ৰিচাই ৰাতিৰ আহাৰ প্ৰস্তুত কৰি চ'ফাখনত বহি আছিল। লৰা ছোৱালীকেইটাই এতিয়া পঢ়ি আছে আৰু স্বামী পিংকুয়ে অফিচৰ কাম কৰি আছে। তাইৰ হাতত ১ঘণ্টা সময় আছিল।( Best story )
ৰিচাই ভাবিলে এই ১ ঘণ্টা সময়তো তাই কি কৰি পাৰ কৰিব তেনেকুৱাতে তাইৰ ফোনটো বাজিল। তাই দেখিলে মাকে ফোন কৰিছে। এই সময়ত আৰু মা? তাই ভাবি ভাবি কলটো ৰিচিভ কৰিলে। ইফালৰ পৰা মাকে কলে ," ৰিচা, মাজনী ভালে আছা?"
ৰিচা," মই ভালে আছোঁ মা তুমি ভালে আছা নে"?
" মোৰো ভাল মাজনী , সুখী হোৱা।"
মাকে ৰিচাৰ খা খবৰ ললে তাৰ পাছত লৰা ছোৱালীকেইটাৰ আৰু স্বামীৰ খবৰ ললে। ৰিচাই বুজি পালে মাকে কিবা এটা কব খুজিছে কিন্তু কব পৰা নাই।
মাকৰ মাতষাৰ গধুৰ হৈ পৰিল। সেই কণ্ঠটোত দুখ আৰু উদ্বেগ দুইটা আছিল। ৰিচাই সুধিলে , " কি হল মা ? কোনোবাই কিবা কলে নেকি?
মাকৰ মাত কঁপিবলৈ ধৰিলে ।
ৰিচা, " মা একো নোকোৱা কিয়?"
ফোনৰ ইপাৰে ৰিচাৰ মাকে মাতষাৰ হিকতি মাৰি নিয়ন্ত্ৰণ কৰিলে । কিবা এটা কবলৈ খুজিছিল কিন্তু কব পৰা নাই তেওঁক শব্দই যেন লগ দিয়া নাছিল।
ৰিচাই অলপ সময় মনে মনে থাকি আকৌ কলে, " কি হৈছে নোকোৱা কিয়?
ৰিচাৰ মাক,'মাজনী, আজি তোমাৰ সৰু নবৌয়ে মোক কৈছে, "মা , আপোনাকটো দেউতাই এৰি দিলে তেতিয়াহলে আপুনি ইয়াত কিয় আছে ? আমাৰো এটা জীৱন আছে , মানুহে আমাক কি বুলি কব? লৰা ছোৱালিকেইটাৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। আপুনি কোনোবা এখন আশ্ৰমলৈ কিয় গুচি নাযায় ? নে আপোনাৰ লৰা কেইটাৰ টকা দেখি লোভ সামৰিব পৰা নাই?"
ৰিচাই কথাবোৰ শুনাৰ পাছত তাই মূৰৰ পৰা ভৰিলৈকে কঁপিব ধৰিলে। ফোনটো কেতিয়া কাতিল গমেই নাপালে। এইটো কোনো নতুন কথা নহয় , ৰিচাৰ তিনিও জনী নবৌয়েকে মাকক বহুত বেয়া ব্যৱহাৰ কৰে । কথাই প্ৰতি ঠাট্টা কৰে ভালদৰে চোৱা ছিটা নকৰে। ৰিচাৰ মাকে কথাবোৰ ৰিচাক কৈ মন পাতলাইছিল। নিজৰ পত্নীধৰ্ম পালন কৰা পাছতো ৰিচাৰ দেউতাকে মাকক কোনো দিন সন্মান নিদিলে।
পৰিয়ালতোৰ বদনাম নহওক বুলি ,লৰা ছোৱালীকেইটাক মানুহে ঠাট্টা কৰিব বুলি ভাবি ৰিচাৰ মাকে সকলো মনে মনে সহ্য কৰিলে। আৰু কিনো কৰিব পাৰিব? গাঁওৰ যিগৰাকী সাধাৰণ এজনী ১৩ বছৰীয়া আজলী ছোৱালী যাৰ বিয়া ইমান সৰুতেই কৰাই দিয়া হল , তেওঁ ভালকেই শিকি আহিছিল যে এতিয়া মৃতদেহ হে এইখন ঘৰৰ পৰাহে ওলাই যাব। স্বামী যেনেকুৱাই হওক লাগে, তেওঁ সদায় পৰমেশ্বৰ এই কথাষাৰ ৰিচাৰ মাকে সদায় মানি চলিছিল। কোনোদিন তেওঁৰ একো আশা নাছিল, কোনো আপত্তি নাছিল।
তিনিওটা লৰা আৰু তিনিউজনী বোৱাৰীৰ ভিতৰত ৰিছাৰ মাকক কোনেও বুজি নাপায়। অকলে থাকিলে কেতিয়াবা ৰিচাৰ লগত কথা পাতে আৰু সকলো পাহৰি ঘৰ সজাবলৈ লাগি যায়।
ৰিচাই সকলো সৰুকালৰ পৰাই দেখি আহিছে। বিয়াৰ পিছত ৰিচা বেলেগ এখন চহৰলৈ গুচি আহিব লগা হোৱা কাৰণে মাকৰ ওচৰলৈ গৰমৰ বন্ধতহে যোৱা হয়। সেয়াও বেছি দিনৰ কাৰণে নহয়। ৰিচা ঘৰলৈ গলে বৌয়েকহতে আদৰ সাদৰ কৰে। ঘৰখনৰ লগত তাইৰ সম্পৰ্কটো ভালে থাকক বুলি ভাবি তাই সকলো জানিও একো নকয় আৰু মাকক বুজায় যে সকলো ঠিক হৈ যাব।
কিন্তু ক'তা ? একোটো ঠিক নহল। ৰিচা আজি দুটা সন্তানৰ মাক হল কিন্তু তাইৰ মাকৰ অৱস্থা একেই আছে একো সলনি হোৱা নাই। ৰিচাই কথাবোৰ ভাবি ভাবি হতাশ হৈ পৰিল আৰু নিজৰ ওপৰত ঘৃণা উপজিল। তাই ভাবিলে মাকে তাইক সকলো কথা কয় কিন্তু তাই কি কৰিলে? মাত্ৰ মাকক মিছা সান্তনা দিলে।
ৰিচাই নিজকে প্ৰশ্ন কৰিলে যে তিনিওটা ককাই ভাইক কিয় নোসোধিলে যে মাকৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰিছে । তাই ইমান স্বাৰ্থপৰ কেতিয়া আৰু কেনেকৈ হব পাৰিলে?
যিবোৰ মানুহে ৰিচাৰ মাকক সন্মান নকৰে সেইসকলক তাই কি কৰিব? ( Best story )
হঠাৎ ৰিচাৰ ১২ বছৰীয়া লোৰাটোৱে আহি তাইক মাত লগালে " মা কি হল তোমাৰ? তুমি ইমান কিয় ঘামিছা? " ৰিচাৰ স্বামী পিংকো আহিল , তেওঁলোকে ভাবিলে গৰমৰ কাৰণে গাটো বেয়া লাগিছে চাগে । ৰিচাৰ ১৫ বছৰীয়া ছোৱালী তৃষ্ণাই পানীত গ্লুক'জ মিলাই আনি দিলে আৰু সেইয়া খাই তাই অলপ আৰাম পালে ।
পিংকোয়ে লৰা ছোৱালীকেইটাৰ মুখলৈ চাই হাঁহি মাৰি কলে বলা তেন্তে আজি ৰুটি কেইখন ময়ে বনাই দিওঁ। কথাষাৰ শুনি লৰা ছোৱালী দুটাইও হাঁহিলে আৰু লগতে ৰিচাইও হাঁহিলে। কিন্তু ৰিচাৰ মনটোৱে ভিতৰি কান্দি আছিল। তাইক মাকৰ মাতষাৰে বৰকৈ আমনি কৰিলে।
পিছদিনা ৰাতিপুৱা সোনকালে শুই উঠি লৰা ছোৱালীকেইটাক স্কুললৈ পঠাই দিলে আৰু লগতে পিংকোও অফিচলৈ বুলি ওলাই গল। তেওঁলোক যোৱাৰ পাছতেই ৰিচাই মাকলৈ ফোন লগালে। ইফালৰ পৰা মাকে মাত দিলে ," মাজনী, "
ৰিচা," মোক মাফ কৰি দিয়া মা মই আজিলৈকে তোমাৰ কাৰণে একো কৰিব নোৱাৰিলোঁ , নাজানো কিয় মই তোমাৰ দুখবোৰ বুজিব নোৱাৰিলোঁ। মা মোক ক্ষমা কৰি দিবানে?"
মাক ," ধেৎ পাগলী, এইবোৰ কি কৈ আছা?"
ৰিচা," নহয় মা মই সঁচা কৈছোঁ , কিন্তু এতিয়া আৰু নহব । এতিয়া আৰু তুমি তাত থাকিব নালাগে । মই আজিয়েই সকলোৰে লগত কথা পাতিম আৰু তোমাক মোৰ ওচৰলৈ লৈ আনিম। পিংকোয়ে কথাষাৰ মানি লব ,মোৰ বিশ্বাস আছে । "
মাক," নালাগে মাজনী , ছোৱালীৰ ঘৰৰ পানীও খাব নাপাই আৰু তুমি মোক তাত গৈ ঠাকিব কৈছা ।"
ৰিচা," মা তুমি এতিয়াও কোনতো যুগত আছাঁ ? এতিয়া এইবোৰ একো নাই , আজিকালি লৰা ছোৱালী সকলো সমান।
মাক," এইটো বয়সত তুমি মোক হাঁহিৰ পাত্ৰ বনাব খুজিছাঁ নিকি মাজনী?
ৰিচা," নহয় মা , মই সিদ্ধান্ত লৈ পেলালোঁ তুমি আৰু একো কব নোৱাৰা।"
মাক," আৰে মাজনী"! ফোনটো কাত খাই গল
ৰিচাই ককায়েক আৰু নবৌয়েকক ফোন কৰি জনালে যে এতিয়াৰ পৰা মাক তাইৰ লগত থাকিব আৰু তাই মাকক আনিবলৈ ঘৰলৈ গৈ আছে।
ৰিচাৰ কথা শুনাৰ পাছত গোটেই ঘৰখনত হুলস্থুলৰ আৰম্ভ হল আৰু মাকৰ বেছি অশান্তি হল। আজি বোৱাৰীয়েকে মাকক ভাত দিয়া নাই , কৈছে, " জীয়েক আহিলে খাবলৈ পাব । আমিবোৰটো শত্ৰু হয়। জীয়েকক কি কি কথা সাজি লগালে থিক নাই , ডাঙৰ বাইদেউএ ইমান খং কৰিছে। লৈ গলে লৈ যাওক , যেতিয়া তেওঁৰ ঘৰতো এইবোৰ অশান্তি হব তেতিয়া বুজি পাব । জীয়েকৰ ঘৰত কোন মাক গৈ থাকেগে বাৰু? জোঁৱাই কি ভাবিব বাৰু? "
ৰিচাৰ মাকে সকলো কথা শুনি ধৈয্য ধৰি আছিল আৰু তেওঁলোকৰ কথাবোৰে দিয়া আঘাতে বুকুখনত গুজৰী গুমৰি আছিল।
" নাই নাই , মই মোৰ ছোৱালীৰ ঘৰ খন আৰু এইখন ঘৰত একো অশান্তি হব নিদিওঁ । মই জীয়াই থকা অৱস্থাত একো খেলিমেলি হব নিদিওঁ।" কথাখিনি তেওঁ যি ভাৱেৰে কৈছিল আগতে তেওঁ তেনেধৰণে কোনো দিন কোৱা নাছিল।
ইফালে ৰিচাই পিংকোৰ অহালৈ ৰৈ আছিল । তেওঁৰ লগতো এই বিষয়ে কথা পাতিব লাগিব। টিকেট ৰিচাই কৰি থৈছে আৰু তাই মনতে থিক কৰিলে যদি পিংকোয়ে কথাটো মানি নলয় তাই মাকক লৈ অকলে থাকিব।
সন্ধিয়া পিংকো অহাৰ পাছত ৰিচাই সকলো কথা কলে আৰু পিংকোএ একো আপত্তি নকৰাকৈ সকলো কথা মানি ললে। তাত গৈ যাতে একো হুলস্থূল নহয় সেইবাবে পিংকোও ৰিচাৰ লগত যাবলৈ ঠিক কৰিলে।
পিছদিনা সন্ধিয়া তেওঁলোকৰ ট্ৰেইন আছিল। তাই সকলো ৰেডি কৰি থৈ দিলে। তাইৰ মনত হাজাৰ প্ৰশ্ন উঠিছিল। যিকেইটা ককায়েক ভায়েকে তাইক ইমান মৰম কৰে তেওঁলোকে তাইৰ মাকৰ এই অৱস্থা কৰিছে। তাই কথাবোৰ ভাবি উঠা বহা কৰি আছে । ৰিচাই ওপৰি সকলো নৰ্মেল যেন দেখুৱালে কিন্তু তাই ভিতৰি বহুত কষ্ট পাইছিল। চিন্তাই তাইক জোকাৰি পেলাইছে। তাই একো বুজি পোৱা নাই কি কৰিব? কি নকৰিব? তাইৰ ফোনটো বাজি উঠিল। সৰু ভায়েকে ফোন কৰিছে। ৰিচাই মুখতে ভোৰভোৰাই কলে , " এতিয়া কিয় ফোন কৰিছে? " তাই ফোনটো কাটি দিলে। দ্বিতীয়বাৰ ফোনটু বজাত পিংকোএ কলে ," ৰিচা ফোনটো ৰিচিভ কৰা " । তাই কিবা কোৱাৰ আগতেই ইফালৰ পৰা কলে ," ৰিচা,মা"। ৰিচাই থতমতাই ," কি মা? কি হল মাৰ? ভাইটি ক কি হল মাৰ? "
" ৰিচা মায়ে আমাক এৰি থৈ গুচি গল। ৰাতিপুৱাৰ পৰা যি তি বকি আছিল ," একো হবলৈ নিদিওঁ মোৰ ছোৱালীৰ মাকৰ ঘৰখন আৰু স্বামীৰ ঘৰখন।" এইবোৰ বকি তেওঁ ঘৰৰ পৰা ওলাই গল । আমি বহুত বিচাৰিলো কিন্তু নাপালোঁ । সন্ধিয়া পুলিচে কলে তেওঁৰ এটা একচিডেন্টত মৃত্যু হৈছে।
ৰিচা অবাক হৈ ৰল। তাইৰ হাতৰ পৰা মোবাইল পৰি গল আৰু তাই মোৰ ঘূৰাই তাতে পৰি গল। পিংকোয়ে বুজিলে যে কিবা এটা অঘটন ঘটিল। ৰিচাক উঠাই চকীত বহালে আৰু পানী খুৱাই দিলে কিন্তু একেবাৰে অচেতন হৈ পৰিল। ডাক্তৰ আহি বেজী দিলে আৰু তাই অলপ আৰাম পালে। পিংকোয়ে বেলেগ এটা ৰুমলৈ গৈ ৰিচাৰ ঘৰত ফোন লগালে আৰু সকলো গম পালে। কিন্তু তেওঁলোকৰ ঘৰৰ ভিতৰুৱা কথাত একো মাত নামাতি মনে মনে থাকিল।
অলপ পাছত ৰিচাই উঠি পিংকোক কলে," ব'লা সোনকালে ঘৰলৈ যাওঁ"
" ৰিচা তুমি ঠিক আছা নহয় এতিয়া?
"অ মই ঠিকেই আছোঁ সোনকালে ব'লা এতিয়া নহলে বহুত দেৰি হৈ যাব।"
লৰা ছোৱালীকেইটাক লগত লৈ তেওঁলোক যাবলৈ ওলাল। ৰাতিপুৱা তেওঁলোক তাত গৈ পালে। তেওঁলোক গৈ পাওঁতে ৰিচাৰ মাকৰ অন্তিম বিদায়ৰ কাম হৈ আছিল। ৰিচাও মনে মনে গৈ তাত বহি দিলে। সকলোৱে তাইক বুজালে।
কিন্তু ৰিচা একদম নীৰৱ হৈ পৰিল আৰু মাকৰ মুখলৈ চাই চকুপানী নিগৰাই থাকিল। তাইৰ এনেকুৱা লাগিল যে মাকে এতিয়াই তাইৰ ওচৰলৈ আহিব আৰু কব ," মাজনী তুমিচোন কেতিয়াবাই আহিলা কিন্তু এতিয়ালৈ একো নোখোৱাকৈ ইয়াত বহি আছা।"
"চোৱাচোন তোমাৰ এই বেয়া অভ্যাসবোৰ এতিয়াও আঁতৰা নাই , ভৰি হাত নোধোৱাকৈ এনেকৈ বহি আছা। " কিন্তু এতিয়া আৰু এইবোৰ কোনেও নকয়। এতিয়া আৰু তাইৰ মাক নাই । এতিয়া আৰু কোনেও আপত্তি কৰি নকয়," ৰিচা তুমি ১ বছৰৰ মূৰত আহিলা কিন্তু মাত্ৰ ৩/৪ দিনৰ কাৰণে । তোমাৰ লগতটো মন ভৰাই কথা পাতি শেষেই নহয়।"
ৰিচাই কয়," কথা পাতিবলৈ মোবাইল আছে নহয় মা। কথাটো পাতিয়েই থাকো কিন্তু তুমি চিন্তা নকৰিবা। মাইনাহঁত ডাঙৰ হলেই বহুত দীঘলীয়া ছুটিত আহিম আৰু তোমাৰ লগত বহুত সময় কতাম। আমি দুইজনীয়ে বহি বহুত কঠা পাতিম তেতিয়া " ইমানখিনি কৈ তাই মাকক সাৱটি ধৰিছিল। মাকেও সকলো দুখ পাহৰি গৈছিল। তেতিয়াই ৰিচাই অনুভৱ কৰিলে যেন মাকে তাইক কৈছে, " মাজনী আৰু কিমান দেৰি এনেকৈ বহি থাকিবা ? মাৰ ঘৰলৈ আহিছাঁ উঠা, কিবা এটা খাই লোৱা। চোৱাচোন কিমান দুৰ্বল হৈ পৰিচা।"
হঠাৎ ৰিচাই চিঞৰি দিলে, "মা..."। কিন্তু মা আৰু নাই । তেওঁ ছোৱালীৰ মাকৰ ঘৰখন আৰু স্বামীৰ ঘৰখন বছাবলৈ মৃত্যুবৰণ কৰিলে । ককায়েক আৰু নবৌয়েকে কান্দি আছিল। কিন্তু ৰিচাৰ তেওঁলোকক দেখি এনেকুৱা লাগিলে যে হয়তো এতিয়া তেওঁলোকে ভাল পাইছে।
ৰিচাই চিঞৰ মাৰি দৌৰিলে, " আঁতৰি যা তহঁত। তহঁত সকলো মাৰ হত্যাকাৰী হয়।" পিংকোয়ে তাইক চম্ভালিব চেষ্টা কৰিলে যদিও নোৱাৰিলে। তেনেকুৱাতে তালৈ পুলিচ আহিল। সকলো আচৰিত হল! 'পুলিচ কিয়? ' ৰিচাই কলে 'মই মাতিছোঁ'। পুলিচ অফিচাৰ জনে কলে যে ৰিচাই ৭ জন মানুহৰ বিৰুদ্ধে গোচৰ দিছে যে এই ৭ জনে তেওঁৰ মাৰ হত্যা কৰিলে। তাৰ ভিতৰত ৬জন তাইৰ দাদা নবৌ আৰু ৭ নম্বৰ জন কোন নাম নাজানে । হঠাৎ সকলোৱে ৰিচাক কব ধৰিলে," এইজনী পাগল হল। মাক মৰাৰ কাৰণে মনত বেছি কষ্ট পাই পাগল হৈছে ।" ৰিচা চিঞৰি উঠিল ," মনে মনে থাক , আৰু নিজৰ বুকুত হাত থৈ কচোন তহঁতীয়েই জানো মাক আত্মহত্যাৰ কাৰণে বাধ্য কৰোৱা নাই ? ছাৰ ,এইটো একচিডেন্ট নহয় মাক মৰিবৰ কাৰণে বাধ্য কৰোৱা হল আৰু সেই ৭নম্বৰজন মই । মই ৰিচাই মাৰ কথা সকলো গম পোৱাৰ পাছটো তেওঁক মৰিবলৈ এৰি দিলো। মইও মোৰ মাৰ দোষী হওঁ মোকো শাস্তি দিয়ক। " কথাখিনি কৈ ৰিচা মাটিত ঢলি পৰিল আৰু মাকৰ মৃতদেহটোক সাৱটি ইনাই বিনাই কান্দিলে।
বন্ধুসকল কাহিনীটো ইমানতে ৰাখিছোঁ কিয়নো কাহিনীটো আৰু আগলৈ যাব পাৰে । আমি এইখিনিতে আমাৰ পাঠকলৈ এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ , ৰিচাৰ মাকৰ মৃত্যুৰ বাবে দায়ী কোন? আমি সেইসকল লোকৰ পৰা উত্তৰ বিচাৰোঁ যিয়ে কয় স্বামীয়ে এৰি দিয়া স্ত্ৰী বহুত দুৰ্ভগীয়া হয়। ইয়াত স্ত্ৰী গৰাকীৰ কি ভুল? সদায় মাইকী মানুহৰ জীৱন পুৰুষৰ অধীনত থাকিব নিকি?
লৰা ছোৱালী সকলো সমান বুলি আধুনিক চিন্তা ধাৰা ৰখা সভ্য সমাজৰ মানুহে এতিয়াও কিয় ভাৱে যে মাক দেউতাক অকল লৰাৰহে দায়িত্ব ।
ছোৱালী মানুহৰ কি বিয়াৰ পিছত মাক দেউতাকৰ প্ৰতি কোনো দায়িত্ব নাথাকে? সমানতাৰ কথা আহে যেতিয়া মাক দেউতাকেতো দুইজনকেই জন্ম কৰে তেন্তে ছোৱালী জনী আনৰ কিয় হয়?
শেষত আৰু এটা প্ৰশ্ন , আমাৰ সমাজ আৰু পৰিয়ালৰ মূল আধাৰ স্ত্ৰীক যে আমি এনেদৰে ইতিকিং কৰোঁ এইটোৱে বাৰু আমাক আৰু সমাজখনক বেয়াৰ দিশলৈ লৈ যোৱা নাই নে?
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Best story )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment