এনে কিয় কৰিলি তই খবৰ কাগজ ? News Paper - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 2, 2021

এনে কিয় কৰিলি তই খবৰ কাগজ ? News Paper

 

Assamese news paper

 আজিচোন ৰাতিপুৱাই বৰ হাঁহি হাঁহি আহিছ!

এইকেইদিন তোক বৰ নিপুতল দেখাইছে,

খোৱা বোৱা চাগে অলপ ভালকৈয়ে কৰিছ!


বহচোন অলপ গাটো টঙা

হ'কাৰৰ বেগত চাগে হেঁচা ঠেলা খাই আহিছ!!!

     চাহটোপা আনি লওঁ ৰহ্।

খবৰ কাগজ! 

      তোৰ লগত বহু কথা পাতিব লগা আছে

       আজি তোক দহৰ কথা সূধি নাচাওঁ,

   কেইটামান তোক প্ৰশ্ন কৰিম,তই 

তই ভাবিব পাৰ শোষণৰ প্ৰশ্ন বুলি

      উত্তৰবোৰ মোক সূধাৰ সূযোগ দিম

    মই জানো উত্তৰ বোৰৰ বাবে তই অসমৰ্থ

   প্ৰশ্নবোৰকে শুনিবলৈ ৰহ্।

আজি তোক তোৰ নতুন ঠিকনা সূধি চাম

নিৰ্বাচনৰ বতাহ,

কাৰ ভয়ত বুকুত কি সাঁচিলি তোক সূধি চাম/p>


তোৰ জুতিবোৰ আজিকালি বৰ তিতা পাইছো

কাৰণবোৰ জনাবি নেকি?

মানুহবোৰক নকও দে, মোকেই ক'!

জুতিবোৰক লৈ চোন সকলোৱে 

            বো-বো বা-বা কৰে

তোৰ বুকুত লিখা ভূৱা প্ৰতিশ্ৰুতি বোৰৰ 

  বিনিময়ত তোক কোনে কি দিয়ে?

মোকেই ক'! 

 এনে কিয় কৰিছ খবৰ কাগজ? এনে কিয় কৰিছ?


তইটো এনেকুৱা নাছিলি!

দুখীয়াৰ হাতত পৰা নাছিলি যদিও সিহঁতৰ 

 খবৰ ৰাখিছিলি।

মধ্যবিত্ত ৰ চিন্তা উচ্চাকাংক্ষাক বুকুত সাঁচিছিলি,

কোনোবা ধনীৰ দালালৰ লকাপত লুকুৱা

ধনৰ জাপ জাপ হিচাপ দিছিলি।

যোৱাবাৰ বাৰিষাত ডুব যোৱা হৰিকাইৰ ঘৰখনৰ 

কথাবোৰতো তইয়ে ৰজাঘৰীয়াৰ কাণ উনাইছিলি

কিন্তু হঠাৎ কেতিয়াৰ পৰা তই বৰমূৰীয়াৰ পাকঘৰত নিজৰ মঙহ ৰন্ধা হ'লি?

আজিকালি তই ইমানেই ব্যস্ত হলিনে

এইবোৰৰ খবৰেই নৰখা হ'লি!


আমি হোজাবোৰৰ দৰে তইওঁ চাগে

আজি তোৰ মস্তিষ্ক বিকিলি।

গেৰান্তিৰ বতাহত তইওঁ চাগে আমাৰ দৰেই

সপোন বান্ধিলি।

জাতীয়তাবাদৰ উত্তাল চিঞঁৰ শুনি তইওঁ

চাগে পগলা হৈ চিঞঁৰিলি।

ৰজাঘৰীয়াৰ ৰ'ডশ্বৰ আমোদভ্ৰমণত তইওঁ

চাগে নিজকে পাহৰি পেলালি

আমিবোৰ হোৱাদি।

এনে কিয় কৰিলি তই খবৰ কাগজ?

তই তোৰ মোৰ বন্ধুত্ব ভাঙিলি।


সৰুতে দেউতাই চিনাকি কৰি দিয়া তোৰ মূখখন

তই আজি নিজেই সলনি কৰিলি,

 

এনে কিয় কৰিলি তই খবৰ কাগজ?

এনে কিয় কৰিলি?


যোৱা নিশা তইওঁ চাগে বৰমূৰীয়াৰ বৰভোজৰ 

লগৰী আছিলি!

 

                           কথা- লক্ষ্যজ্যোতি নাথ

বিঃদ্ৰঃ উক্ত লেখা আমালৈ প্ৰেৰণ কৰিছে লক্ষ্যজ্যোতি নাথে 
Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group

SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page

SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com

No comments:

Post a Comment

Advertisement

Pages