উৎসাহেৰে সি প্ৰভাক মাতিলে
-প্ৰভা, প্ৰভা?
খৰধৰকৈ প্ৰভা ওলাই আহিল ।
-কি হল নো ইমানকৈ চিঞৰিছে যে? ( Assamese love story )
-এয়া লোৱা মিঠাই ।
-মিঠাই । কি নো ইমান ভাল খবৰটো ওলাল ।
-কাইলৈ জোনাকৰ ছোৱালী চাব যাম । ছোৱালী ঘৰৰ পৰা দিগন্তক খবৰ কৰিছে ।
প্ৰভাৰ আনন্দই সীমা পাৰ ভাঙি আহিল । মিঠাইৰ টোপোলাটি লৈ ৰান্ধনী শাললৈ খোজ ললে । তাৰ কিছু সময় পিছতে তাই প্লেটত মিঠাই কেইটামান লৈ চাহ লৈ আহিল । হিল্লোলেও ফ্ৰেচ হৈ আহি বহিল । জোনাকক মাতিলে । সি ওলাই আহি নি শব্দে দেউতাকৰ ওচৰতে বহিল । তাৰ পিছত মাকে আগবঢ়াই দিয়া মিঠাইৰ প্লেটখনৰ পৰা এটা হাতত লৈ চাহ কাপ খাই সি নিশব্দে উঠি আকৌ তাৰ ৰুমলৈ গল । হিল্লোল আৰু প্ৰভা মাথো চাই ৰল জোনাক যোৱাৰ ফালে...! বিচনাৰ পৰা উঠি নিশা মাকৰ সৈতে ৰান্ধনিশালত ব্যস্ত । কথাৰ মাজতে মাকে তাইক কাইলৈ যে লৰা এজনে চাব আহিব কলে । তাই কিছু অসহজ অনুভৱ কৰিলে যদিও মাক দেউতাকৰ বিৰুদ্ধে তাই যাব নোৱাৰে । সেয়ে তাই মানি ললে
ৰাতিটোৰ অন্তত এটা উজ্জ্বল দিনে পাতনি মেলিলে । প্ৰদীপ হতৰ ঘৰৰ পদুলি উদুলি মুদুলি । কাৰণ আজি নিশাক চাবলৈ আহিব । মাক আৰু নিশা ৰান্ধনিশালত ব্যস্ত । অপেক্ষাৰ অন্ত পেলাই ন আলহী আহি পালে । প্ৰদীপে বাটৰ পৰা আদৰি আনি বহিবলৈ দিলে । আজি লৰাজন অহা নাই দেউতাক আৰু প্ৰদীপৰ বন্ধু জন আহিছে ।চাহ পানী খোৱাৰ পিছত নিশাই তামোল দিবলৈ আহিল ।
-তোমাৰ নাম?
-নিশিতা বৰা ।
-মই হিল্লোল দত্ত আৰু মোৰ লৰা জোনাক দত্ত । সি এইবাৰ MBA ক্লিয়াৰ কৰিলে । জোনাক নামটো শুনাৰ লগে লগে নিশাৰ মনটো সতেজ হৈ পৰিল । কোন এইজন জোনাক? নামটো যেন তাইৰ তেনেই চিনাকি যেন লাগিছে । তাই মনৰ ভিতৰতে আওৰালে - জো.. না.. ক । তাৰ পিছত কথা বতৰা পাতি হিল্লোল আৰু দিগন্ত বিদায় ললে ।সিহঁত যোৱাৰ পাছত নিশা গৈ বিচনাত পৰিল । জোনাক নামটো তাইৰ চোন কিবা চিনাকি চিনাকি লাগিছে । সেই যে আ শৈশৱত লগ পোৱা জোনাক ( Assamese love story )। সি নহয়তো ।
হে ভগৱান যদি মই ভাবাবোৰ সচা হয়। নিশা বুৰ গল এৰি অহা দিনবোৰৰ সেই সজীৱ স্মৃতিৰ মাজত । তিনিজনী ছোৱালী স্কুলৰ পৰা খোজ কাঢ়ি আহি আছে । তাৰ মাজত নিশা । সেই ঠাইডোখৰত অইন দিনাৰ দৰে আজিও জোনাক ৰৈ আছে । সিহঁতে তাৰ ওচৰেৰে পাৰ হৈ আহিল । কিছু দূৰ আহি নিশাই এবাৰ পাছলৈ ঘূৰি চালে । জোনাকে একেথিৰে তাইলৈ চাই আছে । দুয়ো দুয়োৰে চকুৱে চকুৱে পৰিল । অস্ফুট হাঁহি এটা ডুলি গল । সতেজ হৈ পৰিল নিশাৰ মনতো । তাই মানিব পৰা নাই সেই দিনবোৰ ঘূৰি অহাৰ কথা । সেইজন জোনাক হয়নে? হয়তো নহয়। তাইৰ মনৰ মাজত পুহি ৰখা জোনাকজন হয়তো আজি আধুনিকতাৰ মেৰপেচত আৱদ্ধ হৈ অভিজাত পৰিয়ালৰ প্ৰেয়সীৰ লগত জীৱনৰ গীত গাই আছে । পলকতে তাইৰ মনতো নিৰাশাবাদী হৈ পৰিল । হয়তো তাইৰ মনৰ মাজত লালন পালন কৰা জোনাক জন সপোন হৈয়ে ৰব বাস্তৱতাবিহীন এটা অলৌকিক সপোন । কেৱল জনমৰ পৰা জনমলৈ কঢ়িয়াই লৈ ফুৰিব তাই । যিয়েই নহওক কিয় তাই সেইজন জোনাকক নাপালেও জীৱন সংগী জন যে সেই একেটা নামৰে পালে তাৰ বাবে ভগৱানৰ ওচৰত চিৰ কৃতজ্ঞ হয় ৰব। তথাপিও তাইৰ মনৰ মাজত এটা প্ৰশ্নই ডুলি থাকিল জোনাক কোন??
ক্ৰমশঃ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment