ৰাতি বাঢ়ে, নিচা বাঢ়ে। কুকুৰ গৈ গৰু-গাহৰি হয়। লানি নিছিগাকৈ গানৰ কলি ভাহি থাকে! জয়ন্ত হাজৰিকাৰ গান, জুবিন গাৰ্গৰ গান( Assamese story )। মাকৰ কোলাত কেঁচুৱাবোৰ কুচিমুচি সোমাই পৰে। গাঁৱৰ আকাশে-বতাহে প্ৰতিধ্বনি হয়- 'সাৱধান, পাৰ্থ বৰুৱা আহি আছে!' বৰদেউতাকৰ কেতিয়াবা সহ্য নহয়- 'কটানিধক, তোক আজি মই…!' জ্বলা জুইত ঘিউ পৰাৰ দৰে পাৰ্থ জ্বলি উঠে- 'ঐ বৰদেউতা, তোৰ নিচিনা দহোটাক মই কিনি ল'ব পাৰোঁ!' বৰদেউতাকে ভতিজাকক একো কৰিব নোৱাৰে বুলি বৰমাকে জানে। শেষত বৰমাকেই হাতত ফলাখৰি এডাল লৈ ওলাই আহে আৰু সেইনিশা নাটকৰ যৱনিকা পৰে।
পিছদিনা নিৰ্ভয়ে পাৰ্থ বৰদেউতাকৰ কাষলে আহে, যেন একোৱেই হোৱা নাছিল। বৰদেউতাকলৈ কেৰাহিকৈ চাই সোধে- 'বৰদেউতা অ', চাহ খালিনে?' বৰদেউতাকে চিৰিয়াখানাৰ জন্তু চোৱাদি তাৰ মুখলৈ চাই থাকে। সি বৰদেউতাকৰ কাষ চাপি আহে- 'বৰদেউতা, তোৰ ছাগৈ দুখ লাগে নহয়, যেতিয়া তই ভাব তোৰ ভতিজাতো শেষ হ'বলৈ গৈ আছে বুলি! তয়েই কচোন বৰদেউতা, নিজক নিঃশেষ হ'বলৈ এৰি দি কোনোবা জানো সুখী হৈ থাকিব পাৰে।' বৰদেউতাকে তাৰ মূৰত হাত ফুৰাই দিয়ে। বৰমাকে চাহ দুবাটি অানি দুয়োৰে সন্মুখত ৰাখে।
:বৰমা, তোৰ হাতৰ চাহ খায়েই মই এতিয়া বেলেগৰ হাতে চাহ খাব নোৱাৰা হ'লোঁ।
:ই থ থ বোপাই, ৰাতি হ'লে সেইসোপা খাবি, দিনত মহাভাৰত বকিবি!
:নহয় অ' বৰমা, তোৰ হাতত যাদু আছে। তই দেখোন বনপাত দুটামান থেকেচি দিলেই খাবলৈ ভাল লাগে। তোৰ হাত দুখনৰ নিচিনা মোৰ মাৰ হাত দুখনো আছিল!
:এতিয়া আৰু পুৰণি ৰেকৰ্ডখন বজাব নালাগে। গা পা ধুই আহগৈ, মই ভাত ৰান্ধিছোঁ।
ভাতৰ পাততো সি বৰমাকৰ ৰূপ-গুণৰ ৰামায়ন মেলে।
পাৰ্থ! পাৰ্থ বৰুৱা। এবছৰমান আগলৈকে পাৰ্থ সেই গোটেই অঞ্চলটোৰ বাবে সৌভাগ্যৰ প্ৰতীক আছিল। জীৱনৰ জটিলতাই তিলমাণো চুবলৈ সাহস নকৰা পাৰ্থৰ সত্য-নিষ্ঠতাক সকলোৱে সমীহ কৰিছিল। সৌ সিদিনালৈকে সি সুৰীয়া বাঁহী হৈ বাজিছিল তাত! ইংৰাজীত স্নাতকোত্তৰ পাৰ্থৰ ছন্দোময় জীৱন বহুতৰ বাবে আশা-ভৰসা প্ৰেৰণাৰ 'মাইলৰ খুঁটি' আছিল। কিন্তু আজিৰ পাৰ্থক কোনোৱে শ্ৰদ্ধা নকৰে, কৰে মাথোঁ ভয়! সকলোকে এটা অন্তহীন ৰহস্যৰ মাজলৈ ঠেলি দি সি এটা অনিশ্চয়তাৰ জীৱন আদৰি ল'লে। মাক-দেউতাকক কাহানিবাই হেৰুওৱা পাৰ্থৰ আপোন বুলিবলৈ অকল বৰদেউতাক আৰু বৰমাকহে আছে। একামাত্ৰ ভনীয়েকজনীও আদবয়সতে আপোনঘাতী হৈ মৰিল। সহজ-সৰল বৰমাকে ঘৰে-নামঘৰে শৰাই-দক্ষিণা দি ভাগৰি পৰিছে। ঘন বেজৰ পৰা তাবিজ এটা আনিও তাৰ বিচনা তলত পুতি ৰাখিছে।
পাৰ্থৰ ভিতৰখনক অনবৰতে বুজিবলৈ প্ৰয়াস কৰা অৱসৰপ্ৰাপ্ত শিক্ষক বৰদেউতাকে আজিলৈকে তাক টান শব্দ এটাও কৈ পোৱা নাই। বৰমাকৰ খং তাতেই-
:আপুনিয়েই ল'ৰাটোক লাই দি দি শেষ কৰি দিলে। তাক এদিন ভালকৈ ধমক এটা দিলেই চব ঠিক হৈ গ'লহেঁতেন!
বৰদেউতাকে খুউব সৰলতাৰে কয়-
:মালতী, মই তাক দাবি-ধমকি দিব পাৰোঁ। তাক গালি পৰাৰ অধিকাৰ মোৰ আছে। কিন্তু তুমি নিজে ভাবি চোৱাচোন, মোৰ চকুলৈ চাই কথা নোকোৱা ল'ৰাটোৰ আজিনো এনে কি হ'ল, যাৰ বাবে সি মোক বেয়াকৈ ক'বলৈও কুন্ঠাবোধ নকৰে! সেই কথাবোৰ নজনাকৈ তাক বাৰু মই কোন সতেৰে গালি পাৰোঁ?
:মই তাক শাসণ কৰিবলৈ কৈছোঁ, নহ'লে আমাৰ চকুৰ আগতে এদিন সি শেষ হৈ যাব।
:সি মোৰ নিজৰ ল'ৰাৰ দৰে। নিজৰ বুলি যেনেকৈ তাক মই মৰম কৰোঁ, এজন উচ্চ শিক্ষিত যুৱক হিচাপে মই তাক শ্ৰদ্ধা কৰোঁ! দুঃসময়ৰ এখন মঙহা ছবি চায়েই মই কালিৰ পাৰ্থক পাহৰি যাব নোৱাৰোঁ!
বৰমাকে আৰু মুখেৰে নামাতে। তপত হুমুনিয়াহ এটা পেলাই বৰদেউতাকে চকীখনত গাটো অলসভাবেে এৰি দিয়ে।
ভাতৰ পাতত বৰমাকে পাৰ্থৰ বিয়াৰ কথা উলিয়ায়-
:ইয়াৰ বিয়াখন পাতি দিয়ক, ই তেতিয়াহে যদি ঠিক হয়। আমাৰ ঘৰলৈ যে ইয়াক বিচাৰি আহে মেঘালী নামৰ ছোৱালীজনী…
বৰদেউতাকে মুখেৰে নামাতে। মুখলৈ নিব খোজা ভাতৰ গৰাহতো পাৰ্থই তললৈ নমাই আনে-
:দহ টকা এটা খৰচ কৰি ৰুগীয়া বৰদেউতালৈ দৰবৰ বটল এটা আনি দিব নোৱাৰাৰ অক্ষমতাই মোক কেনেকৈ খুলি খুলি খাই তই কেনেকৈ বুজিবি অ' বৰমা? আজিলৈকে নিজৰ উপাৰ্জনেৰে তহঁতক ভাত এসাজকে খুৱাই পোৱা নাই, তেনেস্থলত তই বিয়া পতাৰ কথা কৈছ। মই মেঘালীক কৈ দিছোঁ শূন্য জীৱন এটাৰ সৈতে নিজৰ জীৱনটো শেষ নকৰিবি, তই আনৰ লগত বিয়া হৈ যা।
:অ' তাৰ মানে তই মেঘালীক বিয়া নাপাত?
বৰদেউতাকে মাত লগায়-
:মেঘালীয়ে আমাক আপোন বুলি ভাবে আৰু আপোন বুলি ভবাজনে পৃথিৱীৰ সকলো দুখ মূৰ পাতি ল'ব জানে। তাই মোক নিজৰ দেউতা জ্ঞান কৰে, বৰমাৰক নিজৰ আই বুলি ভাবে, ইয়াতকৈ এটা সুখী জীৱনৰ সাধনা আন কি হ'ব পাৰে! মই তোক মেঘালীক বিয়া পাতিবলৈ কোৱা নাই, নকওঁ। মই প্ৰসংগক্ৰমে কথাটো এইবাবেই ক'লো- মেঘালী এজনী সঁচাকৈ ভাল ছোৱালী!
:মইতো সেইটোকে বৰমাক ক'ব বিচাৰিছোঁ বৰদেউতা, মেঘালী এজনী ভাল ছোৱালী, ভাল মানুহৰ সৈতে বেয়া চিন্তাও কৰা পাপ!
বৰমাকে মূৰে-কঁপালে হাত দিয়ে-
:জানো পাই, আপোনালোকে কি ভাল পাই কৰক। মইনো আৰু কি কৰিব পাৰোঁ।
চাৰিকড়ীয়াৰ আবেলি। ফটফটীয়া চাৰিকড়ীয়াত আবেলিৰ ৰঙচুৱা তিৰবিৰণি। সোণ সুৱগা চৰাই এজাক ডঁৰিকণা মাছে খেলিছে। হেলনীয়া গছজোপাৰ তলত মুখ ওন্দোলাই বহি আছে মেঘালী।( Assamese story )
:মেঘালী, তই যাগৈ। নিৰাপত্তাহীন মানুহ এটাৰ সৈতে নিজৰ জীৱনটো শেষ কৰি নেপেলাবি। তই বহুত ভাল ছোৱালী। সেয়ে ছাগৈ নেদেখাজনে তোৰ পৰা মোক আঁতৰাই অানিছে।
:মই জানো নহয়, দাৰ্শনিকৰ দৰে যুক্তি দি তুমি মোক তোমাৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰিছা। চোৱা পাৰ্থদা, তুমি যদি ভাবিছা তোমাৰ পৰা আঁতৰত থাকি মই সুখী হ'ম তেনে তুমি ভুল কৰিছা। মোক এৰি যোৱাৰ কথা যিদিনা ভাবিবা, মই চাৰিকড়ীয়াত জঁপিয়াই দিম। মোৰ সুখৰ সপোন দেখা মানুহটোৱে মোৰ মৌন-শেঁতা মুখৰ স্মৃতি লৈ হাঁহি হাঁহি জী থাকিবা!
:মোৰ নিচিনা মদাহী মানুহ এটাৰ লগত তই ক'ত থাকিবি, কি খাবি?
:মই জানোঁ পাৰ্থদা, তুমি আমাক খুউব ভাল পোৱা। আৰু এইটোও জানো এদিন আমাৰ বাবেই তুমি বেয়া বস্তুবোৰ খাবলৈ এৰি দিবা। তুমি থকা আৰু খোৱাৰ কথা কৈছা? খাবলৈ, শুৱলৈ নাপালেও তোমাৰ মুখখনকে চাই জীয়াই থাকিম। মাথোঁ তুমি মোৰ পৰা আঁতৰি নাযাবা।
পাৰ্থৰ মদাহী জীৱনৰ ৰহস্য কাৰোৰে জ্ঞাত নহয়। কোনোবাই সুধিলেও এক নিৰাপদ দুৰত্বত সি অৱস্থান কৰে। অাচলতে গোটেই অঞ্চলটোৰ বাবেই পাৰ্থ চৰ্চিত বিষয়। অঞ্চলটোত এনেধৰণৰ কথাই কেতিয়াও প্ৰাধান্য লাভ কৰা নাছিল। আজিৰ দিনতনো মদে নাখাই কাক? কিন্তু এইবাৰৰ কথা সুকীয়া। বিদেশৰ বিশ্ববিদ্যালয়ৰ সোণৰ পদকপ্ৰাপ্ত সকলোৰে আদৰৰ যুৱক পাৰ্থৰ এই নৈতিক স্খলন হজম কৰি ল'ব পৰা বিধৰ নহয়। পাৰ্থক লৈ বিভিন্ন মুখৰোচক কাহিনীৰ সমাহাৰ ঘটে। কোনোৱে কয়- এই মেঘালী নামৰ ছোৱালীজনীয়েই তাক শেষ কৰি দিলে। খেনোৰ মতে বৰমাক-বৰদেউতাকৰ বাবেই ল'ৰাটোৰ জীৱন ধ্বংস হ'ল, মাক-দেউতাকৰ সম্পত্তিবোৰ চব নিজৰ কৰি ল'লে। কোনোৱে কয়- ল'ৰাটোৰ গাত কিবা বেয়া দেৱতা লম্ভিছে, নিজৰ বুলি ক'বলৈ একমাত্ৰ ভনীয়েকজনীহে আছিল। তায়ো অকালতে আপোনঘাতী হৈ মৰিল।
আলিদোমোজাত মানুহবোৰ ওলমি থাকে। সদাই সন্ধিয়া পাৰ্থৰ মুখত মদাহী সংলাপে নাচে। বৰদেউতাকে গহীন হৈ বহি থাকে। বৰমাকে কেতিয়াবা অতিষ্ঠ হৈ ৰাউচি জুৰি কান্দে। মেঘালীৰ ঘৰতো পাৰ্থ সমস্যা হৈ দেখা দিলে। শিক্ষিত হ'ল বুলিয়েই নিজৰ জীয়েকক মদাহী এটাৰ সৈতে বিয়া দি ৰঙ চাবতো নোৱাৰি। মেঘালী আঁকোৰগোজ- বিয়া হ'লে পাৰ্থৰ লগতেই হ'ম, নহ'লে মৰি যাম। ঘৰৰ মানুহেও তাইক স্পষ্টকৈ জনাই দিলে- 'তই মৰিবলে ওলালেও আমি তোক পাৰ্থৰ সৈতে বিয়া নিদিওঁ।'
পাৰ্থৰ বৰদেউতাক-বৰমাকে মেঘালীক ঘৰলৈ মতাই আনিলে। বৰমাকে আঁচলেৰে টুকি ক'লে-
:আই, তইতো জানই, আমাৰ আগলেও নাই, পিছলেও নাই! তাৰ হাতৰ মুখলৈকে চাই জীয়াই আছোঁ। তয়েই কচোন দিনৰ দিনটো ঘৰত নাথাকে, ৰাতি হ'লে সেই সোপা খাই আহে। কিবা সুধিলেও একো নকয়। তয়েই কিবা এটা কৰ আই!
:মই ভাগৰি পৰিছোঁ বৰমা। এবাৰ যদি জানিলোহেঁতেন সি কিয় তেনে কৰিছে, কিবা কৰি হ'লেও মই তাক আতঁৰাই আনিলোহেঁতেন!
চেঁচা বুকুখন সাৱটি মেঘালী ঘৰলৈ উভতে।
মেঘালীয়ে এবাৰ চাৰিকড়ীয়াৰ নিৰ্জন পাৰত পাৰ্থক কৌশলগতভাৱে সাৱটি ধৰিছিল। পাৰ্থলৈ প্ৰক্ষেপ কৰা সেইপাতেই তাৰ শেষ অস্ত্ৰ আছিল। দুচকুত কৃত্ৰিম কামনাৰ প্ৰলেপ সানি তাই তাক কাৰাৰুদ্ধ কৰিব বিচাৰিছিল। গৰজি উঠিছিল সি-
:চা মেঘালী, তোক নিজৰ কৰি লোৱাৰ নিশ্চয়তাই দিব নোৱাৰোঁ, তেনেস্থলত তোৰ হাত এখন চুৱাৰ অধিকাৰ মোৰ আছে বুলি মই নাভাবো।
উচুপি উচুপি চাৰিকড়ীয়াৰ পাৰৰ পৰা তাই ঘৰলৈ লৰ ধৰিছিল।
বৰদেউতাকৰ অনুমতি সাপেক্ষে পাৰ্থৰ সংগতিহীন জীৱনৰ ৰহস্য উদঘাটনৰ বাবেই আজি মেঘালী পাৰ্থৰ কোঠালৈ মনে মনে আহিছে। এক অজান ঘশংকাত তাইৰ বুকুখন দুৰুদুৰুকৈ কঁপিছে। শিতানৰ বেৰত তাৰ মাক-বাপেকৰ এখন যুগ্ম ফটো। পঢ়া টেবুলখনত ভনীয়েকৰ এখন হাঁহি থকা ফটো। তাই দিয়া মাউথ অৰ্গেনখন, ম'ৰা চৰাইৰ পাখি কেইটা দেখি তাইৰ দুচকুলৈ বাৰিষাৰ ঢল নামি আহিল। শিতানৰ ফালে তাই বিচনাখনৰ কাপোৰবোৰ দাঙি দিলে। তাই দিয়া গামোচা কেইখন অাৰু চিঠিবোৰ, সিহঁতৰ সোণোৱালী সময়ৰ ৰহনীয়া পুৱা-গধূলিবোৰ সেই চিঠিবোৰৰ মাজতেই নিজানে-নিতালে শুই আছে। চিঠিবোৰ বুকুত লৈ তাই খন্তেক সময়ৰ বাবে নিজক পাহৰি গ'ল।
মেঘালী সফল হৈছিল। দুঃসময়ে কাঢ়ি লৈ যোৱা পাৰ্থৰ বাতৰি তাই পাইছিল। নিমিষতে ভয়ানক এটা পিশাচে তাই মূৰৰ ওপৰৰ আকাশখন কাঢ়ি গ'ল। একুৰা তামৰঙী জুইত মৰমৰাই জ্বলি উঠিল তাইৰ নদীৰ কলিজা। তাই দিয়া এখন গামোচাৰ মাজৰ পৰা সৰি পৰিল এখন মৃত্যুৰ দলিল। মৃত্যুৰ আগমুহূৰ্তত ভনীয়েকে ককায়েকলৈ লিখা এখন চিঠি, এটা চুইচাইড্ ন'ট্।
মৰমৰ দা,
মোৰ শেষ সেৱা গ্ৰহন কৰিবি। তই নজনাকৈ মই বহুদূৰ আগবঢ়ি আহিছিলোঁ। মই তিনিমাহৰ অন্তঃসত্ত্বা। মেঘালীৰ ককায়েক শ্যামলে মোৰ লগত প্ৰেমৰ অভিনয় কৰি মোৰ সকলো কাঢ়ি লৈ গ'ল। কথাবোৰ বৰদেউতা-বৰমাহঁতক জানিবলৈ নিদিবি। মোৰ মৃত্যুৱে তোক যিমান দুখ দিব, মই জীয়াই থাকিলে তাতকৈ বেছি দুখ পাবি বুলিহে মই একেবাৰে গুচি অাহিলোঁ। মই জানো, তই মোক ক্ষমা কৰি দিলিহেঁতেন! মেঘালীক তই ভাল পাৱ বুলি মই জানো। ভালপোৱাৰে আৱৰি ৰাখিবি তাইক। মই তহঁতৰ শুভকামনা হৈ থাকিম।
ইতি
তোৰ দুৰ্ভগীয়া ভনী
এটা শিলৰ নাম মেঘালী। এখন ৰৈ যোৱা নদীৰ নাম মেঘালী। চিঠিখনৰ আনটো পিঠিত আৰু এখন চিঠি। আন এটা চুইচাইড্ ন'ট্।
মৰমৰ ভনী,
তই কিয় এবাৰো উপলব্ধি নকৰিলি, তোৰ অবিহনে মই কেনেকৈ থাকিম! এবাৰো কিয় অনুভৱ নকৰিলি, তোৰ এটা ভুলে আমাৰ সকলোৰে জীৱনলৈ কাল অমানিশা নমাই আনিব বুলি! মই তোৰ প্ৰতাৰক প্ৰেমিক শ্যামলক অতি নৃশংসভাৱে হত্যা কৰিলোঁ। মেঘালীক মই খুউব ভাল পাওঁ। তাই এৰি থৈ যোৱাৰ কথা ভাবিলেই পৃথিৱীখনলৈ কিবা মায়া উপজে। কিন্তু মই কি কৰিম- এজন হত্যাকাৰী জানো এহাল দেৱতুল্য মানুহৰ আশা-ভাৰসাৰ প্ৰতিক হৈ জীয়াই থাকিব পাৰে?? এজন হত্যাকাৰী জানো মেঘালীৰ প্ৰেমিক হ'ব পাৰে???
আজিকালি সন্ধিয়া মই মদ খোৱাৰ অভিনয় কৰোঁ। মোৰ বুকুৰ এফাল বৰমা-বৰদেউতাক গালি পাৰোঁ। গাঁৱৰ মানুহবোৰকো গালি পাৰোঁ। সকলোৱে মোক ঘৃণা কৰক। মোৰ প্ৰয়োজন সকলোৰে জীৱনৰ পৰা আঁতৰি যাওঁক। এদিন মোৰ মৃত্যু সকলোৰে কাম্য হ'ব। সেইদিনা অন্ততঃ মই শান্তিত মৰিব পাৰিম। য'তে নাথাক, কুশলে থাক। মই তোৰ সকলো দোষ ক্ষমা কৰি দিলোঁ।
ইতি
তোৰ দা
এক অদৃশ্য শক্তিয়ে মেঘালীক চাৰিকড়ীয়াৰ ফালে টানিছে। চিঠিখন বুকুত সাৱটি তাই দৌৰিছে, মাথোঁ দৌৰিছে।( Assamese story )
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য নিশান্ত বৰদলৈৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page…
No comments:
Post a Comment