প্ৰভাৰ চিঞৰত হিল্লোল দৌৰি আহিল । হিল্লোলেও আচৰিত হল । জোনাক মাটিত ঢলি পৰিছে । প্ৰভা কান্দোনত ভাঙি পৰিল । হিল্লোলে উৱাদিহ পোৱা নাই( Assamese love story ) । কোনোমতে মবাইলটো উলিয়াই ফোন লগালে -
- হেল্লো ডাক্তৰ..
জোনাকক বিচনাত শুৱাই দিলে । কিছু সময় পিছত ডাক্তৰ আহিল । জোনাকক চালে ।
- চিন্তাৰ বিশেষ কাৰণ নাই মানসিক ক ভাৱে দুৰ্বল হোৱাৰ বাবে এনেকুৱা হৈছে । এই ঔষধ কেইটা সময়ত খুৱাব ঠিক হৈ যাব । ডাক্তৰ গলগৈ । প্ৰভা জোনাকৰ ওচৰতে বহি আছে আৰু হিল্লোলে কোঠাৰ ভিতৰতে পাইচাৰি কৰি আছে । প্ৰায় ১ ঘন্টা মান সময় পাৰ হৈ যোৱা পিছত জোনাকে লাহে লাহে চকু মেলিলে ।
এখন দূৰন্ত ৰেলগাড়ীৰ দৰেকৈ সময়বোৰ উৰি গল । নিশাৰ পৰীক্ষা ওচৰ চাপি আহিল । কাইলৈ পৰা তাইৰ পৰীক্ষা আৰম্ভ হব । সেয়ে অঞ্জলিয়ে গাৱঁৰ মন্দিৰত শৰাই এখন আগবঢ়াইছে । ক্ৰমশ সন্ধিয়া নামি আহিল । বাল্ব কেইটা নিদিয়াকৈ প্ৰদীপ বাহিৰতে বহি আছে । আজি প্ৰদীপৰ মনটো ভাল নহয় । কিছু সময় পিছত অঞ্জলি আহি সোমাল ।
-কি হৈছে আপোনাৰ, এই আন্ধাৰখনত বহি আছে যে । তাই বাল্ব কেইটা জ্বলাই আকৌ প্ৰদীপৰ ওচৰলৈ আহিল ।
প্ৰদীপে কৈ গল তাৰ বন্ধু এজনে লৰাৰ কাৰণে এজনী ছোৱালী বিয়াৰ বাবে লাগে আৰু নিশাক কাৰযোৰে ধৰিছে । বন্ধুত্বৰ খাতিৰত সি না কৰিব নোৱাৰিলে । তাইৰ পৰীক্ষাৰ পিছত ঘৰলৈ আহিলে খবৰ কৰিম বুলি কোৱা কথা । অঞ্জলিৰো মনতো বেয়া লাগিল যদিও সেয়া নেদেখুৱাই কলে আগত তাইৰ পৰীক্ষাটো শেষ হওক দিয়ক । এইবোৰ পিছত ভাবিম । ছোৱালী হৈ আহিছে যেতিয়া এদিনতো উলিয়াই দিবই লাগিব । অঞ্জলি ভিতৰলৈ গল ।ক্ৰমশ ৰাতিটো গভীৰ হৈ আকৌ পোহৰৰ আবিৰে এটা উজ্জ্বল দিনৰ বাতৰি দিলে । অঞ্জলি বিচনাৰ পৰা উঠি গা পা ধুই আহি মন্দিৰত চাকি জ্বলালে । স্কুললৈ যাওঁতে প্ৰদীপেও মন্দিৰত সোমাই গল । কাৰণ আজিৰ পৰা নিশাৰ পৰীক্ষা আৰম্ভ হব ।
এডোখৰ নিৰিবিলি ঠাইত জোনাক আৰু নয়ন লগ হৈছে । আজি জোনাকক নয়নে ফোন কৰি মাতি আনিছে । কাৰণ কাইলৈ নয়ন চেন্নাই যাব মাকৰ বেমাৰৰ বাবে । এইবাৰ মাকৰ গোল্ড ব্লাডাৰৰ অপাৰেচন হব । কিছুদিন সি তাত থাকিব । সেয়ে জোনাকক লগ কৰিব আহিছে ।
-তই যোৱাৰ পিছত মই সম্পূৰ্ণ নিসংগ হৈ পৰিম নয়ন । এইফালে ঘৰত মোৰ বিয়াৰ জো যা চলাইছে ।
-আৰে ইন্টাৰনেটৰ যুগ মই গলেও আমাৰ যোগাযোগ হৈ থাকিব । আৰু তোৰ কাৰণে এজনী উপযুক্ত ছোৱালী পাবলৈ কিছুদিন সময় নিশ্চয় লাগিব । তেতিয়ালৈ নিশা আহি পাব । নয়নে সান্তনাৰ সুৰত কথা কেইটা কৈ বিদায় ললে ।
জোনাকৰ মনত ভয়ৰ জোৱাৰ । কাৰণ হিল্লোল এটা কথাত চলা মানুহ । মনত যিটো ভাবে সেই কামটো কৰিহে সান্তনা লভে । সি অজান শংকা বুকুত লৈ ঘৰমুৱা হল । সম্মুখত আজি তাৰ ঘোৰ তমসা । সেই তমসাৰ মাজে মাজে আগবাঢ়িছে জোনাকৰ বাইক।
"নিজৰে বুলিব এতিয়া কোনো নাই
নিজকে সাৱটি নিজে বাট হেৰুৱাও
জীয়া মন জীয়া প্ৰাণ এতিয়া একো নাই
এনেৱা এন্ধাৰত সকলো যে লুকাই
খোজে খোজে মাথো ধুমুহাকে পাওঁ.. "!
ঘৰলৈ আহি বহুদিনৰ মূৰত আজি সি তাৰ ৰূমৰ খিৰিকি খন খুলিলে । পৰ্দাখন গুচাই সি বাহিৰলৈ চাই ৰল । খিৰিকিৰ সিপাৰে এখন মুক্ত পথাৰ। এডৰা সেউজীয়া ঘাঁহনি । জোনাক হেৰাই গল তাৰ মাজত । মনৰ দাপোনত প্ৰতিবিম্বিত হল সেই দিনবোৰ । শৈশৱ চিনাকি সেই নিশাজনীয়ে তাক খিৰিকিৰ সিপাৰৰ পৰা হাত বাউল দি মাতিছে । তাৰ মুখত অস্ফুট হাঁহি এটা ঢৌ খেলি গল । কিছু সময় পিছত সি ওলাই গল তাইক চুই চাব খোজতেই সাউতকৈ আতৰি গল । জোনাক উচপ খাই উঠিল । সি সিদ্ধান্তত উপনীত হল যে জীৱনত হয়তো সি নিশাক আৰু নাপাব ।কিন্তু সি যিমানে নিজক লুকাব বিচাৰিছে সিমানেই স্মৃতিবোৰে উক দিছে । হয়তো কালৰ সোঁতত এদিন সিও হেৰাই যাব মাথো তাৰ বুকুৰ মাজত নিশা হৈ ৰব যুগে যুগে তাৰ বাবে কল্পনাৰে সজোৱা এটি জীয়া কাহিনী । যিটো কাহিনী কেতিয়াও কাকোৱে সি কব নোৱাৰিব । হয়তো এয়া সকলো বোৰ ঈশ্বৰৰ খেল । কাৰণ ঈশ্বৰৰ ইচ্ছা অনিচ্ছাতে সকলো বোৰ হয় তাৰ ভিতৰত সিও ব্যতিক্ৰম নহয় ।এতিয়াৰে পৰা সি সকলোবোৰ সময়ৰ ওপৰত এৰি দিলে । কাৰণ নয়ন আছিল তাৰ শেষ আশা । আজি সিওঁ আতৰি গল । এইক্ষেত্ৰত সি নয়নক দোষ দিব নোৱাৰে । হয়তো এয়া তাৰ কপালৰ লিখন । যাক সি সলাব নোৱাৰে । এইক্ষেত্ৰত গোটেই পৃথিৱীখনে তাৰ মিচা যেন ভাব হল ।
মায়াৰ জালত আবদ্ধ এখন মিচা পৃথিৱী। আৰু এই পৃথিৱীৰ মাজত জীৱনৰ ৰং বিচাৰি ফুৰা সি এটা উৰন্ত পখী আছিল কিন্তু হঠাৎ অহা কাল ধুমুহাৰ কোবত তাৰ পাখি দুখ দুখন ভাগি থাকিল । এতিয়া সি দেউকা বিহীন..নাই আশা, নাই আকাংক্ষা । এটা মাথো ছাবি দিয়া পুতলা, যাৰ ছাবিপাত আজি সময়ৰ হাতত । এতিয়াৰে পৰা সময়ে যিফালে ছাবি ঘূৰাই সিওঁ সেই ফালেই গতি কৰি যাব । দূৰতে শুনা গল এটি বাঁহীৰ সুৰ । জোনাকৰ বুকুৰ কোনোবা খিনিত হাহাকাৰ কৰি উঠিল । যেন অজানিতে পাৰ হৈ গল এটা বাৰুদৰ গুলি । তাৰ মুৰটো ঘুৰোৱাৰ উপক্ৰম হল । খিৰিকিখনত আউজি দিলে । দূৰৰ আকাশত দেখা গল এচোতা কলীয়া ডাৱৰৰ খেল । তাৰ ভাৱ হল হয়তো তাৰ মাজতে লুকাই থাকিল নিশাৰ ঠিকনা..!
ক্ৰমশঃ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment