তাই দৌৰিছে | কোনো ফালে ভ্রক্ষেপ কৰা নাই | এই জীৱনৰ আশা তাই আজিয়ে বাদ দিলে | কিমান আৰু মানুহৰ হাঁহি,ককৰ্থনা সহি থাকিব তাই ( Assamese story ) | এইখন সমাজে তাইক মানুহ হিচাপে জীয়াই থাকিব নিদিয়ে | মানুহে সহজতে বদনাম দিব পাৰে,মানুহৰ দেহত দাগ দিব পাৰে ! কিন্তু কোনোবাই জানো খবৰ লৈছিল তাই বিধবা হোৱাৰ পাছত সেই কনমানিক লৈ কেনেকে ঘৰখন চলাই আছিল! কিন্তু আজি গাওঁত এটা সৰু ল'ৰাই দেখিলেওঁ তাইক হাঁহে ! তাইৰ পৰপুৰুষৰ লগত সম্পৰ্ক আছে |
কিমান সহ্য কৰিব তাই | মানুহৰ ও ধৈৰ্য্যৰ এটা সিমা আছে | কিন্তু আৰু তাই নোৱাৰে |
অইন দিনাৰ দৰে তাই আজি ৰাতিপুৱাওঁ একে গাওঁৰ সোনেশ্বৰ কাইটিৰ ঘৰত কাম কৰিবলৈ গৈছিল | সিহতৰ ঘৰত তাই মাহেকীয়া হিচাপে কাম কৰাৰ বাবে সামান্য এটি বেতন পাই | আৰু সেইখেনিৰে তাই যেনেতেনে চলি আছে |
তাইক দেখামাত্রকে সোনেশ্বৰ কাইৰ মুখৰ ৰং সলনি হৈছিল |
- অঞ্জলি,,,,,,
- অ কাইটি,,,,,
- তই আজিৰ পৰা আমাৰ ঘৰত কাম কৰিব নালাগে |
তাইৰ বুকুখন কপিছিল |
- কিন্তু কাইটি,,,,
- কোনো কিন্তু নাই | তোক মই বহুত বিশ্বাস কৰিছিলো | আৰু তোৰ ওপৰত মোৰ অযুত বিশ্বাস আছে | মই জানো তোৰ চৰিত্র কেতিয়াওঁ বেয়া নহয় | আৰু বেয়া হোৱা হ'লে তই মোৰ ঘৰত চাকৰনি কাম কৰিব নাহিলি হৈ |
তাই মাত্র সোনেশ্বৰ কাইটিৰ কথাবোৰ শুনি গৈছিল |
- গাওঁত সিদ্ধান্ত লৈছে তোক গাওঁৰ পৰা এঘৰীয়া কৰা হৈছে |
- কি !
- খুব সম্ভৱ গাওঁৰ মানুহে মিলি তোৰ ঘৰ দুৱাৰ আজি ভাঙি দিব | মই দুখ পাইছো অঞ্জলি | তই মোৰ ছোৱালী বয়সৰ | কিন্তু মই কি কৰিম ক' | গাওঁৰ ৰাইজৰ প্রতিবাদ মই অকলে কেনেকে কৰিম |
তাই মাত্র কান্দিছিলে |
- তই মোক ক্ষমা কৰিবি অঞ্জলি | মই দুক্ষিত | এয়া ল' তোৰ আধৰুৱা মাহৰ ৬০০ টকা | আৰু মোৰ ফালৰ পৰা এয়া ২০০ টকা দিলো |
- নালাগে কাইটি | মোক পইচাঁ নালাগে | মাত্র তুমি আশীৰ্বাদ কৰিবা যাতে মৃত্যুৰ পাছত মোৰ আত্মাই শান্তি লাভ কৰে |
- অঞ্জলি,তই পাগল হলি নেকি ? তাৰ এটা ভৱিষ্যত আছে | তই তাক এৰি,,,,,
- এজনী বদনামী মাকৰ সন্তানৰ,নষ্ট চৰিত্রৰ মহিলা এজনীৰ সন্তানৰ কি ভৱিষ্যত থাকিব কাইটি | কালিলৈ সিওঁ মানুহৰ গৰিহনাৰ পাত্র হব|
সোনেশ্বৰ কাইটিৰ মুখৰ শব্দ হেৰাই গৈছিল |
- মই আহো কাইটি,,,,,
চিঞৰি ওলাই আহিব বিচৰা কান্দোনটি তাই চাদৰৰ আছলৰে হেচি ধৰিছিল | আৰু দৌৰিছিল |
- অঞ্জলি,হেই অঞ্জলি,,,শুনচোন
নাই তাই পিছলৈ ঘূৰি চোৱা নাছিলে | তাই মাত্র দৌৰিছিল | স্বাৰ্থপৰ সমাজখনৰ পৰা তাই আতৰি আহিছিল |
কিছু সময়পাছত তাই গাভৰু নদীৰ ঘাট পাইছিল | আৰু তাই বাৰিষাৰ ভৰা নদীত জাপ দিবলৈ লৈছিল |
- নবৌ,,অঞ্জলি নবৌ,,,,,
কাৰোবাৰ চিঞৰত তাই থমকি ৰৈছিল | আৰু পাছলৈ ঘূৰি চাইছিল,,,,,
- পল তুমি, তুমি কিয় আহিছা পল ?
- আৰু একেতা প্রশ্ন যদি মই তোমাক কৰো |
- মই মৰিবলৈ আহিছো পল | জীয়াই থকা হেপাঁহ কন ইমানতে শেষ হ'ল |
- মোৰো,,,,
- তোমাৰ আকৌ কিয় ?
- মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে | মোক ত্যাজ্য পুত্র কৰিলে | তাক লৈ মোৰ দুখ নাই মিছাতে বদনামী হৈ থকাতকৈ মৰি যোৱাই শ্রেয় |
- মই কেতিয়াওঁ ভবা নাছিলো পল যে আমাৰ গাওঁৰ মানুহবোৰ ইমান স্বাৰ্থপৰ,ইমান নিষ্ঠুৰ |
- কি কৰিবা নবৌ মানুহৰ মানসিকতা সলনি হ'ল | এবাৰ কালিৰ কথা ভাবি চোৱাছোন,,,
অইন দিনাৰ দৰে সেইদিনাওঁ অঞ্জলিয়ে সোনেশ্বৰ কাইটি হতৰ ঘৰৰ পৰা কাম কৰি আহিছিল | কিন্তু কামৰ পৰা অহাৰ পাছতে তাইৰ গা বহুত বেয়া লাগিছিল |
যেনিতেনি চাকিগছি জ্বলাই,আন্ধাৰ হৈ থকা জুপুৰিটোত পোহৰ বিৰিঙালে | আৰু চিধাই ভাগৰুৱা,অলস দেহাটি বিচনাত এৰি দিছিলে | লাহে লাহে তাইৰ গোটেই গাটি বিষাইছিলে | যন্ত্রনাত তাই কেকাই আছিলে | সেই সময়তে তাইৰ কনমানি পুত্রই চিঞৰি চিঞৰি কান্দিছিল | হয়টো পেতৰ ভোকত |
তেতিয়া নিশা প্রায় ন মান বাজিছিলে | তেনেতে সেই পিনে আহিথকা পলৰ কানত কাৰোবাৰ যন্ত্রনাৰ চিঞৰ,আৰু কনমানিৰ কান্দোনৰ চিঞৰ শুনিব পালে |
সি অঞ্জলিৰ ঘৰলৈ সোমাই আহিল | আৰু দৰ্জাখন ঠেলি ভিতৰলৈ সোমাই গ'ল ( Assamese story ) |
- নবৌ
অঞ্জলিয়ে কেকাই কেকাই তাক মাত দিছিলে
-কোন ?
-মই হে নবৌ,পল
- অ পল | বহা
- বহিম বাৰু কিন্তু তুমি কেকাই আছা যে,আৰু মইনাই কান্দি আছে কিয় ?
- মোৰ গাটো বহুত বেয়া লাগিছে অ | আৰু তাৰ চাগে ভোক লাগিছে |
পলে অঞ্জলিৰ কপালত হাত খন দি চালে |
- বাপৰে ! বহুত জ্বৰ উঠিছে তোমাৰ |
- কি কৰিবা,অকলসৰীয়া মানুহ |
পলে নিজে অঞ্জলিৰ পাকঘৰত চৌকা জ্বলাই পানী গৰম কৰিলে |
- তুমি পাৰিবা জানো পল ?
- নবৌ কিয় নোৱাৰিম |
সি কিছু সময় পাছত গৰম পানীৰে অঞ্জলিক হাত - ভৰি ধুব দিলে |
লাহে লাহে সময়বোৰ গৈ আছিল | ৰাতি বহুত হৈছিল | পল আৰু অঞ্জলিৰ গুনাগথাবোৰ ৰাতিৰ লগে লগে বাহিৰলৈ শুনিব পৰা গৈছিল |
সিহতৰ কথোপকথন সিহতৰ কাষৰে মদনহতৰ ঘৰলৈ শুনিব পাইছিল | মদন আৰু তাৰ ঘৈনিয়েকে অঞ্জলিহতৰ ঘৰত কোন নো আছে চাবলৈ আহিলে | আহি দেখিলে পল ইমান ৰাতি অঞ্জলিৰ ঘৰত |
সিহতে হুলস্থুল লগালে |
- তহতে বুজিব চেষ্টা কৰ | মোৰ গা বহুত বেয়া সেয়েহে পলে মোৰ ঘৰত আহিছে |
- তোৰ গা বেয়া ! ইয়াত কি পাতিছ ? বেশ্যালয় ?
- মদন
- নিচিঞৰবি | এতিয়া অভিনয় কৰিব নালাগে |
পলে আৰু শান্ত হৈ থাকিব নোবাৰিলে |
- তেতিয়াৰ পৰা অঞ্জলি নবৌ কেকাই আছিল,মইনাই কান্দি আছিল তেতিয়া শুনা নাছিলি ! এতিয়াহে শুনিলি ?
- হব এনেকুৱা অভিনয় আমি আগতে দেখিছো বহুত |
-যদি আমাৰ মাজত কিবা সম্পৰ্ক থাকিল হৈ তহতক শুনাই আমি কথা নাপাতিলো হৈ |
- হব| আমিওঁ জানো তহতে সচাঁ কথা ধৰা নপৰক বুলি সকলো জানি বুজিয়ে কৰিছিলি |
- মদন তহতক মই হাতজোৰ কৰিছো মোক আৰু বদনাম নিদিবি | মিছা বদনাম | এজনী নাৰীৰ জীৱনক লৈ এনেকে হেতালি নেখেলিবি | মোৰ ল'ৰা টোৰ মুখলৈ চাই তহতে এবাৰ চিন্তা কৰ |
কিন্তু নাই কোনেওঁ তাইৰ আৰু পলৰ কথা বিশ্বাস নকৰিলে | গাওঁৰ গোটেই ৰাইজ ওলাই আহিল |
অঞ্জলি ভাগি পৰিছিল |
দুয়োদুয়োকে নদীৰ বুকুত চাই ৰ'ল |
- পল !
- উম ,কোৱা নবৌ,,,,
- মই আহো,তুমি জীৱনটো ভালকৈ সজাবা,,,
- মই ওঁ যাম | এটা বদনামী জীৱন কেনেকৈ পাৰ কৰিম |
- কিন্তু মই তোমাক মোৰ কাৰনে মৰিব দিব নোবাৰো পল | কাৰন তোমাৰ একো দোষ নাই |
- মই ও তোমাক মোৰ কাৰনে মৰিব দিব নোবাৰো নবৌ | কাৰন মই নগলে সেইদিনা তেনে পৰিস্থিতি নহয় |
তেনেতে সিহতে গাওঁৰ সিটো মূৰত মানে অঞ্জলিৰ ঘৰ মানত প্রচণ্ড জুইৰ শিখা দেখিবলৈ পালে,আৰু মানুহৰ চিঞৰ বাখৰ | তাইৰ আৰু বুজিব বাকি নাথাকিলে |
যে তাইৰ ওপৰত ৰাইজে পৰাক্ৰম দেখাইছে | তাইৰ ঘৰ জ্বলাই ছাই কৰিলে |
- এতিয়া মই কি কৰিম পল ?
- কি কৰিম ! এটা ডাঙৰ প্রশ্ন | বদনামী হ'লো ,ত্যাজ্য পুত্র হ'লো | কিন্তু মোৰ মন আছে যিটো বদনাম মিছাতে পালো তাক সত্য কৰি দেখোৱা,,,,,,,
- কেনেকে,,,,
- যদি তোমাৰ আপত্তি নাথাকে তুমি,মই আৰু মইনাই নতুনকৈ এখন ঘৰ সাজিব নোবাৰো নে !
- কিন্তু
- কোনো কিন্তু নাই ! সমাজক আৰু ভয় নকৰো | যি সমাজে মাত্র বদনাম দিব জানে | ব'লা আমি এখন অচিনাকী ঠাইত যাম | য'ত অচিনাকী পৰিবেশ,অচিনাকী মানুহ মাত্র আমি চিনাকী | গঢ়িম এখন সুখৰ সংসাৰ | বাস্তব কৰিম বদনামক |
পলে অঞ্জলিৰ হাত খনত খামোছি ধৰিলে,আৰু মইনাক লৈ যাত্রা কৰিলে এখন অচিনাকী চহৰলৈ |||
এনেধৰন আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
Download HSlC Previous Year Question Paper PDF
ReplyDeleteGolpobor youtubet share koribo parim ne?
ReplyDelete