জমদগ্নি মুনিৰ পত্নী আছিল ৰেণুকা।তেওঁলোকৰ পাঁচ গৰাকী পুত্ৰৰ ভিতৰত পঞ্চমজন আছিল পৰশুৰাম আৰু তেওঁ আছিল ভগৱান বিষ্ণুৰ পঞ্চম অৱতাৰ।( Religious Studies )
এদিন জমদগ্নি মুনিয়ে স্নানৰ বাবে-পত্নী ৰণুকাক গংগা জল আনিবলৈ পথালে।পত্নীৰ উভতি অহাত পলম হোৱাত মুনিয়ে-দিব্যদৃষ্টিৰে দেখিলে-পত্নীয়ে একান্ত মনে স্বৰ্গৰ পৰীসকলৰ লগত জলকেলি উপভোগ কৰি আছে।বহু পলমকৈ ৰেণুকাই স্বামীৰ বাবে গংগা জল লৈ আশ্ৰমত উপস্থিত হোৱাত ক্ৰোধত অগ্নিশৰ্মা জমদগ্নি মুনিয়ে কলে,মোৰ দৰে মহা তেজস্বী মুনিক অৱহেলা কৰাৰ শাস্তি পাবলৈ তুমি সাজু হোৱা ৰেণুকা।ইয়াৰ পিছত পত্নীৰ বহু কাকুতি-মিনতিয়েও জমদগ্নিৰ ক্ৰোধক কিন্তু শান্ত কৰিব নোৱাৰিলে।জমদগ্নিয়ে কাষত থকা চাৰি পুত্রক মাতি আনি কলে-তোমালোকৰ মাতৃৰ দ্বাৰা এক অপৰাধ হৈছে, পত্নী ধৰ্ম পালনত তেওঁ ব্যৰ্থ হৈছে।
চাৰি পুত্রই তেতিয়া কলে-আমি কি কৰিলে আপোনাৰ ক্ৰোধ সম্বৰণ হব..!! আৰু মাতৃও অপৰাধ মুক্ত হব..!! তেনেহলে শুনা-মাতৃৰ শিৰচ্ছেদ কৰি তেওঁ কৰা অপৰাধৰ দণ্ড দিয়া...
চাৰি পুত্ৰই এজন এজনকৈ কলে-যিগৰাকী মাতৃয়ে আমাক জনম দি লালন পালন কৰি ডাঙৰ দীঘল কৰিলে সেইগৰাকী মাতৃৰ হত্যাৰ কথা আমি সপোনটো ভাৱিব নোৱাৰো।আপোনাৰ আদেশ আপুনি উঠাই লওক পিতৃ।
"পুত্ৰ হৈ পিতৃৰ আদেশ অমান্য কৰি ইস সংসাৰত তোমালোকৰ জীয়াই থকাৰ অধিকাৰ নাই।"এই বুলি চাৰি পুত্রকে হাতৰ কমণ্ডুলৰ পানী ছটিয়াই পুৰি ভষ্ম কৰিলে জমদগ্নিয়ে। জমদগ্নি মুনিয়ে পঞ্চম পুত্র পৰশুৰামক মতাত-তেওঁ আহি পিতৃৰ ওচৰ পালেহি.. পুত্ৰক উদ্দেশ্য কৰি মুনিয়ে কলে-তুমি কোনো প্ৰশ্নৰ অৱতাৰণ নকৰাকৈ মোৰ আদেশ পালন কৰিম বুলি প্ৰতিজ্ঞা কৰা..
আপুনি নিজ পুত্রোক সন্দেহ কৰিছে..!! পৰশুৰামে পিতৃক উদ্দেশ্যি কলে...
সন্দিহান হৈছো,এই বাবেই পুত্ৰ,কিয়নো মোৰ আদেশ উলংঘা কৰি-ইতিমধ্যে তোমাৰ চাৰিও ভাতৃ ভষ্মিভূত হৈছে..
আদেশ কৰক পিতৃ,কিঞ্চিতমানো বিলম্ব নকৰি।আপোনাৰ আদেশ পালন কৰিম...
তেন্তে শীঘ্ৰে আশ্ৰমলৈ গৈ-মাতৃৰ শিৰচ্ছেদ কৰা... জমদগ্নিয়ে কলে..
পিতৃৰ আদেশ শুনি থৰ হৈ পৰিল পৰশুৰাম,এক মুহুৰ্তমানলৈ চকু মুদি আকৌ চকু মেলিলে।পিতৃৰ কঠোৰ মুখ খনলৈ চাই মনৰ দুখ ভাৱ আঁতৰাই পেলালে।দুগালে চকুলো বাগৰি আহিল.. পিছ মুহুৰ্ততে হাতত কুঠাৰখন লৈ কলে-"যিবা আজ্ঞা পিতৃ.. "
আশ্ৰমলৈ আহি দেখিলে স্বামীৰ ক্ৰোধত মাতৃ বহু চিন্তিত হৈ আছে.. মাতৃৰ চৰণ স্পৰ্শ কৰি-পৰশুৰামে কলে-মাতৃ,আৰ্শীবাদ কৰক,পিতৃ আজ্ঞাত যাতে মই বিচলিত নহওঁ। মাতৃ ৰৃণ পৰিশোধ কৰাৰ সলনি মই কেনেকৈ এই কাৰ্য্য কৰো মাতৃ,মোৰ ক্ৰুৰতাক আপুনি ক্ষমা কৰিব..
মাতৃ ৰেণুকাই কলে-ফলাফল ভাগ্যৰ ওপৰত এৰি পিতৃ বাক্য পালন কৰা পুত্র..
এখন্তেকো বিলম্ব নকৰি পৰশুৰামে হাতত থকা কুঠাৰেৰে মাতৃৰ শিৰচ্ছেদ কৰিলে।মাতৃৰ ৰক্তৰে ৰঞ্জিত কুঠাৰ হাতত লৈ পৰশুৰাম পিতৃৰ কাষলৈ অহাত জমদগ্নিয়ে প্ৰসন্ন হৈ কলে-তুমি পিতৃ আদেশ পালন কৰি নিজ কীৰ্তি ৰাখিলা.. কি বৰ লাগে কোৱা পুত্র...
মোক একো বৰ নালেগে পিতৃ-যিসকলক মই হেৰুৱালো,যদি জীৱিত কৰি তুলিব পাৰে তেওঁলোককে জীৱিত কৰি তুলক...
তথাস্তো-যোৱা চোৱাগৈ-আশ্ৰমত তোমাৰ মাতৃ আৰু চাৰিও ভায়ে তোমালৈ অপেক্ষা কৰি আছে..( Religious Studies )
এনেকৈয়ে পৰশুৰামে পিতৃ আদেশ পালন কৰি-তেওঁক সন্তুস্ত কৰাৰ লগতে বৰ লাভ কৰি চাৰিও ভাতৃ তথা-মাতৃক পুনৰ জীৱন দান দিবলৈ সক্ষম হল।কিন্তু আশ্চৰ্য্যজনকভাৱে মাতৃ হত্যা পাপৰ বাবে তেওঁৰ হাতৰ কুঠাৰখন তেওঁৰ হাতৰ পৰা এৰুৱাব নোৱাৰা হল।পৰিস্থিতি বিষম দেখি তাৰপৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি পিতৃক অনুনয় কৰাত পিতৃয়ে কলে-মাতৃ হত্যা পাপৰ পৰা পৰিত্ৰাণ পাবলৈ তুমি ভাৰতৰ সকলো তীৰ্থস্থান দৰ্শনৰ অন্তত-অন্তঃকৰণেৰে প্ৰাৰ্থনা কৰিলে তুমি পাপ মুক্ত হবা।
ভাৰতৰ প্ৰমুখ তীৰ্থস্থান দৰ্শনৰ অন্তত পৰশুৰামে এক নিৰ্জন ঠাইত ভগৱানক ধ্যান কৰিবলৈ বহিল। পৰশুৰামৰ ভক্তিত আপ্লুত হৈ ভগৱান শিৱই তেওঁক দৰ্শন দিলে।শিৱই কলে-বৎস তুমি কুশল নগৰৰ পণ্ডিত বিষ্ণু জৰাথক লগ ধৰা। তেৱেঁই তোমাৰ মুক্তিৰ সন্ধান দিব। বিষ্ণু জৰাথয়ে-পৰশুৰামক ভাৰতৰ উত্তৰ পূৱ প্ৰান্তৰ এক মনোৰম প্ৰাকৃতিক সৌন্দর্য্যৰে ভৰা ঠাই এখনৰ বৰ্ণনা দি কলে-তাত আপুনি মহেন্দ্রগিৰি নামেৰে এক সুন্দৰ পৰ্বত পাব।তাত থকা ব্ৰহ্মকুণ্ডৰপৰা আপোনাৰ কুঠাৰেৰে কাটি,তাত স্নান কৰাৰ লগে লগে আপোনাৰ হাতৰ কুঠাৰ এৰাই যাব আৰু আপুনি পাপ মুক্ত হব।আৰু সেই ঠাই যুগ-যুগান্তৰলৈ আপোনাৰ নামৰ সৈতে জড়িত হৈ পৰিব।
পণ্ডিত জৰাথয়ে দেখুৱাই দিয়া পথেৰে পৰশুৰামে কাকপথাৰ মহাদেৱপুৰ আৰু নামচাই অঞ্চল পালেগৈ। তাত সন্ধ্যা হোৱাত এঘৰ মানুহৰ গোহালিত আশ্রয় ললে আৰু তাতে তেওঁ ৰাতি দুটি বলধ গৰুৰ কথোপকথন শুনিবলৈ পালে-
এটা বলধে আনটো বলধক কবলৈ ধৰিলে-আজি মকবুল গিৰিহঁতে লাঠিৰে বৰকৈ প্ৰহাৰ কৰিলে।সেইবাবে কাইলৈ মই তেওঁক মোৰ শিঙেৰে আঘাত দিম।তাৰ বাবে তোৰ পাপ নহব জানো..!! যিজনে তোক ইমান আদৰ-যত্নৰে ৰাখে-তেওঁক খুঁচিলে..?? কিন্তু সেই পাপৰ পৰা মুক্ত হবলৈ-ইয়াৰ পৰা কিছু আঁতৰত থকা মহেন্দ্র পৰ্বতলা যাম আৰু তাত থকা ব্ৰহ্মকুণ্ডত স্নান কৰি সেই পাপৰ পৰা পৰিত্ৰাণ পাম।
পিছদিনা বলধটোৱে আগৰাতি কোৱাৰ দৰে শিঙেৰে গৃহস্থক আঘাত কৰিলে আৰু ব্ৰহ্মকুণ্ড অভিমুখে লৰ মাৰিলে।এই লক্ষ্য পোৱাৰ উদ্দেশ্যি এখন হাতত কুঠাৰ আৰু আনখন হাতে বলধতোৰ নেজত ধৰি পৰশুৰাম ব্ৰহ্মকুণ্ড পালেগৈ।ব্ৰহ্মকুণ্ডৰ অমৃত জলত স্নান কৰিবলৈ যাঁওতেই এক প্ৰকাণ্ড ঘৰিঁয়ালে তেওঁক গিলিবলৈ আগুৱাই আহিল।কিন্তু ক্ষন্তেক পিচতে সেই ঘৰিঁয়ালে এক মনুষ্যৰ ৰূপে ধাৰণ কৰি কলে-মই সুতাপা,বহু যুগ ধৰি মই শাপভ্ৰষ্টা হৈ ঘৰিঁয়ালৰূপে আছো। আপুনি ব্ৰহ্মকুণ্ডৰ পাৰ কাটি দিয়াৰ লগে লগে মই শাপমুক্ত হম,আপুনি ব্ৰহ্মকুণ্ডৰ পাৰ কটাৰ লগে লগে যি অমৃত ধাৰা প্ৰবাহিত হব সি ব্ৰহ্মপুত্ৰ নামেৰে জনাজাত হব।পূবোত্তৰ প্ৰদেশসমূহৰ মাজেদি বৈ গৈ ই সমুদ্ৰত মিলিত হব।
লগে লগে পৰশুৰামে হাতত থকা কুঠাৰেৰে প্ৰহাৰ কৰি ব্ৰহ্মকুণ্ডৰ পাৰ কাটি দিলে। ঘৰিঁয়ালৰূপী সুতাপা উদ্ধাৰ হল,অমৃত কুণ্ডৰ জলত স্নান কৰাৰ লগে লগে পৰশুৰামৰ হাতৰ পৰা কুঠাৰ এৰাই গল। লগে লগে তেওঁৰ আত্মাৰ পৰা মাতৃ হত্যা পাপৰ বোজাও আঁতৰ হল।
তেতিয়াৰপৰাই সেই ঠাই পৰশুৰাম কুণ্ড নামেৰে জনাজাত হল।ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোক আহি মকৰ সংক্রান্তিৰ দিনা এই কুণ্ডত স্নান কৰিবলৈ আহি। জ্ঞান-অজ্ঞানত কৰা কিবা কিবি ভূল তথা-কৃতিকৰ্মৰপৰা উদ্ধাৰ পাবলৈ স্নান কৰি দেহ-মনলৈ প্ৰশান্তি আনে। জগত কল্যাণৰ কাৰণে পৰশুৰামে ব্ৰহ্মকুণ্ডৰ পাৰ কাটি দিয়া দিনটো আছিল মকৰ সংক্রান্তি।সেয়ে সেই দিনটোত অগণন ভক্তৰ ভিৰ হয় সেই ঠাইত।দূৰ-দূৰণিৰপৰা অহা লক্ষ লক্ষ ভক্ত তথা সন্যাসী আহি সেই ঠাই দৰ্শন কৰে।ও একেটা দিনতে আহি সকলো লোকে স্নান কৰাটো সম্ভৱ নহয় বাবে গোটেই মাঘমাহ জুৰি ভক্তৰ সমাগম হয়।
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
Val lagil...
ReplyDeleteনমস্কাৰ 🙏 মই আপোনালোকৰ পৰা অনুমতি ল'ব বিচাৰিছো যে, পৰশুৰামৰ মাতৃ হত্যা পৌৰাণিক কাঁহিনীটো ফেচবুকত দিমবুলি ভাবিছো । যদিহে আপোনালোকে অনুমতি দিয়ে, নিশ্চয় দিম🙏🙏
ReplyDelete