বাহ : কি সুন্দৰ হাতৰ আখৰ তাইৰ | মই কাগজ খন পঢ়িব ল'লো,,,,,,,( Assamese Love story )
অচিনাকী বন্ধু
প্রথমতে মোৰ মৰম কন গ্রহন কৰিবা | আৰু তোমাৰ ওচৰত ক্ষমা বিছাৰিছো |
হয়,মই বোবা ছোৱালী ,মোৰ কণ্ঠ স্তব্ধ |কিন্তু মই কি কৰিম কোৱা ?যি শক্তি মোক ভগৱানে নিদিলে ! লগতে আৰু মোক বহুত কিবা কানি নিদিলে | প্রেমৰ অনুভুতি আমাৰ হৃদয়ত ও জাগে,কাৰন আমিওঁ মানুহে হয় ,যদিওঁ বোবা |
কিন্তু আজি বুজি পালো প্রেম ভালপোৱা আমাৰ কাৰনে নহয় |আৰু তোমাৰ ওচৰত মোৰ বোবা মুখ খন নেদেখুৱাৰ প্রতিশ্রুতিৰে,,,,,,,
দুৰ্ভগীয়া ছোৱালী
ৰিয়া
মোৰ বকুখন ভাগি গ'ল | মই বাৰু তাইক কিয় আঘাট দিলো | কিয় মই অহংকাৰী হ'লো,কিয় মই ইমান নিস্থুৰ হ'লো যে এজনী অসহায় ছোৱালীক হৃদয়ত দুখ দিলো |নিজৰ কপাল খনতে হাত দুখনৰে মাৰিলো |
ব্রিটিছৰ দিনৰ চাইকেলখনত ভেজা দি মূৰটো চিতৰ ওপৰত থলো |
তাই বোবা,সেয়া ভগৱানৰ সৃষ্টি,কিন্তু মই তাইক আঘাট দিয়া অধিকাৰ নাই | কি নাই তাইৰ, সুন্দৰ ৰূপৰ অধিকাৰী তাই,অপৰিসিম জ্ঞান,সুন্দৰ হাতৰ আখৰ |
এবাৰ তাই ওলাই অহা হ'লে ! তাইৰ সন্মুখত আঠু কাঢ়ি হাতযোৰ কৰি কলো হয়,,,,,,,,,,,,,,,
- হে অচিনাকী বান্ধৱী মই তোমাৰে প্রেমিক ,তোমাৰ প্রেমৰ পূজাৰী ,মোক ক্ষমা কৰি দিব নোৱৰিবা নে ?
মোৰ চকুৰে চকুপানী নিগৰিলে,উচপিচাই থাকিলো সিহতৰ পদুলি মুখত | কিন্তু নাই তাই এবাৰো ওলাই নাহিলে,,,,,,,,
মন গ'ল,আকাশ বতাহঁ কপাই চিঞৰি দিম,,
- ঐ অচিনাকী বান্ধৱী ,মই তোমাৰ পদুলি মুৰত ৰৈ আছো | আহিবানে তুমি মোৰ অচিনাকী বান্ধৱী,,,,,,
দৌৰি দৌৰি তাই আহিব,তাইৰ ডিঙিৰ দুপাট্রাখন নাছিব |মেঘালি ছুলি খিনি উৰিব |মোৰ সন্মুখত তাই শিলৰ ভাস্কৰ্য্যৰ দৰে থৰ হৈ পৰিব,মোৰ চকুত চকু থৈ চাব আৰু মুৰ দুপিয়াই মোক এক সংকেত দিব |
আৰু আহি মোৰ বকুৰ মাজত মূৰ গুজিব,দুহাতেৰে মোৰ দুবাহুৰ উচ্চ অংশত হাত বুলাব,মই তাইৰ মেঘালি চুলিৰ মাজত মোৰ হাত ফুৰাম,,,,,,,
চেহ ! কি যে অসম্ভৱ কথাবোৰ ভাবি আছো |দুঘন্টা হৈ গ'ল,কিন্তু তাই ওলাই নাহিলে,,,,
মোৰ আৰু ধৰ্য্য হেৰাই গ'ল | দেখিলো সিহতৰ ঘৰলৈ এজনী প্রায় আঠবছৰীয়া ছোৱালী আহি আছে,,,,
- মাইনা কি নাম তোমাৰ ?
নিজৰ স্বাৰ্থত ছোৱালীজনীক মাত লগালো |
- মই তোমাক চিনি পোৱা নাই,,,,,
বাহ কি স্মাৰ্ট উত্তৰ,কথা বঢ়াই কাম নাই ,,,
- ক'ত যোৱা ?
- ৰিয়া বা হতৰ ঘৰত |
ভালে হ'ল পাশুপাত অস্ত্ৰ মাৰিম এতিয়া,,
- ৰিয়া বাক পদুলিলৈ পঠাই দিবা ,কৈ দিবা এজন দাদাই ৰৈ আছে,,,,,
তাই সহাৰি জনাই গুছি গ'ল,,,,,
এইবাৰ আহিব চাগে মোৰ সপোন কুৱৰী !
মই সিহতৰ পদুলি ৰ পাছফাল হৈ চাইকেলত ভেজা দি ৰৈ থাকিলো,,,,,,
- হেৰা ! বাপু,,,,,
কাৰোবাৰ মাতত পাছলৈ ঘূৰি চালো ! হে ভগৱান এইজনী দেখোন শকত আবত মহিলাজনী | কি কৰো এতিয়া ! ছোৱালীজনীয়ে মোক বিপদত হে পেলালে,,,
- মানে,,,,,,
ভয় ভয় কৈ মানে শব্দটো মুখৰ পৰা ওলাল |
- আমাৰ তিকলি জনীয়ে ক'লে তুমি হেনো ৰিয়াক বিছাৰিছা |
- হয় ,মানে তাইৰ ওচৰত মই এটা ক্লাছৰ বহী বিছাৰি আহিছিলো,,,,,,
- ঘৰলৈ আহা,,,,
তাৰমানে তাই নিশ্চয় কলেজত পঢ়ি আছে,ৰক্ষা |
- নাই নাযাওঁ দিয়ক এবাৰ পঠাই দিয়ক,,,,
- ৰবা,,,,,
মানুহজনী গ'লগৈ | তাৰমানে এইজনী তাইৰ মাতৃ | শেষত যেনিব তাইক আকৌ এবাৰ দৰ্শন কৰিম |
দেখিলো তাই লাহে লাহে ওলাই আহিছে ! তাইক দেখি মোৰ দুচকু সেমেকি উঠিল | তাইৰ ধুনীয়া মুখখন বগা দুপাট্রাখনৰে ধাকি আহিছিল | মাত্র তাইৰ চকুদুটা সামন্য অংশ ওলাই আহিছিল |
মোৰ সন্মুখত তাই ৰৈছিল,মই থোকাথোকি মাতেৰে কৈছিলো,,,,,
- হে অচিনাকী বান্ধবী মোক ক্ষমা কৰি দিব নোৱাৰিবা নে ? মই ভূল কৰিছো অ,কিন্তু মোৰ এটা ভূলৰ বাবে তুমি মোক তোমাৰ ধুনীয়া মুখখনি চোৱাৰ পৰা বঞ্চিত কৰিবানে,,,,,,মই তোমাক হাতযোৰ কৰিছো মাত্র এবাৰ তোমাৰ দুপাট্রা খন গুছাই দিয়া | মাত্র এবাৰ,,,,তোমাৰ কাৰনে মই ৰৈ আছো,,,,মাত্র এবাৰ,,,মই তোমাক বহুত ভালপাওঁ অচিনাকী বান্ধৱী ( Assamese Love story )|
কিন্তু নাই তাই মুখৰ কাপোৰ খন নুগুছালে,মাত্র আকৌ এখন কাগজ মোলৈ আগবঢ়াই দিলে,আৰু গ'লগৈ,,,,,
- ৰবা না ,মাত্র এবাৰ মাত্র এবাৰ অচিনাকী বান্ধৱী তোমাৰ মুখখন দেখুওৱা |মাত্র এবাৰ,,,,,,,,,,,,,,,
নাই তাই গুছি গ'ল | মই এই ভুলৰ সাস্তি পাবই লাগিব,তাইক দিয়া দুখ মই ও পাব লাগিব |
আকৌ কাগজখন খুলি চালো |
অচিনাকী বন্ধু
তুমি মোক প্রথম দিনাই দুখ দিছিলা,শুনা দুখ কি মই ভালদৰে উপলব্ধী কৰো |কাৰন মোৰ জন্মৰ পাছতে মা মোক এৰি গ'ল,এতিয়া থকাজনী মোৰ মাহী আই,গাওঁৰ মানুহে মোক দেখিলে অমংগল হয় বুলি কয়,কাৰন মই জন্মীয়ে মাক হেৰুৱালো,তাতে মই আকৌ বোবা,,,,,,,,,,,,,,
আৰু বিশেষ নকওঁ
মোৰ কলিজাত বিষাদৰ দাগ এটাৰ আছোৰ পৰিল | এজন পাগলৰ দৰে চাইকেল খন লৈ ঘৰলৈ উভতিলো,,,,,,,,
যদি জীৱনৰ ৰংবোৰে
লুকাভাকু খেলে
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,
তথাপিওঁ বন্ধু আগুৱাই যাবা
পাছলৈ ঘূৰি নাচাবা,,,,,,,
পঢ়া তেবুলত ৰিয়া পঢ়াত ব্যস্ত | তাইৰ পঢ়াৰ প্রতি যে বিশেষ আগ্রহ ,,,,
- ঐ ছোৱালী
মাহীমাকৰ চিঞৰত তাই উচপ খাই উঠিল,প্রতিদিনে তাইৰ ওপৰত মাহীমাকে দেখাই দাদাগিৰি |
- পঢ়া দেখাইছ হা,বেঙী পঢ়ি কি কৰিবি তই ! তই যে পঢ়া তেবুলত বহিলি,ঘৰৰ কাম কোনে কৰিব ? মই হা মই ! বান্দি পাইছ মোক,,,,,
মাহীমাকৰ কঠোৰ গৰ্জনৰ পিছত তাই উত্তৰ দিলে ,,,,,,,তাই দুহাতৰ অংগী ভংগীৰে দেখাই দিলে যে,,,,,
- তাইৰ বহুত লিখিব আছে,,,,,,,
- লিখিব আছে,লিখিব আছে,,,মই সেইবোৰ নুবুজো,,
তাইৰ ধুনীয়া ছুলি কোচাত মাকে জোৰকৈ ধৰিলে,,,,,,,
- আহ,,,,,,আ,,,,,আ
তাই যেন বুজাৱ খুজিছে মা বহুত দুখ পাইছো এৰি দিয়া না,,,,,,
কিন্তু বেচেৰী উপাইবিহীন,মাকে তাইক ছুলিত ধৰি তানি নিলে, আৰু দমকলৰ পাৰত তাইক গতিয়াই পেলাই দিলে,,,,,
তাইৰ কপালখন দমকলত খুন্দা খালে,আৰু লগে লগে কপালখনৰ পৰা ওলাই আহিছিল ৰঙা তেজ,,,,,
- এই কাপোৰ খিনি ধুই দে,তাৰ পাছত ভাত ৰান্ধিবি|
তাই অংগী ভংগীৰে মাকক বুজাই দিলে যে,,,,
তাই কলেজত যাব লাগিব ক্লাছ আছে,,,,
আকৌ মাকে তাইৰ ডিঙিটোত ধৰি ক'লে,,,,
- কলেজ যাৱ হা,মোছৰি মাৰিম যি কৰিব দিছো কৰ,,,,,,
আদেশ দি তেজিমলাৰ মাহী আই আতৰিল,,,
তাই কপাল খন চুই চালে,তেজ বৈ আহিছিল | আৰু লাহে লাহে অনুভৱ কৰিলে তাইৰ মূৰটো বিষাব ধৰিছে,আৰু ঠাই দোখৰ ওখ হৈ উঠিছে |
সচাঁকে কেতিয়াবা অনুভৱ হয়,পৃথিৱী খনত নাৰী হে নাৰী শত্রু | তাই কাপোৰ বোৰ ধুলে,,,তাইৰ বহুত ভাগৰ লাগিছে,ঘৰত ভালকৈ চালে মাহীমাক নাই,,,,চাগে কৰবাত বিয়নি মেল মাৰিব গৈছে |
তাই কলেজৰ ল'ৰা - ছোৱালীৰ চিঞৰ বোৰ শুনিব পালে,,,তাৰমানে সকলো কলেজলৈ ওলালে,,তাই পদুলি মুখলৈ দৌৰি আহিল |
সকলোৱে হাঁহি ফুৰ্ত্তি কৰি কলেজ গৈছে | আৰু সিহতে তাইৰ ফালে ঠাট্রা সূচক চাৱনিৰে তাইক যেন বুজাই দিছে,,,,
- বেঙী তই এনেকে থাক,,,,বেঙী হৈ কলেজ যাব লাগে নেকি !
তাইৰ মনটো ভাগি গ'ল,দুচকুৰে বৈ আহিল চকুপানী | এইবাৰ আকৌ তাইৰ মনত পৰিল,যদিহে অচিনাকী বন্ধু আহি পাই,সি যদি আকৌ তাইক আঘাট দিয়ে !
গতিকে ঘৰত যোৱাই ভাল,যাতে তাইক সকলোৱে কুলক্ষনী বুলি নাভাৱে ,,,,,,
তাই কোঠাত সোমাই লক্ষ্য কৰিলে তাইৰ মাকৰ ফটোখন,,,
বকুৰ মাজত সাৱতি ল'লে | আৰু বিচনাত বাগৰিলে,মাকৰ ফটোখন বকুৰ ওপৰত উঠাই ল'লে,,,,,,
- মা,কিয় মোক এৰি গৈছিলা ,কিয় মোক বোবা কৈ জন্ম দিলা,তাতকৈ মোক গৰ্ভত থাকোতে নামাৰিলা কিয় ? ছোৱাছোন মই কিমান কষ্টত আছো,বোবা বুলি মানুহে হাঁহে ,
কুলক্ষনী বুলি মোৰ আগত নোলাই,তোমাৰ মৃত্যুৰ কাৰন ও মই বোলে হয়নে মা ?দেখিছা নে মোক পঢ়িব নিদিয়ে ,মোক কিমান অত্যাচাৰ কৰে,কপাল খনত তেজ চোৱা,,,,ইমান অত্যাচাৰ মই সহিব নোৱাৰো অ মা,মই ও সুখত থাকিব খোজো,,,,,
বহুত কান্দিলে তাই,কান্দি কান্দি কেতিয়া টোপনি আহিল তাই গমকে নাপালে,এইফালে তাইৰ ভাগৰ ও লাগিছিল !
- ছোৱালী ঐ ছোৱালী
মাহীমাকে তাইৰ কোঠাত সোমাই আহিলে,বাহ কি টোপনি |
পানী এবাল্টি আনি তাইৰ গাতে ঢালি দিলে,,,,,,,তাই চিঞৰি উঠিল,ফুতো নুফুতো কণ্ঠতিৰে,,,,,
নাই ! তাই আৰু জীয়াই নাথাকে,ইমান অত্যাচাৰ সহি নাথাকে,তাই মাহীমাকৰ ওচৰৰে দৌৰ মাৰিলে,তাই মাত্র দৌৰিছে কোনো ফালে চোৱা নাই,আজি তাইৰ জীৱন তৃষ্ণা হেৰাল,,,,,,
তাই মাত্র দৌৰিছে,ৰেললাইন লৈ বুলি,,,,,,,,,,
ক্ৰমশ |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese Love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment