যুৱতী সকল প্ৰেমত পৰাৰ পূৰ্বে সাৱধান হওক : Assamese story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 3, 2021

যুৱতী সকল প্ৰেমত পৰাৰ পূৰ্বে সাৱধান হওক : Assamese story

Assamese story

তাইৰ প্রতিটো দিন এতিয়া চকুপানীৰ সৈতে আগুৱাই,নীলাভ প্রেমৰ মৃত্যু হোৱাৰ দিনৰ পৰা তাই মাত্র চকুমুদি সহ্য কৰে সকলো  ( Assamese story )| কাৰন তাই এখন কংক্ৰিতৰ চহৰৰ ছোৱালী নহয় | তাই গাৱঁৰ জীয়াৰি | চহৰৰ সমাজ ব্যৱস্থা আৰু গাৱঁৰ সমাজ ব্যৱস্থাৰ মাজত বহুখিনি পাৰ্থক্য | কিন্তু তাই কোনো কথাৰ প্রতিবাদ ও কৰিব নোৱাৰে |প্রতিবাদ কৰা মানে তাই গৰিহনাৰ পাত্র হব | কাৰন ভুল তাইৰ ও আছে | কিয় তাই অন্ধ হৈ পৰিছিল এই প্রেমত | কিয় তাই ইমান বিশ্বাস কৰি লৈছিল কলংক সনা এজন প্রেমিকক | যাৰ পৰিনতিত এতিয়া তাই কলংকিনী |


                   আজিৰ পৰা প্রায় চমাহৰ আগৰ কথা | তাইৰ বান্ধৱী অপাৰাজিতাৰ বিয়া | শৈশৱৰ পৰা পাৰ কৰা অপৰাজিতাৰ লগত তাইৰ সম্পৰ্ক অকল বান্ধৱী নহয় বাই - ভনীৰ দৰে | তাইৰ গোপন কথাবোৰৰ ও উমান তাই পাইছিল | গতিকে সেইখন বিয়াত পৰিয়ে নোযোৱা কোনো কথাই নাই | তাই জিতাৰ বিয়ালৈ গৈছিল | বেগত ভৰাই লৈছিল সম্পৰ্কীয় বায়েকৰ কেচা পাতৰ কাপোৰ জোৰ লগতে তাই বহুদিনৰ পৰা সাঁচি ৰখা ৰঙীন আধুনিক পিঠি কতা ব্লাউজৰ সৈতে আধুনীক মেখেলা চাদৰ জোৰ |কিমান যে আশা | জিতাৰ বিয়া তাই ফুৰ্ত্তি নকৰিলে হবনে | কিছু সময় পাছত তাই বিয়া ঘৰত সোমাইছিল | চিধাই তাই জিতাৰ কাষলৈ গৈছিল | তাইক দেখি কইনা জিতা দৌৰি অহাৰ দৰে তাইৰ কাষলৈ আহি মৰমৰে আলিংগন কৰিছিল | 

- মই বহুত সুখী | তই যে আহিলি |

জিতাই পৰিক কৈছিল |

- কিয় নাহিম | তই মোৰ একমাত্র বিশ্বাসী বান্ধৱী জনী |

ইটো সিটো কথাৰ মাজেৰে বিয়াৰ দিনৰ পৰ্ব চলিছিল | পৰিয়ে দিনত কেচাপাতৰ মেখেলা চাদৰ জোৰ পিন্ধিছিল | খুব মৰম লগা তাই | ককাললৈ বৈ পৰা দীঘল চুলিতাৰি ,লগতে হাঁহিলে মুখত ডিম্পল পৰে তাইৰ | 

তাইক দেখি জিতা হতৰ গাৱঁৰ পিলিঙা ল'ৰা এটাই ও তাইৰ কাষৰ পৰা নোযোৱা হ'ল | মুঠৰ ওপৰত বেণ্ড পাৰ্টিৰ লগতে তাইৰ ৰূপত বিয়া ঘৰত মুঠৰ ওপৰত আনন্দৰ জোৱাৰ |সেইদিনা ষ্টাইল কৰিব নজনা ল'ৰা জনেওঁ তাইৰ ফালে চাই চুলি ওপৰত উঠাই | 


                  লাহে লাহে বহুপ্রতিক্ষীত বিয়াৰ সন্ধিয়া নামিছিল | হাই উৰুমি বাঢ়ি গৈছিল | কিছু সময় পাছত দৰা আহি পাবহি | আজি কইনা ধৰাৰ দায়িত্ব পৰিকে দিয়া হৈছে | গতিকে তাই ও যিমান পাৰে নিজক সজোৱাত ব্যস্ত | 

তাই নিশা ব্লাউজ কতা আধুনীক সাজ জোৰ পিন্ধি ল'লে | নীলা ৰঙৰ মাজত ৰঙা ফুলৰ সাজ জোৰেৰে তাইক যেন সঁচাকৈ আকাশৰ পৰি জনীৰ দৰে লাগিল | হৰিনী চকু জুৰিত পাতল কৈ লগাইছিল কাজলৰ প্রলেপ | হৰধনুৰ দৰে জিলিকি উঠিছিল তাইৰ ডাঠ চেলাউৰি খিনি | কোমল ওঠজুৰিত পাতল ৰঙা লিপষ্টিকৰ প্রলেপৰ বোলৰে কিমান যে মৰম লাগিছিল | ওঠৰ ওপৰত থকা কনমানি তিলটো তাইৰ বগা গাল খনত উজ্বল হৈ উঠিছিল | গাল খনৰ ওফণ্ডা অংশত পাতল গোলপীয়া প্রলেপ এটা লগাই লৈছিল |

নীলাৰ মাজত আধাতকৈ বেছি অংশ ওলাই থকা বগা পিঠি খনত তাইৰ উতলা যৌৱনৰ ছা পৰিছিল | হয়টো প্রতিজন ডেকা ল'ৰাই তাইক তেনেকে দেখিলে  কোমল পিঠি খনত চুম্বন যছা সপোনত বুৰ যাব|এবাৰ তাইৰ শুভ্র পিঠি খনত হাত বুলাই কোমলতাৰ পৰশ লোৱাৰ সাবিয়াস সকলো ডেকাৰ বাঢ়িব |

- বাহঃ তোক ইমান ধুনীয়া লাগিছে |নহ'লে মোৰ ঠাইত  তই বহ |

জিতাই পৰিক জোকাইছিল | লগে লগে কইনাৰ ওচৰত বহি থকা ছোৱালী কেইজনী খিলখিলাই হাঁহিছিল | সিহতৰ হাঁহিত তাই লাজত ৰঙা পৰি গৈছিল | 

- হব দে মই ইমান ধুনীয়া নহয় | 

তাই সিহতৰ কথাটো কাতিব বিচাৰিছিল | 


               কিছু সময় পাছত দ'ৰা আহি হোমৰ গুৰিত বহিল | বিয়া গীতেৰে উখল মাখল হ'ল বিয়াঘৰ | কইনাক লৈ ওলাই আহিছিল পৰি | পৰিক দেখাৰ লগে লগে দ'ৰাঘৰৰ ডেকা ল'ৰা বোৰে একেমুখে কৈ উঠিল " অ বিউটিফুল " প্রতিজন ডেকাৰ চকু পৰিছিল পৰিৰ ফালে | তেনেতে তাইৰ চকুত পৰিছিল দ'ৰা ধৰা ল'ৰা জন | তাৰ চকুত পৰাৰ লগে লগে তাইৰ মুখেৰে বিৰিঙি উঠিছিল মিঠা হাঁহিটি | সকলোৱে একে মুখে কৈছিল " অ মা পাগল হৈ যাম | ডিম্পল পৰিছে চা "


              এনেকে শেষ হৈছিল বিয়াৰ আনুস্থানিকতা | কইনা যোৱাৰ সময় হ'ল | মাক-দেউতাকৰ ডিঙিত ধৰি কইনা জিতাই আপোন ঘৰ খনক এৰি যোৱা বিষাদত তাই হিয়া ভাগি কান্দিছিল |

পৰিয়ে চকুুপানী টুকিছিল | তেনেতে দ'ৰা ধৰা ল'ৰাজন তাইৰ ওচৰত আহিছিল | 

- তোমাৰ 

তাই ঘূৰি চাইছিল |.

- মানে ?

তাই কৈছিল |

- তোমাৰ ফোন নাম্বাৰটো দিবা নেকি ?

অহ,তাইৰ ও মনটো ভাল লাগিছিল | কাৰন ল'ৰাজন তাইৰ ও পচণ্ড হৈছিল | মাগুৰ বৰনীয়া খুৱ হেণ্ডচাম | তাই তাক নাম্বাৰটো দিছিলে | ( Assamese story )

- তোমাৰ নামটো ?

ল'ৰাজনে তাইক সুধিছিল |

- পৰি,পৰি বৰুৱা,আপোনাৰ ?

- মৃন্ময় ৱৰা |

ইতিমধ্যে দ'ৰা ঘৰৰ মানুহে কইনা নিবলৈ ওলাল | মৃন্ময় গৈ গাড়ীত বহিলে | খিৰিকিৰে ফাকেৰে তাইলৈ চাই সি হাত জোকাৰি বিদায় ল'লে | তাইৰ মনটো ৰিঙা ৰিঙা লাগি গ'ল | তাই ও কাপোৰ বেগত ভৰাই ঘৰলৈ উভতিলে |


              এতিয়া মৃন্ময় তাইক দিন ৰাতিয়ে ফোন কৰে | লাহে লাহে দুয়ো দুয়োকে মনৰ কথাবোৰ প্রকাশ কৰিলে | প্রেমৰ উৰাজাহাজত উৰি ফুৰা দুয়ো এতিয়া চঞ্চলা প্রেমিক চৰাই | কিছুমান কল্পনাৰ মাজত সিহতৰ প্রেমৰ ৰেলগাড়ী বহুদুৰ চলিলে | প্রেমৰ মিঠা অনুভুতিত ৰূপহী পৰি এতিয়া নিৰবধি বোৱতী নৈ | 

মৃন্ময়ে তাইক ফোন কৰিছিল |

- হেল্ল' 

- উম কলিজাঁ কি কৰিছা ?

- আছিলো তোমাৰ ফোনৰ অপেক্ষাত |

- তোমাক কথা এটা কব লাগিছিল !

তাই থমকি ৰৈছিল | কি কথা কব বিচাৰিছে বাৰু সি !

- কোৱা কি কথা !

- তুমি যদি মোক সঁচাই ভালপোৱাঁ মোক নিশ্চয় বঞ্চিত নকৰা |

- হাৰে বাবা তোমাক মই সঁচাই ভালপাওঁ | কোৱা কি কথা ?

- তুমি মোক এটা উলংগ ভিডিঅ' বনাই দিয়া না |

তাৰ কথা শুনি তাইৰ কলিজাঁ কপি গৈছিল | 

- তুমি কি কৈছা মৃন্ময় |

- অ তোমাৰ ধুনীয়া দেহাই মোক পাগল কৰি দিছে | প্লীজ দিয়া না |

তাই নিদিয়ে,সি নামানে | কোনে বাৰু পাৰিব নিজৰ উলংগ শৰীৰৰ ভিডিঅ' বনাই কাৰোবাক দিব | শেষত সি ফোন কাতি দিছিল|

     তাই তাক সঁচা অন্তৰেৰে ভাল পাইছিল | কিন্তু আজি সি অভিমান নাভাগিলে | উপায় নাই তাই তাক হেৰুৱাব নোৱাৰে | তাই নিজৰ মনৰ আপত্তি স্বত্তেওঁ আপোনজনক সন্তুষ্ট কৰাৰ বাবে সেই কাম কৰিবলৈ বাধ্য হ'ল | তাই নিজৰ মোবাইলৰ কেমেৰাৰ লেঞ্চত আৱদ্ধ কৰিলে তাইৰ যৌৱন ভৰি থকা উলংগ শৰীৰ | আৰু তাৰ তাত তাই সেই ভিডিঅ' টো পঠাই দিলে | 

            কিছু সময় পাছত সি তাইক ফোন কৰিলে |

- হেল্ল' 

- কলিজাঁ তোমাৰ ধুনীয়া দেহৰ ভাজ বোৰে মোক পাগল কৰি দিছে | প্লীজ কালি মোক লগ কৰা | আমি কালি হোটেলত মৰমৰ বান্ধেৰে বান্ধ খাম |

তাৰ কথা শুনি তাই দোমোজাত পৰিলে তাৰ মানে মৃন্ময়ৰ উদ্দেশ্য কি ? তাইৰ দেহৰ প্রেমত নে সি হৃদয়ৰ প্রেমত পৰিছিল |

- মৃন্ময় এই কথা দ্বিতীয় বাৰ চিন্তা নকৰিবা | মই এই কাম কৰিব নোৱাৰিম ক্ষমা কৰিবা | বিয়াৰ পাছত হে মোৰ দেহ তোমাৰ |

তাইৰ কথা শুনি সি তাইক বহুত জোৰ কৰিছিল | কিন্তু তাই আজি মান্তি নহ'ল আৰু হব নোৱাৰে | এজনী শিক্ষীত ছোৱালীয়ে বাৰে বাৰে ভুল কৰিব নোৱাৰে | শেষত সিহতৰ প্রেমৰ শেষৰটো সংকেট ধনি বাজি উঠিছিল |

          তাই গোটেই ৰাতি উচুপি কান্দিছিল | হেপাঁহ পলাই কান্দিছিল প্রেম বিচ্ছেদৰ জ্বালাত | প্রতৰণৈৰ জ্বালাত | তাইৰ ধুনীয়া দেহৰ প্রেমত সকলোৱে কিয় পৰিব বিচাৰে ! কিয় নিবিচাৰে সঁচা অন্তৰৰ সঁচা প্রেম | তাই যে ভাগি পৰিলে |

এদিনা খনৰ কথা তাই ভায়েকৰ মোৱালটো খুচৰি আছিল | তেনেতে তাই ভায়েকৰ মোবাইলত এটা মুখ বিহীন উলংগ এটা ভিডিঅ'. পাইছিল | তাইৰ গাৰ নোম শিয়ৰি উঠিছিল সেয়া তাইৰ ভিডিঅ' | তাৰমানে মৃন্ময়ে ভিডিঅ' টো নেটত এৰি দিলে | হে ভগবান তাই ৰ ভায়েকে তাইৰ নগ্ন শৰীৰ চাই যৌৱন ৰ হেপাঁহ পূৰণ কৰিছে তাতকৈ লাজৰ কথা কি হব পাৰে | 

তাইৰ নিজকে উলংগ জন্তুৰ দৰে লাগিছিল | লাজ নথকা জন্তু | তাই ভাৱিছিল বেলেগে নাজানিলেওঁ সেয়া যে তাইৰ শৰীৰ | তাই বুজি উঠিছিল যে তাই এতিয়া পৰি নহয় তাই কলংকিনী |||


Assames love story

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page,.                                           .


No comments:

Post a Comment

Advertisement

Pages