মাজনী, মাজনী, সোনকালে তৈয়াৰ হোৱা, লৰা ঘৰৰ লোক এতিয়া আহি পাবহিয়েই, পাহি, পাহি, তুমি পৰিক সহায় কৰি দিয়া। আৰু তোমালোকৰ দেউতাও নহয়, মিঠাই আনিবলৈ গৈ নহাই হল! নাজানো আৰু কাৰ লগত কথা পাতিবলৈ ধৰিলে! পাহিয়ে, পৰিক প্ৰস্তুত কৰিবলৈ ধৰিলে। প্ৰস্তুত কৰা পাচত পাহিয়ে বায়েকক কলে, পৰিবা আজি তোমাক বৰ ধুনীয়া লাগিছে। চাবা, লৰা ঘৰৰ লোকে আজিয়েই বিয়া দিন ঠিক কৰিব। পৰিয়ে হাঁহিলে, পৰি বৰ উৎফুল্লিত হৈ আছিল। ( Best story )
আজি তাইক প্ৰথমবাৰাবলৈ লৰাই চাবলৈ আহিছিল। লৰাৰ নামটো আছিল আদিত্য। এজন ব্যৱসায়ীৰ লৰা। আদিত্যও নিজৰ দেউতাকৰ ব্যৱসায়ত সহায় কৰিছিল। বহু ধনী লোক আছিল। এই সম্বন্ধ, পাহিৰ খুড়ীয়েকে আনিছিল। যেতিয়াৰ পৰা পৰিয়ে, আদিত্যৰ ফটো দেখিছিল, তেতিয়াৰ পৰাই পৰিয়ে আদিত্যক লৈ বহু সপোন ৰচিলে। পাহিয়েও বহু বাৰ আদিত্যৰ ফটো চালে আৰু ফেচবুকতো আদিত্যৰ প্ৰফাইল চালে। পাহিয়েও বিচাৰিলে, বায়েকৰ বিয়া আদিত্যৰ লগত ঠিক হয় যেন। পৰিৰ মাক, কোঠালৈ আহি পৰিক দেখা পায়, মাকৰ চকুলো ভৰি আহিল। মাকে পৰিৰ কপাঁলত চুমা এটা খায় কলে, প্ৰতিগৰাকী মাকৰ বাবে এয়া বিশেষ দিন হয়। তুমি কেতিয়া ডাঙৰ হলা, ধৰিবকে নোৱাৰিলো। সেই সময়তে পৰি-পাহিৰ দেউতাকে মাত লগালে, তোমালক তিনিও ৰূমত কি কৰিছা, লৰা ঘৰৰ লোক আমাৰ ঘৰৰ ওচৰ পালেহি। তেওঁলোকৰ ফোন আহিছিল।তেওঁলোক পাবহিয়েই।
মাকে, লৰালৰিকৈ পাকঘৰলৈ গলগৈ। পৰিয়ে, পাহিক কলে, যোৱা তুমিও সাজো হৈ লোৱাগৈ। পাহি আঁতৰি যোৱাত পৰিয়ে পুনৰ আদিত্যৰ ফটো খন চাই হাঁহি এটা মাৰিলে। আদিত্য আৰু তাৰ মাক দেউতাক আহি পালেহি। কিছু সময় কথা পতাৰ পাছত, পৰিয়ে চাহ লৈ আহিল। পৰি লগত পাহিও আছিল। মাক দেউতাক আৰু আদিত্যই, পৰি আৰু পাহিৰ লগত বহু কথা পাতিলে। মাকে জলপান লৈ আনিলে। কিছু সময়ৰ পাচত মাক দেউতাকক আদিত্যই কলে, মা মই আপোনালোকৰ লগত অকলশৰীয়াকে কিবা কব বিচাৰো। তেতিয়া পাহি পৰি আৰু মাক দেউতাক আলহী কোঠাৰপৰা আঁতৰি আহিল। আদিত্য আৰু মাক দেউতাকে তিনিও কথা পাতিবলৈ ধৰিলে।
কিছু সময়ৰ পাছত, পৰি পাহিহঁত, আদিত্যহঁতৰ ওচৰলৈ আহিল। তেতিয়া আদিত্যৰ দেউতাকে, পৰিৰ দেউতাকক কলে, মই আপোনাৰ লগত অকলে কিছু কথা পাতিব বিচাৰো। আদিত্যৰ দেউতাকৰ কথা শুনি তেওঁলোক দুয়ো চতলৈ গলগৈ। চতলৈ গৈ যি কথা, পৰিৰ দেউতাকক আদিত্যৰ দেউতাকে কলে, সেই কথা পৰিৰ দেউতাকে শুনি আচৰিত হৈ ৰল। আৰু চতৰপৰা তললৈ নামি আহি পৰিৰ মাকক কোঠালৈ মাতি আনি আদিত্যৰ দেউতাকে কোৱা কথাবোৰ কলে। তেওঁলোকে কথা বোৰ ভাৱি থাকোতেই পৰি আৰু পাহিও মাক দেউতাকৰ ওচৰলৈ আহিল। আৰু সুধিলে, কি হল! কি কলে তেওঁলোকে! আৰু আপোনালোকে কি ভাৱি আছে? ( Best story )
দেউতাকে লাহে কৰি কলে, মাজনী, তেওঁলোকে পাহিক পচন্দ কৰিছে আৰু পাহিৰ লগত আদিত্যৰ বিয়া হোৱাটো বিচাৰিছে। দেউতাকৰ এই কথাত পৰি আৰু পাহি আচৰিত হৈ পৰিল। তেতিয়া মাকে কলে, তেওঁলোকৰ কথাত আপত্তি কিহৰ। লৰাও ভাল আৰু পৰিয়ালটো ভাল। আৰু তেওঁলোকৰ আন কিবা বিচৰাও নাই। আৰু তোমালোক দুজনী মাথো দুবছৰৰ হে ডাঙৰ সৰু। সেইবাবে আমাৰো এই সম্বন্ধত কোনো আপত্তি নাই। পাহি আৰু আদিত্যৰ বিয়া ঠিক কৰো। আৰু পৰিৰ বাবে অন্য লৰা চাম। দেউতাকেও মাকৰ লগত সহযোগ কৰিলে। পৰি আৰু পাহি তোমালোক সোনকালে বাহিৰলৈ আহা, আমি ওলাই গৈছো। মাক আৰু দেউতাক বাহিৰলৈ ওলাই আহিল। পৰিয়ে হাঁহি মাৰি, পাহিক কলে, মায়ে ঠিকে কৈছে, মোৰ কি, কাইলৈ মোৰ আনৰ লগত সম্বন্ধ ঠিক হব। ভাল লৰা পালে হাতৰপৰা যাবলৈ দিব নাপায়। আৰু পাহিৰ চুলিখিনি ঠিক কৰিবলৈ ধৰিলে। পাহিয়ে ভাৱিবলৈ ধৰিলে, পাহি বাহিৰলৈ ওলাই আহিল আৰু আদিত্যহঁতৰ লগতে বহিল।
দেউতাকে কলে, পাহিয়ে এম বি, য়ে কৰি আছে। কিন্তু তেতিয়া পাহিয়ে কলে, মোতকৈ বেছি পঢ়া শুনাটো মোৰ বাইদেউ পৰি হয়। কিন্তু আপোনালোকে মোক কিয় পচন্দ কৰিলে! আৰু আদিত্যৰ ফালে চাই ৰল, পাহিৰ কথা শুনি সকলো আচৰিত হল। আদিত্যই কলে, কিন্তু আপুনি আপোনাৰ বাতকৈ বেছি ধুনীয়া। তেতিয়া আদিত্যৰ মাকেও কলে, আমাকো আমাৰ লৰাৰ বাবে বহুত ধুনীয়া ছোৱালীহে লাগে। পৰিও ধুনীয়া কিন্তু তুমি পৰিতকৈ বেছি ধুনীয়া। আচৰিত ভাৱে পৰিৰ দেউতাকে কলে, এয়াটো পাহিৰ সৌভাগ্য হয়। যে আপোনালোকৰ দৰে পৰিয়ালৰ লগত তাইৰ সম্বন্ধ ঠিক হৈছে। নহয় পাপা, এয়াটো পৰি বাৰ সৌভাগ্য হয়, যি বাৰ সম্বন্ধ এওঁলোকৰ ঘৰত নহল। আৰু মইও মোৰ দুৰ্ভাগ্য লিখিবলৈ বিচৰা নাই পাপা। মাকে, পাহিক মনে মনে থাকিবলৈ চকুৰ দৃষ্টিৰে কয় আছিল, দেউতাকেও কথা সলাবলৈ বিচাৰিলে।
আদিত্যৰ দেউতাকে কলে, এই ছোৱালী জনীয়ে আমাৰ কি দৰে অপমান কৰিছে।পাহিয়ে কলে,অপমান মই নাই কৰা, অপমানটো আপোনালোকে মোৰ বাৰ কৰিলে, বায়ে কিমান সপোন দেখিছিল এই সম্বন্ধক লৈ। আৰু পাপা আজি এওঁলোকক বাতকৈ বেছি ধুনীয়া মোক দেখিলে। কাইলৈ মোতকৈ ধুনীয়া বেলেগক দেখা পাব। আৰু বাহিৰৰ সুন্দৰতাৰ কোনো অন্ত নাই। আৰু সেইবাবে এই সম্বন্ধকো অন্ত কৰাটো মোৰ বাবে সৌভাগ্য । আপোনালোক এতিয়া যাব পাৰে। কয়ে পাহি নিজৰ কোঠালৈ গুচি গল। মাক দেউতাকে পাহিকে চাই ৰল। আদিত্য আৰু তাৰ মাক দেউতাকে লাজ পায় গুচি গল। পৰিয়ে নিজৰ ভনীয়েকৰ কথাত গৰ্ব আৰু প্ৰসন্নতা হল। পৰিয়ে পাহিক সাৱটি ধৰিলে। মাক দেউতাকেও লাজ পালে। তেওঁলোকেও নিজৰ ভুলৰ অনুভৱ হল। মাক দেউতাকেও পৰি আৰু পাহি ওচৰত ক্ষমা বিচাৰিলে
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই এই গল্পটো আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Best story )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment