পথত দাঁতিত নিচাসক্ত হৈ পৰি আছে জোনাক । কিমান মানুহ তাৰ কাষেৰে পাৰ হৈ গল । কোনোৱে গালি পাৰিছে, কোনোৱে নাক কোচাই আতৰি গৈছে আৰু কোনোৱে তাৰ গাৰ ওপৰেৰে পাৰ হৈ গৈছে ( Storyboard )। যেন তাক সহানুভূতিৰে চোৱা মানুহ কোনো নাই । নিশাৰ গাৰ নোম শিয়ৰি উঠিল । জো.. না.. ক..! তাইৰ মুখেৰে আৰু শব্দ নোলাল । গাড়ী এখন ভাড়া কৰি তাই তাক ৰুমলৈ লৈ আহিল আৰু বিচনাত শুৱাই দিলে । ঘন্টাৰ পিছত ঘন্টা সময়বোৰ পাৰ হৈ গল । ক্ৰমশ আন্ধাৰ নামি আহিল । নাই জোনাক এতিয়াও সাৰ পোৱা নাই । হয়তো জীৱন নৌকাৰ বথা হেৰুৱাই জোনাক আজি ভাগৰি পৰিছে । নিশাও তাক জগাবলৈ ইচ্ছা কৰা নাই । তাইৰ মনতে ভয় হৈ আছে জোনাক সাৰ পোৱাৰ পিছৰ পৰিস্থিতিৰ কথা ভাবি । জোনাকক ভিতৰৰ কোঠাটোত শুৱাই থৈ তাই সম্মুখৰ কোঠাটোত বহি আছে । মাজে মাজে উঠি গৈ চাই সি সাৰ পাইছে নে? নাই সি এতিয়াও সাৰ পোৱা নাই । ভয়ে তাইক হেচা মাৰি ধৰিলে । সাৰ পোৱাৰ পিছত কি হব? ৰাতি প্ৰায় ৯ মান বাজিল । লাহে লাহে জোনাকৰ দুচকু মেল খালে । এটা অচিনাকি কোঠা । সি কোঠাটোত চকু ফুৰালে । তাৰ প্ৰতিটো বস্তুৱে অচিনাকি যেন লাগিল । মই ক'ত আছো? কোনে মোক ইয়ালৈ আনিলে? নিশাই গম পালে জোনাক সাৰ পাইছে । তাইৰ বুকুখন কপিছে । তথাপিও তাই ভিতৰলৈ আগবাঢ়িল । জোনাক তেতিয়াও বিচনাতে শুই আছে । সি তাইক দেখি হতভম্ব হল ( Storyboard )।
-তুমি..?
-মোক ভুল নুবুজিব । আপুনি পথৰ দাঁতিত পৰি থকা বাবেহে লৈ আনিলো । এতিয়া যাব পাৰে ।
একে উশাহতে কৈ পেলালে কথা কেইটা । তাইৰ কণ্ঠত ভয়ৰ চাপ । মাতটো কপিছে । মূৰ তুলি চাবলৈ সাহস হোৱা নাই তাৰ ফালে । এতিয়া কি হব? অজান ভয়ে তাইক গ্ৰাস কৰিব ধৰিছে । সি মাথো চাই ৰল তাইৰ ফালে । তাইৰ অসহায় ৰূপটো দেখি তাৰ বেয়া লাগিল । সি সহজ ভাবেই কলে
-যাম । কিন্তু অকলে নহয় আমি দুয়োজনে ।
এক মূহুৰ্তৰ বাবে নিশাই মূৰ তুলি তাৰ ফালে চালে । তাৰ দুচকুত ডুলি আছে এটা শিশু সুলভ হাঁহি । এয়া তাই কি শুনিছে, যেন নিজৰ কাণ দুখনকে বিশ্বাস কৰিব পৰা নাই । হঠাতে তাইৰ মনৰ পৰ্দাত ঢৌ খেলি গল
"মই কেতিয়াও আপোনাৰ প্ৰেমিক হব নোৱাৰো । মোক লৈ মিচা সপোন নেদেখাই ভাল । "
দৌৰি গৈ তাই সম্মুখৰ ৰূমটোৰ বিচনাখনত পৰিল । হয়, তাই আজিও কান্দিছে । কিন্তু তাই নাজানে এয়া হেৰুৱাৰ বেদনা নে পোৱাৰ আনন্দ । জোনাক লাহে লাহে নিশাৰ কোঠালৈ সোমাই আহিল । সি বিচনাখনত তাইৰ ওচৰতে বহিছে । তাৰ সহ্য হোৱা নাই নিশাৰ এই চকুলো । সান্তনা দিবলৈ ও ভাষা বিচাৰি পোৱা নাই । মনটো বিষন্ন হৈ পৰিল তাৰ । তাইৰ নো কি দোষ? মাক দেউতাকে তাইক তাৰ লগত বিয়াৰ প্ৰস্তাৱ দিয়াৰ বাবে আৰু সিও মানি লোৱাৰ বাবেহে তাই সিহঁতৰ ঘৰৰ বোৱাৰী হৈ আহিছে । কিন্তু ভুল তাৰ । সি যদি বিয়াৰ আগতে তাইক তাৰ মনৰ মাজত শৈশৱৰ পৰাই আন কাৰোবাক স্থান দিয়াৰ লগতে সেইজনীৰ অবিহনে আন কাৰো লগত সুখী হব নোৱাৰে বুলি কলে হৈ হয়তো আজি ইমান বিপদৰ সন্মুখীন নহলহেঁতেন । কিন্তু কপালৰ লিখন নহয় খন্দন । সি নিশাক দুবাহুত ধৰি বিচনাত বহুৱাই দিলে । লাহে লাহে তাৰ হাতৰ আঙুলি কেইটা নিশাৰ দুধাৰিৰ চকুলো মচিব আগবাঢ়িল সি নজনাকৈ...!
ক্ৰমশ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment