ৰাতি প্ৰায় ১২ মান বাজিছিল আৰু নিলীমাই তাইৰ দুদিনীয়া ছোৱালীজনীৰ কাষত শুই তাইক মৰম কৰি আছিল । নিলীমাই তাইক মৰমত মুন্নী বুলি কয়।তাইৰ দুদিনীয়া ছোৱালীজনী বহুত গভীৰ টোপনিত আছিল।নিলীমা ডিব্ৰুগড় মেডিকেলত ভৰ্তি আছিল য'ত তাইক ৰুম নম্বৰ ০৫ ত ৰাখিছিল। সেই ৰুমটোত নিলীমা আৰু তাইৰ ছোৱালীজনীৰ বাহিৰে কোনো নাছিলে,থাকিব নো কেনেকৈ নিলীমা এই পৃথিৱীত অকলশৰীয়া যে আছিল । তাই প্ৰায় এবছৰ আগতে ৰাকেশৰ লগত বিয়াত বহিছিল।দুয়োজনৰে এই পৃথিৱীত কোনো নাছিল।বিয়াৰ ৭ মাহৰ পাছতেই এটা গাড়ীৰ দূৰ্ঘটনাত ৰাকেশৰ মৃত্যু হৈছিল।ৰাকেশতো এই পৃথিৱীৰ পৰা গুচি গ'ল কিন্তু তেওঁলোকৰ বীজ এটি নিলীমাৰ গৰ্ভত এৰি থৈ গ'ল।নিলীমাই ৰাকেশৰ মৃত্যুৰ শোক কেতিয়াও সহ্য কৰিব নোৱাৰিলে হেঁতেন কিন্তু যেতিয়া তাই এইটো গম পালে যে তাইৰ গৰ্ভত ৰাকেশৰ কেঁচুৱা আছে তেতিয়া তাই নিজকে চম্ভালিলে আৰু তাৰ কাৰণেই জীয়াই থকাৰ সিদ্ধান্ত ল'লে।( Best story )
নিলীমাই নিজৰ ছোৱালীজনীক মৰমতে ফুচুলাই থাকোতেই তাই কান্দিবলৈ আৰম্ভ কৰি দিলে । নিলীমা এনেকুৱা অৱস্থাত নাছিলে যে নিজৰ ছোৱালীজনীক কোচত ল'ব পাৰে ।তাইৰ চিজাৰিং হৈছিলে । তাইৰ কাষতে যিটো বেলৰ চুইটছ লাগি আছিল তাই সেইটো বজাবলৈ ধৰিলে যাতে কোনো নাৰ্চে তাইৰ সহায়ৰ কাৰণে আহি যায় কিন্তু ৫ মিনিট হৈ গৈছিলে তথাপিও কোনো অহা নাছিলে। নিলীমাই নিজৰ ছোৱালীজনীক এইদৰে কন্দা চাব নোৱাৰিছিলে সেইকাৰণে তাই সিদ্ধান্ত কৰিলে যে লাগিলে যিমানেই বিষ হ'ওক তাই উঠিবয়েই। মাকবোৰ এনেকুৱাই যি নিজৰ কষ্ট পাছত দেখে আৰু নিজৰ ল'ৰা-ছোৱালীৰ কষ্ট আগত। নিলীমাই নিজৰ ছোৱালীজনীক কোলাত উঠাবলৈ লৈছিলহে, তেতিয়াই তাই দেখিলে যে তাইৰ ৰূমৰ দৰ্জাখন লাহেকৈ খোল খালে আৰু তালৈ এগৰাকী নাৰ্চ সোমাই আহে। সেই নাৰ্চ গৰাকী খৰখেদাকৈ ভিতৰলৈ সোমায় আৰু গৰিমাৰ ছোৱালীজনীক কোলাত তুলি লয়। সেই নাৰ্চ গৰাকীয়ে যেতিয়াই গৰিমাৰ ছোৱালীজনীক নিজৰ কোলাত তুলি ল'লে তাই কন্দা বন্ধ কৰি দিলে। নাৰ্চ গৰাকীয়ে তাইৰ ছোৱালীজনীক ফুচুলাবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে
"নাকান্দিবা মোৰ মৰমৰ সোন...মা আহিছে নহয়...নাকান্দিবা।"
নাৰ্চ গৰাকীৰ চুলি সোণোৱালী ৰঙৰ আছিল আৰু ককাললৈকে পৰা আছিল।তাই গোলপীয়া ৰঙৰ এটা ড্ৰেচ পৰিধান কৰি আছিল যিটো হস্পিতালৰ ড্ৰেচ আছিল , তাইৰ কপালত এটা ক'লা ৰঙৰ গোল ফুট আছিল।
নিলীমাই সেই নাৰ্চ গৰাকীৰ ফালে চাই ক'লে-
"আপোনাৰ হাতত টো যাদু আছে আপুনি কোলাত লওঁতেই চুপ হৈ গ'ল।"
"চুপ কেলেই নহ'ব,মোৰেইটো ছোৱালী।"
এই কথা শুনি নিলীমাই হাঁহিলে আৰু ক'লে,"হয় ঠিকেই কৈছে আপুনি।"নিলীমাই কিবা ভাবি আকৌ ক'লে,"অৱশ্যে আপোনাক আজিলৈকে আগতে ইয়াত দেখা নাই। নতুনকৈ আহিছে নহয় জানো?"
"নতুনকৈটো আপুনি অহিছে,মইটো ৫ বছৰৰ পৰা এইটো ৰূমতেই আছো"
"মই একো বুজা নাই!"নিলীমাই আচৰিত হৈ সুধিলে
"মোৰ অৰ্থ এইটোৱেই যে,মই ইয়াত ৫ বছৰৰ পৰা কাম কৰি আছো আৰু মোৰ ডিউটি প্ৰায়েই ৰাতি থাকে।"
"তেতিয়াটো আমাৰ বেচ্ জমিব কিয়নো মোৰ মুন্নী ৰাতি জন্ম হৈছিলে আৰু কয় যে যিবোৰ ল'ৰা-ছোৱালী ৰাতি জন্ম হয় সেইবোৰ দিনত শুৱে আৰু ৰাতি সাৰ পাই থাকে।"
"মই গম পাওঁ যে পুতলা জনীৰ জন্ম ৰাতি ১২ বাজি ২৭ মিনিতত হৈছে।"
নিলীমাই এইটো কথা শুনি আচৰিত হ'ল যে তেওঁ মোৰ মুন্নীৰ বিষয়ে কেনেকৈ গম পায়, আকৌ নিজেই মনে মনে উত্তৰ বিছাৰি ল'লে যে কেনেকৈ গম নাপাব নাৰ্চ বাইদেউ নহয় জানো,এওঁটো মোৰ ছোৱালী জনীৰ বিষয়ে প্ৰত্যেকটো কথায়েই জানিব যিবোৰ মইয়ো নাজানো।
"পিছে আপোনাৰ নামটো কি?"
"মোৰ নাম এনিশা হাজৰিকা।"
"থিক আছে।"
"এনিশায়ে নিলীমাৰ ছোৱালী জনীৰ লগত তেতিয়ালৈকে খেলি থাকিলে যেতিয়ালৈকে তাই নুশুলে।মুন্নী শুৱাৰ পাছত নিলীমা আৰু এনিশাৰ মাজত গোটেই ৰাতিটো কথা বতৰা চলি থাকিল আৰু দুয়ো গৰাকী ৰাতিটোৰ ভিতৰতে ভাল বান্ধবী হৈ গ'ল।ৰাতিপুৱাৰ ৮ বাজিবৰ হৈছিল।
"এতিয়া মই যাওঁ মোৰ ডিউটি শেষ হোৱাৰ সময় হৈ গ'ল।"
"হ'ব ঠিক আছে তেতিয়া ৰাতি লগ পাম।"
ৰাতিপুৱা ৮ বজাত অন্য এগৰাকী নাৰ্চ আহিল আৰু লগতে ডাক্তৰ বিনন্দাও আহিল ।যেতিয়া ডাক্তৰ সুনন্দাই চেক্আপ কৰিলে তেতিয়া তেওঁ গম পালে যে নিলীমা প্ৰথমতকেও বেছি দুৰ্বল হৈ গৈছে কিয়নো প্ৰথমৰ পৰাই তাই বহুত ক্ষীণ-মীণ আছিল আৰু তাই এইটো অৱস্থাত নাছিল যে কোনো সন্তানক জন্ম দিব পাৰে কিন্তু তথাপিও তাই ডাক্তৰ সুনন্দাৰ কথা নুশুনিলে আৰু সন্তান জন্ম দিয়াৰ জেদ কৰি থাকিলে।
ডাক্তৰ সুনন্দাই নিলীমাৰ অৱস্থা দেখি তাইক ভিটামিন B ৰ এটা বেজি দিলে আৰু স্লাইন দিলে ।বেজি দিয়াৰ কাৰণে নিলীমা দিনটো মূৰ্চিত অৱস্থাত থাকিল ।তাইৰ একোৱেই মনত নাথাকিলে যে দিনটো কি হ'ল,মাত্ৰ এইটোৱেই গম পালে যে ডাক্তৰ সুনন্দাই তাইৰ চেক্আপ কৰিবলৈ আহিছিল ।
ৰাতি হৈছিলে আৰু নিলীমাৰ চেতনা আহিছিল।নিলীমাৰ ছোৱালীজনীয়েও অকলেই খেলি আছিলে,যেতিয়া ন বাজিলে এনিশা আহিলে।এইদৰে কেইবাদিনো পাৰ হ'ল।প্ৰত্যেক ৰাতিপুৱাই নিলীমাক ভিটামিন B ৰ ইঞ্জেকচন দিয়া হয় আৰু তাই দিনটো অচেতন অৱস্থাত পৰি থাকে আৰু ৰাতি হ'লেই চেতনা ঘূৰাই পায়।প্ৰত্যেক ৰাতিয়েই নিলীমা আৰু এনিশাৰ মাজত কথা বতৰা চলি থাকে।এইদৰে এসপ্তাহতকৈ বেছি হ'ল আৰু নিলীমাৰ অৱস্থাও অলপ ভাললৈ আহিলে
ৰাতিৰ সময়।নিলীমা আৰু এনিশাই কথা পাতি আছে।
"কাইলৈ তোমাৰ ছুটী হ'ব নহয়,মই আৰু মুন্নীক কেতিয়াও দেখা নাপাম।"এনিশাই ক'লে
কি কথা কৈছা এনিশা , মোৰ মুন্নীও তোমাৰ ছোৱালীৰ নিচিনাই ,যেতিয়া তোমাৰ মন কৰে তুমি মোৰ ঘৰলৈ আহি যাবা । তুমি প্ৰফেচৰ কল'নি দেখিছা নহয় ,মই তাতে থাকো ফ্লেট নম্বৰ ৩৫ ত
"ঠিক আছে ।"
"অ' হ'ব ঠিক আছে ।" নিজৰ ঘৰ বুলি ভাবি তুমি যেতিয়াই মন যায় আহি যাবা।" পিছদিনায়েই নিলীমাৰ ছুটি হৈ গ'ল আৰু তাই নিজৰ ছোৱালীজনীক লৈ ঘৰলৈ যাবলৈ ল'লে কিন্তু ঘৰলৈ যাবৰ সময়ত ডাক্তৰ বিনন্দাকে ধৰি সকলোৱে তাইক আচৰিত ধৰনে চাই আছিলে কিন্তু তাই সেইবোৰ কথাৰ ওপৰত সিমান গুৰুত্ব নিদিলে ।
নিলীমাই তাইৰ কাৰণে ডালিয়া ৰান্ধি আছিল আৰু তাইৰ ছোৱালীজনী শুই আছিল। ৰাতিৰ প্ৰায় ন বাজিছিল। তেতিয়াই তাইৰ ছোৱালীজনীয়ে কান্দিবলৈ ধৰিলে , ছোৱালীজনীৰ কন্দাৰ শব্দ শুনি নিলীমাই ক'লে-
"কি হ'ল মোৰ মুন্নীৰ ? কিয় কান্দিছে? ভোক লাগিছে নেকি তাইৰ ? চোৱা মায়ে কাম কৰি আছে নহয় ,বচ্ দুই মিনিট ৰ'বা সোণ মই এতিয়াই আহিছো।"( Best story )t>
নিলীমাৰ ছোৱালীজনীৰ কন্দা পাঁচ মিনিটকৈ বেছি হৈ গৈছিলে তথাপিও তাই কামত ইমানেই মগ্ন হৈ আছিলে যে গমেই পোৱা নাছিল ,তেনেতে দৰ্জাত কোনোৱাই টোকোৰিয়ালে।নিলীমাই দৰ্জা খুলি এনিশাক দেখা পালে ।
এনিশাক দেখি নিলীমা আনন্দিত হ'ল আৰু ক'লে-
"ঔ আপুনি, আহক আহক বহক।"
এনিশাই যেতিয়াই ঘৰৰ ভিতৰত তাইৰ প্ৰথম খোজ পেলালে তেতিয়াই নিলীমাৰ যিজনী ছোৱালীয়ে ৫ মিনিটতকৈ বেছি কান্দি আছিল তাইৰ কন্দা বন্ধ হৈ গ'ল ।
"মুন্নী ক'ত আছে ?"এনিশাই গৰিমাক সুধিলে।
"সৌ ভিতৰৰ ৰূমত । ইমানেই কৈ নিলিমাই এনিশাক মুন্নীৰ ওচৰলৈ লৈ গ'ল।
যেতিয়া এনিশাই মুন্নীক নিজৰ কোলাত ল'লে তেতিয়া তাই হাঁহিবলৈ ধৰিলে আৰু এনিশাই মৰমেৰে তাইক সাৱতি ধৰিলে ।এনিশাৰ মমতা অতি নিষ্পাপ আছিল ।
এনিশাই মুুন্নীৰ লগত কথা পাতিবলৈ ধৰিলে "মোৰ সোণৰ মোলৈ মনত পৰিছিলে নি ,ইমান দিনে,এতিয়া মাঁ আহি গ'ল নহয় ,এতিয়া আৰু নাকান্দিবা ।
সেই সময়তেই ডালিয়া জ্বলি যোৱাৰ গোন্ধ অহাত নিলিমাৰ মনত পৰিলে যে তাই গেছত ডালিয়া উঠাই থৈ আহিছিল আৰু সেইবোৰ জ্বলি গৈছে ।
"এনিশা, তুমি মুন্নীৰ লগত কথা পাতা মই এতিয়াই গেছটো বন্ধ কৰি আহোঁ।
নিলীমা যেতিয়া গেছ বন্ধ কৰি ওভতি আহিল তেতিয়া তাই দেখা পালে যে ৰূমটোত এনিশা আৰু তাইৰ ছোৱালীজনী কোনোৱেই নাছিল। নিলীমাই ঘৰৰ চুকে-কোণে চালে কিন্তু তাই কাকো দেখা নাপাই এনিশা আৰু মুন্নীক চিঞৰিবলৈ ধৰিলে তথাপিও তাই কোনো সহাঁৰি নাপালে। ভয়তে তাই কান্দিবলৈ ধৰিলে। তাইৰ বুকুখন খুন্দা মাৰি ধৰিলে ,নধৰিবনো কিয় ,ৰাকেশৰ পাছত মুন্নীয়েইতো তাইৰ একমাত্ৰ সম্বল আছিল।
তাইৰ পূৰা সন্দেহ কৰিছিল যে এনিশাই তাইৰ ছোৱালীজনীক অপহৰণ কৰিছে ।
নিলীমাই তেতিয়াই ঘৰৰ পৰা ওলাল আৰু অট' লৈ অট'ৱালাক ক'লে-" ডিব্ৰুগড় মেডিকেললৈ ব'লা"।
হস্পিতাল পাই তাই হুলস্থুল লগাই দিলে।তাই পোনে পোনে ডাক্তৰ সুনন্দাৰ ৰূমলৈ গ'ল আৰু কান্দি কান্দি কবলৈ ধৰিলে
"মই জনা নাছিলো যে আপোনাৰ হস্পিতালত চোৰো আছে ।"
"কি কৈছে আপুনি মই একো বুজা নাই!"
"আৰু নহয়নো কি আপোনাৰ নাৰ্চে মোৰ কেঁচুৱা চোৰ কৰিছে ।"
"এইবোৰ কি কৈছে আপুনি?"
"মই যি কৈছো সঁচা কৈছো,চাওক সোনকালে মোৰ মুন্নীক ঘুৰাই দিয়ক নহ'লে সকলোকে জে'লত ভৰাই দিম আৰু আপোনাৰ এই হস্পিতালো বন্ধ কৰাই দিম।"
"আপুনি এইবোৰ কি কৈছে?এইয়া কেতিয়াও হ'ব নোৱাৰে।"
"কিয় হ'ব নোৱাৰে?"
"কাৰণ আপুনি যিটো কেঁচুৱা জন্ম দিছিল সেইটো মৃত অৱস্থাত আছিল।"
"কি?"
"হয় এইয়াই সঁচা।"
"এইটো কেনেকৈ হ'ব পাৰে,তেতিয়া ইমান দিনৰ পৰা মোৰ কোলাত কোন আছিল আৰু আপুনিওটো তাইক দেখিছিলে।মনত পেলাওক যিদিনা মোক ছুটী দিয়া হৈছিলে সেইদিনা আপুনি তাইক কোলাত ল'ব খুজিছিলে কিন্তু মুন্নীয়ে কান্দি দিছিল।"
"নিলীমা, সেইদিনা আপুনি কোলাত এটা পুতলা লৈ আছিল যেন সেইজনী আপোনাৰ নিজৰ হে ছোৱালী আছিল,সেই পুতলাজনীকে মই আপোনাৰ পৰা ল'ব বিছাৰিছিলো কিন্তু আপুনি পাগলৰ দৰে কৈছিলে"মোৰ মুন্নীয়ে কান্দি আছে।" আমি সকলোৱে ইয়াকে দেখি আচৰিত হৈছিলো।মই যেতিয়া আপোনাৰ চিকিৎসা কৰিবলৈ আঁহো সেই পুতলাজনী আপোনাৰ কাষতে থাকে। আপুনি সেই পুতলাজনী ক'ত পালে?"
"মই নাজানো।সেইদিনা যেতিয়া মোৰ পেট বিষ অনুভৱ হৈছিল মোক অপাৰেচন কৰিবলৈ লৈ যোৱাৰ পাছতেই মোৰ চেতনা হেৰাইছিল আৰু যেতিয়া মোৰ চকু মেল খালে তেতিয়া মই দেখা পালো মই ৰূম নম্বৰ ০৫ ত আছো আৰু মোৰ কাষত এজনী পুতলা ৰখা হৈছিল কিন্তু মোৰ মতে তাই মোৰ মুন্নী আছিল কাৰণ তাইৰ জীৱিত আছিলে।মই সঁচা কৈছো।"
"এইয়া কেনেকৈ হ'ব পাৰে?"ডাক্তৰ সুনন্দাই নিলীমাৰ কান্ধত হাত থৈ ক'লে"চাওক কেতিয়াবা কেতিয়াবা যেতিয়া সন্তান মৃত হৈ জন্ম হয় তেতিয়া তেওঁলোকৰ মাক সকলৰ মানসিক ভাবে গুৰুতৰ আঘাত লাগে,মই বুজি পাওঁ।"
ডাক্তৰ সুনন্দা ভাবিছিলে নিলীমা পাগল হৈছে।
"আপুনি মোক পাগল বুলি ভাবিছে নহয় জানো, কিন্তু মই সঁচা কৈছো,এনিশা নামৰ নাৰ্চ এগৰাকীয়ে সদায় ৰাতি মোৰ মুন্নীক খেলাবলৈ আহে,আপুনি তাইক মাতক,তাই সকলো গম পাই।"
"কি কৈছে আপুনি এনিশা!"ডাক্তৰ সুনন্দাই চক্ খাই ক'লে।
"হয় এনিশাক মাতক,তাই সদায় তাইৰ ৰাতিৰ ডিউটিত থাকে ৯ বজাৰ পৰা ৰাতিপুৱা ৮ বজালৈকে।তাইয়েই মোৰ ঘৰলৈ গৈছিল আৰু তায়ে মোৰ মুন্নীক চুৰ কৰিছে,মাতক তাইক।"
"মই তাইক মাতিব নোৱাৰো।"
"কিয়?"
"কাৰণ যাক আপুনি মতাৰ কথা কৈছে তাই এবছৰ আগতেই ঢুকাল।"
"এইবোৰ কি কৈছে আপুনি?"
"হয় নিলীমা।"ডাক্তৰ সুনন্দাই নিজৰ মোবাইলটো উলিয়ালে আৰু নিলীমাক এখন ফটো দেখোৱাই ক'লে"আপুনি এওঁৰ কথা কৈছে নহয় জানো?"
নিলীমাই সেই ফটো খন চালে।তাত এনিশা নাৰ্চৰ ড্ৰেচত আছিল।তাইক হুবহু তেনেকুৱাই লাগিছিল যিদৰে নিলীমাই তাইক দেখিছিলে, পাৰ্থক্য মাত্ৰ ইমানেই আছিল যে কপালত ডাঙৰ গোল ক'লা ৰঙৰ ফুতটো নাছিল।
"আজিৰ পৰা ৬ বছৰৰ আগতে এনিশাই হস্পিতালত কাম কৰিছিল।তাই এগৰাকী বৰ ভাল নাৰ্চ আছিল।যিমান ৰোগী ইয়ালৈ আহে তাই সকলোৰে লগত বন্ধুত্ব কৰিছিল আৰু তেওঁলোকৰ যত্ন নিজৰ পৰিয়ালৰ সদস্যৰ দৰে ৰাখিছিল।এনিশা মোৰ বৰ ভাল বান্ধবী আছিল আৰু তাই মোৰ পৰা একো নোলোকোৱাইছিল।এদিন এনিশায়ে ক'লে যে তাই গৰ্ভৱতী।মই আচৰিত হৈছিলো,কাৰণ তাইৰ তেতিয়ালৈকে বিয়াই হোৱা নাছিল।তাই মোক ক'লে যে তাইৰ গাভৰু কালত ভূল হৈ গ'ল কিন্তু তাই তেতিয়া বিয়া পাতিব খোজা নাছিল।উপায়হীন হৈ মই তাইক আইপিলৰ টেবলেট দিছিলো যাতে তাইৰ সন্তানটো গৰ্ভতে মৰি যায়। এনিশায়ে যিজন ল'ৰাক ভাল পাইছিল সি ২ মাহৰ পাছতেই নিজৰ ঘৰৰ পচন্দৰ মতে অন্য ছোৱালীক বিয়া কৰাইছিল । সেইদিনা এনিশাই মোৰ ওচৰলৈ আহি বৰকৈ কান্দিছিল।২ মাহৰ পাছত এনিশাই নিজৰ শৰীৰত কিছু পৰিৱৰ্তন অনুভৱ কৰিলে আৰু যেতিয়া মই তাইৰ চেক্ আপ কৰিলোঁ তেতিয়া আমি গম পালো যে তাইৰ গৰ্ভত তিনিমহীয়া কেঁচুৱা আছিল।যাক আমি মৰা বুলি ভাবিছিলো সেইটো তাইৰ গৰ্ভত জীয়াই আছিল আৰু উশাহ নিশাহ চলি আছিল।সেইকাৰণে আমি ভ্ৰুণ হত্যা কৰিব নিবিচাৰিছিলো কিন্তু সুভীৰ বাবে মই সকলো কৰিবলৈ প্ৰস্তুত আছিলো।মই তাইক ক'লো তুমি গৰ্ভপাত কৰি লোৱা ভাল হ'ব কিন্তু তাই আপত্তি কৰিলে।তাই ক'লে যে মই সকলো বদনাম সহ্য কৰি ল'ব পাৰিম কিন্তু গৰ্ভপাতৰ দৰে পাপ কৰিব নোৱাৰো।আমি সকলোৱে এনিশাৰ এই সিৰ্দ্ধান্তত বৰ গৌৰৱাম্বিত হৈছিলো।তাইও বহুত আনন্দিত হৈছিল। তাই নিজৰ সন্তানটোক মনে মনে বৰ ভাল পাবলৈ ল'লে।তাইক ৰূম নম্বৰ ০৫ ত ৰখা গৈছিল য'ত আপোনাকো ৰখা হৈছিলে।
যেতিয়া তাইৰ ডেলিভাৰিৰ সময় হৈছিল সেইদিনা তাইৰ এগৰাকী অন্য মহিলাৰ তুলনাত যথেষ্ট বিষ অনুভৱ হৈছিল।এনিশাৰ এজনী কন্যা সন্তান জন্ম হৈছিল আৰু দেখাত এনিশাৰ দৰে বৰ ধুনীয়া আছিল।কিন্তু সন্তানটো মৃত অৱস্থাত জন্ম হৈছিল,প্ৰথমেই তাইক যিটো টেবলেট গৰ্ভপাতৰ বাবে দিয়া হৈছিল তাৰ কিছু অণু তাইৰ পেটত মজুত থাকি যোৱাৰ কাৰণে সন্তানটো মৃত অৱস্থাত জন্ম হৈছিল।এনিশাই এই কথা গম পোৱাত তাইৰ নিজৰ ওপৰতেই ঘৃণা জন্মিলে আৰু ভাবিলে তাইৰ পৰা ডাঙৰ পাপ হৈ গ'ল।পাছদিনা আমি যেতিয়া তাইৰ ৰূমলৈ গ'লো তেতিয়া আমি দেখিলো তাই আত্মহত্যা কৰিছিলে আৰু তাইৰ কপালত কাজলৰ এটা ডাঙৰ ফুত আছিল।সম্ভৱত তাই সেই কাজলটো নিজৰ ছোৱালীজনীক বেয়া চাৱনীৰ পৰা বচাবলৈ কিনিছিল।
তাৰ কিছু মূৰ্হুতৰ পাছত নিলীমা আৰু ডাক্তৰ সুনন্দা দুয়ো গৰাকীৰে চকুত চকুৰপানী ভৰি পৰিছিল।
"কিন্তু মই ভাৱি পোৱা নাই যদি এনেকোৱাই যদি আছিল এনিশাৰ আত্মা মোৰ ওচৰলৈ কিয় আহিছিল?"
"সম্ভৱত তাই আপোনাক এগৰাকী মাঁ হোৱাৰ অনুভৱ কৰাব খুজিছিল আৰু যেতিয়া তাই গম পালে যে এতিয়া আৰু সময় হৈ গৈছে,তেতিয়া তাই নিজৰ ছোৱালীজনীক লৈ গুছি গ'ল।"
"কিন্তু মোকেই কিয়?"
"কাৰণ আপুনি এতিয়া আৰু কেতিয়াও মাক হ'ব নোৱাৰে।"
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Best story )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment