ৰিয়াৰ মনোমোহা কণ্ঠত ৰাজু মুগ্ধহৈ পৰিল,সি আকৌ এবাৰ তাইক জোৰকৈ সাবতি চিঞৰি দিলে,,,,,,, ( Assamese Love story )
- ৰিয়া আই লাভ ইউ,,,,,,,
- ৰাজু ঐ ৰাজু, মাইনাক স্কুলত লৈ যোৱা সময় হ'ল,,,,
- মাইনা আমাৰ দেখোন বিয়াই হোৱা নাই মাইনা আকৌ কৰ পৰা হ'ল,,,,
-ঐ কি হ'ল অ তোৰ,,,,
তোৰ ! ৰিয়াই তাক তই বুলি কৈছে ! তাৰ যে বিশ্বাসে হোৱা নাই,সি চকুমেলি চালে,,,,
সি তাৰ চকুৰ সন্মুখত ৰিয়াৰ ঠাইত খুড়ীয়েকক হে দেখিলে ,,,,,তাৰ লাজ লাগিল কি যে কৰিছে নহয় সি,,,,
- ঐ গাৰুটো সাবতি ধৰি আছ যে,,,,
চেহ : সি লক্ষ্যই কৰা নাছিলে,সি যে ৰিয়া বুলি গাৰুটো সাবতি ধৰি আছিলে,,সি গাৰুটো এৰি দিলে,,,,
খুড়ীয়েকে মিচিকিয়া হাঁহি এটা মাৰি আতৰি গ'ল |
তাৰমানে সেয়া মাত্র এটা সপোন হে আছিলে,বাস্তবত জানো ৰিয়াৰ কণ্ঠ ঘূৰি আহিব !সি মাত্র সপোনতে সম্ভব |
সি ৰিয়াৰ প্রেমত বৰ বেয়াকে পৰিলে,সি ৰিয়াক লৈ সপোন দেখাও আৰম্ভ কৰিলে | সি বিছনাৰ পৰা নামিলে |
ততাতৈয়াকৈ ফ্রেছ হৈ আহি ব্রিটিছৰ দিনৰ চাইকেল খনৰে মাইনাক স্কুলত লৈ গ'ল |
আজি নিশ্চয় তাৰ বাবে ৰিয়াই পদুলিমুখত অপেক্ষা কৰিব| কাৰন এতিয়া সিহতৰ প্রেমৰ গাড়ী চলিছে | সপোনত দেখাৰ দৰে ৰিয়াই যদি তাক ক'লেহেতেন ,,,,,
- আই লাভ ইউ অচিনাকী বন্ধু,,,,,
দূৰ পাহাৰৰে,,,,
নাগিনী ছোৱালী
দেখি মৰম লাগে জানৈ,,,
কাৰ ঘৰৰে জী,,,,,
সি মাইনাক স্কুলত থৈ পোনচাতে ঔ গুৰিৰ ৰাস্তা ল'লে , তাই চাগে আজি তাক দেখাৰ লগে লগে এটা মিচিকিয়া হাঁহিৰে সম্ভাষন জনাব| আৰু তাইৰ হৰিনী চকুজুৰিৰে এটা সুন্দৰ চকুতিপ তালৈ মাৰি পঠাব,,,,
যদি সপোনত দেখাৰ দৰে তাই তাক কয় ,,,,
- ৰাজু,মই তোমাৰ বাবে ৰৈ আছিলো,,,
সি যে আনন্দত নাছি উঠিব | কিন্তু লোকবিশ্বাস শেষ নিশা দেখা সপোন বাস্তব হয় | কিন্তু তাৰ দৃষ্টিত সপোন সপোনে,যাক থোৱা হৈছে অসম্ভৱৰ শাৰীত |
কিছু সময়পাছত সি সিহতৰ পদুলি পালে,তেনেতে সি গ্রীন চিগনেল তাৰ চিনাকী কাহটি এৰিব খুজিছিল হে,তাই ওলাই আহিল |
তাই দেখোন আজি একেবাৰে জধলা জনী হৈ আছে,নাই নিজৰ দেহৰ ওপৰত যত্ন ,আউলী বাউলী চুলি,চাগে তাই এতিয়াহে বিচনাৰ পৰা উঠিলে,,,,,
তাই তাৰ ওচৰলৈ আগুৱাই আহিলে,সি তাৰ প্রতি এক মৰমসনা চাৱনি এৰি মাত লগালে,,,,,,,
- কি হ'ল অচিনাকী বান্ধৱী,প্রিয়তমক দেখিওঁ মুখৰ মিঠা হাঁহিটি নোহোৱা হ'ল যে ,কি হ'ল তোমাৰ মোক পাগল কৰা সেই চঞ্চলা চকুতিপ !
তাই মাত্র মেঘচন্না মুখখনৰে মূৰটো জোকাৰি দিলে,,,,
কি বুজাইছে বাৰু তাই ! আচ্ছা,মাহীমাকৰ অত্যাচাৰ চাগে আকৌ আৰম্ভ হৈছে |
- ৰিয়া,,,,,
সি তাইৰ হাতখন স্পৰ্ষ কৰাৰ লগে লগে তাই তাৰপৰা হাতখনত জোৰকৈ তানি নিলে,,,
কিয় তেনেকুৱা কৰিছে তাই ! কি হ'ল |
সি এখোজ দুখোজকৈ ক্ৰমান্বয় তাইৰ ওচৰ চাপি গৈছিল |
তাই তাক দুয়োখন হাতৰ সৰ্বশক্তি প্রয়োগ কৰি ঠেলি পঠালে,,,,
সি চিটিকি আহি যেনি তেনি তাৰ সেই ব্রিটিছৰ দিনৰ চাইকেলখনত খামুছি ধৰিলে |আৰু তাই হাত দুইখন জোকাৰি জোকাৰি তাক বুজাই দিছিল |
- হে অচিনাকী বন্ধু তুমি মোৰ কাষত নাহিবা,দূৰতে ৰ'বা |
তাৰ হেপাঁহবোৰৰ যেন এতিয়াই মৃত্যু হ'ল | কিমান আশা লৈ,সপোন লৈ তাইৰ কাষত আহিছিলে,এটা ৰাতি পাৰ হোৱাৰ লগে লগে পাগলৰ দৰে তাইৰ ওচৰলৈ দৌৰি আহিছে ,আৰু তাই,,,,,,,,
নাই তাই যদি তাক জেদ কৰিব পাৰে,তাই যদি তাক তাইৰ ওচৰৰ ঠেলি পঠাব পাৰে তেতিয়া হ'লে সি তাইৰ ওচৰত ৰৈ থাকিব কিয় ! নাই সি নাথাকে,সি চাইকেলখন লৈ তাইৰ ওচৰৰ পৰা যাব লওঁতে তাই তাৰ চাইকেলখনত পাছফালৰ পৰা খামোছি ধৰিলে,,,,,,,, ( Assamese Love story )
এইবাৰ যেন তাৰ খং উঠিছে ,যি মন তাকে কৰিব নেকি ! কিয় তাৰ ভালপোৱা বোৰৰ গুৰুত্ব নাই নেকি !
- এৰি দিয়া,চাইকেলখন এৰি দিয়া,,,,,
নাই তাই তাৰ কথাত গুৰুত্ব দিয়া নাই,তাই চাইকেল এৰি নিদিয়ে,,,,
- চাইকেল এৰি দিয়া,নহ'লে,,,,,
তাই মূৰটো জোকাৰি বুজাই দিলে যে মই এৰি নিদিওঁ,,,,,
তাৰ খং দুগুন চৰিল,হাৰে মই গুৰুত্ব দিওঁতে তাই মোক ঠেলি পঠাইছিল আৰু এতিয়া,,,,
সি তাইৰ গালত এটা প্রচণ্ড চৰ সোধালে,তাই লাহে লাহে চাইকেল খনৰ পৰা হাতখন এৰিলে,,,
সি দেখিছিল তাইৰ চকুৰ পৰা বাৰিষাৰ ধল নামিছিল | আৰু দুহাটেৰে তাক প্রনাম জনাই বুজাই দিছিল,,,,,
- মাৰা আৰু মাৰা মোক,মাৰি মাৰি শেষ কৰি দিয়া,মোক মাৰি পেলোৱা,,,,তুমিওঁ শেষত মোৰ ওপৰত হাত উঠালা,,,,,,
তাইৰ সেই দৃশ্য দেখি তাৰ নিজকে নিজে অপৰাধী যেন লাগিছে,,,,
তাই যিমান সিমান জোৰত নিজৰ গালতে চৰিয়াব ধৰিলে,,,,,
সি তাইৰ হাত দুখনত জোৰকৈ ধৰি তাইৰ মূৰটোত তাৰ মূৰটো লগাই দিলে,,,,
- তুমি পাগল হৈছা ৰিয়া,পাগল,,,,,,কিয় তুমি এনেকুৱা খন কৰিছা ,বহুত আশা লৈ তোমাক এবাৰ চাবলৈ আহো,সৰুতে মা-দেউতাৰ মৰমৰ পৰা বঞ্চিত হ'লো,সেইবোৰ মৰম আকলুৱা মই,তোমাৰ পৰা সেইবোৰ মৰম আদায় কৰিব বিছাৰিছিলো,,,,
সি তাইৰ চকুপানীবোৰ তাৰ দুহাতেৰে মছি দিলে,,,,,,,
এনেকুৱা লাগিল সি যেন এতিয়াই তাইক চৰিওৱা হাতখন কাতি পেলাব | সি তাৰ হাতখনলৈ চালে,,,,
এইখন হাত ! যি খন হাতেৰে সি এজনী অভাগিনী ছোৱালীক প্রচণ্ড চৰ সোধাইছে,তাৰ সপোনৰ ৰানীক সি নিৰ্যাতন চলাইছে,,,তাৰ সেইখন হাতৰ ওপৰত নিজৰে ঘৃনা উপজিল | সি পদুলি মুখত থকা জপনা খনত উপৰ্যপুৰী ঘুচিয়াব ধৰিলে,,,,,
তাই তাৰ কাষত গৈ তাৰ হাতখনক বাধা দিব চেষ্টা কৰিলে,,,,,,
- প্লিজ ৰিয়া প্লিজ তুমি আতৰি যোৱা,মই বেয়া মানুহ ৰিয়া বহুত বেয়া মানুহ | মই তোমাক মাৰিছো ন মোৰ হাত খন শেষ কৰি পেলাম ৰিয়া,,,,,
তাই তাৰ হাতখনত খামোছি ধৰি বুজাই দিছিল,,,,,,
- তুমি মোৰ ওপৰত হাত উঠোৱা অধিকাৰ আছে,কাৰন তুমি মোৰ,,,,,,
ৰাজুই জপনাখনত এটা প্রচণ্ড ঘোচা মাৰিলে,আৰু লগে লগে তাৰ হাতৰ পৰা তেজ চিটিকি আহি তাইৰ গালতে পৰিলে | লগে লগে তাই তাইৰ দোপাট্টা খন চিগিলে আৰু তাৰ টুকুৰা এটাৰে তাৰ হাতখনৰ আঘাট পোৱা অংশত মেৰিয়াই দিলে,,,,,,,
কিমান মৰম থাকিলে মানুহৰ প্রেম ইমান পৰ্যায় পায় ! কিমান প্রেমৰ অনুভুতিত মানুহ আপোন পাহৰা হয় | সঁচাকে প্রেম এক স্বৰ্গীয় অনুভুতি | প্রেম কেতিয়া গভীৰ হয় সেয়া কোনেওঁ নাজানে,মাত্র সঁচা মৰমৰ চাকনৈয়াত প্রেমৰ বন্দী হয় |
- ৰিয়া,কিয় এনে হয়,কিয় আমাৰ প্রেম ইমান গভীৰৰ পৰা গভীৰ হৈ গৈ আছে,,,,
তাই তাৰ চকুদুটালৈ চাইছিল আৰু বুজাই দিছিল এয়াই সঁচা মৰমৰ জোৰ |
- ৰিয়া,ব'লা আমি কৰাবালৈ গুছি যাওঁ,এখন নিস্বাৰ্থ সমাজ,এখন অচিনাকী সমাজৰ মাজত | য'ত চিনাকী মাত্র তুমি-মই,এখন সাধাৰণ ঘৰ য'ত নাই বিলাসিতা থাকিব মাত্র সহজ-সৰল জীৱন প্রনালী | এটা সৰু জুপুৰি,এখন সৰু বিচনা আৰু অযুত মৰম ভালপোৱা,ব'লা ৰিয়া,,,,,,
তাৰ কথাটোত তাই হুকহুকাই কান্দিছিলে,আৰু তাই বুজাই দিছিলে,,,,
- ৰাজু মুখেৰে কোৱাত সকলোবোৰে সহজ,কিন্তু তাক কাৰ্যকৰী কৰাটো কিমান কঠিন তুমি ও জানা,,,,,,
তাই তাইৰ বকুৰ মাজৰ পৰা এখন কাগজ উলিয়াই আনিলে ,,,,
কি লিখিছে বাৰু তাত তাই ! চাগে তাইৰ মনৰ সকলো অনুভৱ কাগজখনতে লিখিছে ,যিবোৰ কথা হয়টো তাই বুজাই দিয়াটো সম্ভৱ নহয় |
কাগজখন তাইৰ হাতত লওঁতে সি লক্ষ্য কৰিছিলে তাইৰ হাতখন খুব জোৰত কঁপিছিলে ! কিয় কপিছে তাইৰ হাত ! তাৰমানে তাত কিবা তাইৰ জীৱনৰ কঠিন বাস্তৱমব লিপিবদ্ধ হৈছে নেকি !
তাই কঁপা কঁপা হাতখন তালৈ আগবঢ়াই দিছিল,সি তাৰ হাতখনৰে তাইৰ হাতৰ কাগজ খন লৈছিল | তেতিয়াই তাইৰ লাহি হাতৰ স্পৰ্ষত তাৰ দেহত এক মৃদু কম্পন উঠিছিল |
এখন কাগজ | উকা কাগজত কেইটা শব্দ ! হয়টো তাতে নজনা বহুকথা,যিবোৰ কথাই হয়টো তাক কষ্টওঁ দিব পাৰে,নাইবা দিব পাৰে এটুপি আনন্দৰ চকুপানী |
তাই তাইৰ দুপাট্টা খনেৰে মুখৰ পৰা ওলাই অহা কান্দোনটিক হেচি ধৰিছিল |
- ৰিয়া,তুমি এনেখন কিয় কৰিছা,,,,
তাৰ মাতটিত ও কান্দোনৰ এক জাগৰন বহিৰ্ভূত হৈছিল |
- তুমি যদি কান্দিয়ে থাকা,মই নো কেনেকে হাঁহিম ৰিয়া,কেনেকে জীৱনৰ জখলাত আগুৱাম | তুমি মোৰ হেঁপাহ বোৰৰ লগত বিষাদৰ মিশ্রন নকৰিবা ! মই তোমাক হাতজোৰ কৰিছো ৰিয়া,হাতজোৰ কৰিছো,,,
তাই যেন এতিয়া এক নুবুজা শব্দৰে চিঞৰি দিব | আৰু কব,,,,,
- যোৱা ৰাজু এই মূহুৰ্ত্তত তুমি আতৰি যোৱা,মোক অকমান শান্তিত কান্দিব দিয়া ,যোৱা ৰাজু,,,,,,,
কেতিয়ানো প্রেমত বিষাদৰ জন্ম হয় ! অজানিতে নহয় জানো ! সঁচা প্রেমে নকৰে ভয়,নামানে লাজ,,,,
হয়টো সেইকাৰনে ভগৱান শ্রীকৃষ্ণই সকলো জানিওঁ এদিন পৰস্রী ৰাধাৰ প্রেমত পৰিছিল | কিন্তু সেই প্রেম আজিৰ প্রেমৰ দৰে অপবিত্র নাছিল আছিল দুখন সঁচা হৃদয়ৰ মধুৰ মিলন| ,,,,,,
- ৰিয়া,,,,,,,
সি উচুপি উঠিছিল,ভয় লাগিছিল তাৰ অজানা ভৱিষ্যতৰ কথা ভাবি ! সিহতৰ প্রেম বিষাক্ত নহয়টো,,,,,,
তাই তাৰ ফালে মূৰটো জোকাৰিছিল হয়টো বুজাই দিছিল,,,,
- চেনাই অ,মই আৰু তোমাৰ চকুৰ পানী চাই থাকিব নোৱাৰো,,,,,
তাই ঘৰলৈ দৌৰ দিছিল,,,,,
- ৰিয়া,,,,,,,
নুশুনিলে তাই তাৰ মাতটি | হয়টো সেই বিষাদবোৰে তাইক আগুৰিধৰিছিল |
ৰাজুৰ নিজকে নিসংগ যেন লাগিল | সি কি কৰিব এতিয়া,সি নিজেওঁ অসহায়,হে ভগবান কিয় দিলা মোক এনেকুৱা এটা প্রেম যি প্রেমে মোক পাগল কৰি পেলালে,,,,,
সি তাৰ হাতখনলৈ লক্ষ্য কৰিছিল,সেইখনে দুপাট্টা যিখন দুপাট্টাৰে প্রথম অৱস্থাত তাই তাক দেখিলে মুখখন ধাকি লৈছিল |
বহুত মৰমৰ তাইৰ সেইখন দুপাট্টা| সি তাৰ হাতত মেৰিয়াই থোৱা দুপাট্টা আছলতিত এটা চুমা যাছিলে,,,
আৰু ভয় ভয়কৈ তাই দিয়া কাগজখন খুলিলে ,,,,
মৰমৰ
অচিনাকী বন্ধু ( ৰাজু )
পোন প্রথমে মোৰ মৰমকন গ্রহন কৰিবা,মই তোমাক যথেষ্ট ভালপাওঁ | কাৰন মোৰ জীৱনত প্রেম এটা সপোন হে আছিল | কিন্তু মোৰ দৰে কুলক্ষনী,বেঙী এজনীৰ বাবে সেয়া বাস্তৱ | মই তোমাৰ ওচৰত চিৰকৃতজ্ঞ |
তুমি জানাই সকলো মই নিজৰ মতে একো কৰিব নোৱাৰো,কাৰন মাহীমাই মোৰ সকলো সিদ্ধান্ত লয় |
মই তোমাক দুখেৰে জনাওঁ যে মাহীআই মোৰ বিয়া থিক কৰিছে,কালি মোক চাবলৈ আহিব | মই উপায়বিহীন,,,,,,
ইতি
--------
তোমাৰ অচিনাকী বান্ধৱী
ৰিয়া
বিয়া ! তাৰ প্রেয়সীৰ তাৰ বকুখন কঁপি উঠিল|
পাৰ হৈ গ'ল ধুমুহা এজাক,,,,,,,,,,,,, |||
ক্ৰমশ |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese Love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment