বিয়াখনৰ কথাকে ভাবি গোটেই ৰাতিটো গুণেশ্বৰৰ টোপনি নাহিল । ৰত্ন বৰুৱাহঁতে তেওঁলোকৰ একমাত্র ছোৱালী নন্দিনীৰ বিয়ালৈ বৰ জোৰকৈ মাতিছে সিহঁতক ( Assamese story )। বৰুৱাৰ ঘৰখন গুণেশ্বৰহঁতৰ নিজৰ ঘৰৰ দৰেই হৈ পৰিছে । ৰত্ন বৰুৱা আৰু তেওঁৰ পত্নী দেবযানীয়ে দুখীয়া বুলি কেতিয়াও অৱহেলা নকৰে সিহঁতক । নন্দিনীক গুণেশ্বৰে একেবাৰে সৰুৰে পৰা পোৱা । এই ঘৰখনৰ বিয়াখনলৈ নোযোৱাকৈ থাকে কেনেকৈ সিহঁত !
বিয়াখনলৈ যাবলৈ মালতীৰো মনটো উচপিচাই আছে । মালতীয়ে তাইৰ টিনৰ ট্ৰাঙ্কটোত কাহানিও নিপিন্ধাকৈ নিজৰ বাবে সাঁচি থোৱা সূতাৰ কাপোৰযোৰকে নন্দিনীক দিয়াৰ কথা ভাবিলে । ছোৱালীজনীক একো এটা নিদিলে বৰ বেয়া কথা হ'ব । কিবা এটা ভাল বস্তু কিনি দিবলৈ ইমান পা -পইচাও নাই সিহঁতৰ এতিয়া । মালতীয়ে কাপোৰযোৰ দিবলৈ ওলোৱা দেখি গুণেশ্বৰৰো চিন্তা এটা কমিল ।
বিয়াঘৰত গুণেশ্বৰ উপস্থিত হ'লগৈ । ৰত্ন বৰুৱাই তাক অকলে অহা দেখি সুধিলে --
"তোৰ মানুহজনী নাহিল যে গুণ !"
"আহিব দেউতা । তাই কিবা এটা এৰাব নোৱাৰা কামত লাগি আছে । আহি পাবহিয়েই এতিয়া ।"
"অঁ ,হ'ব দে ( Assamese story ) । "
ৰত্ন বৰুৱাই লক্ষ্য কৰিলে--গুণেশ্বৰে বিয়াঘৰ বুলি বৰ পৰিপাটিকৈ আহিছে । তাৰ ভৰিত এযোৰ নতুন হাৱাই চেণ্ডেল । ৰঙ উৰি লাহে লাহে ক্ষয় যাবলৈ ধৰা পুৰণি চেণ্ডেলযোৰেৰে ঘূৰি ফুৰা মানুহটোৰ ভৰিত নতুন চেণ্ডেলযোৰ দেখি ৰত্ন বৰুৱাৰ মনটো কিবা এটা ভাল লাগি গ'ল । বিয়ালৈ আহিব বুলিয়েই সি বোধহয় চেণ্ডেলযোৰ নতুনকৈ কিনিলে ! কিছু সময় বৰুৱাৰ ঘৰত ইটো -সিটো কৰি মেলি দি, বিয়া খাই -মেলি গুণেশ্বৰ ঘৰলৈ গ'ল ।
গুণেশ্বৰ বিয়াঘৰৰ পৰা অহাৰ পিছত মালতীয়ে বিয়ালৈ নিব লগা কাপোৰযোৰ ভালকৈ পলিথিনৰ বেগ এটাত ভৰাই লৈ বিয়াঘৰত ওলালগৈ । মালতীক দেখি বৰুৱাৰ পত্নী দেবযানীয়ে মাত লগালে--
"বিয়াঘৰলৈ তহঁত দুটা হ'বলা একেলগে আহিব নোৱাৰিলি ?"
" ঘৰৰ কামবোৰৰ লেঠাই নমৰেচোন । সেয়ে, ময়েই মানুহটোক ইয়ালৈ আগতীয়াকৈ পঠিয়াই দিলোঁ । "
" বাৰু, বাৰু । ভিতৰলৈকে ব'ল । "
ওচৰতে থিয় হৈ থকা ৰত্ন বৰুৱাৰ চকু মালতীৰ ভৰি দুখনলৈ গ'ল । গুণেশ্বৰে অলপ আগতে পিন্ধি অহা একেযোৰ হাৱাই চেণ্ডেলেই মালতীয়ে পিন্ধি আহিছে । ৰত্ন বৰুৱাই বুজি উঠিল কথাটো -- সেয়ে মানুহ দুটা বিয়াঘৰলৈ একেলগে আহিব নোৱাৰিলে.. !
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় অঞ্জনা দত্তৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( ( Assamese story ) )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment