প্ৰাচীন ঋষি মুনি সকলে মানৱৰ কল্যানৰ বাবে বিভিন্ন দিশত বহু খিনি সাহিত্য লিখি গৈছে । ভাৰতীয় সংস্কৃতি পৰম্পৰা, অৰ্থনীতি, বিজ্ঞান, জ্যোতিষ, চিকিৎসা , ৰাজনীতি আদি বিষয় সমূহ সামৰি ঋষি মুনি সকলে ৰচনা কৰি যোৱা প্ৰাচীন সাহিত্য সমূহ, গ্ৰন্থ সমূহ আৰু শাস্ত্ৰ সমূহ কেৱল মাত্ৰ ভাৰতৰ সভ্যতাৰ প্ৰতিক নহয়, সেই লিখনি সমূহে সমগ্ৰ বিশ্বতে মানৱ জাতিক আগবঢ়াই নিয়াৰ মূল ভেটি ।
( Assamese article )
বিশ্বৰ প্ৰাচীনতম সাহিত্য ঋগ্বেদ খন এখন বিজ্ঞান। হাজাৰ হাজাৰ বছৰৰ আগতে লিখি যোৱা ঋগ্বেদৰ কথা আজি বিজ্ঞানে সত্যতা প্ৰমাণ কৰিছে। বিশ্বত বিজ্ঞানৰ অগ্ৰগতিৰ বহু হাজাৰ বছৰ আগতেই সূৰ্য্যৰ মাজত কেউফালে গেছীয় পদাৰ্থ আছে বুলি বিশ্বৰ প্ৰাচীন সাহিত্য বেদত উল্লেখ কৰিছে । ঋগ্বেদৰ শ্লোকত আছে---
'शकमयं धूमम् आराद् अपश्यम्, विषुवता पर
एनावरेण।'
(ঋগ্বেদৰ ১.১৬৪.৪৩)
অৰ্থাৎ--
মই দূৰৰ পৰা গেছ আৰু গেছৰ ভিতৰত অগ্নি দেখা পাইছো । ইয়াত ধূম মানে গেছক বুজাইছে ।
সেইদৰে ঋগ্বেদত কিছুমান ৰোগৰ উপসমৰ উপায় লিখিছে যিবিলাক হাজাৰ হাজাৰ বছৰৰ পাছত চিকিৎসা বিজ্ঞানে একে তথ্যই আগবঢ়াইছে ।
বৰ্তমান বহুত লোকৰ ডি ভিটামিনৰ অভাৱত বিভিন্ন ৰোগত ভুগিব লগীয়া হৈছে । সূৰ্য্যৰ ৰশ্মিত যথেষ্ট পৰিমাণে ডি ভিটামিন আছে যি বেমাৰৰ বীজাণু প্ৰতিৰোধ কৰিব পাৰে ।
ঋগ্বেদ প্ৰথম মণ্ডলৰ ৫০ নম্বৰ সুক্তত সূৰ্য্যৰ ৰশ্মি আমাৰ শৰীৰৰ বাবে কিমান আৱশ্যকীয় আৰু ইয়াৰ ঔষধীয় গুণৰ কথা আছে।
उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम्।
हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥
( ঋগ্বেদ: ১.৫০.১১ )
অৰ্থাৎ--
হে মিত্ৰৰো মিত্ৰ সূৰ্য্য! উদয় হৈ আকাশৰ ওপৰত আহি শৰীৰৰ হালধীয়া পৰা আৰু হৃদয় ৰোগ নষ্ট কৰি দিয়া ।
ইয়াত হালধীয়া ৰোগ (हरिमाणं) মানে জণ্ডিছ বেমাৰৰ কথা কৈছে। জণ্ডিছ বেমাৰ আৰু হৃদৰোগক সূৰ্য্যৰ ৰশ্মিৰে নিৰাময় কৰিব পৰা যায় অৰ্থাৎ ৰ'দ লব লাগে
( Assamese article ) ।
আকৌ ঋগ্বেদত আছে --
उदगादयमादित्यो विश्वेन सहसा सह ।
द्विषन्तं मह्यं रन्धयन्मो अहं द्विषते रधम् ॥
(ঋগ্বেদ: ১.৫০. ১৩ )/p>
অৰ্থাৎ--
হে আদিত্য, অতি জোৰেৰে উদয় হৈ আমাৰ দেহৰ উপদ্ৰৱকাৰী ৰোগৰ নাশ কৰা । এই ৰোগ আমাক কেতিয়াও বশত ৰাখিব নোৱাৰে ।
যোৱা কেইবামাহো ধৰি ইংলেণ্ড, আমেৰিকাৰ আৰু ইন্দোনেছিয়াৰ সংস্থা সমূহে ক'ৰোনাৰ ওপৰত অধ্যয়ন কৰি কৈছে শৰীৰত ডি ভিটামিন যি সকল লোকৰ অভাৱ সেই সকলে ক'ৰোনাৰ লগত যুজিবলৈ ক্ষমতা নাথাকে। সেইসকল বিজ্ঞানীৰ মতে তাৰ বাবে ডি ভিটামিনৰ দৰব খোৱাৰ আৱশ্যক নাই কেৱল ৰ'দ লব লাগে । সূৰ্য্যৰ ৰশ্মিয়ে ক'ৰোনা বেমাৰ ভাল নকৰে কিন্তু মানুহৰ শৰীৰত ই ৰোগ প্ৰতিৰোধৰ ক্ষমতা বঢ়াব ।
আমাৰ প্ৰাচীন গ্ৰন্থ সমূহ অধ্যয়ন কৰি তাৰ ভিতৰৰ আৱশ্যকীয় কথা বিলাক উলিয়াই আনি জন সাধাৰণক বুজিবলৈ সুবিধা দিয়া আৰু এই দিশ বিলাকৰ ওপৰত আলোচনা কৰাৰ সুবিধা দিব পাৰিলে সৰ্বসাধাৰণ জনতাৰ বহুত উপকৃত হব।
( Assamese article )
জুলা শৰ্মা
নতুন দিল্লী
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment