ৰাতি ১ বাজি পাৰ হৈ গল। জোনাকৰ টোপনি অহা নাই । হোৱা বোৰ হৈ গল এতিয়া নতুন কি উপায়ে নিশাক লগ কৰিব পাৰি তাকেই ভাবি আছে সি ( Assamese love story )। ভাবি ভাবি সি এটা উপায় পালে । শেষ বাৰৰ বাবে সি আকৌ এবাৰ ইউনিভাৰ্চিটিৰ যাব । কিন্তু এইবাৰ লৰা ছোৱালীক নহয় পোনে পোনে অধ্যক্ষৰ তাত যাব । হয় সি ঠিকেই ভাবিছে । লৰা ছোৱালীবোৰে মিচা কলেও অধ্যক্ষই তাক মিচা নকয় কিন্তু সি তেখেতৰ ওচৰত গৈ কব কি? যদি অধ্যক্ষই তাক সন্দেহ কৰে আৰু তাৰ পিছত যদি নিশাক বেয়াকৈ কয়। বেচেৰীয়ে লগৰবোৰৰ আগত বৰ লাজ পাব । নাই নাই সি তাৰ কাৰণে নিশাক অপমানিত হব দিব নোৱাৰে । তেন্তে কি কৰা যায় এতিয়া । সি ভাবিব ললে । কিছু সময় পিছত তাৰ মূৰত অইন এটা বুদ্ধি খেলালে সি অধ্যক্ষক গৈ নিশা তাৰ মোমায়েকৰ ছোৱালী বুলি কব । কেনে হব কথাটো সি আকৌ এবাৰ ভাবিলে । হয়,এয়াই উত্তম উপায় । সি ঠিৰাং কৰিলে কাইলৈ পুৱা সি গুৱাহাটী বিশ্ববিদ্যালয়লৈ যাব আৰু এটা শুদ্ধ সিদ্ধান্তত উপনীত হব । তাৰ মনটো আশাবাদী হৈ পৰিল । অজানিতে দুটি ওঠৰ মাজত এটা অস্ফুট হাঁহিয়ে ঢৌ খেলি গল । মনৰ মাজত থুপ খাই থকা অৱসাদবোৰো নিমিষতে উৰি গল কেনিবা ।
পুৱা ১০ বাজিছে । জোনাকে বিশ্ববিদ্যালয়ৰ চৌহদত গাড়ীখন পাৰ্কিং কৰিলে ।
"কোন তুমি মেঘালী
মোৰ মন আকাশৰ বিজুলী..! "( Assamese love story )
বুকুত তুমি তুমি লগা লৰালিৰ সুবাস, দুচকুত অযুত সপোন, মন পূৰ্ণ বিশ্বাসেৰে ভৰপূৰ । জোনাক আগবাঢ়িছে কৃষ্ণচূড়াৰ মাজে মাজে । আজি সি বাহিৰত ৰৈ থকা নাই । পোনে পোনে আগবাঢ়িছে অধ্যক্ষৰ কোঠালৈ । বিশ্ববিদ্যালয়ৰ ভিতৰৰ শ শ লৰা ছোৱালী তাক ৰ লাগি চাইছে । জোনাক লৰাটো খুব দেখনিয়াৰ । ওখ-পাখ, সুঠাম দেহৰ, মুখত লাগি থকা হাঁহিটিয়ে সৰলতাৰ পৰিচয় দিয়ে । কলা চান গ্লাছ তথা চাহাবী পোচাকযোৰৰ সৈতে তাক আজি বলিউডৰ কোনোবা তাৰকা যেন লগা হৈছে । আগৰ দুদিনত তাক দেখি হাঁহিৰ খোৰাক তোলা ছোৱালী কেইজনীয়ো আজি তাক দেখি তলমূৰ কৰিলে । তাৰ ভাব হল হয়তো ইয়াৰ মাজত নিশাও আছে, কিন্তু সি যে তাইক চিনি নাপায় আৰু চিনি নোপোৱাৰ বাবেই আজি সি তাইৰ ঠিকনা বিচাৰি আগবাঢ়িছে বিশ্ববিদ্যালয়ৰ অধ্যক্ষৰ কোঠালৈ।যিটো তাৰ বাবে কল্পনাৰো অতীত আছিল কিন্তু আজি সেয়াই বাস্তৱ হৈ পৰিছে তাৰ জীৱনত ।
অধ্যক্ষৰ কোঠা ।এজন ব্যস্ত মানুহ ।তলমূৰকৈ কিবা লিখি আছে ।
-May I come in sir ?
- Yes come in..মূৰ নোতোলাকৈয়ে তেখেতে কলে ।
জোনাক সোমাই আহিল । হঠাতে তেখেতে মূৰ তুলি চাই সম্মুখত এজন অচিনাকি যুৱক দেখি কিছু আচৰিত হল ।
-আপুনি??
-মই জোনাক দত্ত । বকুলপুৰ গাঁৱৰ পৰা আহিছো।মই আপোনাৰ ইউনিভাৰ্চিটিৰ অসমীয়া বিভাগৰ ছাত্ৰী নিশাক লগ পাব বিচাৰো ।
- নিশা..?? কিছু সময় ভাবি তেখেতে কলে নিশা নামৰ কোনো ছোৱালী অসমীয়া বিভাগত নাই । Sorry
অধ্যক্ষ নিজৰ কামত ব্যস্ত হৈ পৰিল । জোনাকৰ মূৰত সৰগ ভাগি পৰিল । সি কোঠাৰ পৰা ওলাই আহিল -
"ইপাৰ সিপাৰ অচিনা অচিনা
সম্মুখত নেদেখো পোহৰ
জহি যায় খহি যায় প্ৰতিদিন, প্ৰতিপল
জীৱন নদীৰ দুয়োটি পাৰ
দুখৰে চকুলো বৰসি বৰসি
সুখৰ বলাকায় কেতিয়া ৰিঙিয়াই..!"
ক্ৰমশঃ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment