মনিকা খঙত অগ্নিশৰ্মা হৈ আছিল,হয়টো কাৰোবাৰ সৈতে তাই কাজিয়া কৰি আহিছিল।আহিপোৱা মাত্ৰকে আণ্টি গৰাকীয়ে তাইক ৰাজীবৰ সৈতে যাবলৈ আদেশ দিলে( Assamese story )।তাই দাঁত কৰচি ৰাজীবক তাইৰ পিছে পিছে আহিবলৈ ইংগিত দি তাই আগ বাঢ়িল।তাই ৰাজীবক এটা কোঠালীলৈ লৈ যায় আৰু কোঠালীত প্ৰবেশ কৰিয়ে ৰাজীব বিছনাত বহি পৰে।মনিকাই কোঠালীৰ দোৱাৰখন বন্ধ কৰি বকিবলৈ আৰম্ভ কৰে " আমাৰ কিবা অন্তৰ নাই নিকি ? আমি কেৱল এটা শৰীৰ হে নিকি ? কিয় সকলোৱে আমাক দেহৰ বাসনা দূৰ কৰা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰে ?
"তই নিজেহে এই ধান্দা বাছি লৈছ,তেন্তে ইমান আপত্তি কিহৰ ?" মনিকাৰ বকবকনি শুনি ৰাজীবে কলে।
"নিজেই বাছি লৈছো…তুমি কিয় উপহাস কৰিছা ! এনে অপমানভৰা এটা জীৱন কিয় কোনোবাই স্বইচ্ছাই বাছি লব ? এইয়াটো ভাগ্যৰ খেলা নতুবা আপোন সকলৰে বিশ্বাস ঘাটকতা,যিয়ে প্ৰতিটো ক্ষণতে মৰিবলৈ বাধ্য কৰাইছে" - মনিকাই বিছনাখনত বহি উত্তৰ দিলে।
"কোন আপোনজনে বিশ্বাস ঘাটকতা কৰিলে তোৰ সৈতে"
"তই এইটো সোধ যে,কোনজনে নাই কৰা"
"তেন্তে ক" - ৰাজীবে বিষয়টো আগ বঢ়ালে।
"তুমি এইবোৰ সোধিবলৈকে ধন খৰচ কৰিছা নিকি ? মনিকাই ব্যঙ্গভাবত কথাষাৰ কলে।
"নহয়,কিন্তু ৰাতিটো বহুত দীঘল,সেয়ে হাতত বহুত সময়ো আছে, মই তোৰ কথা শুনিবও পাৰিম আৰু খৰচ কৰা ধনৰ লাভালাভ ও লব পাৰিম।"
"কিন্তু তই কিয় জানিব বিছাৰিছ এই বিলাক ? তই কোনো সাংবাদিক নহয়টো ? কি পৰিকল্পনা লৈ তই ইয়ালৈ আহিছ ? মনিকাই কৌতুহলতাৰে তাক প্ৰশ্ন কৰিলে।
"নহয় নহয়,তই ভয় খাব নালাগে,মই কোনো সাংবাদিক নহয়।বা কোনো চোৰাংচোৱা কৰিবলৈও মই অহা নাই। বজাৰত তোৰ সৌন্দৰ্য্যৰ চৰ্চা যথেষ্ট শুনা পাইছো,সেয়ে তোৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈহে ইয়ালৈ আহিছো।"
"তেন্তে এই ৰূপ-সৌন্দৰ্য্য এতিয়া উপভোগ নকৰ কিয় ? অলাগতীয়াল কথাবোৰত যে সনয়বোৰ পাৰ কৰি আছ ?
"ৰূপ-সৌন্দৰ্য্যটো উপভোগ কৰিবই লাগিব,কিন্ত আমি মানুহ হে, যন্ত্ৰটো নহয়।কথা বতৰাৰ মাজেৰে অলপ চিনা পৰিচয় হৈ ললে শৰীৰৰ মিলনটো তেতিয়া অধিক আনন্দদায়ক হৈ পৰিব"।
"তই বৰ আচৰিত মনুহ দেই" মনিকাই হাঁহি হাঁহি কলে আৰু তৎখনাত গম্ভিৰ হৈ পুনৰ কলে "কিন্তু তই থিকেই কৈছ"।
মনিকাই হুমুনিয়া এটা কাঢ়ি থিয় হল।টেবোলত থকা পানীৰ যাৰটোৰ পৰা পানী এগিলাছ ভৰ্তি কৰি খোৱাৰ পিছত তাই পুনৰ বিছনা খনত বহিলৈ কলে "কিন্তু আমি একো আনন্দ অনুভৱ নকৰো।ইয়াত অহা সকলোৱেই লৰা লৰিত থাকে,সকলোৱে ভোকত থাকে,শৰীৰৰ ভোকত।আহিয়েই জপিয়াই পৰে আৰু ভোক দূৰ হোৱাৰ মাত্ৰকেই আঁতৰ হৈ যায়।কোনেও কাৰো দুখ কষ্টৰ কথা শুধিবলৈ নাই।আচলতে কাৰো সৈতে আমাৰ মানসিক সম্পৰ্কয়ে নহয় যে।আমাৰো কোনো প্ৰয়োজন নপৰে বা গ্ৰাহক সকলৰ হাতটো সময়ৰ অভাৱ।এই ধান্দাত যেতিয়াৰ পৰা নামিছো তইয়ে প্ৰথমগাকী ব্যক্তি যাৰ কোনো খৰ খেদা নাই।তই সমগ্ৰ নিশাটোৰ বাবে ধন আদায় দিছ আনফালে কিছু কিছুৱে ঘণ্টাৰ বাবে ধন আদায় দিয়ে।একাংশই যেতিয়া সমগ্ৰ নিশাটোৰ বাবে ধন আদায় দি আমাক হোটেলৰ কাঠালৈ লৈ যায় তেতিয়া তাত পাঁচ বা ছয় গৰাকী ব্যক্তিটো থাকেই,কিন্তু আমাক লৈ যাওতে দুজন বা তিনিজনহে আছো বুলি কয়।অৱশ্যে এতিয়া এনে কথাবোৰ অভ্যাসত পৰিনত হৈছে।আমি জানো যে সমগ্ৰ নিশা মানে সম্পূৰ্ণ আঠটা ঘণ্টা,আৰু এই সনয় চোৱাত আমাৰ শৰীৰ আৰু আত্মা দুয়োটাই বিধস্ত কৰি পেলাব লগা হৈ পৰে।"
"তোৰ কথাবোৰ শুনি মোৰ চকুত তোৰ বিষয়ে এখন বেলেগ ধৰনৰ ছবিহে প্ৰতিফলিত হৈ আহিছে"
"কেনে ধৰনৰ ছবি ?"
"নাজানো,কিন্ত সেই ছবিখন কোনো বেশ্যাৰ নহয়, তোৰ অতিতৰ বিষয়ে মোক অলপ কবি নি ?"
"হা হা হা"…মনিকাই এটা কৃত্ৰিম হাঁহি মাৰিলে।"এতিয়া কবলৈনো আৰু কিনো বাকি থাকিল,আণ্টিৰ এই আদ্দায়ে মোৰ অতিত,বৰ্তমান আৰু ভবিষ্যৎ হয়।পাঁচ বছৰৰ পৰা ইয়াত আছো।প্ৰতিটো নিশাই মোৰ শৰীৰটোক এচাম পশুৰ হতোৱাই বখলিয়াবলৈ নিজকে সমৰ্পিত কৰি আহিছো।ভোকাতুৰ দানবৰ দ্বাৰা নিজৰ ধৰ্ষণ নিজেই কৰাই আহিছো।"
"তেন্তে তই ইয়াৰ পৰা গুছি নাযাৱ কিয় ?"
"এই পথটো কেৱল one way হে হয়,ইয়াত যুৱতী-মহিলা সকলে প্ৰবেশ হে কৰিব পাৰে ইয়াৰ পৰা কিন্তু প্ৰস্থান কৰিব নোৱাৰে।"
"তোৰ এই পথত প্ৰবেশ কেনেদৰে ঘটিল ?"
"বৰ জেদী দেই, এইটো জনাৰনো তোৰ কি প্ৰয়োজন আছে,তই নিজৰ ব্যয় কৰা ধনৰ মুনাফা নলৱ কিয় ?কিয় মই পহৰি যোৱা সময়বোৰ পুনৰ মনত পেলাবলৈ লাগি আছ ?( Assamese story )
ৰাজীবে মনিকাক নিজৰ কোলালৈ টানি আনে আৰু তাইৰ বগা পিঠিটোত হাত বুলাই কয় যে, "তোৰনো মোৰ ধনক লৈ ইমান চিন্তিত হবলৈ কি প্ৰয়োজন আছে ? চিন্তা নকৰ,ইয়ালৈ আহিছো যেতিয়া ব্ৰহ্মচাৰীটো নহয়,আণ্টিৰ হাতত দিয়া ধনৰ মুনাফা নিশ্চয় লম।কিন্তু তোক দেখি,তোৰ কথা বতৰা শুনি এনে লাগিছে যে তই কোনো ভাল পৰিয়ালৰ ছোৱালী হয়।তই নিজেই কৈছ যে,আপোন জনৰ বিশ্বাসঘটকতাৰ বাবেই তই ইয়াত আছ বুলি।এই পৃথিৱীখন এনেকোৱাই,মই জানিব বিছাৰিছো যে কোনে কোনে বিশ্বাসঘটকতা কৰিছে তোৰ সৈতে ?"
"তই কি তাহাঁতৰ ওপৰত প্ৰতিশুধ লবি নি ?" মনিকাই কথাষাৰ উপলুঙা সুৰত কলে।
"নলওঁ,কিন্তু জানিবলৈ ইচ্ছা আছে মোৰ।"
"কি কৰিবিনো জানি" মনিকা পুনৰ গম্ভিৰ হৈ পৰিল।
"সকলোৰে আপোন সকলেহে বেছি বিশ্বাসঘটকতা কৰে।বহুবাৰ আনৰ অনুভবে কাৰোবাৰ জীৱন সহজ কৰি টোলিব পাৰে।মোক কোনো সমাজ সচেতন ব্যক্তি বুলি ভাবি নলবি,মইও পৃথিৱীৰ আন লোক সকলৰ দৰে স্বাৰ্থপৰেই হয়।মইও নিজৰ ভোক দূৰ কৰি আছো।প্ৰায়ে সকলোৰে শৰীৰৰ ভোক থাকে কিন্তু মোৰ শৰীৰৰ লগতে মানসিক ভোকেও আছে।মোৰ দুয়োটাই দূৰ কৰিব লাগে,সেয়ে তোৰ সৈতে কথা পাতি আছো,তোক প্ৰশ্ন কৰি আছো,তোক জানিবলৈ চেষ্টা কৰি আছো।তই সকলো ক, নিজৰ বাবে নহলেও মোৰ বাবে।তোৰ বাবে আদায় দিয়া ধনৰ কিছু মুনাফা মই এনেদৰেই লম।
মনিকাই ৰাজীৱৰ দুবাহুৰ মাজত সোমাই পৰে,বহু দিনৰ অন্ততহে যেন তাইৰ প্ৰকৃত দেহাটো ঘূৰি আহিছে।আজি তাই নিজকে ৰাজীবৰ ওচৰত স্বইচ্ছাই সমৰ্পন কৰিবলৈ আনন্দ মনে প্ৰস্তত হৈ পৰিছে।ৰাজীবে তাইক এটা চুমা খাই, তাইৰ ঘন দীঘল চুলি কোচাত আঙুলি ফুৰাই,তাইৰ চকুত চকু থয়।মনিকাৰ চকু চকুপনীৰে ভৰি পৰিল।ৰাজীবে মৰমেৰে তাইৰ চকুপানী মচি দিলে।মনিকাই এতিয়া তাইৰ অতিতৰ বিষয়ে কবলৈ আৰম্ভ কৰিলে।তাই কয় যে " তাই এটা ভাল পৰীয়ালৰ ছোৱালী আছিল,তাই ভাল বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল কিন্তু তাইৰ মাক দেউতাকৰ মাজত অকনো মিল নাছিল।অৱশেষত দুয়ো বেলেগে বেলেগে থকাৰ সিদ্ধান্ত লয়।বিবাহ বিচ্ছেদৰ পিছত মোৰ মায়ে দ্বিতীয় বিবাহ কৰি লয়।মই মাৰ সৈতে নতুন গৃহলৈ গোছি যাওঁ।তাটো মোক এখন ভাল বিদ্যালয়ত নামভৰ্তি কৰোৱা হয়।প্ৰথম অৱস্থাত সকলো থিকেই আছিল কিন্তু পিছলৈ মোৰ সৌন্দৰ্য্যৰ বাবেই মই শেষ হব লগীয়া হয়।মোৰ উঠি অহা যৌৱন দেখি মোৰ মাৰ নতুন স্বামী অৰ্থাৎ যাক মই দেউতা বুলি সন্মান কৰিছিলো তেওঁৰ স্বভাব সলনি হৈ পৰে।আৰু সুবিধা বুজি তেওঁ মোক এদিন ঘৰতে ধৰ্ষণ কৰে আৰু ক্ৰমান্নয়ে এই অপকৰ্ম নিয়মত পৰিনত হৈ পৰে।কেছা কলিটো ফুলাৰ পূৰ্বেই তাক ফেনেকি মোহাৰি পেলোৱা হল।মায়ে সকলো জানিছিল যদিও নিমাত হৈ আছিল,নাজানো ইয়াৰ বাবে তেওঁ বাধ্য হৈ পৰিছিল নে তেওঁৰ কিবা আন স্বাৰ্থ লোকাই আছিল।সময় বাগৰাৰ লগে লগে মোৰ বিবাহৰ বাবেও খৰখেদা আৰম্ভ কৰে।কিন্তু দেওতা ৰূপি দানব জনৰ এই ক্ষেত্ৰত কোনো সদিচ্ছা নাছিল।এনে পৰিস্থিতিত মোৰ বিবাহ এনেকোৱা এটা পৰিয়ালত কৰি দিয়া হয় যি নিকি কোনোফালৰ পৰাই সেই পৰিয়ালটো আমাৰ পৰিয়ালটোৰ বাবে একেবাৰেই যোগ্য নাছিল।ঘৰৰ কথাটো বাদেই স্বামী জনো মোৰ বাবে এক অভিশাপ স্বৰূপ হৈ পৰিছিল।তেওঁ অশিক্ষীত হোৱাৰ ওপৰিও প্ৰতিদিনাই মোক মাৰপিট কৰিছিল।এনে পৰিস্থিতিত মই এনে এটা ভূল সিদ্ধান্ত লৈ পেলালো যিটো নিকি মোৰ বাবে আৰু ঘাতক ৰূপেহে প্ৰমানিত হল ।গাঁৱৰে এজন যোৱকৰ সৈতে মই প্ৰেম কৰি পেলালো আৰু সি মোক ঘৰৰ পৰা পলোৱাই লৈ গল। কেইদিনমান থিকে থিকে পাৰ হল, কিন্তু খোব সোনকালেই সি মোক অৱহেলা কৰিবলৈ ধৰিলে আৰু এদিন দাললৰ হাতত মোক বিক্ৰি কৰি দিয়ে।দালালে আনি মোক আণ্টিৰ ওচৰত বিক্ৰি কৰি দিয়ে আৰু সেই দিনৰ পৰাই মই কেৱল এটা শৰীৰহে হৈ পৰো।নাই মোৰ কাৰোবাৰ ওপৰত বিশ্বাস আছে নাই মোৰ কিবা ইচ্ছা আছে।কিন্তু আজি এনে লাগিছে যেন মনিকা পুনৰ জীৱিত হৈ পৰিছে…কিন্তু"
"কিন্তু কি ?"
"তই ভাল নকৰিলি,এখন মৃত অন্তৰক তই পুনৰ জীৱিত কৰি টোলিলি,ইয়াক পুনৰ মাৰি পেলাব লাগিব"
"তই নিজেহে কৈ আছিলি যে,আমাৰ কিবা অন্তৰ নাই নিকি ? আমি কেৱল এটা শৰীৰ হে নিকি ?
আহোতে তোক বহুত খঙত দেখিছিলো,কিয় ইমান খং উঠি আছিল তোৰ ?" - ৰাজীবে বিষয়টো সলনি কৰি তাইক প্ৰশ্ন কৰিলে।
"মই কৈছিলোৱে চোন,যেতিয়া আমাক হোটেললৈ লৈ যোৱা হয় তেতিয়া আমাক কোৱা হয় যে দুই-তিনিজন ব্যক্তিহে আছে কিন্তু সচৰাচৰ চয়-সাত জনেই থাকে আৰু তেওঁলোকৰ অত্যাচাৰ সহ্য কৰিব লগা হয়।অবশ্যে এতিয়া এইবোৰ আমাৰ বাবে সামান্য কথা হৈ পৰিল যদিও আজিটো পাশৱিক অত্যাচাৰৰ সীমা অতিক্ৰম কৰিছিল।আজি সমগ্ৰ দিনটো এটা চহকী যুৱক আৰু তাৰ পাঁচ জন বন্ধুৰ ভোক দূৰ কৰিছিলো।অলপতে যৌৱনত খোজ দিয়া এই যোৱক কেইজনে নীলা ছবিত দেখা অভিজ্ঞতা সমূহ মোৰ ওপৰত ব্যৱহাৰ কৰিছিল।বহু কষ্টৰ মাজেৰে দিনটোৰ সময় সম্পূৰ্ণ কৰি আহিছিলোহে মাত্ৰ,তেনেতে গম পালো যে আকৌ সমগ্ৰ নিশাটোৰ বাবে যাব লাগিব বুলি।তেতিয়া এনে লাগিছিল যেন আজি নিশাটোত অলপ টোপনি মৰাৰো মোৰ ভাগ্যত নাই।কিন্তু এতিয়া এনে লাগিছে যেন এনে নিশাৰ বাবেটো মই প্ৰতিটো নিশাই উজাগৰে থাকিব পাৰো, এয়াটো ফুলশয্যাৰ নিশা হয়।"
"ফুলশয্যা ?" - ৰাজীবে আচৰিত হৈ শুধিলে
"আজি প্ৰথমবাৰৰ বাবে কোনোবাই মোৰ অন্তৰৰ কথা শুনিছে,কোনোবাই মোক দুখ-বেদনা বুজি পাইছে,যিটো নিশাত এনেধৰনৰ মৰম পোৱা যায় তেন্তে সেয়া ফুলশয্যাৰ নিশা নহৈনো আৰু কি হব?"
কথা পাতোতে পাতোতে দুয়ো শাৰীৰিক মিলনলৈ অগ্ৰসৰ হল।আজি মনিকাই তাইৰ ধৰ্ষণ নাই কৰোৱা,আজি তাই যেন এগৰাকী ন-কইনা।পূৰ্বৰ নিশাবোৰ বহুত দীঘলীয়া অনুভৱ হোৱাৰ বিপৰিতে আজিৰ নিশাটো যেন অতি সোনকালেই অন্ত পৰিল।সময়ৰ যেন আজি পাখীহে গজিলে,পুৱা হল,ৰাজীবৰো যাবৰ হল।সি কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰে তেনেতে মনিকাই তাক পিছফালৰ পৰা সাবতি ধৰে।তাই ৰাজীবক তাৰ বিষয়ে শুধে।ৰাজীবে কয় সিয়ো জীৱনটো বহু দুখ কষ্টৰ মাজেৰেই পাৰ কৰি আছে।তাৰো ঘৰ আছে,পৰিয়াল আছে,সন্তান আছে কিন্তু দুখে তাৰ কেতিয়াও পিছ এৰা নাই।সি মনিকাৰ হাতৰ বান্ধোনটো কিছু ধিলা কৰি কয় যে, " চা মনিকা,তই এইটো নাভাবিবি যে মই তোক এই দলদলৰ পৰা বাহিৰ কৰিম বুলি,মই কোনো সমাজ শুধাৰক ব্যক্তি নহয় মই এজন পাৰিবাৰীক ব্যক্তি হে।যদি পাৰিবাৰীক নহলো হেতেন তথাপিও কিন্তু মই তোক ইয়াৰ পৰা বাহিৰ কৰিব নোৱাৰিলো হয়,কাৰন এনে কৰিবলৈ মোৰ ইমান সাহস নাই।"
মনিকাই পুনৰ তাৰ দুবাহুৰ মাজত সোমাই পৰে আৰু কয় "মোই আৰু এই দলদলৰ পৰা ওলাবও নিবিছাৰো,বাহিৰৰ পৃথিৱীখনটো মোৰ দেখায়ে আছে।কি বিশ্বাস আছে আগলৈ গৈ যে মোক কোনেও পুনৰ বিশ্বাসঘাটকতা নকৰিব বুলি।এই দলদলেই এতিয়া মোৰ বাবে জীৱন,কিন্তু তোৰ পৰা এটায়ে কামনা কৰো"- মনিকাই ইচ্ছা প্ৰকাশ কৰি ৰাজীবক কব ধৰিলে।ৰাজীবে কথাষাৰ শুনি ভিতৰি ভিতৰি কপি উঠিল আৰু সেই ভয় লোকোৱাই ৰাজীবে তাইক তাইৰ ইচ্ছা প্ৰকাশ কৰিবলৈ কলে।
"তই মাজে সময়ে ইয়ালৈ আহি গৈ থাকিবি বা কেতিয়াবা মোকো মাতি নিবি।বেছি নহলেও মাহেকত এটা দিনৰ বাবে।নিশাটোত পোৱা ধনৰ পৰিমানৰ আধা ভাগ আণ্টিয়ে লয় আৰু আধা ভাগ মোক দিয়ে।তই কেৱল আণ্টিৰ ভাগটো দিলেই হব।যদি সেয়াও দিব নোৱাৰ তথাপিও কোনো কথা নাই, মইয়ে দি দিম।মোৰ ধন জমা কৰি কোনো ৰাজমহল বনাবলৈ নাই নহয়,কেৱল কাপোৰ হে কিনো,এযোৰ শাড়ী যেনিবা কম লৈ লম।কিন্তু তোৰ সৈতে অতিবাহিত কৰা এটা নিশাই মোক ইমানেই মানসিক ভাবে শান্তি দিব যে মই দুখ সমূহ অনায়সে সহ্য কৰি যাব পাৰিম।"
ৰাজীবৰ ভয়টো অলপ পাতল হল,অৱশ্যে সি স্পষ্ট ৰূপত কৈয়ে দিছিল যে তাইক সি এই দলদলৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে বুলি।তথাপিও তাই ইচ্ছাৰ কথা কোৱাত তাৰ এনে লাগিছিল যেন তাই এনেকোৱা যাতে বিছাৰি নিদিয়ক যিটো নিকি সি তাইক দিব নৱাৰিবও পাৰে।অৱশ্যে ৰাজীব ইয়াৰ বাবে বাধ্য নাছিল,সি যোকোনো উত্তৰ দিব পাৰিলে হয়।কিন্তু নিশাটোৰ ভিতৰতে গঢ়ি উঠা সম্পৰ্কটোৰ পিছত সি যিকোনো উত্তৰ দি নিজকে হেয় প্ৰতিপন্ন কৰিব নিবিছাৰিলে।মনিকাৰ ইচ্ছা শুনি তাৰ ভাল লাগিল।এতিয়া সিও মনিকাক তাৰ দুবাহুৰ মাজত জোৰেৰে গবা মাৰি ধৰিলে।( Assamese story )
জ্ঞান : কোনো নাৰীয়ে ইচ্ছা মতে বেশ্যাৰ পথ বাছি নলয়।এগৰাকী নাৰী বেশ্যা হোৱাৰ অন্তৰালত পৰোক্ষ ভাবে আমাৰ সমাজৰ মুখা পিন্ধা ভদ্ৰ লোক সকলৰে হাত থাকে।সেয়ে সকলো নাৰীকে সন্মান কৰক কাৰন সকলোৱে মানুহ আৰু সকলোৰে এখন কোমল অন্তৰ আছে।কাহিনীটো ভাল পালে যদি অনুগ্ৰহ কৰি আপোনালোকৰ আপোনজনৰ মাজটো শ্বেয়াৰ কৰক,ধন্যবাদ।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজ নতবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment