ৰাজুয়ে তাৰ চকুদুটা মুদি দিলে,,
ঝক্ ঝক্ ঝক্
ভয়ংকৰ ৰূপত প্রতিধ্বনি হ'ল তাৰ কানত ট্রেইনৰ শব্দ,সি চকুদুটা মেলিব সাহস কৰা নাই ( Assamese Love story )| কাৰন চকুমেলিলে সি মুখামুখি হব লাগিব এক নিৰ্মম বাস্তবৰ লগত | কি ভয়ংকৰ মূহুৰ্ত্ত | কেনেকে চাব সি তাৰ প্রেয়সী,অভাগিনী ৰিয়াৰ ক্ষত-বিক্ষত অংগ বোৰ ! ক'ত বা চিটিকি পৰিছে তাইৰ অংগবোৰ | সি যেন এতিয়াই কান্দি কান্দি চিঞৰি দিব,,,,,,
- হেই,অচিনাকী বান্ধৱী মোক এৰি তুমি কত গুছি গ'লা,মোক ও তোমাৰ লগতে লৈ যোৱা না,এনেকে কিয় মোৰ অগ্নিপৰীক্ষা ল'লা,,,,
লাহে লাহে ট্রেইনৰ শব্দ নোহোবা হ'ল | কি নাম দিব সি এই ট্রেইনখনৰ | যিখন ট্রেইনে তাৰ মৰমৰ প্রেয়সীৰ ধুনীয়া দেহাটি খণ্ড খণ্ড কৰি পেলালে | কি নাম দিব! অভিশপ্ত ট্রেইন খন নেকি !
সি নিষ্ঠুৰ বাস্তৱৰ মুখামুখি হবলৈ সাজু হ'ল | লাহে লাহে সি তাৰ চকু দুটা মেলি দিলে,আৰু তাৰ প্রেয়সীয়ে আত্মাহত্যা কৰিব যোৱা ঠাইখিনিলৈ ভয় ভয়কৈ চালে,,,,,,
হাৰে ৰিয়া ! সি আচৰিত ৰিয়া জীয়াই আছে,,তাৰমানে ! সি কান্দিব নে হাঁহিব ! তাইওঁ তাৰফালে ঘূৰি চালে,তাই ও এটা মিঠা হাঁহিৰে তাক বুজাই দিলে মই জীয়াই আছো অচিনাকী বান্ধৱী | সি আনন্দতে দৌৰিছে,,,,
এজাক বতাহত গছবোৰ নাছিছে,সুখৰ পোহৰ এজাকে তাক হাতবাউলি মাতিছে,,,,
তুমি মোৰ বকুৰে কুটুম
তুমি হ'বা জোন,,,,
তোমাৰ বকুতে ৰছিম সাগৰ
সাতুৰিম মই ,,,,,
সি তাইৰ সন্মুখতে থিয় হ'ল | তাই দুহাতৰে অংগীভংগীৰে বুজাই দিলে,,,
- হে অচিনাকী বন্ধু মই মৃত্যুক বিদায় দিলো,মই তোমাৰ আৰু দেউতাৰ কাৰনে জীয়াই থাকিম | তোমালোকৰ কাৰনে আকৌ সপোন দেখিম |
তাইৰ মুখত লাগি আছিল মিঠা হাঁহিটি,তাৰ মন গ'ল যেন এতিয়াই তাইক এবাৰ বকুৰ মাজত তানি আনি হেপাঁহৰ চুম্বন যাছিব | সি আপোন পাহৰা হৈ তাইৰ হাত খনতে খামোছি ধৰিলে,,,,
তেনেতে তাই পাগলকৰা হাঁহিটিৰে তাক চকুৰ ইংগিতেৰে বুজাই দিলে যে পিছলৈ চোৱা,,,
সি পিছলৈ ঘূৰি চাই দেখিলে তাইৰ দেউতাক হাঁহি হাঁহি ৰৈ আছে | তাৰ অকমান লাজ ও লাগিল | কিন্তু তাৰ মনটো ভাল লাগিল জীয়েকৰ সিদ্ধান্তত মানুহজনে পৰম সুখ লভিলে | দেউতাকে তাইৰ হাতখনত খামোছি ধৰিলে আৰু তাইক লৈ ঘৰলৈ যাত্রা কৰিলে,,সি মাত্র তাইৰ ফালে চাই থাকিল | তেনেতে তাই এবাৰ তাৰফালে ঘূৰি চালে আৰু চঞ্চলা চাৱনিৰে তালৈ চকুতিপ এৰিলে,,,,,
তাৰ গাত যেন এক সিহঁৰণ জাগি উঠিল | অজানা সিহঁৰণ | সি একো কব নোৱাৰা হৈ কৈ পেলালে,,,,,
- আজ্জৈ কলিজাঁ,তুমি মোক পাগল কৰিলা,,,
কিছু সময় পাছত সিহত নেদেখা হ'ল | তাৰ মনটো আনন্দত আত্মাহাৰা হ'ল | সি যেন এতিয়াই চিঞৰি চিঞৰি পৃথিৱীক জনাই দিব,,,,,,,,
- আই লাভ ইউ অচিনাকী বান্ধৱী,,,,,,,
সি ও ওভতনি যাত্রা কৰিলে |
কিছু সময় পাছত ৰিয়া আৰু দেউতাক ঘৰ পালে,তাই পদুলিমুখতে মাহীমাকক দেখি আকৌ এবাৰ ভয়তে কপি উঠিল | এইবাৰ বা আকৌ কি ৰূপ লয় |তাই ভিতৰত সোমাবলৈ ভয় কৰিলে,,,,,
- আই,,,,,
দেউতাকৰ চকুৰ ফালে চাই তাই বুজাই দিছিল,মোৰ ভয় লাগে দেউতা,,,,
কিন্তু এবাৰ মাহীমাকৰ আচৰিত পৰিবৰ্তন |তাইৰ কাষত আহি ছুলিখিনিত আলফুলাই ক'লে,,,,,,,
- চা মাজনী,মা হ'লে গালি ও দিব আকৌ মৰম ও কৰিব| তই সেইখেনি কথাতে ইমান খং কৰিব লাগে নে ! আহ ভিতৰলৈ আহ,,,, ( Assamese Love story )
তাই মাত্র আচৰিত হৈ মাকৰ ফালে চাই থাকিলে,,,,,,
তুমি সেইজনী মা নে ? যিজনী মাই মোক দিনে নিশাই অত্যাচাৰ কৰি আহিছে,যিজনী মাই মোৰ চিতাত প্রথমে অগ্নীসংযোগ কৰিম বুলি কৈছে !
আচৰিত ! মানুহ ইমান সহজতে বিনা স্বাৰ্থত পৰিবৰ্তন হব পাৰে নে !
নাই এয়া ও যেন কিবা ৰহস্য |তথাপিও তাই ভয় ভয় মনোভাৱেৰে ভিতৰত প্রবেশ কৰিলে|
ৰাতি তাই বিচনাত পৰিছে,কিন্তু চকুত টোপনি নাই | প্রতিটো মূহুৰ্ত্তত অচিনাকী বন্ধুৰ ছবিখনে তাইক আমনি কৰিছে |
বৰ সহজ-সৰল ল'ৰা এজন | এতিয়া তাইক সি পাগলৰ দৰে ভালপায় | হয়টো সি নোহোৱা হ'লে আজি তাইৰ মৃত্যু অনিবাৰ্য আছিলে | এই পৃথিৱী খনৰ বকুত তাইক ভালপোৱা এজনৰ জন্ম হ'ল | তাইক মৰম কৰা এজন ব্যক্তি এতিয়া তাইৰ কাষত |
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,
পাছফালৰ পৰা সি তাইক সাৱতি ধৰিছে,তাই যেন লাজত মৰি যাব এতিয়া,,,,
সি তাইৰ লাজুকী কোমল গালখনত তাৰ গালখন লগাই কৈছে,,,,
- এই সুন্দৰ নিৰ্জনতাৰ বকুত তুমি আৰু মই,কেনে লাগিছে তোমাৰ অচিনাকী বান্ধৱী ?
তাই যেন তাক বুজাই দিছে ,,,,,
এয়া এক বুজাব নোৱাৰা অনুভৱ অচিনাকী বন্ধু |
সি মৰমত তাইক এটা কপালখনতে চুমা আকিব বিচাৰিলে,কিন্তু তাই মুখখন ঘূৰাই দিলে,,,,
বেছি কৰিছে তাই,তাইক ইমান ভালপাওঁ কিন্তু তাই,,,,,,,,,,
সি তাইক মুক্তকৰি দি তাইৰ ওচৰৰ পৰা দূৰলৈ গুছি আহিল | তাৰ মুখখন ডাৱৰীয়া আকাশৰ দৰে অন্ধকাৰ হ'ল |
তাই তাৰ কাষত দৌৰি আহিছে,জোৰকৈ তাক ঘূৰাই দিবলৈ চেষ্টা কৰিছে | কিন্তু নাই তাৰ অভিমান নিচিগিল | সি তাইক জোৰকৈ আতৰাই আৰু অকমান দূৰলৈ গুছি গ'ল,,,,
এইবাৰ তাৰ কাষত দৌৰিছে আৰু জোৰকৈ তাক পাছফালৰ পৰা আলিংগন কৰিছে | সি তাইক আতৰাই দিব খুজিও নোৱাৰিলে,,,,
হয়টো এয়া তাইৰ প্রকৃত মৰমৰ জোৰ |সি অনুভৱ কৰিছিল তাইৰ কোমল হাতৰ পৰশ তাৰ পাহোৱাল বকুত পৰিছিল |
কি যে এক মধুৰ অনুভৱ | সি তাইৰ বান্ধোনৰ পৰা মুক্ত হৈ তাইৰ ফালে ঘুৰি চোৱাৰ লগে লগে তাই তাৰ কপালত এটা চুমা আকি দিছিল,,,,,,,
সি লক্ষ্য কৰিছিল | তাই যেন চিঞৰিব চেষ্টা কৰিছে,,,,
- ৰিয়া পাৰিবা শক্তি প্রয়োগ কৰা
সি ভগবানক প্রাৰ্থনা কৰিলে,তাইৰ কণ্ঠ ওলাই অহাৰ বাবে,,,,
তাই চেষ্টা কৰি আছে,,,
- ৰিয়া পাৰিবা, আকৌ জোৰ দিয়া,,,,,
- আই লাভ ইউ অচিনাকী বন্ধু
বিয়পি গ'ল এটা মিঠা কণ্ঠ চোদিশ,,,
- কি ! ৰিয়া তুমি কথা কৈছা,,,তুমি পাৰিছা,মই ,,,,,,,,,
- ৰাজু
- অ ৰিয়া মই তোমাক বহুত ভালপাওঁ |
সি তাইক আকৌ জোৰকৈ বকুৰ মাজত হেচা মাৰি ধৰিলে,,,,
সিহতৰ চকুৰে মাত্র আনন্দৰ চকুপানী নিগৰিছে,,,,
- ৰিয়া আকৌ এবাৰ মোক ৰাজু বুলি মাতা না,,,,,,,,
- ৰাজু তোমাক মই বহুত ভালপাওঁ,,,,বহুত আই লাভ ইউ ৰাজু,,,,
ৰাজুই আনন্দতে জপিয়াইছে,,,
তাইক সি ডাঙি লৈ ঘূৰাই দিছে,তাইৰ হাঁহিৰ খিলখিলনিৰ প্রতিধ্বনি হৈছে,,,,,,
- ইয়াহু ! মোৰ অচিনাকী বান্ধৱীয়ে কথা কৈছে,,,,,,,,,,,,
ক্ৰমশ |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese Love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
Good
ReplyDelete