পুনৰ কৰ'নাত আক্ৰান্ত হৈছিল নেকি বিশিষ্ট সাহিত্যিক গৰাকী ? News Update - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, May 12, 2021

পুনৰ কৰ'নাত আক্ৰান্ত হৈছিল নেকি বিশিষ্ট সাহিত্যিক গৰাকী ? News Update

News Update

পুনৰ নাইকীয়া হৈ পৰিল অসমবাসীৰ এখন চিনাকী মুখ : বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞি দেহাৱসান। উল্লেখ্য যে বিগত ২৪ এপ্ৰিলত তেখেত কৰ'নাত আক্ৰান্ত হৈছিল আৰু ৭ মে'ত কৰ'না মুক্ত হৈছিল।তেওঁ নিজৰ বাসগৃহত থকা অৱস্থাত কালি নিশা ৮ বজাত শুই পৰে আৰু আজি পুৱা ৩ বজাত নিজৰ বিচনাৰ পৰা ঢলি পৰে।( News Update )


আৰু পুৱা ৬:১৫ বজাত তেখেতক GNRCত ভৰ্তি কৰোৱা হয় যদিও ৬.৫৮ বজাত তেখেতক মৃত ঘোষণা কৰে চিকিৎসকে। জানিব পৰা মতে তেখেতৰ মৃত্যুৰ কাৰন হৃদক্ৰিয়া বন্ধ হিৱাৰ বাবে হল বুলি চিকিৎসকে মন্তব্য আগ বঢ়াইছে।ইফালে তেখেত পুনৰ কৰ'নাত আক্ৰান্ত হৈছিল নেকি সেই কথা নিশ্চিত কৰিবলৈ তেখেতৰ স্বোৱাপ সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে।( News Update )


দিনৰ ১১ মান বজাত স্বোৱাপ পৰীক্ষাৰ ফলাফল আহিব আৰু তাৰ পিছতহে তেখেতৰ নশ্বৰ দেহ পৰিয়ালৰ লোকক গতাই দিয়া হব নে নহব জানিব পৰা যাব।মৃত্যুৰ পৰত তেখেতৰ বয়স ৮৯ বছৰ আছিল।বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে আৰু সমগ্ৰ ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে।আমাৰ তৰফৰ পৰে তেখেতৰ বিদেহ আত্মাৰ সৎগতি কামণ কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।( News Update )

No comments:

Post a Comment

Advertisement

Pages