ভিতালী
তুমি আৰু নাই।
তুমি গুচি গ'লা
কথাষাৰ মানি লবলৈ
পৰা নাই।
তোমাক লগ নোপোৱা, নেদেখা
বহুদিনেই হৈছিল....
লগ নাপাম বুলি ভবাই নাছিলোঁ
এতিয়াতো আৰু কেতিয়াও লগ নাপাম!
তোমাৰ বহু স্মৃতিয়ে আমনি কৰিছে।
অন্তৰখনে বৰ কান্দিছে অ'...
তুমি বিহীন সাংস্কৃতিক পথাৰখন..
বিহু ৰেকর্ডিংবোৰ উকা লাগিব...
বিহুনামবোৰ যেন আধৰুৱা হৈ ৰব'..
তুমি কন্ঠ নিগৰালে বিহুগীতে প্ৰাণ পায়..
আমি গোৱা গীতবোৰ এতিয়া মোৰ চৌকাষে যেন উৰি ফুৰিছে...
ৰেকর্ডিংৰ স্মৃতিবোৰ মনলৈ
জলজল পটপট কৈ আহি আছে...
আৰু তোমাৰ মুখখন....
এটি বিহুনামৰ নাৰী কণ্ঠ বাচনিত
সদায়েই তোমাৰ কথাই মনলৈ আহিছিল...
আমি দেখা কালৰ তুমিয়েই বিহুগীতৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী...
মই তোমাক কেইবাবাৰো কৈছিলোঁ যে-তুমি লোকগীতৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কণ্ঠশিল্পী,তুমি আগুৱাই যোৱা...
ভিতালী তুমি গ'লাগৈ..
সময়ৰ বুকুত তোমাৰ সোনালী চানেকি থৈ গ'লা...
কায়িক ভাবে নাথাকিলেও
তোমাৰ কন্ঠেৰ জড়িয়তে তুমি
সদায়েই অসমীয়াৰ হৃদয়ত থাকিবা
হৃদয়ত থাকিলেও
ৰেকর্ডিংলৈ আহি তুমি লগোৱা মাতষাৰ... হাঁহিটো....
কাৰ সতে গাম নতুন বিহুনাম..
ৰেকর্ডিংত চিনাকী মাতটো
আৰু নাপাম ...!
নতুনকৈ সৃষ্টি হবলগীয়া
বিহুগীত বোৰেও তোমাক নাপাব..
কিবা এটা অভাৱ অনুভৱ কৰিব....
তোমাক ইমান ভাল পাইছিলোনে?
সহশিল্পীৰ বুকুত কেনেকৈ ঠাই লৈছিলা?
অসমবাসীৰ বুকুত গুজি গুজি সোমালা কেনেকৈ?
হিয়াৰ আমঠু হ'লা কেনেকৈ?
আজিযে প্ৰতিজন আসমীয়া
অশ্ৰুসিক্ত...
চৌদিশে
শোকৰবন্যা...
উফ!
নিয়তিৰ কি যে পৰিহাস!!!
বিদায় ভিতালী.....
যতেই আছা কুশলে থাকা।
কৃষ্ণমণি নাথ।
২২.৪.২০২১
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য তথা জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমনি নাথৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment