ৰাতিপুৱাঁ শুই উঠিছো হে মাত্র ,শুনিলো আমাৰ ঘৰৰ উত্তৰ ফালে বিল খনৰ ওচৰত মানুহৰ হৈচৈ |কি হ'ল জানো এই ৰাতিপুৱাঁ খন | ( Assamese story )
- ঐ তৰা,সেইফালে মানুহৰ কোলাহ'ল কিহৰ ?
মই পত্নীক সুধিছিলো |
- নাজানো ,মই ৰাতিপুৱাঁ শুই উঠি পদুলিলৈ বুলি ওলাই যাওঁতে বীৰেন সেইফালে দৌৰি গৈ আছিল | তেনেতে মই বিৰেনক সুধিলো ,,,,,,
- কি সুধিলা ?
- বীৰেন এই ৰাতিপুৱাঁ খন দৌৰাদৌৰিকৈ ক'ত যোৱা ? সি ক'লে নবৌ বিলত চোৰ ধৰিছে !
কি ! তাৰমানে আমাৰ গাওঁৰ ৰাজহুৱা বিল খনৰ মাছবোৰ ইমান দিন যে চোৰ হৈ আছিল ধৰা পৰিলে | চাগে ইমান সময় চোৰৰ জীৱ নাই | সেইবুলি মই বিললৈ যাবপ ওলালো |
- হেৰি ক'ত যায় ?
দিলে নহয় পাছফালৰ পৰা মাতষাৰ | পত্নীবোৰৰ পৰা আৰু উপায় নাই |
- লোকৰ পত্নী চাব নাযাওঁ দিয়া |
অকমান খং ভাবত পত্নীক উত্তৰ দিলো |
- মানুহজনৰ মানে অলপতে খং উঠে | ৰাতিপুৱাঁ শুই উঠিছে মাত্র ,চাহ এটুপি মুখত নিদিয়াকৈ যায় নে !
হয়,আচলতে মই ৰাতিপুৱাঁ শুই উঠিয়ে ফিকা ৰঙাচাহ একাপ খোৱা অভ্যাস তাহানিৰে | কিন্তু আজি আৰু চাহ খালে নহব,গাওঁৰ সমশ্যাৰ সমধান কৰিব লাগিব কিবা এটা |
সেইবুলি ঘৰৰ পৰা ওলালো | দূৰৰ পৰা লক্ষ্য কৰিছিলো | বিলখনৰ পাৰত মানুহৰ প্রকাণ্ড জোম | বুকুখন কপি উঠিছিল চোৰ বাৰু জীয়াই আছে নে এতিয়ালৈ |
ভয় ভয়কৈ আগুৱাই গ'লো | মোক দেখা মাত্রকে গাওঁৰ মানুহ খিনিয়ে কব ল'লে ,,,,
- ঐ মাষ্টৰ ককাইদেউ আহিছে অ ,,,,,
মই সন্মুখতে ভদ্রেশ্বৰক লগপাই সুধিলো ,
- হেৰা ভদ্রেশ্বৰ,কথা কি ?
মোৰ কথাত ভদ্রেশ্বৰে ক'লে,,,,
- নকবা মাষ্টৰ ইমান দিনে বিলখনৰ মাছ মাৰি চোৰে মাছ শেষ কৰি পেলালে | কিন্তু আজি ৰাতিপুৱাঁ আমাৰ ৰসেশ্বৰে হেনো চোৰ হাতে লোটে ধৰিলে |
- চোৰ ধৰিলে ভাল কথা ,কিন্তু চোৰ এতিয়া ক'ত আছে ?
- সৌৱা গছত বন্ধা আছে | চোৱাগৈ,,,,,
- মই মানুহৰ জুমৰ মাজেৰে গৈ গছৰ গুৰি পালো | হাৰে এয়া মই কি দেখিছো | এয়া সত্তৰৰ উৰ্দ্ধৰ দম্পত্তিক গছত বান্ধি থৈ দিয়া হৈছে |
মন কৰিছিলো বৃদ্ধজনে চকুলো টুকিছিল| মানুহ জনৰ চকপানী দেখি মোৰ মনটো হাহাকাৰ কৰি উঠিল | মানুহজনক দেখিলে গম পায় যে কিমান অভাৱী মানুহ | কিন্তু এইজন মানুহ চোৰ কেতিয়াওঁ হব নোৱাৰে | সেয়া মই ক'লেওঁ বিশ্বাস নকৰিম |
- ঐ মাষ্টৰ কাইটি এয়াই চোৰ !
হৰেশ্বৰৰ পুতেকৰ কথাত মোৰ খং চুলিৰ আগপালে |
- চুপ ! কোনে ক'লে তোক এখেত সকল চোৰ বুলি ?
লক্ষ্য কৰিছিলো বৃদ্ধ আৰু বৃদ্ধা জনীৰ ভৰিত বোকাৰে উপচি আছিল | সম্ভৱত তেখেত সকলে বিলত নামিছিল |
মই মানুহজনৰ সন্মুখত বহি লৈছিলো | মোক দেখি মানুহ জনে কপিছিল | আৰু কপা কপা মাতেৰে কৈছিল ,,,,,,,,
- আমি চোৰ নহয় বোপা ,ভগৱানৰ শপত কৈছো আমি চোৰ নহয় | আমাক মাৰি নেপেলাবা বোপা |
মানুহ জনৰ কথাই মোক আবেগিক কৰি তুলিছিল | হয় ! মানুহৰ বয়স যিমানে নহওঁক,মানুহ যিমানে অভাৱত নাথাকক মানুহৰ জীয়াই থকা বাসনা সদায় থাকে |
- খুড়া ,আপোনালোক আমাৰ অচিনাকী,আগতে দেখা মনত নপৰে !
মই কোৱা কথা খিনিৰ মানুহজনে লগে লগে প্রত্যুত্তৰ দিছিল |
- আমি অসমীয়া বোপা | আমি অসমীয়া |
বুজিছিলো ,মানুহজনে বহুত ভয় খাইছিলে |
- হেৰি ,যাওঁ বলক আমাৰ ঘৰত আইজনী আহিছে হেনো |
দেখিছিলো বান্ধি থোৱা মহিলাজনীয়ে হাঁহিছিল | আচৰিত বৃদ্ধ জনে কান্দিছে,আৰু বৃদ্ধা জনীয়ে হাঁহিছে | মই একো নুবুজিলো |
- ঐ মাষ্টৰ দেখিলি বুঢ়ীৰ হাঁহি ইহতে চোৰ হয় |
ৰমা মহাজনৰ কথাত মোৰ তেজৰ উত্তাপ বাঢ়িছিল |
- হেৰা নাহাঁহিবা ,হাঁহি আমাৰ জীৱন কেইটা শেষ কিয় কৰা বাৰু ? মানুহবোৰে আমাক মাৰি পেলাব |
মই মানুহজনক সাহস দিলো |
- নামাৰে খড়া ,মাৰিব নোৱাৰে আপোনালোকক |
- ঐ মাষ্টৰ পাৰ্টি সলনি নকৰিবা কিন্তু |
মই আৰু সহ্য কৰিব নোৱাৰিলো |
- হেৰা ৰসেশ্বৰ কথা ভালকৈ কবা | লাজ নোপোৱা পিতৃ-মাতৃ বয়সীয়া মানুহ দুজনক চোৰৰ সন্দেহত এনেকে বান্ধি থৈছা !
সকলো মৌন হ'ল | ম'ৰেলগিৰি দেখাব আহিছে ,নিজৰ ঘৰত হাজাৰটা সমশ্যাৰ সমধান ,নিজৰ ল'ৰাই এই বয়সতে টেটুলৈ সেই সোপা গিলি সকলো ফালে কাজিয়া ,সেইবোৰ ঠিক কৰিব পৰা নাই | আজি চোৰ ধৰিব আহিছে,তাক ও এহাল বৃদ্ধ দম্পত্তিক |
মই মানুহজনক ক'লো ,,,,,
- খুড়া কওঁকচোন কৰ পৰা আপোনালোকে কেনেকে কিয় আহি আমাৰ গাওঁত সোমাল ?
বৃদ্ধজনে মোৰ চকুলৈ সন্দেহৰে চালে |
- আমাক নামাৰাটো বোপা,,,,,
এজন অসহায় শিশুৰ দৰে বৃদ্ধ জনৰ প্রশ্ন |
- নামাৰো খুড়া ,আপুনি কব পাৰে |
- শুনা তেন্তে ,,,,,
- একমিনিট ৰব |
মই তেখেত সকলৰ দেহৰ বান্ধ কেইটা খুলি দিব ল'লো |
- নালাগে নেকি বোপা,আগতে আমাৰ কথা খিনি কৈ লওঁ তাৰ পাছত খুলিবা |
হায়ৰে জীৱন ! মই তেখেতৰ আপত্তি স্বত্তেওঁ বান্ধবোৰ খুলি দিলো |
মানুহজনে আৰম্ভ কৰিলে |
আমাৰ ঘৰ পদুমপুখুৰিত | মোৰ নাম ৰহিম আলী আৰু মোৰ পত্নীৰ নাম আবেদা বেগম | সৰু ঘৰ এখন আমাৰ | মই সৰু খেতিয়ক এজন | বানপানী নহ'লে বছৰটো যেনেতেনে চলিব পাৰো |
আমাৰ এজনী ছোৱালী আছিল | তাইৰ নাম পাকিজা চুলতানা | আমাৰ ঘৰখনৰ একমাত্র আশা তাই |
সময়বোৰ ঠিকে গৈছিল | অভাৱ - অভিযোগৰ মাজেৰে তাই এদিন গাভৰু হৈছিল | মানুহে কোৱা মতে আমাৰ পাকিজা হেনো মানুহৰ চকুত পৰা | তাইক লৈ মই সুখী |
এদিনৰ কথা আমাৰ পাকিজা আমাৰ ওচৰৰ গাওঁ খনৰ এজন ল'ৰাৰ লগত পলাই গৈছিল | কিন্তু আমি কেতিয়াওঁ গম পোৱা নাছিলো | তাই যে কাৰোবাৰ প্রেমত পৰিছিল | আমি আছিলো অশিক্ষিত মানুহ | তেনে সহজ - সৰল | মানুহে যি কয় তাকে সহজতে বিশ্বাস কৰি লওঁ |
তাই সেই ঘৰখনত গৈ সংসাৰৰ আৰম্ভনি কৰিলে | প্রথমতে তাইৰ মুখেৰে শুনিছিলো | ঘৰখন হেনো খুব ভাল | ঘৰখনৰ মানুহ বোৰে তাইক খুব মৰম কৰে | ( Assamese story )
শুনি ভাল লাগিছিল| নিজৰ ছোৱালীজনীৰ সদায় সুখ হোৱাটো বিচাৰো | এদিনাখন ৰাতিপুৱা পাকিজাই ঘৰ আহি ওলাইছিল | তাইক দেখি মই আচৰিত | কাৰন সদায় সাজি কাছি ভালপোৱাঁ ছোৱালী জনীয়ে সেইদিনা জধলাজনী হৈ ঘৰ সোমাইছিল |
- আইজনী ,তোৰ কি হ'ল ,ইমান ৰাতিপুৱাঁ ওলালি হি যে,,,,,,,
তাই মুখেৰে একো নকয় ,চিধাই মোক সাৱতি ধৰিছিল |
- আব্বা ,,,,,,,
মই একো বুজিব পৰা নাছিলো | কি হ'ল তাইৰ | তথাপি জীৱনত কোনো দিন কান্দি নোপোৱা ছোৱালীজনীৰ এনে অৱস্থা নো মই কেনেকে সহ্য কৰো |
- আব্বা সিহতে মোক মাৰি পেলাব |
তাইৰ কথাষাৰে মোৰ বুকুত হুলে বিন্ধা দি বিন্ধিলে | কি কৈছে তাই |
- আব্বা,মোক সিহতে দহদিনৰ ভিতৰত যৌতুক নিবলৈ কৈছে | নহ'লে হেনো মোক মাৰি পেলাব আব্বা |
হে আল্লা ! এয়া মই কি শুনিছো | কিন্তু মোৰ দৰে সাধাৰণ খেতিয়ক এজনে ইমান কমদিনৰ ভিতৰত কেনেকে যৌতুক দিওঁ | মহাচিন্তাত পৰিলো | ভাগি পৰিছিলো |
- আব্বা মোক জীয়াই থাকিব দিয়া |
মই তাইক জোৰকৈ সাৱতি লৈছিলো |
- আইজনী অ,এই দুখন হাতেৰে তোক ইমান ডাঙৰ কৰি মই কাৰোবাৰ আহাৰ হব দিব নোৱাৰো | মই যৌতুকৰ ব্যৱস্থা এইকেইদিনতে কৰিম |
মোৰ চকুত টোপনি নহা হ'ল | কি কৰো একো ভাবি পোৱা নাই | পথাৰৰ মাটি খিনি বিক্ৰী কৰাৰ বাহিৰে মোৰ আৰু একো উপায় নাই |
ভাবিলো এবাৰ জোৱাইক লগ কৰি আহো,কিজানি সৈমান কৰিব পাৰো |
সিহতৰ ঘৰ দেখি মোৰ ভিতৰত সোমাবলৈ ভয় লাগিল | মোক দেখা মাত্রকে ল'ৰাৰ দেউতাকে প্রশ্ন কৰিলে |
- কোন তই ?
তই ! চাগে মোক মগনীয়া বুলি ভাবিছে | কাৰন মোৰ দেহত তেনে সাধাৰণ পোছাক | আৰু আজি মই সিহতৰ ঘৰত প্রথম ভৰি দিছো |
- মই মানে পাকিজাৰ দেউতাক |
মানুহজনে কোনো ধৰনৰ আদৰ ভাব নকৰি ক'লে |
- বহ !
কিছুসময় পাছত জোৱাই আহি মোক প্রশ্ন কৰিছিল |
- আপুনি কিয় আহিল ?
- মানে বোপা ,পাকিজাৰ যৌতুক খিনি দুদিন দেৰি কৰি দিলে নহব নে ?
জোৱাই কৰ্কশ সুৰত ক'লে |
- চাওঁক ছোৱালী বিয়া দিলে লগত যৌতুক দিব লাগে বুলি আপুনি জানে নিশ্চয় ! গতিকে মাত্র দহদিনৰ ভিতৰত মোক যৌতুক দিব | নহ'লে তাইক মই গ্রহন নকৰিম |
মই হাতজোৰ কৰি ক'লো |
- নাই নাই বোপা মই দহদিনৰ ভিতৰতে যৌতুকৰ ব্যৱস্থা কৰিম | তুমি মোৰ ছোৱালী জনীৰ তেনে অৱস্থা নকৰিবা |
ইতিমধ্যে জোৱাই আতৰি গৈছিল |কিছু সময় পাছত ছোৱালী এজনীয়ে মোলৈ চাহ লৈ আনিলে |
- আহক ,ভিতৰৰ কোঠাতে আহক |
ছোৱালীজনীৰ কথাত মই ভিতৰত যাব লৈছিলো | তেনেতে জোৱাইৰ দেউতাকে ক'লে -
- নালাগে তেখেতৰ ভৰীত বোকা আছে ,বাহিৰতে দে ,,,,,,
কথাখিনিয়ে মোক বৰকৈ আঘাত কৰিলে | আমি গাওঁৰ খেতি কৰা মানুহ গতিকে ভৰিত বোকা থকা স্বাভাৱিক |
লাজে অপমানে চাহ কাপ খাই সিহতৰ ঘৰৰ পৰা বিদায় মাগিলো | কিছুসময় পাছত আহি ঘৰ পালো |
- আব্বা কি ক'লে ?
পাকিজাৰ প্রশ্নত তাইক মোৰ সিদ্ধান্তৰ কথা জনালোঁ |
- আইজনী , দহদিনৰ ভিতৰতে মই যৌতুক দিম | মই আমাৰ খেতি মাটি ডৰা বিক্ৰীৰ সিদ্ধান্ত ল'লো |
- কিন্তু আব্বা ?
- কোনো কিন্তু নাই মাজনী , মই তোৰ চকুপানী চাই থাকিব নোৱাৰো |
মই জানো মোৰ সিদ্ধান্তই তাইক অধীক আঘাত কৰিলে |
ৰাতি মোৰ চকুত টোপনি নাই | কি হ'ল ছোৱালীজনীৰ জীৱন | মানুহ ঘৰ ভাল নহয় | ভৱিষ্যতে আৰু কি হয় আল্লাই জানে |
পিছদিনা ৰাতিপুৱা মই বিচনাতে আছিলো | তেনেতে মোৰ পত্নীৰ হিয়া ভগা কান্দোনৰ চিঞৰ শুনি একেজাপে বিচনাৰ পৰা নামি বাহিৰলৈ ওলাই আহি দেখিলো |
চকুৰ সন্মুখত দেখিলো ,আমাৰ পদুলীৰ আমগছ জোপাত পাকিজা ওলমি আছে |
শেষ হৈ গ'ল সপোন বোৰ,একমাত্র ছোৱালীজনীক হেৰাই মই ভাগি পৰিলো | মৃত্যু সময়ত তাই কাগজ এখনত লিখি গৈছিল |
আব্বা আৰু আম্মা
তোমালোকক আল্লাই ৰেহেম কৰক | মই গুছি আহিলো অজান দেশত | যৌতুকৰ বলী হৈ আজি মই এই পন্থা গ্রহন কৰিলো | কিন্তু আব্বা ,মই তোমাৰ খেতি মাটি ডৰা মোৰ বাবে বিক্ৰী কৰাটো নিবিচাৰো | কাৰন সেই মাটি খিনি তোমালোকৰ জীয়াই থকা সম্বল |
মই তোমালোকৰ পেটত গামোছা বান্ধিব দিব নোৱাৰো | আজি মই মোৰ নিজৰ ভুলত বাবে অনুতপ্ত |
শেষত মোৰ কাৰনে দুখ কৰি নাথাকিবা |
আকৌ লগ হম | মোৰ আব্বা আৰু আম্মাক |
পাকিজা
গুছি গৈছিল তাই আমাক এৰি | তেতিয়াৰ পৰা মোৰ পত্নী মানসিক ভাবে ভাগি পৰিছিল | মানুহে কৈছিল মোৰ পত্নী পাগলী হ'ল |
পৰহি দিনাখন মোৰ ঘৰৰ পৰা মোৰ অনুপস্থিতত ওলাই আহিছিল | মই তেওঁক সকলো বিচাৰিলো নাপালো | শেষত মই তেওঁক বিচাৰি ঘৰৰ পৰা ওলাই আহিছিলো | কালি সৌ তোমালোকৰ ওচৰৰ গাওঁখনত তেওঁক লগ পালো | তেওঁক লৈ আহি থাকোতে বহুত ৰাতি হৈছিল | কিন্তু এই ৰাতিখন আমি ক'ত যাওঁ ,বা আমাক কোনে ৰাখিব | সেয়েহে ৰাতিখন সেই গছডাল ৰ গুৰিতে দুয়ো পৰি থাকিলো লঘোনে | ভাবিছিলো পুৱাঁ যামগৈ | ৰাতিপুৱাঁ মই সাৰ পাই দেখিলো কাষত পত্নী নাই | পিছত তেওঁক অকমান বিচাৰি চাই দেখিলো তেওঁ বিলখনত সাতুৰি আছিল | তেনেতে মই তেওঁক আনিব বিলত নামি গ'লো | তেনেতে দেখো
বৃদ্ধ জনে ৰসেশ্বৰক দেখাই কৈছিল মানুহ জনে বিলত মাছ মাৰি আছিলে | কিন্তু আমাক দেখা মাত্রকে তেওঁ চোৰ চোৰ বুলি চিঞৰি দিলে | আমি বহুত বুজালো কোনেওঁ আমাৰ কথা নুশুনিলে |বৰঞ্চ আমাক গছত বান্ধি থলে | আমি চোৰ নহয় বোপা |
ছিঃছিঃ এনেহেন মানুহ হালক মিছাই ইমান সাস্তি দিলে | কিহ'ল মানুহবোৰৰ |যিমানে শিক্ষীত হ'ল জ্ঞানৰ ভড়াল শূন্য হে হ'ল দেখোন |
ইতিমধ্যে মানুহবোৰে ৰসেশ্বৰে যে চোৰ বুজিব পাৰিলে | নিজে বচাৰ বাবে অসহায় বৃদ্ধ দম্পত্তি হালক ফচালে |
এনেধৰন আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
সকলোৱে মানুহজনৰ ওচৰত ক্ষমা বিচাৰিলে | সেয়েহে কওঁ শুদ্ধ - অশুদ্ধ বিচাৰ নকৰাকৈ নিজে আইন হাতত লোৱা চৰম অপৰাধ |
মই মানৱতাৰ খাতিৰত দম্পত্তি হালক লৈ আমাৰ ঘৰলৈ যাত্রা কৰিলো |
আজি অন্য এক নিষ্ঠুৰ বাস্তৱৰ মুখামুখি হ'লো | | |
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment