প্ৰেমে জানো মানিব ধনী-দুখীয়াৰ ভেদা ভেদ : Assamese love story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, April 29, 2021

প্ৰেমে জানো মানিব ধনী-দুখীয়াৰ ভেদা ভেদ : Assamese love story

Assamese love story

উৰুখা পজাত আজি এটা ৰঙীন চাকি জ্বলিছে | আজি আৰম্ভ হৈছে আন এক মায়াৰ বান্ধোন | এখন ধংস হৈ যোৱা ঘৰত আজি আকৌ আৰম্ভ হৈছে সৃষ্টিৰ যাত্রা | কাঞ্চনৰ আজি তন্ময়লৈ লাজ লাগিছে | কিয় যানো এক প্রকাশ কৰিব নোৱাৰা ভয়ে ও তাইক বেৰি ধৰিছে |  ( Assamese love story )

লাজ ভয়ৰ মিশ্রনত তাই একাষৰীয়া হৈ পৰি আছে বিচনাত |

- ঐ,,,,,

তন্ময়ৰ মাতত তাই উচপ খাই উঠিল | 

- কি !

- সাৱধান বৰষুণৰ পানী আহি তোৰ গাত পৰিব পাৰে !

- হব,মই বৰষুণৰ পানীত তিতি তোৰ বকুৰ মাজত শুই থাকিম |

- কবলৈ সকলো সহজ,,,,

- চেষ্টা কৰিলে,কৰিবলৈও সকলো সহজ |

- ধনী ঘৰৰ ছোৱালী তই,বেমাৰত পৰিবি | 

তাই আৰু সহ্য নকৰিলে | তাই তাৰ মুখখনত জোৰকৈ তাইৰ হাত খন হেচি ধৰিলে,

- মুখত যি আহে তাকে বলকি নাথাকিবি |

তাই জোৰকৈ তাৰ বুকুৰ মাজত সোমাল | সঁচাকে বৰ কোমল অন্তৰৰ এখন কঠিন বুকু | এয়াই এজন মানৱ দৰদী পৰুষৰ সঁচা অন্তৰ | তাৰ বুকুৰ মাজত তাইৰ কেতিয়া টোপনি আহিল তাই গমকে নাপালে |

তন্ময়ৰ কিন্তু টোপনি অহা নাই ! তাৰ চকুৰ পৰ্দাত ভাহি আছে কাঞ্চন অবিহনে পাৰ কৰা উজাগৰি ৰাতিবোৰ | কান্দি কান্দি তিয়াই পেলোৱা তাৰ সেই কোমল গাৰুটো | কৰ পৰা কি হ'ল সেই দিনবোৰ,,,,,,

কলং নদীৰ কহুৱাৰ মাজত কাঞ্চন আৰু সি | কাষত কলং নদীৰ নীলা জলৰাশিৰ কুলু কুলু ধ্বনিৰ নিৰবিচ্ছিন্ন গতি |

বালিচৰত তাই,আৰু তাইৰ কোমল কোচত মূৰ থৈ তন্ময় |

- মই এজন খেতিয়ক | মা-দেউতা নথকা ল'ৰা | তই মোক দুখীয়া বুলি এদিন প্রতাৰণা নকৰাটো ?

- ধেত ! প্রেম তেনেকুৱা নহয় অ,প্রেমত ধনী-দুখীয়াৰ প্রশ্ন নাহে,মই তোৰ মৰমৰ মাজতে জীৱনৰ সুখ অনুভৱ কৰিম |

সি উথি বহিছিল | আৰু তাইৰ হাতখন জোৰকৈ তানি আনি তাৰ বুকুৰ মাজত লৈছিল |

- তোক বহুত ভালপাওঁ অ' কাঞ্চন |

- মই ওঁ তোৰ কাৰনে বলিয়া |

দিন গৈছিল,সময় গৈছিল | কাঞ্চন আৰু তন্ময়ৰ প্রেম গভীৰৰ পৰা গভীৰ হৈছিল |

আজি সিহতৰ গাওঁৰ হৰি মহাজনৰ জিয়েকৰ বিয়া | সকলো বিয়াতে ব্যস্ত | কাঞ্চন হত কইনা সজোৱাত ব্যস্ত | আৰু তন্ময় মহাজনৰ ঘৰৰ ইটো সিটো কৰাতে ব্যস্ত |

মহাজনৰ ভনীয়েকৰ ল'ৰা অনুৰাগ আহিছে | ঘৰ গুৱাহাটীত | পিন্ধত দামী দামী জিনছ,টি চাৰ্ট | হাতত অত্যাধুনীক ঘড়ী | দামী জোতা,চকুত গাগলছ্ | তন্ময়হতৰ বাবে সেয়া কল্পনাৰ ও বাহিৰত |

গাওঁখনৰ প্রায়বোৰ ছোৱালীয়ে অনুৰাগৰ ষ্টাইলত পাগল হৈ গৈছে | হয়টো প্রায়খিনি ছোৱালী তাৰ সপোনৰ ৰানী হিচাপে নিজকে কল্পনা কৰাত ব্যস্ত |তাতে আকৌ দেউতাকৰ পইচাঁৰে ক্ৰয় কৰা অত্যাধুনীক বাহন |

- হায় গাইজ,,,,,

অনুৰাগে কইনাৰ ওচৰত বহা গোটেই কেইজনী ছোৱালীক উদ্দেশ্যী কলে,,,,,

কইনা ইপ্সিতাই সিহতক চিনাকী কৰি দিলে,,

- এয়া মোৰ গুৱাহাটীৰ দাদা অনুৰাগ,অনুৰাগ বৰঠাকুৰ | 

- হায়

কাঞ্চনে তাৰ ফালে চাই হাই দিলে,,,,,

অনুৰাগে কিছু সময় পাছত লগত অনা কেমেৰাটো উলিয়াই আনিলে,,,,

- হায় এভৰিবদি মই এতিয়া তোমালোকৰ এটা সুন্দৰ ফটো লম |

সকলো প্রস্তুত অনুৰাগৰ দামী কেমেৰাত ফটো উঠাৰ বাবে |

- অনুৰাগ

তেনেতে এফালৰ পৰা আহি থকা তন্ময়ৰ চকুত পৰিল | সি আৰু ধৰ্য্য ধৰিব নোৱাৰিলে |

- কাঞ্চন

নাই কাঞ্চনৰ যেন তাৰ চিঞৰৰ প্রতি কোনো গুৰুত্ব নাই |

সি একপ্রকাৰ জোৰকৈ চিঞৰিলে |

- কাঞ্চন 

তাই এইবাৰ তাৰফালে ঘূৰি চালে,,,,

- কি হ'ল,,,,

- তই অকমান বাহিৰত আহচোন,,,

- কিয় ?

- প্রশ্ন নকৰিবি,,,,,

কিছু সময় পাছত কাঞ্চন বাহিৰত ওলাই আহিল |

- ক' কি হ'ল তোৰ ?

- সেই গুৱাহাটীৰ ল'ৰাজনৰ একেবাৰে কান্ধত উঠিব বিচাৰি আছ যে,,,,,

- তন্ময় কথা ভালকৈ কবি|

- কি বেয়াকৈ কলো,এজন অচিনাকী ল'ৰা দেখিলে পাগল হৈ পৰ কিয় ?

- অচিনাকী ল'ৰা ! আগতে নিজকে আইনাৰ সন্মুখত ভালকৈ চাই লবি,তোৰ তাত কি আছে আৰু তাৰ ওচৰত কি আছে |

তাই তাৰ ওচৰৰ পৰা গুছি যাব লৈ আকৌ উভতি আহিল |

- ঐ শুন তোৰ ঘৰত টো চাগে আইনা এখন ও নাই ,মই দিম বাৰু দে,,,,

কথা খিনি কৈ তাই আতৰি গ'ল |

কি ! কাঞ্চনৰ ইমান পৰিবৰ্তন | তাৰমানে তাই ও অইন ছোৱালীৰ দৰে একে নেকি !

বিয়া ঘৰৰ পদুলি উদুলি মুদুলি | কাঞ্চনহতৰ মনত যেন আজি আনন্দৰ সীমা নাই |

- হায় !

অনুৰাগে এটা মিচিকিয়া হাঁহিৰে কাঞ্চনক হাই কলে |

- হায়,,,,

- তোমাৰ নাম

- কাঞ্চন বৰুৱা |

- তুমি দেখিবলৈ খুৱ ধুনীয়া | মই আচলতে বিশ্বাসে কৰিব পৰা নাছিলো এনেহেন ভিতৰ অঞ্চলটো যে চেলিব্রেটীৰ দৰে ছোৱালী থাকে|

কাঞ্চনৰ আজি মনটো বহুত ভাল লাগিল | তাইক চহৰৰ এজন আভিজাত্য ঘৰৰ ল'ৰাই ধুনীয়া বুলি কৈছে |

- ধন্যবাদ,তুমি ওঁ বহুত ধুনীয়া |

এজনে আনজনক ধুনীয়া বুলি কোৱাৰ পাছত এইজনে ও সেইজনক ধুনীয়া বুলি কোৱাটো আমাৰ মানুহৰ এক স্বভাৱ |

- সেই যে ল'ৰা জন তোমাৰ কোন হয়,,,,

তন্ময়ক এতিয়া তাই কি বুলি চিনাকী দিৱ |

- মোৰ মানে,,,,,

- বয়ফ্ৰেণ্ড ?

- উম,,,,

- কাম নাই আৰু,সেই মক্কেলটো তোমাৰ বয়ফ্ৰেণ্ড হোৱাৰ যোগ্য নে,তুমি ইমান ধুনীয়া

অনুৰাগৰ কথাষাৰে তাইৰ মগজুত খেলিমেলি লগালে | সেই মূহুৰ্ত্ততে তাইৰ তন্ময়ৰ প্রতি এক বুজাৱ নোবাৰা ঘৃনা ভাব জাগিল |

- মই তোমাক ভালপাব বিচাৰো,,,,,

কি ! অনুৰাগে বাৰু কি কৈছে | সি বাৰু সঁচাকে কৈছে নে ! তাৰ নিচিনা ল'ৰা এজনৰ প্রস্তাৱ তাই কেনেকে নাকচ কৰিব | তাতে আকৌ চহৰৰ ল'ৰা | 

আৰু তন্ময় ৰ টো তাই পত্নী নহয় | তাক ভাল হে পাইছিল | আজিৰ পৰা নাপায় |

- কি হ'ল,,,এনচাৰ প্লিজ,,,,,,

- হু ! উম মই ও তোমাক ভালপাই পেলাইছো |

- থিক আছে,তেতিয়া হ'লে মোৰ প্রস্তাৱ এটা মানিবানে ?

কি প্রস্তাৱ দিব পাৰে বাৰু অনুৰাগে |

- কোৱা,,,,

- ব'লা আমি চহৰৰ পৰা এপাক ফুৰি আহো,তোমাৰ লগত মনৰ কথা পাতিব লগীয়া বহুত আছে,,,,,

অনুৰাগে প্রস্তাৱ দিছে আৰু তাই নামানাৰ কোনো কথাই নাই |

তাই তাৰ লগত চহৰলৈ যাবলৈ ওলাল | তাই অনুৰাগৰ গাড়ীত বহিবলৈ লৈছে হে,,,,

- কাঞ্চন |

তন্ময় ৰ মাতত তাই থমকি ৰ'ল |

- কি হ'ল তোৰ ?

- তই কত যাৱ ?

- মই কত যাওঁ তোক কিয় লাগে,,আৰু মোৰ কথা জানিবলৈ তোক মই ইমান অধিকাৰ দিয়া নাই মনত ৰাখিবি |

- কাঞ্চন তই মোক,,,,

- অ তোক মই আজিৰ পৰা ভাল নাপাওঁ,,,,

- কি ! কাঞ্চন তই কিন্তু ভাল নকৰিলি |

- কি ভাল কি বেয়া সেয়া মই জানো | কাৰন মই এজনী শিক্ষীত ছোৱালী | ব'লা অনুৰাগ,,,,,,,,

অনুৰাগে গাড়ী ষ্টাৰ্ট দিলে | আৰু কিছু মূহুৰ্ত্তৰ পাছত সিহতৰ গাড়ী খন নেদেখা হৈ আহিল |

তন্ময়ৰ মন ভাগি গ'ল | তাৰ হৃদয় খন বিষায় উঠিল | একমাত্র দুখীয়া হোৱা বাবে আজি প্রেমত সি চৰম প্রতৰণা পালে | সি বিষাদগ্রস্ত মনলৈ তাৰ উৰুখা পজালৈ গ'ল |

কিছু সময় পাছত অনুৰাগ আৰু কাঞ্চন চহৰ পালে | ( Assamese love story )

- কাঞ্চন কত যাবা,,,,,

- তোমাৰ চইছ |

- ব'লা সৌ ধাবা খনতে যাওঁ,,,,,

সিহত চহৰত থকা ধাবা খনত সোমাল | এয়াই হে প্রেম | এয়াই প্রেমিক কথা পাতিবলৈ,মনৰ কথাৰ বুজ লোৱাৰ লগতে মনৰ আনন্দ উপভোগ কৰাৰ বাবে বাহ কি সুন্দৰ ঠাই | তাইৰ নিজৰ ওপৰতে লাজ লাগিল | ধেত নদীৰ পাৰত আকৌ কোনোবাই প্রেম কৰে নেকি !

- কাঞ্চন কি ভাবিছা !

- নাই,,,,,,

ইতিমধ্যে সিহতৰ তেবুলত তাৰ অৰ্ডাৰ অনুযায়ী বিভিন্ন আইতেমৰ লগতে মদৰ বটল দি গ'ল | সি দুটা গ্লাছত মদ বাকিলে |

এটা তাইলৈ আগবঢ়াই দিলে,,,,

- কাঞ্চন প্লিজ,,,,

- কি !

- দ্রিংকচ্,,,,

- না মই নাখাওঁ,,,,

- আৰে বেবি একো নহয় | খোৱা নাই,,,,

- না মোৰ ভয় লাগে,,,

- আৰে ভয় আজিকালি ল'ৰা - ছোৱালী বুলি কোনো কথা নাই |

- না তুমি খোৱা,,,,,

তাৰমানে অনুৰাগ ! ল'ৰাজন দেখাত তেনেকুৱা নালাগে | নাই একো নাই আজিকালি প্রায় মানুহে দ্রিংকচ কৰে সেইবুলি সি বেয়া হন নোৱাৰে |

কিছু সময় পাছত অনুৰাগৰ যেন কিছু পৰিবৰ্তন হ'ল | সি তাইৰ হাতখনত জোৰকৈ ধৰি এখন হাত তাইৰ কান্ধত দিলে | তাই গুছাব খুজিওঁ নুগুচালে | সি তাইক ভালপায় গতিকে ভালপোৱাৰ স্বাৰ্থত সি তাইৰ কান্ধত হাতখন থব পৰা অধিকাৰ তাইৰ আছে |

- কাঞ্চন তুমি যদি মোক ভালপোৱা,,,,,

- অ পাওঁ,,,,

- তুমি মোক আজি তোমাৰ দেহটো সপি দিন লাগিব,,,,,

কি ! অনুৰাগে এইবোৰ কি কৈছে | সি তাৰমানে,,,,,

- মই সেইবোৰ কৰিব নোৱাৰো,,,,

- তাৰমানে তুমি মোক ভালনোপোৱা,,,,

- প্লিজ অনুৰাগ প্রেমক প্রেম হিচাপে থাকিব দিয়া | আজি তোমাৰ লগত প্রথম প্রেম হৈছে | কিন্তু শৰীৰৰ সম্বন্ধ জানো প্রেম,,,,

- আৰে প্রেমৰ কাৰনে তুমি সকলো ত্যাগ কৰিব লাগিব|

- মই নোৱাৰো অনুৰাগ,,,,,

সি তাইক জোৰকৈ সাৱতি ধৰিলে,তাই উপায় নাপায় চিঞৰি দিলে |

তাইৰ চিঞৰত সি তাইক মুক্ত কৰি দিলে,

- তই মোৰ উদ্দেশ্য পূৰন নকৰিলি ন ! তই কেনেকে ভাবিলি তোৰ দৰে গাওঁৰ ছোৱালী এজনীক মই বিয়া কৰাবৰ বাবে প্রেম কৰিম | তোক মই উপভোগ কৰিব বিচাৰিছিলো |

সি কথা খিনি কৈ ওলাই গ'ল | তাইৰ গোটেই গাটো কপিছিল | কি প্রেমিক এইজন | আচলতে ভূল তাইৰ এদিন দেখাতে এজন মানুহ প্রেম জন্ম পাই ,সেই প্রেম নিশ্চয় স্বাৰ্থ সিদ্ধীৰ বাবে হে |

তাই হতাশা মন লৈ ঘৰলৈ উভতিল |

আজিকালি তন্ময় পাগলৰ দৰে মাত্র ঘৰতোটে সোমাই থাকে,কান্দি থাকে | সি যে তাইক সঁচা অন্তৰৰে ভালপাইছিল কিন্তু তাই তাক মাত্র এদিনৰ চিনাকী ল'ৰা এটাক পাই প্রতৰণা কৰিলে | কাক বিশ্বাস কৰিব ,,,,,

তাই বলিয়াৰ দৰে তন্ময়ক বিচাৰি ফুৰিছে,কিন্তু সি যে কতো নাই | খেতি পথাৰত ও বিচাৰি আহিছে কিন্তু সি নাই !

তাই বাৰু তাক অলপ কষ্ট দিছে নে ! তাই আজি পলে পলে উপলব্ধী কৰিছে | তাই তাৰ মৰমৰ অভাৱ অনুভৱ কৰিছে | সি জানো আকৌ তাইক আকোৱালি লব !

তাই পাগলীৰ দৰে তাক ঘৰত বিচাৰি গ'ল | 

- তন্ময়,ঐ তন্ময়,,,,,

নাই তাৰ একো সহাৰি নাই | তাই বাহৰ দৰ্জাখন ঠেলি ভিতৰলৈ সোমাই গ'ল | সি বিচনাত শুই আছিলে,,,,

- তই ! তই আকৌ কিয় আহিছ ? মোক জ্বলাই মাৰিব নাহিবি | যা এতিয়াই ওলাই যা মোৰ ঘৰৰ পৰা ওলাই যা,মই তোৰ ভৰিত ধৰিছো অ কাঞ্চন মোক অকমান সুখত থাকিব দে,তোৰ বিয়াৰ নিমন্ত্রনী পত্র মোক নালাগে, ,,,

তাই তাক সাৱতি ধৰিছিল | 

- তই মোক ভূল বুজিছ অ তন্ময় | মই তোৰ কাষত একেবাৰে গুছি আহিলো | 

তাই তাক সকলো কলে আৰু তাইৰ ভূলৰ বাবে ক্ষমা বিচাৰিলে,,,,,,

- মই তোক সঁচা হৃদয়ৰে ভালপাওঁ | গতিকে তোক গ্রহন কৰিবলৈ মই সদায় প্রস্তুত | যদি তই উৰুখা পজাত সপোন দেখিব পাৰ থাক মোৰ লগতে চিৰজীৱন |

তাই তাক আকৌ জোৰকৈ সাৱতি ধৰিছিল |

- পাৰিম তন্ময় | উৰুখা পজাৰ মাজতে আমি জীৱনৰ সপোন ৰছিম |

আৰম্ভ হ'ল তন্ময় আৰু কাঞ্চনৰ উৰুখা পজাত এখন সুখৰ সংসাৰ  |||

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


Assamese love story

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages