- মা,,,,মা,,,,,দেউতা,,,,দেউতা,,,,,
কাৰোবাৰ উচুপনিত টোপনিৰ পৰা সাৰ পালো,কানখন থিয় কৰি শুনিলো নিশা এই কান্দোনৰ চিঞৰটি কোন ফালৰ পৰা আহিছে,,,,,, ( Assamese story )
হয় ! হয় ! এয়া আমাৰ মাজনীৰ সমাধিত হোৱা কান্দোন | মই মোৰ পত্নীক লক্ষ্য কৰিলো,তেওঁ শুই আছিল | মই সাৱধানে বিছনাৰ পৰা নামিলো,যাতে মই বিছনাৰ পৰা উঠি অহা তেওঁ গম নাপায় |
ঘড়ীটোলৈ লক্ষ্য কৰিলো,নিশা এক বাজিছে,,,,
আন্ধাৰ নিশা,সেয়েহে বাহিৰৰ লাইট জ্বলাই দিলো |আৰু লাহেকে দৰ্জাৰ খিলিটো খুলি ওলাই আহিলো |
সকলো ফালে নিশাৰ নিস্তব্ধতা | নিশাচৰ চৰাইৰ ভয়ংকৰ বিননি |
ফেকুৰি ফেকুৰি কন্দা চিঞৰ কেইটাই মোক বৰ আমনি কৰিলে | মই লাহে লাহে আমাৰ মাজনীৰ সমাধিৰ দিশে আগবাঢ়িলো |
তাইৰ সমাধিত মই এটা লাইটৰ ব্যৱস্থা কৰিছিলো | লাইটৰ পোহৰত সমাধি খন জিলিকি আছে |
কিন্তু আচৰিত মই সমাধিৰ কাষ পালো,কিন্তু উচুপনি বন্ধ নহ'ল |
সমাধিত তাইৰ সেই হাঁহি থকা নিষ্পাপ মুখখন জিলিকি আছিল |অনুভৱ কৰিছিলো তাই যেন এতিয়াই হাঁহি হাঁহি আহি মোৰ কোচত সোমাব,,,,
মাজনীৰ স্মৃতি জীয়াই ৰাখিবলৈ তাইৰ সমাধিত এজোপা ৰঙা গোলাপ ৰুইছিলো |গোলাপ জোপা লহপহকৈ ফুলিছে |তাইৰ দৰে ধুনীয়া হৈ পৰিছে গোলাপ জোপা |
মই গোলাপ জোপালৈ হাত খন মেলিছিলো,তেনেতে ধুমুহা অহাৰ দৰে শব্দ,আৰু গোলাপ নাছিব ধৰিলে,,,
- দেউতা,,দেউতা
মোৰ গাৰ নোমবোৰ শিয়ৰি উঠিল,গোলাপ জোপাই কথা কৈছে |
মোৰ চকুপানী বৈ আহিল,বকুত অযুত সাহস বান্ধি গোলাপ জোপা সাৱতি ধৰিলো,,,,
- মাজনী,তুমি কুশলে আছানে,তোমাৰ অবিহনে আমি বৰ কষ্টত আছো অ মাজনী |আমাৰ বকুখন শুদা হৈ গ'ল |তোমাৰ মা পাগলি হ'ল |দিনৰ দিনটো ঘৰতে সোমাই থাকি তোমাৰ ফটোখন চাই তোমাৰ সৈতে কথাপাতি থাকে,বৰ কষ্টত আছো মাজনী |
সেই ভয়ংকৰ দিনটো,কেতিয়াওঁ পাহৰিব নোৱাৰো,যিটো দিন আমাৰ বাবে অভিশপ্ত হৈ থাকিল |
ৰাতিপুৱাঁ মই অফিচ যাবলৈ ওলাইছিলো,,,
- দেউতা,দেউতা
- কোৱা মাজনী,,,,
- আজি অফিচৰ পৰা আহোতে মোৰ বাবে চকলেট আনিবা কিন্তু ,,,,,
- উম হব,তুমি মাক দুষ্ট নকৰিবা কিন্তু |
- উম,নকৰো মই ভাল ছোৱালী |
তেনেতে নিশি বাহিৰত ওলাই আহিল |
- মাজনী,দেউতাৰ অফিচ দেৰি হব নহয়,,,,
তাইক একপ্রকাৰ তানি নিয়াৰ দৰে লৈ গ'ল |
- নিশি কিয় তেনেকুৱা কৰিছা,,,
- হব তোমাৰ অফিচ দেৰি হব,তুমি অফিচৰ পৰা আহি উমলিবা,,,,
- দেউতা উম্মাহ,,,,,
তাই মোক ফ্লাইং কিছ এটা দিলে,,,,
- উম্মাহ মাজনী ,ভালকৈ থাকিবা |
তাই হাতখন জোকাৰি জোকাৰি মুখৰ হাঁহিটিৰে মোক বিদায় দিছিল,,,,
বহুত মৰমৰ তাই,তাই এখন্তেক মোৰ কাষত নাথাকিলে মোৰ বৰ অকলসৰীয়া যেন অনুভৱ হয় | মই অফিচৰ কামত ব্যস্ত হৈ আছিলো ,,,তেনেতে ফোনটো বাজি উঠিল,,,
- অ,নিশি কোৱা,,,,
- কথা এটা হ'ল,,,,
- কি কোৱা,,,
- মানে,,,,
- কি মানে,,,,,
- মানে ,,,,
- কিনো মানে মানে কৰি আছা চিধাকে কোৱা আকৌ,,,,,
- আমাৰ মাজনী নাই
মোৰ গাটো কপিব ধৰিলে,
- মাজনী নাই মানে !
- তাই ঘৰত নাই,,,
- ক'ত গ'ল ?
- নাযানো,মই ঘৰৰ কামত ব্যস্ত হৈ আছিলো,তাই আমাৰ বাগিছাত উমলি আছিল,,,,
- তাৰপাছত ,,,,,
- মই আহি যে চাওঁ তাই নাই,ক'ত গ'ল তাই !
মই আৰু ধৰ্য্য ধৰিব নোৱাৰিলো,অফিচৰ পৰা ওলাই আহি গাড়ী ষ্টাৰ্ট দিলো,কিছু সময় পাছত ঘৰ আহি পালো,তাইক বহুত বিছাৰিলো কিন্তু কতো নাপালো |
- হে ভগৱান,মোৰ বকুৰ কলিজা জনীৰ সন্ধান দিয়া,তাই মোৰ বহুত মৰমৰ,,,,
তাইৰ ফটোখন একেথৰে চাই চাই কান্দিলো,,
- মাজনী,এই মাজনী মই চকলেট আনিম তুমি আহা,আমি সন্ধিয়া সন্ধিয়া উমলিম নহয় ,তুমি কত মাজনী,মই ঘোৰা হ'ম ,তুমি মোৰ পিঠিত উঠিবা,,,,,
মোৰ মোবাইলটো বাজি উঠিল,অচিনাকী নাম্বাৰ ,ৰিচিভ কৰিলো,,,,
- হেল্ল'
- দেউতা,মোক লৈ যোৱা দেউতা
মাজনীৰ মাতচোন,,,,
- মাজনী ম,,,,ই তোমা,,,,ক আনিম মা,,,জনী তুমি কত ?
- মোৰ ভয় লাগিছে দেউতা,,,,
- না,,,,ই নাই মাজনী,,,মই আনিম তোমাক
- হেল্ল' মিষ্টাৰ,,,,
এজন পুৰুষৰ কন্ঠ,,,,
- হেল্ল'
- আপোনাৰ ছোৱালী লাগিব নে ?
- লাগিব লাগিব,তাই মোৰ কলিজা হয়,,,,
- যদি ছোৱালী লাগে দুদিনৰ ভিতৰত পাচ লাখ টকা জোগাৰ কৰক |
কথাখিনি কৈ ফোনটো কাতি দিছিলে,,,,
মই বহুত চেষ্টা কৰিলো আকৌ ফোনটো লগাব,কিন্তু চুইছ অফ,,,,,
- কি কৰিবা এতিয়া,,,,
- মোৰ মাজনীক আনিব লাগিব মই পইচাঁ জোগাৰ কৰিব লাগিব |/p>
কিন্তু সেয়া মোৰ বাবে অসম্ভৱ আছিল,মোৰ এটা সৰু চাকৰি পাচলাখ টকা ইমান সহজতে কত পাম ! কিন্তু মাজনী নাই নাই তাইক ঘূৰাই অনাৰ স্বাৰ্থত মই পইচাঁ জোগাৰ কৰিব লাগিব |
মই বহুত ঘূৰিলো কিন্তু সম্পূৰ্ণ পইচাঁ এতিয়াওঁ জোগাৰ কৰিৱলব পৰা নাই,নিশি পাগলীৰ দৰে হ'ল | মই হ'লো আধা পাগল,চকুত টোপনি নাই,পেটত ভাত নাই,কিনো পাপ কৰিছিলো মই যে ভগৱানে মোৰ ওপৰত ইমান ডাঙৰ এটা পৰীক্ষা লৈছে |
আকৌ সিহতৰ ফোন আহিল,,,
- কি হ'ল মিষ্টাৰ পইচাঁ জোগাৰ হ'ল নে ?
- অকমান কম কৰিব নোৱাৰে নে ?
- এক টকাও কম কৰিব নোৱাৰো | আৰু আপোনাৰ হাতত মাত্র চাৰি ঘন্টা সময় আছে,,,,,,,
- আৰু অকমান সময় দিয়ক মোক প্লীজ,আপোনালোকৰ ভৰিত ধৰিছো প্লীজ,মোৰ ছোৱালী জনীক অন্যায় নকৰিব,,,,
- দেউতা,,,,,
অকমান দূৰৰ পৰা চিঞৰাৰ নিছিনাকৈ মাজনীৰ চিঞৰটি মোৰ কানত পৰিল |
- মাজনী ,মাজনী
নাই সিহতে সংযোগ বিচ্ছিন্ন কৰি দিলে,,,,
মই পাগল দৰে আকৌ পইচাঁ বিছাৰি ঘূৰিলো,বহুত ৰাতি হ'ল ,কিন্তু পইচাঁ মই মিলাব নোৱৰিলো,,,,,
হতাশ মনৰে ঘৰলৈ উভতিলো,হেই মাজনী তুমি মোক ক্ষমা কৰিবা,মই তোমাক উদ্ধাৰ কৰিবলৈ অসমৰ্থ হ'লো | মই এজন অপাদাৰ্থ মাজনী | ( Assamese story )
নিশি,তাইৰ কি হব,কেনেকে মই তাইক সান্তনা দিম |হে প্রভু,নিৰাপৰাধী শিশু একোজনৰ ওপৰত এয়া কি অত্যাচাৰ,তুমি এনেকে ও মানুহৰ পৰীক্ষা লোৱা নে,,,,
সেই মানৱ ৰূপী দানৱ সকলক তুমি কিয় পৃথিৱী খনত ৰাখিছা প্রভু ! কিয় !
মদৰ ৰাগীত মাতাল মানুহ এজনৰ দৰে ধলং পলংকৈ আহি পদুলি পালো,,,,,,
পদুলি মুখত এটা বস্তা পৰি আছে,কি এয়া ! মই দৌৰি যোৱাৰ দৰে গৈ বস্তাটো খুলিলো,,,
গেট লাইটৰ পোহৰত দেখিলো,এয়া দেখোন মাজনী,,,,,,,,,
- মাজনী
এটা বিকত চিঞৰ মাৰি মই তাইৰ নিঠৰ দেহটো সাৱতি ধৰিলো,,,,,,,
কনমানি ছোৱালীজনীক সেই পাষণ্ড হতে চুৰিৰে হানি খুছি নিৰ্মম ভাবে হত্যা কৰিলে,,,
নিশি পাগলী হ'ল,বকুৰ মাজত লৈ হিয়া ধাকুৰী কান্দিলে,,,,,,,
- হে মাজনী ,মোক ফ্লাইং কিছ এটা দিয়া না,দেউতা দেউতা বুলি এবাৰ সাৱতি ধৰা না,এবাৰ মোৰ বকুৰ মাজত তুমি টোপনি যাবলৈ জেদ কৰাহিছোন মাজনী,,,,,,,
আমাৰ বকুখন শুদা হ'ল,আমাৰ সপোন বোৰ মৰহি গ'ল,,,,,
কেনেকে কিছুমান নৰপিশাচে নিৰপৰাধী শিশু একোটাক নিৰ্মম ভাবে মাত্র কেইটা মান পইছাৰ কাৰনে হত্যা কৰিব পাৰে ?
এবাৰ সিহতে জানো সেই কনমানি বোৰ মৃত্যু কষ্টখিনি উপলব্ধি কৰিব পাৰে !
মাজনীক মই আমাৰ মাজত ৰাখিম,তাইক আমাৰ বাগিছাতে সমাধিস্থ কৰিলো | তাই ভালপোৱা ৰঙা গোলাপ জোপা তাইৰ সমাধিত ৰোপন কৰিলো,,,,,
- হেৰা,কিয় কান্দি আছা তুমি ?
নিশিৰ মাতত উচপ খাই উঠিলো ,,,,
চকুপানী খিনি মছি ললো |
- নাই,,,,,,
- মাজনীলৈ মনত পৰিছে ,,,,,
- উম,,,,,,যে ঠুনুক ঠানাক মাতেৰে কৈছিলে,মই ডাঙৰ হ'লে ডাক্তৰ হম | দুখীয়া মানুহবোৰক সহায় কৰিম ,মনত আছে তোমাৰ ?
- উম আছে,,,,তাই যে তোমাৰ বকুৰ মাজত সোমাই কৈছিল,ৰাহুল আংকল হতৰ এটা বাবু আছে,মোক ও আনি দিবা না,,,,,মনত আছে তোমাৰ ?
- উম আছে ,নিশি,,,,,
- ভাৱাচোন আমাৰ নিচিনা পৃথিৱী খনত কিমান মাতৃ-পিতৃৰ বকু শুদা হৈ আছে ,কিমান কষ্ট ভোগ কৰি আছে,,,,
- যেনে আমি,,,,
নিশি হুকহুকাই কান্দিছিলে,,,,,,
নিশিক মই কাষত তানি আনিছিলো,
- চোৱাচোন নিশি,তাই কেনেকে হাঁহি আছে ,সেই হাঁহিটি পৃথিৱীৰ পৰা নোহোৱা হৱ বুলি মই কল্পনা ও কৰা নাছিলো ,,,,,,
দুয়ো মাত্র চকুপানীৰ মাজেৰে তাইৰ হাঁহি থকা নিস্বাৰ্থ মুখখনৰ ছবি খন চাই থাকিলো |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment