পৰীক্ষা কৰিলে আৰু পৰীক্ষাৰ অন্তত যি জনালে সেয়া আমাৰ বাবে অভিশাপ |
- সি আপোনাৰ একমাত্র সন্তান নেকি ?
ডাক্তৰে তৰুন পাঠকক শুধিলে |
- হয় ছাৰ, আমি বৰ দুখীয়া মানুহ ছাৰ | সিয়ে আমাৰ সপোন ছাৰ |
- হয় , পৰীক্ষাৰ অন্তত আমি গম পালো |
- কি গম পালে ছাৰ,,,,
- আপোনাৰ ল'ৰা জনৰ ,,,,
- কি হৈছে ছাৰ,,,,
- কেন্সাৰ | তাৰ অন্তিম সময় এয়া | তথাপি চেষ্টা কৰিম | আপুনি মাত্র পইচাঁ যোগাৰ কৰক |
তৰুন পাঠকৰ মূৰত বজ্রপাত পৰিল | কি কৰিব এতিয়া | একমাত্র পুত্রৰ যন্ত্রনা কেনেদৰে সহ্য কৰিব | নাই নাই তাৰ কাৰনে তেওঁসকলো কৰিব |
ঠুনুকা ঠুনুকে
ভাগে সপোন,,,,,
চিৰাচিৰ হয়
হিয়া মোৰ,,,,
কান্দিছে কান্দিছে
আজি
হৃদয়ে কান্দিছে,,,,,
পুত্রক ভাল কৰাৰ স্বাৰ্থত তৰুন পাঠকে ঘৰ মাটি সকলো বিক্রি কৰিলে | ভগবান ৰ ওচৰত পুত্রৰ মংগল কামনা কৰি দিন ৰাতি চলিছে পূজা অৰ্চনা |
- আপুনি এইফালে আহক,,,,
ডাক্তৰে তৰুন পাঠকক কাষলে মাতিলে |
- কওঁক ছাৰ | আমাৰ পোনা ভাল হবনে ছাৰ
- আমি দুখিত !
- ছাৰ মোৰ পুত্রক জীয়াই তোলক মই হাতযোৰ কৰিছো |
- তাক আমি বচাব নোৱাৰিলো,,,, বহুত চেষ্টা কৰিলো |
তাৰ মৃত্যু হল | মোৰ চকুৰ সন্মুখত দাউ দাউকৈ জ্বলিল তাৰ চিতাৰ জুই | বৰ যন্ত্রনা |
এটা হুমুনিয়া এৰিলে | আৰু সেমেকা চকু থোকা থুকি মাতেৰে কব ধৰিলে |
পুত্রৰ মৃত্যুত তাৰ মাক বলিয়া হল | মাকে মাত্র তাক বিছাৰি কান্দিয়ে থাকে | আমি ঘৰ মাটি হেৰালো | শেষত উপায় বিহীন হৈ হাতত থকা পইচাঁ কেইটা লৈ ইয়ালৈ গুছি আহিলো | আৰু আৰম্ভ কৰিলো এই দোকান খন | পাহাৰৰ ওপৰত অকমান মাটি অবৈধ ভাবে দখল কৰি ঘৰটি সজালো | কিন্তু থাকিবলৈ বিচনা নাই মাটিতে বাগৰি থাকো | ঠাণ্ডা গুছাবলৈ নাই গৰম কাপোৰ | পুত্র বিহীন পৃথিৱীত তাৰ মাতৃ এতিয়া পাগলী | এয়াই আমাৰ জীৱন বাপু |
তন্ময় ৰ চকু সেমেকি উঠিল | তাৰ ও হৃদয়ে কান্দিছে ,,,,,,
সি বিষাদ গ্রস্ত মন লৈ গলগৈ কলেজলৈ |
কি জীৱন এয়া |
তেনেকে পাৰ কৰিছে এতিয়া তৰুন পাঠক আৰু পাগলী বাসন্তীয়ে যন্ত্রনাৰ জীৱন |
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( ( Storyboard ) কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment