তাই বোৱাৰী হৈ আহিলে ঘৰখনত | তাইৰ উপস্থিতিত লখিমী শূন্য ঘৰখনত জোনৰ পোহৰ বিৰিঙিছিল | আহত গুৰিৰ তপন বৰুৱাৰ একমাত্র তথা মৰমৰ সন্তান প্রীতমৰ মৰমৰ পত্নী জনী হৈ আহিবৰ দিনাই ঘৰখন যেন পৰিপূৰ্ণ হৈ উঠিছিল |( Best story )
- দেউতা !
বোৱাৰীৰ মাতত বৰুৱাই মূৰ তুলি চাইছিল |
মমতাই মূৰত ওৰণি খন তুলি বৰুৱাৰ ভৰি দুখন চুইছিল |
- হব আই উঠা |
বৰুৱাই মমতাৰ মূৰত হাতবুলাই আশিৰ্বাদ দি উঠাই দিছিল |
- আইজনী, আজি মই বহুত সুখী জানা, যিদিনা খন প্রীতমৰ মাকে মৃত্যুৰ কোলাত শুই গৈছিল সেইদিনাৰ পৰা আমাৰ এই ঘৰখনত আমি মাত্র দুটা প্রানী | আজি তুমি আহি আমাৰ মুখৰ হাঁহি ঘূৰাই দিলা|
- দেউতা মই সদায় আপোনাৰ মৰমৰ বোৱাৰী জনী হৈ থাকিব চেষ্টা কৰিম |
কথা খিনি কৈ তাই ঘৰত সোমাই গৈছিল |
আজি প্রীতম আৰু মমতাৰ প্রথম নিশা | তাই অধীৰ আগ্রহৰে প্রীতমলৈ বাত চাইছে | তাইৰ দেখোন আজি কিবা লাজ লাগিছে |
মা-হালধীৰ গোন্ধ এতিয়াওঁ তাইৰ নাকত লাগি আছে | তাই গাৰুটো সাৱতি শুই আছিলে |
তেনেতে তাই অনুভৱ কৰিছিল ,বিচনা খনত প্রীতম আহি বহাৰ | তাইৰ তাৰ মুখলৈ চাৱলৈ লাজ লাগিছিল |
- মমতা !
- হু |
- তোমাৰ লগত মোৰ দুটা মান কথা আছে |
তাই ভাৱিলে আজি নো প্রীতমৰ কি কথা আছে | থাকিব ও পাৰে সিহতৰ ভৱিষ্যতৰ কিছুমান পৰিকল্পনা ,চুক্তি | তাই উঠি বহিছিল |
- কোৱা !
- কথা খিনি কোৱাৰ আগত তোমাক কওঁ ,এই কথা খিনি যাতে তৃতীয় ব্যক্তি কোনেওঁ গম নাপায় |
প্রীতমৰ কথা খিনি শুনি তাইৰ বুকুখন কপি উঠিছিল,কি কথা কব খুজিছে সি ! তথাপি তাই সন্মতি জনালে |
- হব বাৰু |
- প্রথম কথা হ'ল মই তোমাক দেউতাৰ সন্মতিত হে বিয়া পাতিছো |
- মানে,,,,,,,,,,
- মানে হ'ল তোমাক মই বাধ্যত পৰি বিয়া পাতিছো |
কথা খিনি শুনাৰ লগে লগে তাইৰ চকুৰ পতা ডাঙৰ হৈ গৈছিল | কি বুজাব বিচাৰিছে প্রীতমে |
- মই কাৰোবাক কথা দি থৈছো যে মই তোমাক বিয়া হে পাতিছো,সমাজক দেখাই পতি পত্নী হৈ থাকিম | কিন্তু আমাৰ মাজত কোনো ধৰনৰ দৈহিক সম্পৰ্ক নাথাকিব | মই যি প্রতিজ্ঞা কৰিছো সেয়া ভংগ কৰিব নোৱাৰো | গতিকে তুমি এইখন বিচনাত শুৱা,মই কাষৰ খনত শুম | এতিয়া তুমি শুৱা ,শুভৰাত্রী |
প্রীতমৰ কথা খিনি শুনাৰ পাছত তাইৰ দুচকুৰে মাত্র চকুপানী নিগৰি আহিছিল | কোনে বাৰু আশা কৰিব এনে এটি অভিশপ্ত ফুলসয্যা নিশা | তাই কান্দি কান্দি গাৰুটো সাৱতি শুই থাকিল |
তেনেকে সময় বোৰ গৈ থাকিল | এফালে মিছাকৈ পত্নীৰ অভিনয়,আনফালে এজনী হাঁহি মুখীয়া বোৱাৰী | লাহে লাহে তাই সহজ হব চেষ্টা কৰিলে,তাইৰ ভাগ্যই সেয়া গতিকে তাকে মানি লব |
এদিনা খনৰ কথা |
- বোৱাৰী
- দেউতা
- তোমাক আজি কথা এটা কওঁ বেয়া নাপাবা |
- নাপাওঁ ,কওঁক,,,,,
- মোক এটি নাতি পোৱালী লাগে !
তাইৰ বুকুখন কপি উঠিছিল |
- কিমান দিন আৰু থাকিম কোৱাচোন ! জীৱনৰ বিয়লি বেলাত নাতি পোৱালীৰ লগত উমলিবলৈ বৰ মন গৈছে |
তাই ওলাই আহিব লোৱা কান্দোনটি মুখত হেচি ধৰি বন্ধ কৰি ঘৰলৈ দৌৰ দিলে |
তাই আজি নিৰুপায় কি কৰিব তাই | ভগবান তুল্য এজন শহুৰৰ ইচ্ছা তাই কেনেকে পূৰণ কৰিব পাৰিব |তাই আজি ৰাতি প্রীতমৰ লগত আলোচনা কৰিব |
ৰাতি প্রীতমে বিচনা খনত পৰিব লৈছিল তেনেতে মমতাই তাক মাত লগাইছিল |
- প্রীতম তোমাৰ লগত মোৰ কথা অলপ আছে |
- কি কথা কোৱা !
- আজি দেউতাই মোৰ পৰা নাতি পোৱালী এটা বিচাৰিছে ! মই কি কৰো কোৱা ! তোমাক কথা এটা কওঁ যদি বেয়া নোপোৱা |
- কোৱা,কিন্তু শুনা মই প্রতিজ্ঞা ভংগ কৰিব নোৱাৰো |
- নালাগে তুমি প্রতিজ্ঞা ভংগ কৰিব | তুমি এটা কাম কৰা প্রীতম | তুমি তোমাৰ সেই প্রেয়সী জনীক ঘৰত লৈ আহা,দেউতাক মই সন্মত কৰাম | আৰু কথা দিছো তোমাক মই এইখন ঘৰৰ পৰা গুছি যাম |( Best story )
তাই দেখিছিল ,প্রীতমে খিৰিকি খন খুলি দিছিল ! ৰাতিৰ আন্ধাৰৰ মাজত বাহিৰত জোনাকী পৰুৱাৰ সভা বহিছিল |
- চোৱা প্রীতম মিছা অভিনয় আৰু কিমান কৰিম | আৰু এটা কথা মই আৰু ক'তো বিয়াত নবহো | তোমাৰ এজন ভাল শুভকাংখী হৈ থাকিম |
সি এটা শব্দ ও কব পৰা নাছিলে |
- কথাষাৰ তুমি ভাৱিবা, শুভৰাত্রী |
তাইৰ সিদ্ধান্ত জনাই |তাই গাৰুটো সাৱতি শুই গৈছিল |
আজি ৰাতিপুৱাঁ শুই উঠিয়ে তাই তাইৰ কাপোৰ বোৰ এটা বেগত ভৰাইছিল | তেনেতে প্রীতম ৰুমত সোমাই আহিছিল |
- মমতা
তাই কাপোৰ বোৰ জাপি কৈছিল !
- হু !
- ক'ত যোৱা তুমি ?
- যাম কৰবাত,মিছা অভিনয় আৰু কিমান কৰিম |
- দেউতাক এৰি তুমি যাৱ পাৰিবা ?
- উপায় নাই প্রীতম,দেউতাক তুমি কবা , " দেউতা মমতাই এজন ডেকা ল'ৰাই পলাই গ'ল " তেতিয়া দেউতাই মোক ঘৃনা কৰিব | আৰু তুমি তাইক আনিব পাৰিবা | মই সদায় তুমি আৰু দেউতা সুখী হোৱাটো বিচাৰিম প্রীতম |
সি নিশ্চুপ বিচনা খনত বহি পৰিছিল | কি কৰিব সি কিবা উপায় | এটা সময়ত তাই বেগটো হাতত লৈছিল |তাই প্রীতমৰ ভৰিখন চুই আশিৰ্বাদ লৈছিল |
- আহো,মন গ'লে দেখা কৰিব যাবা |
সি মাতিব খুজিওঁ মাতিব পৰা নাছিলে |
তাই চাদৰৰ আচলৰে মুখ খন হেচি দৌৰি যোৱাৰ দৰে ওলাই গৈছিল |
বহু সময় হ'ল ! আজি বোৱাৰীয়েকক নেদেখি বৰুৱাই বোৱাৰীয়েকক বিচাৰিব ধৰিলে ! কিন্তু ক'তো নাপালে | সাদৰী বোৱাৰী জনী ক'ত গ'ল বাৰু | শেষত সিহতৰ ৰুমত সোমাই গ'ল ! প্রীতম বিচনাত শুই আছিলে |
- প্রীতম !
সি বিচনাৰ পৰা উঠি বহিছিল |
- বোৱাৰী ক'ত গ'ল !
সি মাত দিব পৰা নাছিলে |
- তই নামাত যে ,ক' বোৱাৰী ক'ত গ'ল |
- মোক খং কৰি ঘৰত গুছি গ'ল !আৰু উভতি নাহে হেনো |
- কি !
তেনেতে সংজ্ঞাহীন হৈ বৰুৱা মাটিতে ধলি পৰিল |
- দেউতা,দেউতা !
সি দেউতাকক মেডিকেলত ভৰ্ত্তি কৰালে |
সি মমতাক ফোন লগালে |
- হেল্ল'
- মমতা
- উম কোৱা
- দেউতা মেডিকেলত !
- কি ! কি হ'ল দেউতাৰ !
- তুমি ঘৰত গুছি যোৱা শুনি দেউতা সংজ্ঞাহীন হ'ল |
- ৰবা মই গৈ আছো |
কিছু সময় পাছত ডাক্তৰৰ ট্রীটমেন্টৰ পাছত বৰুৱা কিছু সুস্থ হৈ উঠিল | বাহিৰত প্রীতমে মমতাৰ বাবে ৰৈ আছিলে |
- আহিলা
- উম, দেউতা ক'ত আছে |
কথা খিনি সুধিয়ে তাই ভিতৰলৈ যাৱলৈ লৈছিল | তেনেতে প্রীতমে প্রথম বাৰৰ বাবে মমতাৰ হাত খন খামোছি ধৰিলে |
- মমতা | মই ভুল কৰিছো |
- কি ভুল !
- তোমাক বঞ্চিত কৰি,নিজৰ জন্মদাতাক বঞ্চিত কৰি |পৃথিৱীত এজনী ছোৱালাৰ বাবে কৰা প্রতিজ্ঞাতকৈ নিজৰ জন্মদাতা বহু ওপৰত | " পিতা স্বৰ্গ,পিতা ধৰ্ম " | আৰু প্রেম মানে বিবাহ নহয় | মোক ক্ষমা কৰিবা নে মমতা |
- মই তোমাক ক্ষমা নকৰি কাক কৰিম বাৰু |
- তুমি সদায় মোৰ লগত থাকিবা নে ?
- সদায় মই তোমাৰ প্রীতম ব'লা দেউতাক এতিয়া ঘৰত লৈ যাওঁ |
- উম ব'লা |
একমাত্র মমতাৰ সিদ্ধান্তৰ বাবে সিহতৰ ঘৰ খন আজি সুখৰ হৈ পৰিল |
- মমতা
- কোৱা
- আজি আমাৰ ফুলশয্যা নিশা |
- মই তোমাৰ লগত নাথাকো |
- কি !
- কি হ'ল চকু ডাঙৰ হৈ গ'ল যে,আহা এতিয়া বিচনাত |
প্রীতমে আনন্দতে মমতাক ডাঙি লৈ ঘূৰাই দিলে,মমতাৰ মুখেৰে অনাবিল প্রশান্তিৰ হাঁহি ওলাই আহিলে |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Best story ) কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment