তিতাবৰ দফলাটিংৰ নিবাসী মৰহুম জমিৰুদ্দিন আহমেদৰ প্রথম পুত্র তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত এগৰাকী উচ্চ পদস্থ বিষয়া জাকিৰ হুছেইনে (৬৯) কৰ'নাত আক্ৰান্ত হৈ মৃত্যু বৰন কৰে( Corona update )।আজি কিছু দিনৰে পৰা তেখেত গুৱাহাটীৰ জি এম চি এইচত চিকিৎসাধীন হৈ আছিল আৰু যোৱা নিশা ১০.১৫ বজাত চিকিৎসালয়তে তেখেতে শেষ নিশ্বাশ ত্যাগ কৰে।
অতিকৈ দুখৰ বিষয় যে তেখেতৰ দুই পুত্ৰ আৰু পত্নীও কৰ'নাত আক্ৰান্ত হৈ বৰ্তমানেও চিকিৎসাধীন হৈ আছে। প্ৰয়াত যাকিৰ হুছেইন একেধাৰে কামৰূপ মেত্র'ৰ প্রাক্তন অতিৰিক্ত উপায়ুক্ত, ৰাজ্যিক প্রিন্টিং আৰু ষ্টেচনাৰী বিভাগৰ প্রাক্তন সঞ্চালক, যোৰহাটৰ প্রাক্তন নির্বাচনী বিষয়া তথা যোগান বিভাগৰ ডিৰেক্টৰ আছিল।
মৃত্যুৰ পৰত দুই পুত্ৰ আৰু পত্নীক তেখেতে ইহ সংসাৰত এৰি গৈছে। তেখেতৰ এই অকাল বিয়োগৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি তেখেতৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিলো। ( Corona update )
No comments:
Post a Comment