দশম শ্ৰেণীত পঢ়ি থকা সময়তে নাজিমাক চাবলৈ মোস্তাকৰ ঘৰৰ মানুহ আহিছিল । খুৰীয়েক মাহীয়েক শাহুৱেকে খুটি খুটি চাইছিল তাইক । তাইৰ মনত পৰিছিল সৰুতে এবাৰ আব্বকৰ লগত গৰু কিনিব যোৱা কথা ।দেখিছিল কিদৰে আব্বাকে চকুৰ পৰা ওহাৰলৈ খুটি খুটি চাইছিল । দুবাৰমান ঘাঁহ পাগুলিয়াই থকাৰ পৰা উঠাই খোজবোৰো পৰীক্ষা কৰি চাইছিল । লোজেন্স চুহি চুহি তাই আব্বাকক তেনেকৈ কি চাইছে সুধিছিল । দীঘল দাঢ়িত হাত ফুৰাই আব্বাকে কৈছিল :"ইমান টকাৰে কিনিম খুটিয়াই চাবই লাগিব । পিছত ঠগ খালে??......"( Storyboard )
মোস্তাকৰ মাহীয়েকেও তাইক প্ৰথমে নাম সুধিছিল । খুৰীয়েকে কৈছিল :"বেটী নামাজ পঢ়ানে?চাও প্ৰথম কলিমাটো পঢ়াছোন । তললৈ মুৰ কৰি তাই কৈছিল :"লা ইলালা ইল্লালাহু মহম্মদ ৰছুলউল্লাহ..."ইয়াৰ পিছত তাই ছোৱালী চাব অহা মানুহক সন্তুষ্ট কৰিবলৈ তেওলোকক খোজ কাঢ়ি দেখুৱাইছিল ,শাৰীখন অলপ ওপৰলৈ দাঙি ভৰিৰ আঙুলি ,পতা দেখুৱাইছিল ,চুলি মেলি দেখুৱাইছিল । চাই উঠি সকলোৱে তাইৰ হাতৰ চাহ জলপান খাইছিল । নিজৰ মাজত আলোচনা কৰি সকলোৱে বিয়াৰ দিন নিৰ্ধাৰণ কৰিছিল । তাইৰ সন্মতিৰ প্ৰয়োজন অনুভৱ কোনেও কৰা নাছিল ।
মেলা চুলি বেণী গুঠি গুঠি তাই আব্বাকে সৰুতে কিনি অনা গৰুজনী আৰু তাইৰ মাজত পাৰ্থক্য বিচাৰি হায়ৰাণ হৈছিল । সচাকৈ যেন তাই বেপাৰীৰ পৰা কিনি অনা গৰু । কোনে কৰিব কাক প্ৰতিবাদ ?মৌন ওঁঠ মুখৰ হৃদয় । নাৰী মানেই যেন ভোগৰ সামগ্ৰী ,সন্তান জন্ম দিয়া মেচিন । নাৰীৰ মন নাই,আত্মা নাই,স্বাধীনতাৰ প্ৰয়োজনীয়তা নাই,ইচ্ছা নাই, আকাংক্ষা একো নাই । আছে লোভ লগা অংগ প্ৰত্যংগ,ইচ্ছামতে সন্তান জন্ম দিব পৰা সক্ষম জৰায়ু,আজুৰি কাম কৰিব পৰা শক্তিশালী হাত,ভৰি ।......
বিয়া হৈ গৈছিল নাজিমাৰ । মধুযামিনীৰ নিশা দুৰু দুৰু বুকুৰে যেতিয়া তাই এহাত ওৰণি টানি মোস্তাক অহালৈ বাট চাই আছিল । বিয়াৰ ভাগৰে হেচা মাৰি ধৰিছিল তাইক । জাপ খাই আহিব খোজা চকু জোৰকৈ মেলি তথাপি তাই সাৰে ৰৈছিল । কোনোদিনে নোহোৱা অজান নামহীন অনুভূতি এটাই শিৰে শিৰে বৈ তাইক উপলব্ধি কৰোৱাইছিল ,আজি যে ফুলশয্যা । মাকে বাৰম্বাৰ বুজাইছিল স্বামীৰ যত্ন লবলৈ । বুজাইছিল ,তেওঁ খোৱাৰ আগত নাখাবি,আলপৈচান ধৰিবি,যি কয় শুনিবি ।,আৰু বহুত । স্বামী বিষয়ক ইমান উপদেশ শুনি কোনোদিনে নেদেখা স্বামীলৈ কৌতুহল হয় তাইৰ । ভাবী স্বামীৰ কাল্পনিক মুখ মানসপটত ভাহি উঠে । কান্দো কান্দো হৈ আম্মাকক সুধে :"আম্মা তেওঁ বেমাৰী নেকি?"
দৰ্জা খোলাৰ শব্দত তাই চকামকা অৱস্থাৰ পৰা খকমককৈ মূৰ তুলি চালে । প্ৰায় ছয় ফুট ওখ এজন পুৰুষ । ফুলি থকা বাহু দেখিলেই শক্তিৰ উমান পাব পাৰি । তাই ভাবিলে অ এওয়েই চাগে তেওঁ । এই মস্ত মানুহটোৰ তাই কি যত্ন লব ভাবি নাপাই বিছনাৰ পৰা নামিব খুজিলে । মোস্তাকে আহি পুনৰ তাইক বিছনাত বহুৱাই দিলে । তাই ভাবিলে এইবাৰ কি কৰিব তাই পুৰণি স্মৃতি খুচৰিও তাইৰ মনত নপৰিল এতিয়া তাই কি কৰিব । মাকলৈ বৰ মনত পৰিল । তাই কি কৰিব নকৰিব ভাবি থাকোতেই তেওঁ তাইৰ শাৰীৰ পিন খোলাত লাগিল । ব্লাউজত হাত দিওতে তাই না না কৰি উঠিল । তাইৰ লাজ লাগিছিল । সৰু অথচ স্পষ্ট মাতেৰে তাই কলে :"মই শুম । " চুটি চুটি উশাহ লৈ মোস্তাকে কলে উম মইও শুম । সেইবাবে সোনকালে কৰো । "তাই কান্দিছিল । গোটেই ৰাতি যন্ত্ৰণাত ছটফটাইছিল । কাক কব?মাকক?শাহুৱেকক? নে নিজৰ কাম হোৱাৰ পিছত পিঠি দি শুই থকা গিৰীয়েকক?
পিছদিনা তথাপি আদৰ্শ বোৱাৰী হৈ মাকৰ দিহামতেই পুৱাই উঠিছিল । ঘৰ চোতাল সামৰি গা ধুই ফজৰৰ নামাজ পঢ়িছিল । পাকঘৰত পছলাৰে মাংস ৰান্ধিছিল । খাই খাই সকলোৱে তাইৰ প্ৰশংসা কৰিছিল । তকালি পাৰি মোস্তাকে কৈছিল :" বাহ বঢ়িয়া । অলপ থৈ দিবা মাংস । নিজাম আহিব" ।
নিজামৰ বাবেও মাংস থৈ সকলোৰে শেষত নিমখেৰে ভাত খাই উঠিছিল তাই । খোৱা হোৱাই নাছিল তাইৰ । বৰ জায়েকৰ সৰু লৰাটো আহি তাইক কৈ গল :" কাকাই মাতিছে । ! । যৰে খোৱা তাতে এৰি হাত ধুই তাই লৰি গল । বিছনাত বহি থকাৰ পৰাই মোস্তাকে কলে :"কালি ভালকৈ নহলেই । দিনতহে ভাল হব আহা" । কৈয়েই সি পিশাচৰ দৰে হাহিলে । তাইৰ উপায় নাছিল । লাহে লাহে সকলোবোৰ সহজ হৈছিল । হবই লাগিব নাৰীৰ শৰীৰ আছে হৃদয় নাই । নাৰী পত্নী ,মা,বোৱাৰী,জীয়ৰী হব পাৰে । কিন্তু মানুহ ??নৈব নৈব স্ব: .....
এনেকৈয়ে সকলোবোৰ অভ্যাস হৈ গৈছিল নাজিমাৰ।তাইৰ প্ৰথমবাৰৰ গৰ্ভ ধাৰণৰ খবৰ পাই মাকহতৰ ঘৰৰ পৰা তৰহে তৰহে উপহাৰ আহিছিল।শাহুৱেকে তাইৰ আব্বাকে শুনাকৈ কৈছিল "বেটী ইমান কাম নকৰিবি।আৰু মাছ মাংস বনালে নিজলৈ সৰহকৈ ৰাখি থবি।"জীয়ৰীৰ সুখৰ সংসাৰৰ ছবি নিজ চকুৰে দেখি সুখী সুখী মুখেৰে বাপেকহত গুচি গৈছিল। আৰু যণ্ন্ত্ৰণাময় সেই পৰিচিত শয্যাত শুই শুই, নিশা তাই যন্ত্ৰণাৰ উৎসলৈ বাট চাইছিল। কিন্তু সেইদিনা তাই মোস্তাকৰ অন্য এটা ৰূপ দেখিবলৈ পাইছিল।তাইৰ উফন্দিবলৈ আৰম্ভ কৰা উৰ্বৰ পেটতোত আলফুলকৈ হাত থৈ সি আকুলতাৰে কৈছিল,"মোৰ ছোট নবাবজন ইয়াতেই শুই আছে।"
পুৱা শাহুৱেকে কৈছিল,"বেটী অলপ সোনকালে উঠি নামাজ পঢ়িবি।পাচঁ ৱক্তৰ নামাজ পঢ়িলে তোৰ গৰ্ভৰ ল'ৰাটো বৰ ধাৰ্মিক হ'ব।"
বৰ জা নন্দাই জাপ এডাল আনি তাইৰ হাতত বান্ধি দি কৈছিল,"মন্ত্ৰপুত জাপডাল তোমাৰ হাতত থাকিলে পেটৰ লৰাটোৰ অন্যায় নহ'ব।"
এৰা সকলোৰে ধাৰণা তাইৰ গৰ্ভত ল'ৰাই আছে।তাই ভাবিছিল হে আল্লা ল'ৰা দিয়া ছোৱালী দিয়া তোমাৰ মৰ্জি, কিন্তু ঘৰখনৰ এই সুখ,আদৰখিনি মোক সদায় যাতে দিয়া। আৰু সকলো চিন্তা ভাৱনাৰ ওৰ পেলাই তাই আঠমাহতে তাইৰ প্ৰথমটো কন্যাসন্তান জন্ম দিছিল।
তাই আটুৰঘৰত সদ্য প্ৰসৱৰ ভাগৰত লেবেজান হৈ পৰি আছিল। আৰু কুজিঁ ধাইয়ে দুৱাৰ খন কাণিদুৱৰিকৈ মেলি ওলাই গৈ বাহিৰত অধৈৰ্য হৈ পায়চাৰি কৰিছিল থকা মোস্তাকক কৈছিল "বেটী জন্মিছে। কিন্তু ওজন বৰ কম।মাক আৰু সন্তানৰ ভালকৈ যত্ন লব। "
তাই মোস্তাকৰ মুখৰ ৰং দেখা নাছিল যদিও অৰ্ধচেতন অৱস্থাতো শাহুৱেকৰ ভোৰভোৰণি ঠিকেই শুনিছিল।
দ্বিতীয়বাৰ গৰ্ভধাৰণ কৰোঁতে তাইক শাহুৱেকে কৈছিল,ঃ"এইবাৰ যাতে ছোৱালী জন্ম নিদিয়া।"দুৰ্ভাগ্যবশতঃ (?) সেইবাৰো তাইৰ পুতলাৰ দৰে ছোৱালী এজনী জন্ম হৈছিল। ল'ৰা এটা জন্ম দিবলৈ তাইও কম কষ্ট কৰা নাছিল।জৰাফুকা,তাবিজ,মাদুলি কি যে কৰা নাই।
ঘৰখনৰ সকলোৰে সতে তাইৰ কথা-বতৰা কমি আহিছিল।মোস্তাকৰ ব্যৱহাৰ অসহনীয় হৈ আহিছিল।নিশা বিছনাত শুনা তাৰ ঘনঘন উশাহ-নিশাহবোৰৰ বাহিৰে তাইৰ লগত কথাবাৰ্তা প্ৰায় নহৈছিল।তাই ভাবিবলৈ লৈছিল,এই সকলোবোৰৰ মূলতেই তাইৰ ছোৱালী দুজনী।সৰু সৰু কথাতেই ছোৱালী দুজনীক চৰ লাথি দিবলৈকো তাই কুণ্ঠাবোধ নকৰিছিল।আৰু আল্লাহক খাটিছিল"হে আল্লা এইবাৰটো এটা ল'ৰা দিয়া।"( Storyboard )
তাইৰ অপেচৰীহেন ছোৱালী দুজনী দেখিলেই শাহুৱেকে কৈছিল"হায়ৰে হায়,কি কুলক্ষণী বোৱাৰী,এটা ল'ৰা ফুকাব নোৱাৰে।"নাজিমাই ভাবে,সচাকৈ ল'ৰা এটা হোৱা হ'লে। ক'লা,ধেপেচা,দাত উজলা যিয়েই নহওক, ল'ৰা হ'লেই হ'ল।ভাবি ভাবি তাই বেজৰ ওচৰ চাপে।
গুডু বেজে মাটিতে চাৰিডাল আচ টানি কটা-কটি কৰি কৈছিল, এইবাৰ ল'ৰা হোৱাটো খাটাং।মাত্ৰ কেইটামান সহজ কাম কৰিলেই হ'ল।মাজনিশা উঠি গিৰীহতৰ হতুৱাই ককালত তিনিবৰণীয়া সূতা বান্ধিব লাগিব।লগতে ফজৰৰ নামাজ পঢ়াৰ আগে আগে গাভিণী গৰুৰ গো-মূত্ৰ খাব লাগিব।
সেইদিনা মোস্তাকক জগাব লগীয়া নহল
বেলেগ ব্যৱস্থাৰ প্ৰতি ভয়-ভীত হৈ থাকোতেই চতুৰ্থ বাৰ গৰ্ভধাৰণ কৰিছিল।তাই সাহস কৰি মোস্তাকক কৈছিল "আৰু কেলেই?এইবাৰো যদি ছোৱালী হয় তেতিয়াতো....."তাই সম্পূৰ্ণ কৰিব লগা নহলেই।সি গৰগৰাই উঠিল " হাৰামজাদী এইটো তোক শেষবাৰৰ বাবে সুবিধা দিলো।এইবাৰ ছোৱালী জন্মিলে তোক আৰু তোৰ এই পিলপিল পোকমখাক পুতি থম।"
তাইৰ অপেচৰীহেন ছোৱালী কেইজনী ঘৰৰ চুক এটাত ভয় ভয়কৈ থিয় হৈ বাপেকলৈ চাই থাকে।বেছেৰীহতে নিজৰ অস্তিত্ব কি ভালকৈ জানে।যাৰ বাবে ঘৰৰ মানুহবোৰৰ পৰা চৰ লাথি খোৱাৰ ভয়ত মনে মনে থাকে।
তাই ভাবিলে ,এৰা অইন নহ'লেও তাইৰ আৰু মোস্তাকৰ সম্পৰ্ক ভালে ৰাখিবলৈকে এটা ল'ৰা লাগে। কিন্তু যদি ল'ৰা নহয়? ভাবিলেও ভয় লাগে।
নিজৰ যত্ন লবলৈকো তাই পাহৰি গৈছিল।
ইয়াৰ মাজে মাজে তাই ক্ষণিকৰ বাবে আশাৰ ৰেঙণি দেখিছিল মানুহৰ কিছুমান কথাত।মাজু জায়েকে কৈছিল"তুমি খিণাইছা,এইবাৰ ল'ৰা হ'বই। তাইও প্ৰতি ৰাতি এশ গোটৰ তছবিহ লৈ ল'ৰা এটাৰ হাতত ধৰি আগুৱাই যোৱাৰ সপোন দেখে।আঠমাহত ভৰি দিওঁতে শাহুৱেকে এদিন তাইক ফকীৰপাৰাৰ পীৰক দেখা কৰিবলৈ লৈ গ'ল।আঠমহীয়া গধুৰ গাটো চোঁচৰাই আঠ কিল'মিটাৰ খোজ কাঢ়ি গৈ পীৰক লগ কৰিলে।অজু কৰি উঠি পীৰে দিয়া জৰাপানী খালে,মাদুলী বান্ধিলে। আৰু ঘৰলৈ আহি শাহুৱেকৰ নিৰ্দেশত জোনাবৰ বাবে পোলাও মাংস ৰান্ধিলে।
এইবাৰ হয়তো মোস্তাকৰ মনতো ল'ৰা হ'ব বুলি দৃঢ় ধাৰণা এটাই খোপনি লৈছিল। সেয়ে নাজিমা প্ৰসূতি গৃহত সোমোৱাৰ সময়তো সি দুৱাৰ মুখত পিঠি দি ৰৈ আছিল। আৰু নাজিমা? তাইৰ চকুৰ আগেৰে হেজাৰটা নাঙঠ ল'ৰা দৌৰা দৌৰি কৰি আছিল।
কেঁচুৱাৰ কান্দোন শুনিয়েই নিলৰ্জ ভাৱে দুৱাৰ ঠেলি সোমাই আহিছিল মোস্তাক।বগী ধাইৰ হাতত তেজে-পুজে লুতুৰি পুতুৰি কেঁচুৱাটোৰ লিংগ পৰীক্ষা কৰিছিল।....
লিংগ পৰীক্ষা কৰি মোস্তাক ফোপাইছিল।খঙৰ ভমকত দুৱাৰমুখতে শুই থকা কুকুৰটোক এটা গোৰ সোধাই ধুমুহা বেগেৰে ওলাই গৈছিল সি।কুকুৰটোৱে যন্ত্ৰণাত কেংকঙাই উঠিছিল।সেই সুৰতে সুৰ মিলাই মোস্তাকে কৈছিল -" চালী,মাইকী জাত তোক মই তালাক দিম। ল'ৰা এটা ফুকাব নোৱাৰা মাইকীক মই আনি কি লাভ হ'ল।"
তাই চিঞৰি চিঞৰি কান্দিছিল,তাইৰ কান্দোন শুনি যাব খোজা মোস্তাকে ঘুৰি আহি তাইৰ দিঙিত টিপা মাৰি ধৰিছিল।ভাগ্য ভাল সেইসময়তে বৰজনাক বিছমিল্লা আহি মোস্তাকক হাতত ধৰি টানি আনিলে।দুজন বলিষ্ঠ পুৰুষৰ আগত লেবেজান হৈ পৰা নাজিমাই ৰক্তশ্ৰাৱী দেহটো ওচৰত থকা কাপোৰ খনেৰে কোনোমতে ঢাকি ধৰিলে।সদ্যজাত শিশুটো পিয়াহতে কান্দি উঠিছিল।ঠিক মাজৰাতি সাৰপাই উঠি শুনা মেকুৰীটোৰ দৰে আছিল কেঁচুৱাটোৰ মাতটো।
সেইদিনা পুৱাই ভোকে ভাগৰে লেবেজান কৰিলেও খোৱা বস্তু তাইৰ সন্মুখলৈ নাহিল।আখলৰ পৰা অহা মাংসৰ গোন্ধই তাইৰ ভোক ক্ৰমশঃ বঢ়াই তুলিছিল। সেইদিনা ৰাতিটো তেনেকৈয়ে গ'ল।মাজে মাজে কান্দি উঠা কেঁচুৱাৰ মাতটোৱেহে প্ৰসূতি গৃহত মানুহৰ অস্তিত্বৰ উমান দি থাকিল।
চাৰি নম্বৰ ছোৱালী জনী জন্ম হোৱা চাৰিদিন পাৰ হৈ গ'ল। পঞ্চম দিনা সেই পুতিগন্ধময় আতুৰ ঘৰলৈ মানুহৰ আগমন ঘটিছিল।শাহুৱেক আৰু মোস্তাক আহিছিল। যোৱা দিনকেইটাত তাই চাৰিওটা সন্তানক বুকুত বান্ধি বিস্কুট পানী খাই জীয়াই আছে। সেইয়াও জায়েকৰ অনুগ্ৰহত। শাহুৱেক আৰু মোস্তাক অহাত উঠি বহি সাধাৰণ সৌজন্য দেখুৱাবলৈ ও তাইৰ দেহত শক্তি নাছিল।
এইফালে কোনো কথাৰ অৱতাৰনা নকৰাকৈ মোস্তাকে তাৰ স্বভাৱ সুলভ গৰগৰীয় কণ্ঠেৰে ক'লে-"বাৰে বাৰে ছোৱালী জন্ম দিয়া তিৰোতা পুহি খৰচ বঢ়াই একো লাভ নাই।তোক মই তালাক দিলোঁ।তালাক তালাক তালাক"।
এইবাৰ নাজিমাৰ কান্দোন নোলাল। আচলতে শৰীৰৰ যন্ত্ৰনা আৰু ভোকৰ আগত হয়তো পৃথিৱীৰ সকলো শব্দই তুচ্ছ হৈ পৰে । তাই তেনেকৈয়ে পৰি ৰল।তেজে কৰাল বন্ধা শাৰী,ফটা কানিত হাজাৰ মাখি কিলবিলাই আছিল।সেইফালে ঘৃণাৰে চাই শাহুৱেকে কৈছিল-"মই ঘৰৰ মানুহক খবৰ দিছোঁ।তই আৰু এইখন ঘৰতে থকাৰ প্ৰয়োজন নাই। ইয়াৰ পিছতে সিহত ওলাই গৈছিল।নাজিমা শুই থকা ঠাইৰ চাৰিওফালে সিহতে থুই পেলাই বুটা বাছি থৈছিল।
নাজিমাই কোনোমতে বিছনাৰ পৰা উঠি কেঁচুৱাটোক বায়েক দুজনীৰ ওচৰত থৈ গাটো তিয়াই আহিল।কাকো একো নোসোধাকৈ মৃতপ্ৰায় শৰীৰটো চোঁচৰাই তাই আখলঘৰলৈ গ'ল।চৰুত ভাত আছিল।সেই ভাত কাঁহী এখনত লৈ নিমখ সানি গোগ্ৰাসে তাই খাবলৈ ধৰিলে।
আৰামী চকীত বহি মোস্তাকে শোৱনি কোঠাত পাইপ হুপিছিল।নাজিমাক দেখি ভূত দেখা মানুহৰ দৰে জপিয়াই উঠিল সি।
" চালী হাৰামজাদী তই ইয়াত? তোক আজি মই.."।
তাই নিৰ্ভয়ে কোলাৰ কেঁচুৱাটো বিছনাত থৈ লাগতীয়াল কাপোৰ,গহণা,কাগজ পত্ৰ সকলো বোৰৰ দুটা টোপোলা কৰিলে।মোস্তাকৰ খঙে চৰম সীমা অতিক্ৰম কৰিছিল।হাতখনেৰে তাইৰ চুলিকোচাত খামুচি সি আটাহ পাৰি উঠিল"শাংখিনী......"
তাই ওলোটাকৈ তাৰ হাতত ধৰি সাতখন চুলিৰ পৰা এৰুৱাই দিলে। ইতিমধ্যে দুৱাৰ আৰু খিৰিকীত বিনা পইচাৰ চিনেমা চোৱা মানুহৰ ভিৰ বাঢ়ি গৈ আছিল। কিন্তু দুৱাৰদলি অতিক্ৰম কৰি ভিতৰত সোমোৱাৰ সাহস কোনেও কৰা নাছিল।নাজিমাই গিৰিয়েকৰ চকুলৈ চাই সকলোৱে শুনাকৈ প্ৰশ্ন কৰিলে : ল'ৰা জন্ম দিব নোৱাৰাতো কাৰ দোষ? মোৰ?
: হাৰামজাদী মৰতী , তিৰোতা হৈ মোক প্ৰশ্ন কৰ?
: সচাকৈ সুধিছো কাৰ দোষ?
: কুকুৰণী , তোৰ দোষ নহৈ মোৰ হ'ব?হা? নে মোৰ এইডালৰ?
নিলৰ্জ্জৰ দৰে দুৱাৰ ভৰ্তি মানুহৰ আগত সি নিজৰ পুৰুষাংগ দেখুৱাই ক'লে।
ঘৃণাত তাইৰ মুখত এসোপা থুই জমা হৈছিল। সেইখিনিকে তাই তাৰ গালৈ পৰম বিৰক্তিৰে মাৰি পঠিয়ালে।হায় হায় কৰি উঠিল সকলোৱে। কিন্তু কোনোবাই যে আহি এনে ডাংকাতি তিৰীক বাধা দিব,সেই হুচ কাৰো নাছিল।মোস্তাকো যেন বজ্ৰ পৰা মানুহ।নাজিমাই কোলাত কেঁচুৱাতো তুলি ল'লে।এখোজ আগবাঢ়ি গৈ তাইৰ ছোৱালী কেইজনীক এখন হাতেৰে আকোঁৱালি লোৱাৰ দৰে লৈ বহুযোৰ বিস্মিত নয়নৰ আগত মোস্তাকৰ চকুলৈ চাই হিংস্ৰভাৱে গৰজি উঠিল
: পাচ ৱক্তৰ নামাজ পঢ় প্ৰতিদিনে? আৰু মানুহক সন্মান কৰিব নিশিকিলি কুকুৰ? তোৰ কথাত মাত নমতা বাবেই তোৰ কথাবোৰ কিয় শুদ্ধ বুলি ভাৱি ললি?তই মোক কি তালাক দিবি কুকুৰ । মই এৰিলোঁ তোক এই মূহুৰ্তৰ পৰা।"
তাই হয়তো ফোপাইছিল।দীঘল উশাহ এটা লৈ তাই কাপোৰৰ টোপোলা দুটা হাতত তুলি ল'লে।দুৱাৰৰ মানুহবোৰে তাইক বাট এৰি দিলে। গিৰিয়েকৰ পৰা তালাক পোৱাৰ ভয়ত সদাত্ৰস্তমান জায়েক কেইজনী খিৰিকী কেইখনতে ওলোমাৰ দৰে ৰৈ তাইলৈ চাই আছিল।সেইফালে চাই তাই কৈ উঠিল- "এনেকৈ আৰু কিমান দিন? মই ওলালো পাৰিলে প্ৰতিবাদ কৰিব শিকক।নহলে দেখিছেই নহয়। "
ধীৰে ধীৰে তাই বাটলৈ ওলাই আহিল।গাটোত বল শক্তি অলপো নাই। তথাপি তাইৰ বৰ পাতল পাতল লাগিল।এখন হাতেৰে কণমানি জনীক ধৰি আনখন হাতেৰে টোপোলা দাঙি তাই পিছলৈ নোচোৱাকৈ গৈ থাকিল।
নাই তাই বাপেকৰ ঘৰলৈও নাযায়। আচলতে তাই সেইখন সমাজলৈ নাযায় যিখন সমাজে নাৰীক নাৰী বুলি ভাৱি হে আগবাঢ়ে্। তাই মনতে ভাৱিলে, এনে এখন সমাজ হয়তো এতিয়াও আছে। য'ত নাৰিক কেৱল নাৰী বুলি নাভাবি মানুহ বুলি ভাবে। য'ত নাৰী কেৱল মা, ভগ্নী, অথবা পত্নী হোৱাৰ উপৰিও মানুহ হ'ব পাৰে। ক'ত সেই ঠাই তাই নাজানে।মাথো জানে তাই তাইৰ মনৰ নিভৃত কোণৰ তেজস্বিতা জগাই তুলিব লাগিব। নহ'লে যুগে যুগে হোৱাৰ দৰেই তাই অথবা তাইৰ উত্তৰ প্ৰজন্ম হ'ব লাগিব লাঞ্চিত,বঞ্চিত আৰু শোষিত।এক অদম্য মনোবলেৰে তাই গৈ থাকিল।কোলাত কেঁচুৱা লৈ নাজিমা আগে আগে।তাইৰ পিচে পিচে তাইৰ তেজ মঙহ।
বিঃদ্ৰঃ প্লাবিতা চৌধুৰী ডাঙৰীয়াণীয়ে এই বিশেষ গল্পটি আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment