"এই দিনটো আমাৰ বাবে জীৱনত কাহানিও নভবা, কল্পনাই নকৰা এটা দিন। আমাৰ বাবে মা আছিল জীৱনৰ প্ৰতিটো খোজত প্ৰতিটো কামত, জীৱনলৈ অহা প্ৰতিটো সংকটৰ সময়ত সাহস আৰু প্ৰেৰণাৰ প্ৰতীক। জীৱনলৈ অহা প্ৰতিটো ধুমুহা সাহস আৰু সততাৰে মোকাবিলা কৰাৰ প্ৰেৰণা মাৰ পৰাই পাইছোঁ। জীৱনৰ প্ৰতিটো দুৰ্যোগৰ সময়ত মাৰ আশীষভৰা হাতখনতেই সাহসেৰে যুঁজাৰ শকতি বিচাৰি পাইছোঁ।
মা এইদৰে হঠাৎ আঁতৰি যাব বুলি কাহানিও কল্পনাই কৰা নাছিলোঁ। তেখেতে দি যোৱা আদৰ্শ, চিন্তা আৰু বাটেৰেই জাতিটোৰ বাবে, অসমখনৰ বাবে কাম কৰি যাম।
আমাৰ এই বিপদৰ সময়ত সাহস আৰু প্ৰেৰণাৰ আধাৰ হৈ ৰোৱা অসমবাসীৰ প্ৰতি আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। জীৱনলৈ হঠাতে অহা এই ধুমুহাজাকো আপোনালোকৰ মৰম, আশীৰ্বাদৰ মাজেৰেই আমি অতিক্ৰম কৰিব লাগিব।
মা তুমি য'তেই আছা, কুশলে থাকা..." - লুৰিণজ্যোতি গগৈ
No comments:
Post a Comment