মিনতিৰ বিয়াখন সুকলমে হৈ গ'ল । মুঠতে বীণাৰ ডাঙৰ চিন্তা এটা কমিল । ছোৱালীজনী দেখাই- শুনাই ধুনীয়া নহ'লেও, ঘৰৰ কাম-কাজবোৰ নজনা নহয় ( Assamese story ) । কলেজৰ পৰীক্ষাবোৰত দুবাৰমান বেয়া হ'ল যদিও, তাৰ পাছত যেনিবা কেনেবাকৈ ডিগ্ৰীটো তাই পাছ কৰিব পাৰিলে । বীণাৰ সৰুটো ল'ৰা প্লাৱনৰ স্কুলৰ ডেওনা পাৰ হ'বলৈ মাত্ৰ এটা বছৰ আছে । মেট্ৰিকটো পাছ কৰিব পাৰিলেই কলেজ পাবগৈ সি । বীণাৰ আৰু এটা চিন্তা কমিব তেতিয়া । ডাঙৰজনী ছোৱালী বিৰিণাক লৈ বীণাৰ চিন্তা নাই । যিহেতু তাই কলেজ এখনত অধ্যাপিকা হৈ সোমাই আছে ।
দেউতাক ঢুকুৱাৰ পিছত বিৰিণাৰ দৰমহাৰ পইচাকেইটাৰে বীণাৰ ঘৰখন সুন্দৰকৈ চলি গৈছে । বিৰিণাৰ চাকৰিটো হোৱাৰ আগলৈকে বীণাৰ বাবে ঘৰখন চলোৱাটো বৰ টান হৈ পৰিছিল । তাঁত-শালখনতে কাপোৰ বৈ-মেলি তাই ঘৰখন চলায় । গিৰিয়েকৰ পেঞ্চনৰ পইচাকেইটা ঘৰখনৰ খৰছৰ বাবে যথেষ্ট
নহয় ।
বীণাৰ অভাৱ-অনাটনৰ দিনবোৰত ভায়েক যতীনে মাজে সময়ে পা-পইচা দি স্বামীহাৰা বায়েক আৰু তাইৰ ল'ৰা-ছোৱালীকেইটাৰো দায়িত্ব লৈছিল । বিৰিণাৰ চাকৰিটো হোৱাৰ পিছত যতীনেও যেন স্বস্তিৰ নিঃশ্বাস এৰিলে । বায়েকৰ ঘৰখনত খৰছ-পাতি দিয়াটো বন্ধই কৰি দিলে সি ।
বিৰিণা দেখাই-শুনাই ধুনীয়া । পঢ়া-শুনাতো চোকা । সেয়েহে কষ্ট কৰি হ'লেও এম,এটো পাছ কৰি কলেজখনত চাকৰিটো পোৱাত তাইৰ কোনো অসুবিধা নহ'ল ।
কলেজত কাম কৰি থকা অৱস্থাতে বিৰিণাৰ বিয়াৰ বাবে খবৰো ওলাল বহুতো । ল'ৰা ওলাওঁতেই বীণাই ছোৱালীজনীক উলিয়াই দিয়াৰ কথা ভাবিলে । কিন্তু ভায়েক যতীনৰ বাবে কথাটো ইমান সহজ নাছিল । সি বায়েকক ক'লে--
"বিৰিণা যোৱাৰ পিছত ঘৰখনৰ কি অৱস্থা হ'ব, ভাবি চাইছনে এবাৰ ?"
"ভাবি চাব লগা কি আছে ? বাপেক নোহোৱা ছোৱালী । ল'ৰা ওলাইছে যেতিয়া ৰৈ থকাৰ সকাম নাই । "
" ওঁ, বুজিছোঁ । ঘৰখন কেনেকৈ চলিব ভাবি চাইছ জানো ? মিনতিৰ বিয়া, প্লাৱনৰ পঢ়া-শুনা সকলো বাকী আছেচোন ! তেনেকৈয়ে ৰৈ যাব বুইছ । বিৰিণাতকৈ মিনতিক বিয়া দিয়াৰ কথাহে আগতে ভাব । চাকৰিটো আছে যেতিয়া, বিৰিণাই তাইৰ বিয়াৰ কথা নিজেও ভাবিব পাৰিব এদিন । কিন্তু তাই গুচি গ'লে মিনতি , তই , প্লাৱনৰ কি গতি হ'ব ভাবি চা ! "
" হওঁতে কথাটো তই ঠিকেই কৈছ । মই আকৌ ইমান দ কৈ কথাবোৰ ভবাই নাছিলোঁ অ' !"
"তাকেই । মিনতি দেখাই -শুনাই ধুনীয়া নহয় । তাইক বিয়া দিবলৈ ল'ৰা পোৱাটো অলপ টানেই হ'ব । তাতে পঢ়া-শুনাতো তাই কেঁচা । গতিকে তই যদি কৱ, মই মিনতিৰ কাৰণে ল'ৰা এটা চাওঁ নহ'লে । "
"হ'ব দে । তই যি ভাল দেখ, তাকে কৰ ।"
যতীনে মিনতিৰ বাবে অ'ত ত'ত খবৰ কৰি ল'ৰা এটাৰ খবৰ পালে । যতীনে বায়েকক কোৱাই -মেলি যিমান সোনকালে পাৰে মিনতিৰ বিয়াখন ঠিক কৰি পেলালে । বীণাৰ মুখত হাঁহি বিৰিঙিল । বিৰিণাই আনন্দেৰে ভনীয়েকৰ বিয়াখনৰ বাবে সকলোখিনি কৰিলে ।
প্লাৱনে মেট্ৰিকটো পাছ কৰি কলেজ পালেগৈ । ভনীয়েক -ভায়েকক গত লগাব পাৰি বিৰিণাৰ সপোন এটা পূৰ হোৱা যেন লাগিল ।
মিনতি বিয়া হৈ যোৱা ছমাহমানেই হ'বৰ হ'ল । বিৰিণাৰ বাবে আগতে অহা বিয়াৰ প্ৰস্তাৱবোৰৰ কথা ভাবি তাই দুখ নকৰে । জন্ম ,মৃত্যু, বিবাহ হেনো বিধিৰ লিখন । ইয়াত কাৰো হাত নাই । যাৰ য'ত যেনেকৈ বিয়া লিখা আছে , তেনেকৈয়ে হ'ব । তাইৰ বাবে আগতে অহা বিয়াৰ প্ৰস্তাৱবোৰৰ ল'ৰাৰ সৈতে ৰাহি -যোৰা নহা বাবেই আগবাঢ়িব পৰা নগ'ল । সেয়ে তাই কথাবোৰ ভাবি মন বেয়া নকৰে । যদি ভাগ্যত আছে, তাইৰো বিয়া হ'ব --এইদৰেই ভাবে তাই । ( Assamese story )
মিনতি বিয়া হৈ ওলাই যোৱাৰ পিছত ঘৰখন একেবাৰে খালী হৈ পৰিল । খালী হৈ পৰিল যদিও মাকৰ মনৰ শান্তিখিনি দেখি বিৰিণাৰ মনটো ভৰি উঠে । পিতৃৰ দায়িত্বখিনি যেন তাই আজি পালন কৰিবলৈ সাৰ্থক হৈছে ।
দিন পাৰ হ'ল । কলেজৰ পৰা আহি এদিন ঘৰ সোমাবলৈ লওঁতেই মাক আৰু মোমায়েকৰ কথা-বতৰাবোৰ বিৰিণাৰ কাণত পৰিল--
" বুইছ যতীন , তই ঠিকেই কৈছিলি ।"
" কি ?"
" বিৰিণাৰ বিয়া হৈ যোৱা হ'লে, আজি মই একোৱে কৰিব নোৱাৰিলোঁহেঁতেন । মিনতিৰ বিয়া, প্লাৱনৰ পঢ়া-শুনা..."
"তইহে বুজিব নিবিচাৰ কথাবোৰ ! এতিয়া নিজেই দেখিলি নহয় ! "
"কিন্তু , বিৰিণাৰো বিয়াখনৰ বাবে কিবা এটা চিন্তা কৰিব লাগিছিল অ' যতীন !"
"এতিয়া আকৌ এইবোৰ তই কি কৈছ বাইদেউ ! এতিয়া তাইৰ জানো বিয়া হোৱাৰ বয়স আছে ? যেতিয়া আছিল, চোৱা-মেলা কৰোঁতে ল'ৰাৰ লগত ছোৱালীৰ ৰাহি-যোৰা নাহে বুলিয়ে মিছা মাতি থকা হৈছিলচোন তাইক । আৰু সেইটো কৰিব লগা হৈছিল তহঁত বাকীকেইটাৰ কথা ভাবিয়েই ! "
" কিন্তু তাইৰো জানো মন এটা নাই ! "
" তই সেইবোৰ কথা আৰু তাইৰ আগত উলিয়াব নালাগে । নহ'লে তোৰ গোটেই জীৱন চকুপানী টোকাৰ বাহিৰে একো নাথাকিব । "
" মোৰ মনটোৱে মনা নাই অ' যতীন ! মোক পাপে চুব ! মই তাইৰ মাক ! "
" পাপ -পূণ্যৰ বিচাৰ তই কৰিব নালাগে । মুঠতে তই তাইৰ চিন্তা এৰ ! আৰু এনেয়েও তাইক এই বয়সত বিয়া কৰাবলৈ কোনো নাহে !"
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিৰিণাই লাহে লাহে গৈ নিজৰ ৰূমত সোমালগৈ । ৰূমৰ দুৱাৰখন বন্ধ কৰি, তাই জঠৰ হৈ ৰৈ থাকিল বহুপৰ । ৰূমৰ খোলা খিৰিকীখনেৰে তাই বাহিৰলৈ চাই পঠিয়ালে । সৰু চৰাই এজনী বাহিৰত আপোনমনে উৰি ফুৰিছে । ৰূমটোৰ ভিতৰৰ এক বিৰাট শূণ্যতাই অজগৰটোৰ দৰে তাইক ক্ৰমান্বয়ে গিলিবলৈ আৰম্ভ কৰিছে ইতিমধ্যে ... ।
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় অঞ্জনা দত্তৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( ( Assamese story ) )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment