ৰাতিপুৱাঁ শুই উঠিয়ে মই পেপাৰ খন হাতত লওঁ | কিন্তু পেপাৰত যিবোৰ দেখো মূৰটো বেয়া কৰে | আজিকালি সঘনে দেখো কেৱল ডেকা ল'ৰা বোৰ এক্সিডেন্ট ঢুকাই ( Assamese story )| মনৰ মাজতে ভাৱ হয় সমাজৰ বিশ্বাস এয়া বিধাতাৰ লিখন নে আমাৰ উশৃংখলতা | আচলতে আমাৰ মাজত সাৱধানতাৰ অভাৱ | সৰুৱে ডাঙৰক কৰা সন্মানৰ অভাৱ হ'ল | কি যে দিনকাল আহিল | পুত্র হেৰুৱা বেদনাত মাক দেউতাকে পাৰ কৰে উজাগৰি নিশা | কিন্তু সিহতে যানো ভাবি চায় কথাবোৰ| জীৱনৰ মূল্য বুজি নাপায় | মানৱ জীৱন এবাৰে বাৰ বাৰ নহয় ! পূৰ্বজন্ম অহা জন্ম , পূৰ্বজন্মৰ কামৰ ফল এইবোৰ মাথো লোক বিশ্বাস হে,,,,,
ৰিছিয়ে পেপাৰ খন উলিয়াই এইবোৰ ভাৱনাতে মগন হ'ল | তেনেতে
- পাপা ,পাপা
অনন্যাই দৌৰি দৌৰি আহি দেউতাকৰ কাষ পালে !
- কি হ'ল কলিজা
- মায়ে মোক মাৰিছে,,,,
- অ' হয় নেকি! আমাৰ ইমান মৰমৰ ছোৱালীজনীক মাকে কিয় মাৰিলে বাৰু
তাই আহি ৰিছিৰ বুকুৰ মাজত সোমাল !
- নপঢ়াৰ বাবে,,,,
- চাওঁ তাইক তুমি ইমান মৰম কৰি উঠাব নালাগে,,,,
নিকুই অনন্যাক ৰিছিৰ কোচৰ পৰা একপ্রকাৰ তানি আনিলে,,,,
- নিকু, তাইক তুমি এনেকুৱা কিয় কৰিছা| সৰু ল'ৰা ছোৱালীক সদায় মৰমৰে বুজাবা তেতিয়া সকলো বুজি পাব | কিন্তু এনেকে নহয় |
ৰিছিৰ কথাখিনিয়ে নিকুৰ অন্তৰ খন কোমল কৰি পেলালে |
- কলিজা, তুমি পঢ়িব লাগিব নহয় তুমিয়েটো আমাৰ সপোন |
নিকুই কোচত তুলি অনন্যাক ভিতৰলৈ লৈ গ'ল |
অনন্যা ডাঙৰ হ'ল স্কুলত দিলে | ৰিছিৰ মনটো উৰি গ'ল স্মৃতি বোৰলৈ |
ৰংপুৰৰ বিহুৱা নাচনী নিকু | এজনী দেখাই শুনাই মৰম ল'গা ছোৱালী | এদিনাখন নিকুৰ বিহু নৃত্য দেখিয়ে ৰিছিয়ে নিকুৰ প্রেমত পৰিছিল | বহুত ভালপায় সি নিকুক |আৰু তাৰ সমানে নিকুও তাক ভালপায় |
এখন মধ্যবিও ঘৰৰ ছোৱালী আছিল| মাক দেউতাকৰ বহুত মৰমৰ |
আৰু ৰিছিৰ এই পৃথিৱীত মাকৰ বাহিৰে আৰু কোনো নাই | সি সৰু থাকোতে তাৰ দেউতাক পৃথিৱীৰ পৰা গুছি গৈছে | তাৰ পাছত মাকৰ আপ্রান চেষ্টাত সি পঢ়া শুনা কৰি এতিয়া এটা ভাল চৰকাৰী চাকৰি কৰে|
- নিকু
- কোৱা
- তুমি মোৰ কথা ঘৰত কৈ নিদিয়া কেলৈ |
- ভয় লাগেচোন যদি দেউতাই মোক,,,
- সচাঁ প্রেমত ভয় কিহৰ নিকু |
- জানোঁ, তথাপিওচোন,,,
- তাৰমানে তুমি
- কম অলপ ধৰ্য্য ধৰাচোন |
- হয় নেকি ! হব মই গম পাইছো,,,,
ৰিছি অভিমান কৰি নিকুৰ কাষৰ পৰা উঠি আহিলে |
- ৰিছি শুনাচোন ৰিছি !
কিন্তু সি নুশুনিলে ! সি গুছি গ'ল | ৰিছি বৰ অভিমানী | নিকুৰ ও অভিমান ভাল লাগে কাৰন অভিমানৰ মাজত বহুত মৰম লুকাই থাকে |
তাই আজি যেনেকে সিহতৰ সম্পৰ্কৰ কথা দেউতাকক কব | তাই ঘৰলৈ খোজ ললে|
মৰম তুমি খং নকৰিবা
লাগিলে দূৰে দূৰে আতৰি থাকা,,,,
নিকুই দেউতাকৰ কাষত আহিলে | আৰু ভয় ভয় কৈ,,,,,
- দেউতা
- কোৱা মাজনী
- মানে দেউতা,,,
- আৰে মাজনী তুমি কপিছা কিয় ? যি কব খুজিছা নিৰ্ভয়ে কৈ দিয়া !
- মানে দেউতা মই এজন ল'ৰাক ভালপাওঁ
- অ বুজিছো | ল'ৰাজনৰ ঘৰ ?
- ৰংপুৰতে দেউতা |
- মই তোমাৰ মনক কেতিয়াওঁ কষ্ট নিদিওঁ মাজনী তুমি যতে সুখী হোৱা মই তাতে তোমাক গতাম ! যোৱা ল'ৰা ঘৰৰ মানুহক আহিব কবা |
নিকু আনন্দত আত্মাহাৰ হ'ল | তাইৰ দেউতাক সচাঁকে মহান |
- হেল্ল'
ৰিছিয়ে ফোনটো ৰিছিভ কৰিলে |
- ঐ পাগল কত আছা !
- তেজপুৰত
- তেজপুৰৰ কত ?
- পাগলখানাত
- কি ! তুমি
- পাগল কত থাকে নাযানা নেকি ?
- সেইবোৰ বাদ দিয়া | দেউতাই আমাৰ প্রস্তাৱ মানি লৈছে |
- কি | ইয়েচ্
কইনা জনী বিউটিফুল
দ'ৰা বৰ লাকী
দেখাত হে কান্দিছে কইনাই
ভিতৰি হাহিঁ
ঐ ৰাম দ'ৰাকে দেখি
ৰিছিয়ে আনন্দতে গান গাই দিলে |
- ঐ শুনা, দেউতাই তোমালোকৰ ঘৰৰ মানুহক আহিব কৈছে |
ৰিছিৰ মাক আহি নিকুক চাই গ'ল সকলোৰে পচন্দ হ'ল তাইক | বিয়াৰ আয়োজন চলিল |
বেচ ধুমধামেৰে সিহতৰ বিয়াও গ'ল|
আৰম্ভ হ'ল ৰিছি আৰু নিকুৰ এখন সংসাৰ |
নিকুই পাকঘৰত ৰন্ধাত ব্যস্ত | তেনেতে ৰিছিয়ে নিকুক পাছফালৰ পৰা সাৱতি ধৰিলে !
- নিকু কি বনাইছা ?
- তুমি খাই ভালপোৱাঁ মাছ ভাজি |
- তোমাৰ হাতৰ ৰন্ধা বেছ ভালহয় কিন্তু
- হব ইমান প্রশংসা কৰিব নালাগে ,,,
- নিকু মোক মাইনা এটা লাগে উমলি থাকিবলৈ |
নিকুই ৰিছিৰ নাকটোত ধৰি কলে,,,
- হয় নেকি দেহা, ধৰ্য্যৰ ফল অকমান মিঠা
দিন বাগৰিল,সময় অবিৰত গতিত গৈ থাকিল | আজি বিয়াৰ তিনিবছৰ হ'ল তাইৰ সন্তান এটা নাই |
ৰিছিৰ কাষৰ বৰমাক জনীয়ে ৰিছিৰ মাকৰ লগত পাতি থকা কথা খিনি নিকুৰ কানত পৰিল |
- তোমাৰ বোৱাৰীৰ আৰু সন্তান নহয় | ৰিছিক বেলেগ এটা বিয়া পাতি দিয়া
- তেনেকে নকব বাইদেউ,সন্তান নহলে নাই | কিন্তু সিহত দুটাৰ মিলাপ্রীতি দেখি মই সুখী
শাহুৱেকৰ কথাখিনি শুনি নিকুৰ বহুত দুখ ও লাগিল | ইমান ভাল শাহু এজনী পোৱাটো বহুত ভাগ্যৰ কথাঁ |কিন্তু তাইৰ সহ্য নহয় কাষৰ মানুহবোৰৰ কথাঁহে |
আজি নিকুৰ ডাক্তৰৰ ৰিপোৰ্ট অহা কথা !
- ৰিপোৰ্ট পালা
নিকুই বৰ আগ্রহেৰে ৰিছিক সুধিলে( Assamese story ) |
- অ' আনিলো !
- কি ক'লে ডাক্তৰে ? মই সন্তান জন্ম দিব পাৰিম বুলি কৈছে নে ! নামাতা কিয় কোৱচোন | কোৱা না,,,,
- তোমাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই নিকু | আমি এনেকে থাকিব লাগিব |
কথা খিনি শুনি নিকু কান্দোনত ভাগি পৰিল|
ৰিছি জোৰকে সাবতি তাইক বুকুৰ মাজত তানি আনিলে |
- নাকান্দিবা নিকু
- মই মা হব নোৱাৰো ৰিছি, মোৰ মা হবলৈ বহুত মন আছিলে | কোনোবাই মোক মা বুলি মাতিব,মই তাক সাবতি ধৰিম |তোমাক দেউতা বুলি মাতিব | তুমি দেখোন কৈছিলা এটা মাইনা লাগে মই দিব নোৱাৰিম ৰিছি |
- নিকু প্লীজ, মোক দুৰ্বল নকৰিবা |
ৰিছি নিকুৰ চকুপানি খিনি মছি দিলে |তাই ৰিছিৰ বকুৰ মাজৰ পৰা ওলাই নিকুৰ ভৰি দুখন খামোছি ধৰিলে | আৰু তাৰ ভৰি দুখনত তাইৰ কপাল খন লগাই কলে
- মোক ক্ষমা কৰিবা অ' ৰিছি | মই কুলক্ষনী | মই সন্তান জন্ম দিব নোবাৰো |
ৰিছিয়ে নিকুক ডাঙি লৈ যায় বিছনাত শুবাই দিলে | মৰমত সাবতি বুজালে,,
- মোক সন্তান নালাগে নিকু মাত্র তোমাক লাগে তুমি সদায় মোৰ কাষত থাকা,,
- নালাগে তুমি এজনী ভাল ছোৱালী বিয়া কৰোৱা,,,,
- নিকু
- অ' ৰিছি, নহলে তোমাক ওচৰ চুবুৰিয়াই হাহিঁব | আৰু মোক এৰি দিয়া,,,
ৰিছিৰ চকুপানি নিগৰি বৈ আহিল |
- নিকু তোমাক এৰিব নোৱাৰো,,,,
- পাৰিব লাগিব ! তুমি মোক এৰি দিবই লাগিব |
ধুমুহাই কিয় ভাগে
সপোনৰ ঘৰখন,,,,
হাহিঁবোৰ কিয় হয়
নিমিষতে কান্দোন,,,,
নিকুই এইকেইদিন ৰিছিৰ লগতে কথা নাপাতে | মাত্র জোপোকা মাৰি বহি থাকে | ৰিছিয়ে কিমান বুজালে নাই তাই নুশুনে |
নিকু আজি ঘৰত নাই ! ৰিছি পাগলৰ নিচিনা হ'ল কত গ'ল তাই ! গোটেই দিনটো বিছাৰিও তাইক নাপালে | ৰিছি পাগলৰ দৰে হ'ল| সি বিছনালৈ আহি নিকুৰ ফটো খন সাবতি কান্দি আছে | তেনেতে তাৰ চকুত পৰিল তাৰ বিছনাত পৰি থকা কাগজ খন | সি কাগজখন খুলিলে |
মৰমৰ ৰিছি ( দেহা )
মোৰ মৰম লবা, মই যানো তুমি মোক বহুত ভালপোৱা,আৰু মইও তোমাক বহুত ভালপাওঁ |মাক মোৰ শ্রদ্ধা যাছিবা | মই জানো মই কাষত থাকিলে তুমি অন্য এজনী বিয়া নাপাতা , জানানে মানুহে তোমাৰ সন্তান নহলে হাহিঁব | সেয়েহে মই তোমাৰ কাষৰ পৰা আতৰি আহিছো | দেহা তুমি নিজৰ যত্ন ল'বা | খোৱা লোবৱা কৰিবা,মোক তোমাৰ হৃদয়ৰ পৰা মছি পেলাবা | মই মৰি যোবঞৱা বুলি ভাবিবা,শ্মশানত জ্বলি ছাই হোৱ বুলি ভাবিবা |
ইতি
তোমাৰ মৰমৰ
নিকু
কাগজখন পঢ়ি ৰিছিয়ে বাকৰুদ্ধ হ'ল | কেনেকে ইমান ত্যাগ কৰিব পাৰে নিকুই | নাই সি কাকো বিয়া নাপাতে নিকুৰ মৰম বোৰ হৃদয় মনিকাঞ্চনত সাছি ৰাখিব |
আজি ৰিছি হতৰ অফিচৰ পৰা বৃন্দাৱন বৃদ্ধা আশ্রমত গ'ল | আশ্রমৰ হতভগীয়া পিতৃ-মাতৃবোৰক লগ কৰাৰ উদ্দেশ্যত | সকলো সোমায় গ'ল| তেনেতে আশ্রমৰ এজনী মহিলা কৰ্মচাৰী আৰু ৰিছিৰ মাজত খুন্দা খুন্দি লাগিল | পৰিযাব খোজা মহিলাজনীক সি সাৱতি ধৰিলে | আৰু দুয়োৰো চকুত চকু পৰিলে,,,,,
যদিহে হৃদয়ত থাকে মৰম
লগ হম আমি আকৌ এদিন,,,
সচাঁপ্রেমে নিদিয়ে
বিচ্ছেদৰ বিষাদ,,,,
- তুমি
- অ' মই,,,,
- কিন্তু নিকু
- মই এতিয়া এই আশ্রম খনৰ এজনী পৰিচাৰিকা |
ৰিছিৰ দুচকুৰে দুটোপাল চকুলো বৈ আহিল |
আৰু সি তাইৰ কাষৰ পৰা গুছি যাবলৈ চেষ্টা কৰিলে |
নিকুই ৰিছিৰ হাতখনত খামুছি ধৰিলে |
- কত যোৱা,এবাৰ জানো ভালকে কথা নাপাতা | কিমান দিনৰ মূৰত মনৰ মানুহজনক ল'গ পালো |
- পাতিবলৈ কি আছে সকলোচোন শেষ কৰিছা |
- যুগ্ম জীৱন কেনে চলিছে !
- নিজক সোধা উওৰ পাবা |
- তাৰমানে তুমি,,,,
- তুমি অবিহনে মই নোৱাৰো নিকু | কিমান কষ্টত দিন কটাইছো জানা | মা সদায় পদুলি মুৰত তুমি আহিবা বুলি ৰৈ থাকে | মাই কিমান কষ্ট পাইছে জানা !
- মোক ক্ষমা কৰিবা ৰিছি !
- ক্ষমা,তোমাক মই ক্ষমা নকৰিম !
- মোক মোৰ ঘৰখনত লৈ যাবা নে ৰিছি ?
ৰিছিয়ে বহুদিনৰ মুৰত জোৰকৈ নিকুক বুকৰ মাজত তানি আনিলে আৰু সাৱতি ললে |
নিকুই আশ্রমৰ সকলোৰে পৰা বিদায় মাগিলে | ৰিছিয়ে লক্ষ্য কৰিলে নিকুই আশ্রম এৰি আহিবৰ সময়ত বৃদ্ধাবোৰে হুৰহুকাই কান্দিছিলে | সি জানে তাৰ মৰমৰ নিকু বহুত মৰমিয়াল |
সিহত আহি থাকোতে লক্ষ্য কৰিলে ফুটপাথত বহুকেইটা ল'ৰা ছোৱালীৰ মাজত এজনী কনমানীয়ে চিঞৰি আছে | সি গাড়ী ৰখাই নামি গ'ল | পাছে পাছে নিকু |
- ভাইতি মাইনাজনীয়ে কিয় কান্দি আছে
- তাইৰ মাক দেউতাক কোনো নাই ,তাই আমাৰ লগতে থাকে | চাগে তাইৰ ভোক লাগিছে |
- ৰিছি , তাই আমাৰ সন্তান তাইক লোৱা |
কথামতে কাম ৰিছিয়ে ল'ৰা ছোবালী বোৰক খোৱা বস্তু কিনি দি ছোবালীজনীক লৈ যাত্রা কৰিলে |
- ৰিছি মোৰ সন্তানটো কেনেকুবা লাগিছে ?
- মজা মাকৰ নিচিনা |
- তাইৰ নাম অনন্যা ৰাখিম |
- সকলো মাকৰ মতে,,,
দুয়ো হাহিঁলে | আৰু আহোতে অনন্যাৰ কিছু বজাৰ কৰিলে | এটা মৰম লগা কনমানিক সিহতে সন্তান কৰি ললে |
- মা দৰ্জা খোলা,,,আৰু তোমাৰ কাৰনে কি আনিছো চোৱা হি,,,,
ৰিছিয়ে মাকক আনন্দত চিঞৰি মাতিলে |
মাকে দৰ্জা খুলি নিকুক দেখিলে আৰু এজনী কনমানী |
ৰিছিয়ে মাকক সকলো বিৱৰি কলে | মাকৰ আনন্দত মন নাছি উঠিল | ঘৰলৈ বোৱাৰী আৰু নাতিনী আহিছে | অনন্যাৰ লগত সিহতে আনন্দত দিন কতাই থাকিল |
- ৰিছি
নিকুৰ মাতত ৰিছিৰ স্বপ্ন ভাঙিল |
- কোৱা
- অফিচ নোযোৱা ?
- অ' পাহিৰিছিলোৱে ,,,, মোৰ মৰমৰ অনন্যা কত গ'ল ?
- কি !
- অ' চৰি " আমাৰ মৰমৰ অনন্যা "
দুয়ো হাহিঁলে |||
এনেধৰন আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment