বতাহত উৰি ফুৰে তাইৰ মন | লাহি পাহি যৌৱন ৰ সুগন্ধি বিয়পায় চৌদিশ | সেউজীয়া পাতৰ মাজে মাজে সপোন ৰছে সিহতে |( Assamese story )
মধুপুৰ চাহ বাগিছাৰ চকুত পৰা গাভৰু চামেলি | মুখত লাগি থকা মিঠা হাহিতি তাইৰ আকৰ্ষনৰ কেন্দ্র বিন্দু | মহাবীৰ নায়ক ৰ একমাত্র ছোৱালী তাই | হাৰিয়া খাই বাপেকৰ অৱস্থা ও ক্রমান্বয়ে বেয়াৰ ফালে আহিছে | তাইৰ আপোন একমাত্র তাইৰ বাপেক | তাইৰ ৮ বছৰ বয়সত তাই মাতৃহীনা হৈছিল | তেতিয়া সিহতে সোনতলী বাগানত আছিলে |সোনতলী বাগানত প্রায়ে হাতী মানুহৰ সংঘাট হয় | আৰু এদিনা খন হাতীৰ আক্রমনত তাই মাতৃহাৰা হৈছিল | মাকৰ স্মৃতিবোৰে হয়টো তাইৰ দেউতাকক খেদি ফুৰিছিল | সেয়েহে এদিনা খন দেউতাকে তাইক লৈ আহি মধুপুৰ বাগানত কামত নিয়োজিত হল |
ৰাতিপুৱা হলে দেউতাকে কামত ওলাই যায় আৰু তাই বাগানৰ অইন লৰা ছোৱালীৰ লগত খেলি সময় কতায় | সময়ৰ পাখিলগা গতিত তাই এদিন গাভৰু হল | তাইৰ দেহৰ গাঠনি সলনি হল | লাজ কি তাই উপলব্ধি কৰিব পৰা হল |
এতিয়া মধুপুৰৰ চাহগছ বোৰত তাইৰ কোমল হাতৰ স্পৰ্শ পৰে| বহুতো বাগানীয়া ডেকা লৰাৰ হৃদয়ত তাই স্থান ললে |
বাগানৰ মেনেজাৰ ৰক্তিম গগৈৰ চকুত পৰিল চামেলি | কেনেকে নো প্রেমৰ দোলৰে বান্ধিব পাৰে তাইক সি চিন্তাত মগন হল |
- চামেলি,,,,,
- বাবু,,,,
- তোমাক কথা এটা কব লাগিছিলে,,
- কি কথা বাবু ?
- মানে মই তোমাক ভালপাও চামেলি |
- আপুনি কি কথা কৈছে বাবু |আমি হলো গৰিবৰ বেটি |চাহ বাগানৰ ছোৱালী , আপুনিটো,,,,,
- নাই চামেলি মই একো নাযানো | মই মাত্র তোমাক ভালপাও | কোৱা তুমি মোক ভালপাব পাৰিবানে ?
- বাবু,,, , ,
চামেলিয়ে লাজতে দৌৰ মাৰিলে |
আৰে চলগৰী,,,,,
লে যাৱ তোকে
মোৰ গাও,,,,,,
ৰক্তিম আৰু চামেলিৰ প্রেম বাগানত এতিয়া চৰ্চাৰ বিষয় | সকলোৰে মুখে মুখে মাত্র সিহতৰ কথা |
- চামেলি....
চামেলিৰ সখী চম্পাই যেন চামেলিক কিবা কব বিচাৰিছে |
- উম ক'
- তই মোক বেয়া নাপাবি | তই চাহাবৰ পৰা আতৰি আহ |
- কিয় ?
- চাহাব বৰ এটা ভাল মানুহ নহয় |
- চম্পা চাহাবৰ কথা বেয়াকে নকবি | মই এতিয়া আহো |
- যা যা এদিন পস্তাৱি চামেলি |
আজি চাহাবে চামেলিক লগত লৈ চহৰলৈ আহিছে | চামেলিৰ যেন আনন্দৰ সীমা নাই | গোটেই চহৰ খনে ঘূৰিলে | চাহাবে তাইক বজাৰ কৰি দিলে | চামেলিয়ে গমে নাপালে কেতিয়ানো সন্ধিয়া নামিলে |
- বাবু সন্ধিয়া হল ঘৰলৈ বলক |
- চামেলি আজি আমি ঘৰত নাযাও আমি হোটেলত থাকিম |
- না বাবাই মোক গালি দিব |
- আস একো নহয় | বাবাক মই বুজাম |( Assamese story )
হোটেলৰ আভিজাত্য ৰুমত নিজকে আভিজাত্য সজাই বাস্তৱ পৃথিৱীৰ কথা চামেলিয়ে পাহৰি গল | চাহাবৰ বুকুৰ দলিছাত যৌৱন ধালি দিলে তাই | বোৱাই দিলে বিষাক্ত প্রেমৰ আকুলতা |
আজি দুমাহ হল চাহাব চুটিত গৈ অহাই নাই | তাই সদায় চাহাবৰ বাবে বাত চাই | কিন্তু চাহাব যে এদিন ও নাহে |
কিন্তু এয়া কি ! তাই মাতৃ হবলৈ ওলাইছে | কি কৰিব তাই | কাক কব !
চম্পাই কোৱা কথা বোৰ সচা আছিল তাৰমানে | কিয় চাহাবে তাইৰ দৰে দুখীয়া ছোৱালী এজনীক বোজা দি গল | কিয় তাইক ধংস কৰিলে |তাই বৃদ্ধ পিতৃক নো এইবোৰ কেনেকে কব | নাই তাই কব নোবাৰে এইবোৰ,,,,
আজ হলিকে দিন
মই নাই কাৰবোৰে....
এতিয়া মহানগৰীৰ ফুটপাথত এজনী পাগলী বহি থাকে | দেহত নূন্যতম বস্ত্র লৈ আউলি বাউলি চুলিৰ সৈতে সেয়া মধুপুৰ বাগানৰ এসময়ৰ সকলোৰে নয়নৰ মনি চামেলি |কেতিয়া হাহে কেতিয়া কান্দে ঠিকনা নাই | মহানগৰীৰ অট্রালিকাৰ ফালে আঙুলি জোকাৰি কাৰুবাক গালি বৰষে | কাষত সেয়া তাইৰ কনমানি সন্তান | ৰক্তিম গগৈৰ বিষাক্ত বীজ | এটি নগ্ন শিশু | মন গলে পাগলি মাতৃয়ে উপৰ্যপুৰী চুমা খাই | কেতিয়াবা আকৌ এচাৰিৰে কোবায় |
ৰাস্তাৰ মানুহে দি যোৱা দুই এটকাৰে লৰাটোক কিবা খুৱাই |,,,,,
এবছৰ পাছত সেই ফুটপাথতে আকৌ এটি সন্তানৰ মাতৃ হল চামেলি | আচৰিত কিন্তু কেনেকে ?
কোনোবা জন্তু তুল্য মানসিক বিকাৰগ্রস্ত পৰুষে ৰাতিৰ এন্ধাৰত পাগলী চামেলিৰ গৰ্ভত সিচি দিয়া বীজৰ কলি এইটো সন্তান |
পাগলী মাতৃ , দুটা অসহায় শিশু | এজনী পাগলী মাতৃয়ে দুটা শিশু ফুটপাথতে জন্ম দিলে | যি সন্তানৰ পিতৃ পৰিচয় | পুহ মহীয়া জাৰত কপি কপি পাগলী মাতৃৰ কোচত সোমাই থাকে দুই সন্তান | লঘোনীয়া পেটৰ জ্বালাত চিতকাৰ কৰি উঠে সিহতে | মাজ ৰাতি মাকৰ ক্রন্দনে হিয়া ভাগি পেলাই সিহতৰ | সময় গৈ আছিল,,,,,,,
ফুটপাথত অসহায় শিশু দুটিৰ কান্দোন | নেদেখিলে উপলব্ধি কৰিব নোবাৰে কৰুন দৃশ্যটি | এটি দুই বছৰীয়া শিশু আন এটি পাছ বছৰীয়া | যাৰ দেউতা বুলি মাতিবলৈ কোনো নাই | সিহতৰ ওচৰত আছিলে এজনী পাগলী মাতৃ | হয়টো কংক্রিট ৰ মহানগৰীৰ ৰাতিৰ ৰাজপথত মাকৰ বুকুৰ মাজত নিৰাপদ আছিল | আজি পাগলী চামেলিৰ মৃত্যু হল | ডাঙৰ সন্তানটিয়ে মাকৰ মৃত্যু অলপ বুজি পাইছে |
কিন্তু কনমানিটো ,,,,,
সি মৃত মাকৰ ওপৰত উমলি আছে | মাজে মাজে মৃত মাকৰ স্তনপান কৰিছে | মাজে মাজে মাকৰ মুখত মুখ লগাই মিছিকিয়াই হাহিছে |
কতেনো গলা মোৰ আই,,,
অকলে আমাক থৈ,,,
তুমি বহীন পৃথিৱীত
অন্ধ্র হম আমি,,, ,
এটা সময়ত লেবাৰে আহি সন্তান দুটিৰ বুকুৰ মাজৰ পৰা পাগলী চামেলিক লৈ গল | ডাঙৰ জনে মা মা বুলি হুকহুকাই কান্দিছে কেচুৱাটোক বুকুৰ মাজত লৈ,,,,,,
ফুটপাথত অকলে দুটি নিঠৰুৱা সন্তান | ককায়েকে তাক বটলত পানী ভৰাই খুৱাই | মাজে মাজে সি কান্দি উঠে | হয়টো মাকৰ আহাৰ বিছাৰি | কিন্তু সি নিৰুপায় সিহত এতিয়া যন্ত্রনাত পাৰ কৰিছে দিন বোৰ,,,,,,
এনেধৰন আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
দেখিলে যৌৱনৰ এটা সামন্য ভুলৰ বাবে আজি দুটি সন্তান ৰ অৱস্থা ! এজনী গাভৰুৰ জীৱন | কিন্তু ৰক্তিম হতৰ দৰে পুৰুষে এবাৰ ভাৱি চাৱ পাৰিৱনে !
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment