ৰাজ্যখন বিক্ৰী কৰিবলৈ লৈছা নেকি চৰকাৰ ?
বাংলাদেশীৰ হাতত , বিদেশী বণিয়াৰ হাতত !!(Assamese Poem)
এখন চকীৰ বাবে কেনেকৈ ইমান নিলাজ হ'ব পাৰিছা ?
তহঁতবোৰ জানো আইৰ জ্বাৰজ সন্তান ?
নহলে নো আইৰ কোলাত আনক বহিবলৈ দিয়া নে ?
চৰকাৰ…………
অ' চৰকাৰ………………
তহঁতবোৰ অন্ধ হৈছা নে ক্ষমতালোভী ?
আজি অসমীয়া পৰ হ'লো ,
বাংলাদেশীবোৰে তহঁতৰ হ'ল সখী !!
কিমান যে ধৰ্ষিতা হৈছে মা-ভনী ?
কিমানৰ গুলিত মৰিল গড় কেইজনী ,
কোনে কৰে এইবোৰ ?
তহঁতে জানিও কিয় দিয়া চকু মুদি ?
চৰকাৰ………
ঐ চৰকাৰ…………
আইৰ বকুত বহি ৰাজনীতি নকৰিবি !
লাচিতৰ তেজ ,
শ্বহীদৰ চিঞৰ আজিওঁ আছো শুনি ,
লাগিলে পৃথক কৰিম দিছপুৰৰ পৰা দিল্লী ,
ইমান সহজতে কেনেকৈ মুচিবি
শ্বহীদৰ তেজৰ ক'ৰাল খিনি ?
আই অ' বান্ধিছে মেখেলাখন টানি ,
তেতিয়াহে বুজিবি কি ৰাজনীতি ?
কি অসমীয়াগিৰি ?
নাভাবিবি অসমীয়া এলেহুৱা বুলি ?(Assamese Poem)
চৰকাৰ ………
ঐ চৰকাৰ…………
ক'ত গ'ল তহঁতে দিয়া প্ৰতিশ্ৰুতি ?
ক'ত হেৰাল তহঁতৰ জাতি- মাটি -ভেটি ৰক্ষাৰ নীতি?
আমি অসমীয়া মানুহ ,
তহঁতক মুৰত তুলিবো পাৰো ,
মাটিত থেকিচিব অ' পাৰো ।
সলনি ক'ৰ তহঁতৰ মন ,
ধ্বংস নকৰিবি সোণৰ অসম ,
শেষবাৰলৈ অনুৰোধ কৰিছো ,
আমাক পকিঘৰ নালাগে
টোঁকোপাতৰে ঘৰ সাজিম !
আমাক ৰাজসাহৰ্য্য নালাগে
লাগিলে পেটত গামোছা বান্ধিম ,
অসমখন বিদেশী মুক্ত ক'ৰ,
নাতী - পো'ৰ সৈতে সুখেৰে থাকিম ,
নহ'লে চৰকাৰ………
ঐ চৰকাৰ………………
{ সকলোৱে চেয়াৰ কৰক , অসমীয়া এক হওঁক , আকৌ যুদ্ধলৈ সাজু হওঁক , শান্তিৰ বাবে ,অসমী আইৰ বাবে }
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কাৰ্তিক বৈশ্যৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment