অসুস্থ স্বামী আৰু দায়িত্বশীল পত্নী : Funny memes - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 11, 2021

অসুস্থ স্বামী আৰু দায়িত্বশীল পত্নী : Funny memes

 

Funny memes

এগৰাকী মহিলাৰ স্বামী বহু দিনৰ পৰা ক'মাত আছিল।মাজে সময়ে তেওঁ সংজ্ঞা ঘোৰাই পাইছিল যদিও পুনৰ তেওঁ ক'মাত গুছি গৈছিল,কিন্তু তথাপিও মহিলা গৰাকী সদায়ে তেওঁৰ অসুস্থ স্বামীৰ কাষতেই আছিল।কেতিয়াও তেওঁৰ সংগ এৰা নাছিল।( Funny memes )


এদিনাখন ব্যক্তি গৰাকী সুস্থ হৈ ভালদৰে সংজ্ঞা ঘোৰাই পালে আৰু পত্নীক দেখা পাই কাষলৈ আহিবলৈ ইংগীত দিলে।পত্নী নিজৰ স্বামীৰ কাষলৈ আহিল।( Funny memes )


চকুত চকুপানীৰে ভৰি পৰা স্বামীয়ে অতি দুখ মনেৰে কলে, " তুমি জানা যে তুমি সদায়ে মোৰ কাষত থিয় দি আহিছা।মোৰ দুখৰ সময়তো মোৰ কাষতে থাকা।যেতিয়া মোক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল, সেই সময়টো তুমি মোৰ কাষত আছিলা।যেতিয়া মোৰ সকলো ব্যৱসায় বাণিজ্য ডুবি গৈছিল তেতিয়াও তুমি মোৰ কাষতে আছিলা।যেতিয়া আমাৰ ঘৰটো নিলাম হৈছিল তেতিয়াও তুমি কাষতে আছিলা।আৰু শেহতীয়াকৈ মোৰ দুৰ্ঘটনা হল আৰু মোৰ এনে দুৰৱস্থা হল তেতিয়াও তুমি মোৰ কাষত আছা।এতিয়া মাত্ৰ এটা কথায়ে কব বিছাৰো যে, এতিয়াটো অন্তত তুমি মোক এৰি গুছি যোৱা, তুমি আঁতৰি যোৱাৰ পৰা মোৰ ভাল দিন অহাটো আৰম্ভ হৈয়ে কিজানি ?( Funny memes )

No comments:

Post a Comment

Advertisement

Pages