আজি ঘৰখনত আনন্দ উৎসৱৰ পৰিৱেশ.. কিয়নো নহব, কাৰণ আজি ঘৰত সত্যনাৰায়ণ পূজা। ঘৰখনৰ তিনি গৰাকী মহিলাই সোনকালে কাম বন কৰি আছে।( Assamese Suspense Story )
ঘৰখনৰ মুখীয়া হৈছে সুনীল কুমাৰ শৰ্মা, তেওঁৰ ডাঙৰ পুত্ৰ সুশীল কুমাৰ শৰ্মা আৰু সৰু পুত্র সমীৰন শৰ্মা। দুয়ো পুত্রৰে বিবাহ হৈছিল। ডাঙৰ বোৱাৰী সুজাতা, সৰু বোৱাৰী, সুধা আৰু তেওঁলোকৰ শাহুৱেক আছিল সংগীতা।
(এতিয়া সকলোৱে ভাৱিছে,সকলোৰে নাম স আখৰৰে কিয়!
কথাটো এনেধৰণৰ সুনীলৰ দেউতাকক গুৰুৱে কৈছিল যে ঘৰখনৰ সকলোৰে নামৰ প্ৰথম আখৰ স হলে ঘৰখন মংগলময়ী হব। আৰু সেইবাবে বোৱাৰীও স নামৰ আখৰৰে অনা হল।
শাহু বোৱাৰীয়েকে কাম বন শেষ কৰি, সাজি কাচি নাৰায়ণ পাঠ শুনি আছিল। সেই সময়তে কলিং বেল বাজি উঠিল। এতিয়া নাৰায়ণ পাঠ এৰি উথি কোন যায় দোৱাৰ খুলিবলৈ..! সকলোৱে এজনীয়ে আনজনীৰ মুখলৈ চালে। শেষত শাহুৱেকে পাঠ এৰি দোৱাৰ খুলিবলৈ উথি যাবলগীয়া হল।
দুৱাৰ খুলিলত এজন পুলিচ বিষয়া ৰৈ আছিল। আৰু তেওঁ সুধিলে., এইটো এচ.কে, শৰ্মা ঘৰ হয়নে..!
শাহু (সংগীতা) হয়, কি কথা আছে..!!
পুলিচ বিষয়া.. "তেওঁৰ একচিদেন্ট হল.. আৰু ঘটনা স্থলীতে তেওঁৰ মৃত্যু হল। চিনাক্ত কৰিবলৈ ঘৰৰ কাৰোবাক পুলিচ থানালৈ যাব লাগে.." পুলিচ বিষয়াজনৰ কথাত সংগীতা (শাহুৱেকৰ) আকাশ পাতাল এক হৈ পৰিল। মাকৰ ভৰি কপিঁবলৈ ধৰিলে. চকুত চকুপানীৰ ঢৌ উঠিল। ডাঙৰ বোৱাৰীয়েকে পাচফালৰপৰা মাত দি আহিল..
কি হল মা..! কোন আহিছে..!
পুলিচ বিষয়াজনে সাহসেৰে সকলো কথা ডাঙৰ বোৱাৰীয়েকক বিৱৰি কলে.. এই কথা শুনি ডাঙৰ বোৱাৰীয়েকৰো কাণ দুখনত ধ্বনি বাজি উঠিল, ভূমিকম্পত কম্পমান হোৱাৰ দৰে নিজৰে ঠাইতে লৰিল। আৰু মজিয়াতে মূৰ্চা গৈ বাগৰি পৰিল।
মাকে নিজকে স্হিৰ কৰি পুলিচ বিষয়াজনক কলে. . "আপুনি আগবাঢ়ক, আমি গৈ আছো.. "
পুলিচ বিষয়াজন গলগৈ, কিন্তু এনে এক বাতৰি দি গল যি মানসিক আৰু শাৰীৰিক ভাৱে কম্পমান হৈয়ে আছিল। ঘৰখনত পূজাৰ আনন্দ উৎসৱ শেষ হৈ পৰিল। মাকে ডাঙৰ বোৱাৰীয়েকক বিচনা লে লৈ গল। তেনেতে সৰু বোৱাৰীয়েকে সুধিলে.. "কি হল মা.. নৱৌৰ কি হৈছে..!"
মাকে, সৰু বোৱাৰীয়েকৰ কথাত, ভয় খায় কলে যে.. "সুধা, তুমি তিনিওকে ফোন লগোৱাছোন.. আৰু সুধিবা যে, সকলো কুশল মংগল আছেনে.. " এনে কৈয়ে মাকে কান্দোনত ভাঙি পৰিল.
মাকে, জীৱনৰ এই সময়ত, বহুত অনুভৱৰ লগতে, জীৱনৰ বহু ৰং দেখা পাইছিল। এনেতে তেওঁৰ মনে প্ৰশ্ন কৰি উঠিছিল.. তিনিওৰে মাজত কোন..! মোৰ স্বামী নে..! মোৰ দুই পুত্রৰ ভিতৰত এজন..!
মাকে আৰু নিজকে বুজাব নোৱাৰি চিঞঁৰি চিঞঁৰি কলে যে, "প্ৰভূ আমাৰ ভক্তিৰ ফল এয়াই নি.. এয়াই যদি মোকে মাৰি নিয়া.. "
মাকৰ চিঞঁৰ শুনি সৰু বোৱাৰীয়েক দৌৰ মাৰি আহিল।সৰু বোৱাৰীয়েকে মাকৰ এনে ৰূপ দেখা পায় অলপ ভয় খালে।এতিয়া সাজোন কাচোনেৰে ধুনীয়া হৈ থকা মানুহগৰাকী, চকুৰ কাজল বিয়পি গৈছিল, চকুৰে অহৰহ চকুপানী ববলৈ ধৰিলে, বান্ধি ৰখা খোপা আউলি বাউলি হল।ইয়াৰ মাজতে ডাঙৰ বোৱাৰীয়েকে চকু খুলিলে আৰু মাকক এনে ৰূপত দেখা পায়, মাকক সাৱটি ধৰি চিঞঁৰি কলে. . মা এয়া কি হল.. আমাৰ দ্বাৰা কিবা ভুল হৈছিল নি..!
মাকে তেতিয়া নিজকে স্হিৰ কৰি, ডাঙৰ বোৱাৰীয়েকৰ পিঠিত মোহাৰি কলে., "তুমি চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব.. ধৈৰ্য্য ধৰা, সকলো ঠিক হব.. প্ৰভূ, ইমানো নিৰ্দয় হব নোৱাৰে..।"মাকে ডাঙৰ বোৱাৰীয়েকক এনে কয় বুজালে, কিন্তু তেওঁৰ মনত প্ৰশ্ন উদয় হৈয়ে আছিল,ডাঙৰ বোৱাৰীয়েকে মাকৰ মুখলৈ চাই কলে.. সমীৰন.?
তেতিয়া দুয়োৰে চকু কোঠালিৰ দোৱাৰমুখত ৰৈ থকা সৰু বোৱাৰীয়েকৰ ফালে গল।আকুলতাৰে ভৰা, কোমল চাৱনিৰে সৰু বোৱাৰীয়েকে মাক আৰু বৌয়েকক এনে ৰূপত দেখি থৰ লাগিছিল।
সৰু বোৱাৰীয়েকৰ বিয়াৰ মাত্ৰ ৬মাহ হৈছিল, আৰু লগতে তাই ২মাহৰ গৰ্ভৱতী আছিল। এই সময়তে মাকে কি ধৰণে এই খবৰটো সৰু বোৱাৰীয়েকক কয়।
মাকে নৱৌয়েকে সৰু বোৱাৰীয়েকৰ মুখলৈ চাই ৰৈছিল.. তেতিয়া মাকে নৱৌয়েকে নিজকে বুজাইছিল, ভিতৰত জ্বলি থকা জুইকুৰা অলপ হলেও শান্ত কৰিছিল., চকুৰ পানীক ৰখাইছিল..
মাকে আৰু নৱৌয়েক দুয়ো গৰাকীয়ে বিচৰা নাছিল যে.. এই বিপদ সৰু বোৱাৰীয়েকৰ ওপৰত যাতে নহয়।মাকে সৰু বোৱাৰীয়েকক কলে.. "তোমাক কৈছিলো, তিনিওলে ফোন লগোৱা.. কি হল..!" মাকে সৰু বোৱাৰীয়েকক ধমক দিয়া সুৰেৰে কলে.. কিন্তু হৃদয়খন মমৰ দৰে গলি আছিল.. যি বৈ যাব ধৰিছিল..
মাকৰ কথা শুনি সৰু বোৱাৰীয়েকে কলে, "মা তিনিওৰে ফোন পোৱা নাই, সম্ভৱ নেটৱৰ্ক নাই..কিন্তু আপুনি দুয়ো এনেদৰে.. কিবা হৈছে নি মা.মোক নকয় কিয়?" সৰু বোৱাৰীয়েকে চিন্তাৰ সুৰেৰে সুধিলে..!
নৱৌয়েকে কলে., "একো হোৱা নাই.. কিছুমান পুৰণি কথা মনত পৰিলে বাবে. . তুমি যোৱা, আৰু তিনিওকে ফোন লগাই থাকা.."নৱৌয়েকে এটা কৃত্ৰিম হাঁহি মাৰি কথাখিনি কলে..
সৰু বোৱাৰীয়েকে ফোন লগোৱাত ব্যস্ত হল, আৰু আনফালে মাক নৱৌয়েক থকা কোঠালিটো দুখেৰে আৱৰি পৰিল।মাক আৰু নৱৌয়েকৰ চিন্তাৰ ঘামে, দুয়োৰে কপাঁলৰ ফুটটোও সৰি পৰিল।ডাঙৰ বোৱাৰীয়েকে মাকৰ হাতখন জুৰেৰে ধৰি সুধিলে, "প্ৰাৰ্থনা কৰিছো, সমীৰনৰ লগত যাতে এনে একো নহয়.. মোৰ জনৰ কি..! আমাৰ বাৰু লৰা ছোৱালী আছে.. আমি সুখ পালো.. যি হব লগা আছে, মোৰ জনৰ লগতে হওক.." (ডাঙৰ বোৱাৰীয়েকে এনে কথা কলে হয়, কিন্তু কথাষাৰ কৈয়ে কান্দোনত ভাঙি পৰিল। ( Assamese Suspense Story )
মাকে ডাঙৰ বোৱাৰীয়েকে জোৰেৰে সাৱটি ললে। আৰু কলে যে, "মোৰ দুই পুত্ৰৰে একো হব নোৱাৰে.. মোৰ তপস্যা, ব্ৰত আৰু পূজাৰ নেদেখা জনে কি অলপো মান নাৰাখিব নি..! আমাৰটো বয়স হল. কেতিয়া মাতি পথিয়াব কোনো ঠিক নাই. কিন্তু ভাৱিছিলো, শিৰত সেন্দুৰ লৈ মৃত্যুক সাৱটি লম। এতিয়া বিধাতাই যি কৰে.. তুমি চিন্তা নকৰিবা, সুশীল আৰু সমীৰনৰ একো ক্ষতি নহয়.. যি হয়, এওঁৰ লগতে..!!" এনে কৈয়ে মাকৰ মাত নুলুৱা হল। অন্ঠ কন্ঠ সোকাই গল।
কিছুমান কথা কৈ মনটোকে বুজনি দিলেও, কিন্তু কিছুমান কথাই মনৰ ভিতৰতে মাক আৰু ডাঙৰ বোৱাৰীয়েকেক ভিতৰি ভিতৰি গুজৰি গুমৰি আছিল.. যে, মোৰ শিৰৰ সেন্দুৰ যাতে কুশলে থাকে.. মোৰ উপবাসৰ মান ৰাখিবা প্ৰভূ।
মাক আৰু ডাঙৰ বোৱাৰীয়েক শান্ত হৈ কোঠালিৰপৰা বাহিৰলৈ আহিল, আৰু আলহী কোঠাৰ চকীত বহি থকা সৰু বোৱাৰীয়েকক দেখা পালে, তাই এতিয়াও তিনিওলে ফোন কৰাত ব্যস্ত হৈ আছিল। সৰু বোৱাৰীয়েকৰ ২২বছৰীয়া কোমল মুখমণ্ডল দেখা পায় মাক আৰু ডাঙৰ বোৱাৰীয়েকৰ কলিজা কপিঁ উঠিল।
সেইসময়তে পুনৰ দুৱাৰৰ বেল বাজিল.. তেতিয়া মাক আৰু ডাঙৰ বোৱাৰীয়েকৰ বুকুৰ ধপধপনি আৰু বাঢ়িল। আৰু দুয়োজনীয়ে এজনীয়ে আনজনীৰ মুখৰ ফালে চাই থাকোতে সৰু বোৱাৰীয়েকে ফোন থৈ দুৱাৰ খুলিবলৈ আগবাঢ়ি আহিল। সৰু বোৱাৰীয়েকক আগবাঢ়ি যোৱা দেখি মাকে মাত দিলে, "তুমি থাকিব দিয়া, মই খুলিম.." মাকে বোৱাৰীয়েকে মনত ভাবিলে, আমি ঘৰৰপৰা কোনো নোযোৱা দেখি পুলিচে মৃত দেহ ঘৰলৈ আনিলে বুলি..!
মাকে দুৱাৰ খুলিয়ে নিজৰ স্বামী সুনীলক দেখা পায় সাৱটি ধৰিলে, আৰু ভৰি চুই সেৱা কৰিলে।ভিতৰৰপৰা ডাঙৰ বোৱাৰীয়েকে সকলো দেখা পায়, চকীতে বাগৰি পৰিল, মাকে দৌৰ মাৰি আহি ডাঙৰ বোৱাৰীয়েকক ধৰিলে।এতিয়া মাকে বুজনি দিলেও, কি দৰে দিব..!
"কি হল, ডাঙৰ বোৱাৰীয়ে এনেদৰে কিয় কান্দিছে..! কোনোবা আপোনজনৰ কিবা হৈছে নি..!" দেউতাকে মাকৰ বাউসীত হাত দি সুধিলে..!
মাকৰ চকু ৰঙা হৈ পৰিছিল।মাকে দেউতাকৰ ফালে এনেদৰে ঘূৰি চালে, যেন দেউতাকে সু শৰীৰে আহি কিবা ভুল হে কৰিলে।এয়া সেই সংগীতাই হয়, যি অলপ সময়ৰ আগতে, নিজৰ স্বামীক দেখা পায়, সাৱটি লৈছিল, ভৰি চুই সেৱা কৰিছিল.. আৰু এতিয়া ইমান খঙেৰে…?
"সৰু বোৱাৰী, যোৱা, পানী লৈ আনা.. "যেতিয়া সৰু বোৱাৰীয়েকে পানী আনিবলৈ গল, তেতিয়া মাকে দেউতাকক সকলো কথা কলে।দেউতাকৰ হাৰ্টৰ অসুখ থকা বাবে মাকৰ এনে কথা শুনি দেউতাকো চকিতে বহি পৰিল। দেউতাকে ভগৱানৰ এনে কঠুৰ পৰীক্ষাত প্ৰশ্ন কৰিলে, "মোক এনে কিয় শাস্তি দিছা প্ৰভু, কোন পিতাকে নিজৰ পুত্রৰ চিতাত জুই দিব পাৰিব ?" তাকে ভাবি দেউতাকৰ চকুলো ভৰি পৰিল।
সৰু বোৱাৰীয়েকে হাতত গিলাচ লৈয়ে, যত আছিল তাতে থৰ লাগিল।মাকে দেখা পালে, দেউতাকৰ সকলো কথা সৰু বোৱাৰীয়েকে শুনিলে।মাকে ডাঙৰ বোৱাৰীয়েকৰ ওচৰৰ পৰা সৰু বোৱাৰীয়েকক কাষলৈ দৌৰি গল।এই কথা শুনি সৰু বোৱাৰীয়েকে না কিবা কয়, আৰু নাকান্দেও। তাই থৰ লাগিল।মাকে চিঞঁৰিলে.. "ডাঙৰ বোৱাৰী চোৱা.. সৰু বোৱাৰীৰ কি হল..!"
ডাঙৰ বোৱাৰীয়েকেয়ো সৰু বোৱাৰীয়েকক সাৱটি ললে,মাকেও দুয়ো বোৱাৰীয়েকক সাৱটি ধৰিলে।অক হৃদয়বিদাৰক পৰিস্থিতি।কিন্তু সৰু বোৱাৰীয়েক এতিয়াও শান্ত হৈয়ে আছিল. সৰু বোৱাৰীয়েকে এতিয়াও আশা কৰিছিল যে, তাই শিৰৰ সেন্দুৰ সমীৰন কুশলে আছে।আৰু পলকতে নৱৌয়েকলৈ চাই ভাৱিলে, বৌয়েই কিয়..!! মই কিয় নহয়..!
"দুৱাৰখন কিয় খুলি ৰাখিছা..! আৰু তোমালোক তিনিও এনেদৰে কিয়.. কি হল পাপা..!" সুশীলে ঘৰৰ ভিতৰত সুমাইয়ে, দেউতাকক এনেদৰে চকিত বহি থকা দেখা পায় সুধিলে..
ডাঙৰ বোৱাৰীয়েকে সুশীলক সাৱটি লৈ কলে.. "সমীৰন আৰু নাই..!'
অৱশেষত সকলোৰে প্ৰশ্নৰ অন্ত পৰিল,উত্তৰ সকলোৰে চকুৰ আগত.. সমীৰন আৰু নাই।সৰু বোৱাৰীয়েক মাকৰ গাতে বাগৰি পৰিল. মাকে চিঞঁৰিলে, "বহি কিয় আছে.. কিবা এটা নকৰে কিয়..!" মাকে দেউতাকৰ চকুলৈ চাই খংৰ সুৰতে কলে..
দেউতাকে চকীৰপৰা লৰচৰে কৰিব পৰা নাছিল, মুখৰ মাত যেন কৰবাত হেৰাল.. চকুৱে চকুৱে প্ৰশ্ন কৰিলে.. "মই বুঢ়াই কি কৰিব পাৰো.. মই এতিয়াই পুলিচ থানাৰপৰা আহোগৈ। তোমালোকে সৰু বোৱাৰীয়েক চোৱা। ডক্টৰ অম্লানক মাতি দিয়া.. সকলো চাবা.. মই আহিলো.."
সুশীলে বাউসীত লৈ থকা বেগটো চকীতে দলিয়ালে আৰু দিৱাৰৰফালে আগবাঢ়োতে ভিতৰলৈ সমীৰন ভৰিৰ খোজ দুৱাৰডলিত আহি পৰিল।
"সত্যনাৰায়ণ পূজাৰ আনন্দ উৎসৱ ইমান শান্ত হৈ আছে যে..?সকলো ঠিকে আছেটো..?" সুশীলে সমীৰনক দেখা পায় সাৱটি ধৰিলে.. আৰু তেতিয়াহে সুশীলৰ জীয়টো ঘূৰি আহিল.. তেতিয়া দেউতাকেও চকীৰ পৰা উঠি আহি, সমীৰনৰ মূৰত হাত বুলালেহি। সমীৰনে মাকৰ গাত সুধা মূৰ্চা হৈ পৰি থকা দেখি সুধিলে, "সুধাৰ কি হল.. ডক্টৰ অম্লানক মাতিলা নাই..!"
সমীৰনে সুধাৰ কাষতে আহি বহিল আৰু মৰমৰে সুধাৰ মূৰত হাত বুলালে, তেতিয়া লাহেকে সুধাই কপিঁ উঠিল। সুধাই চকু খুলিলে আৰু সমীৰনক সাৱটি লৈ কান্দোনত ভাঙি পৰিল। চকুৰ পানীৰে একো নেদেখা হল, সুধাই পাহৰি গল যে, মাক দেউতাক, ককায়েক বৌয়েক সকলোবোৰ আছে বুলি.. তাই কেৱল সমীৰনক কাষতে পাই, সমীৰনৰ বুকুতে সোমাই থাকিবলৈ বিচাৰিলে। ডাঙৰ বোৱাৰীও সুশীলৰ কাষ চাপি গল। মাক দেউতাকেও চকুৱে চকুৱে চাই ৰল।
দেউতাকে মাকৰ বাউসীত হাত থৈ সুধিলে, "পুলিচ বিষয়াজনে কি কৈছিল.. ভালদৰে শুনিছিলা নে বতাহতে গদা ঘোৰালা ?মোৰটো আজি আন এটা হাৰ্তএটেক অহাটো প্ৰায় নিশ্চিত আছিল..!
সংগীতাই চকুপানী মোহাৰি.. "মই কি শুনি নাপাওঁ নি..বিশ্বাস নহয় যদি সুধক ডাঙৰ বোৱাৰীক।
মায়ে সচাঁ কৈছে.., "পুলিচ বিষয়াজনে তাকে কৈছিল.. এচ. কে,শৰ্মাৰ একচিডেন্ট হোৱা বুলি।।"
সুশীলে কলে.. "কথাটো মানে সেইটো,আচলতে আজি মই যাওঁতে, ট্ৰেইনত মোৰ পাৰ্চ কোনোবাই চুৰ কৰিলে.. হব পাৰে সেই চুৰটোৰে একচিডেন্ট হল..! আৰু পুলিচে মোৰ পাৰ্চত থকা নথিপত্ৰ সমূহত মোৰ নাম ঠিকনা দেখি ভাবিলে যে মোৰ একচিডেন্ট হৈছে।আৰু সেয়ে পুলিচ বিষয়াজন আহি আমাৰ ঘৰত খবৰ দিলেহি।"
তেতিয়া মাক, ডাঙৰ বোৱাৰী আৰু সৰু বোৱাৰীয়ে ঘৰৰ পূজা গৃহত প্ৰবেশ কৰি সেৱা জনালে। নেদেখা জনৰ প্ৰতি ক্ৰমাৎ নাইকীয়া হবলৈ লোৱা আস্থা পুনৰ জাগি উঠিল। তিনিওৱে পূজাৰ কাঁহী আনি, নিজৰ নিজৰ স্বামী হাতেৰে সেন্দুৰ লগোৱালে।আটায়ে মিলি পূজাৰ প্ৰসাদ গ্ৰহণ কৰিলে। হঠাৎ নামি অহা অমানিশাক জীৱন ৰূপী সূৰ্য্যৰ কিৰণে যেন ধূই নিকা কৰি পেলালে। আৰু সকলোৱে হাতত হাত থৈ গোটেই জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি ললে।
জ্ঞান : যিমানেই পাৰিবাৰীক কণ্ডল নাথাকক কিয় কেতিয়াও কোনো শাহুৱে এইটো নিবিছাৰে যে তেওঁৰ বোৱাৰী বিধৱা হওক বা কোনো কেতিয়াও কোনো বোৱাৰীয়ে এইটো নিবিছাৰে যে তেওঁৰ শাহু বিধৱা হওক।যিমানেই মনভেদ আছে সকলো ক্ষন্তেকিয়া মাত্ৰ,প্ৰেমৰ বান্ধোনেই সত্য বাকী সকলো অসত্য।সেয়ে সকলো মিলি থাকক,সুখেৰে থাকক,আনন্দত থাকক।আৰু কাহিনীটো ভাল পালে যদি শ্বেয়াৰ কৰি আপোনাত আপোনজনৰ মাজটো প্ৰচাৰ কৰক,ধন্যবাদ।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Suspense Story )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment