"বহুত সাৱধানে থাকিও অৱশেষত মই ক'ভিড-১৯ ত আক্ৰান্ত হলো । কভিড-১৯ অৰ দ্বিতীয় ঢৌ অতি ভয়ংকৰ বুলি ডাক্তৰ সকলে কৈ আহিছে । আজিৰ পৰা ৫ দিন আগত মোৰো সামান্য পানীলগা আৰু জ্বৰ হৈছিল । মোৰ সন্দেহ ওপজাত লগে লগে মই ডাক্তৰৰ হতুৱাই Test কৰালো আৰু Covid 19 ধৰা পৰিল । ডাক্তৰৰ পৰামৰ্শমতে মই প্ৰায় ৫ দিন Home quarantine অত থাকিলো । এতিয়া মই সম্পূৰ্ণ সুস্থ হৈ আছো যদিও অলপ অলপ কাঁহ আহি থকাত আজি মই নিজেই হস্পিতালত ভৰ্তি হৈছো । মোৰ অসুস্থতাৰ খবৰ লাভ কৰি যিসকলে দিন ৰাতি খবৰ লৈ মোক শুভকামনা তথা আশীৰ্বাদ প্ৰদান কৰিলে সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো । লগতে আপোনালোকৰ মৰম,আশীৰ্বাদৰ বাবেই মই মানসিকক ভাৱে অধিক শক্তিশালী হৈ আছো । নেদেখাজনৰ কৃপাত আৰু আপোনালোকৰ মৰম স্নেহৰ বাবেই মই অতি সোনকালে হস্পিতালৰ পৰা ওলাই গৈ পুনৰ নতুন নতুন কামত হাত দিম । পুনৰবাৰ সকলোকে বহুত বহুত ধন্যবাদ ।
সকলোৱে সাৱধানে থাকক, সুস্থ থাকক । কভিডক কোনোৱে ইতিকিং নকৰিব । ই এক মাৰাত্মক মহামাৰী ।" - মৃদুল ভূঞা
No comments:
Post a Comment