আধৰুৱা উপন্যাস খন সম্পূৰ্ণ কৰিবলৈ আকৌ কলমটো হাতত তুলি লৈছো ( Assamese Love story )| কাঞ্চনৰ আৰ্তনাদ,এজনী অসহায় ছোৱালীৰ জীৱনৰ সংগ্রামক লৈ লিখি থকা উপন্যাস খন এইকেইদিনতে শেষ কৰিম | কাৰন পঢ়িবলৈ পাঠক ৰাইজে বৰ আগ্রহৰে ৰৈ আছে |তেনেতে পিয়ন মধু খুড়া মোৰ ঘৰলৈ আহিল,,,,,,,
- বাপু,হেৰা বাপু কি কৰিছা ?
- অ খুড়া কিনো কৰিম | এয়া আৰু,,,,
- বাপু তুমিয়ে কিছুমান কাহিনীৰ মাজেৰে মানুহৰ অন্ধ চকুবোৰ খুলিব লাগিব,,,,
- নাযানো খুড়া,কিন্তু চেষ্টা অব্যাহত থাকিব |
তেওঁ নিজৰ সাতামপুৰুষীয়া মোনা খনৰ পৰা চিঠি দুখন উলিয়ালে | মোৰ কাৰনে বিভিন্ন ঠাইৰ পাঠকে লিখনি সমূহ পঢ়ি চিঠি পঠাই দিয়ে,মোৰো মনটো ভাল লাগে বিভিন্ন জনৰ মন্তব্য পাই |
- এই দুখন লোৱা,,,,,
- খুড়া চাহ একাপ খাই যাওঁক,মা অ' মা,,,
- হে হে হে নালাগে বোপা,মোৰ আৰু বহুত চিঠি দিবলৈ আছে,সময় সুবিধা মিলাই কেতিয়াবা আহিম,আজি আহো হে,,,,,,
বৰ শান্ত মানুহ,সহজ-সৰল,,,,আমাৰ গাওঁত আমি দেখাৰ পৰাই অবিৰত ভাবে সেৱা আগবঢ়াই আছে |
লাহে লাহে চিঠি এখন খুলিলো |
মাননীয়,নিয়ৰ
কি খবৰ আপোনাৰ ? আশাকৰো ভালে,আপোনাৰ লিখনি পঢ়ি আপোনাৰ বন্ধু হ'লো,আপোনাৰ লিখনিৰ প্রেমত পৰিলো | কিন্তু এতিয়ালৈ আপোনাক দেখাৰ বা লগপোৱাৰ সৌভাগ্য হোৱা নাই |
অহা ফাগুনৰ ২৫ তাৰিখে মোৰ ছোৱালী গৰিমাৰ জন্মদিন সেইদিনা যাতে আমাৰ ঘৰত নিমন্ত্রন ৰক্ষা কৰি,আমাৰ ছোৱালীজনীক আশীৰ্বাদ প্রদান কৰে | কামনাৰে,,,,,,,,
ইতি
----------
আপোনাৰ শুভকাংখী
ৰূপৰেখা
ৰূপৰেখাৰ চিঠিখন পঢ়ি সামৰি থলো | হয় এইবাৰ তেখেতৰ নিমন্ত্রন যেনে তেনে ৰক্ষা কৰিম | বহুদিনৰ পৰাই তেখেতে মোক নিমন্ত্রন দি আহিছিল | মই হে ৰক্ষা কৰিব পৰা নাছিলো | কিন্তু এইবাৰ যাম |
আজি মই ৰূপৰেখাৰ ঘৰত যাবলৈ ওলালো |
- তই কৰাবাত যাবি নেকি সৰুধন ?
- অ মা,মোৰ শুভকাংখী এজনীৰ ঘৰত |
- কেতিয়া আহিবি ?
- মই কালিয়ে ঘূৰি আহিম |
ঘৰখনত মা ,মই আৰু দেউতা | মই যি সময়ত ডিব্রুগড় বিশ্ববিদ্যালয়ত পঢ়ি আছিলো সেই সময়তে কিবা বিশেষ কাৰনত মা আৰু দেউতাই দাদাক ত্যাজ্যপুত্র কৰিলে | আজিলৈ আৰু ঘৰলৈ ঘূৰি নাহিলে | সেয়েহে এতিয়া বৃদ্ধ পিতৃ-মাতৃৰ দায়িত্ব লব লগা হৈছে| মা আৰু দেউতালৈ কেতিয়াবা খং উঠে | দাদাক ত্যাজ্যপুত্র কিয় কৰিলে ! শৈশবত দাদাই মোক কিমান মৰম কৰিছিল | সেইবোৰে এতিয়া মোক কন্দুৱাই থাকে |
মই কিছু সময়ৰ পাছত ঘৰৰ পৰা ওলালো | আজি এজনী নতুন অনুৰাগীৰ কাষত যাম | নতুন পৰিবেশ,কিমান ভাল লাগিব |
কেতিয়া গৈ মই লাহৰিঘাট পালো গমে নাপালো | ৰূপৰেখাই কোৱা ঠিকনামতে মই সিহতৰ গাওঁ পালো |
বাটত এজনী মহিলা দেখিলো ,ভালে হ'ল ৰূপৰেখাৰ ঘৰ কোনটো শুধি লওঁ !
- অকমান সহায় কৰিবচোন,,,,
ধুনীয়া মহিলাজনীয়ে এটা মিঠা হাঁহিৰে সম্ভাষন জনাই ক'লে,,,,
- হয়,কবচোন,,,,
- ৰূপৰেখাৰ ঘৰটো দেখাই দিব নেকি ?
- আপুনি ?
- মই নিয়ৰ শৰ্মা |
- নিয়ৰ,আপুনি ! মই ৰূপৰেখা | আপোনালৈ অপেক্ষা কৰি আছিলো | আহক আহক,,,
বাপৰে কিবাকে ৰূপৰেখাক বিছাৰি পালো,মই তেখেতপ পাছে পাছে খোজ ললো |
- চুইটি ,এয়া লিখক নিয়ৰ মামা
ৰূপৰেখাই তেওঁৰ ছোৱালীজনীক ক'লে,,,,
- হাই ! মামা
মৰমলগা কনমানিজনীয়ে হাতখন জোকাৰি ক'লে,,,,,
- হাই !!!
- মামা কেনেকুৱা লাগিলে মোক দেখি !
- চুইটি,এতিয়া মামাক আমনি কৰিব নালাগে,মামা অকনমান জিৰাই লওঁক,তুমি খেলাগৈ যোৱা,,,,,
- একো নহয় দিয়ক,তাইৰ লগত কথাপাতি ভাল লাগিব |
কিন্তু চুইটি তেতিয়ালৈ আতৰি গ'ল | ৰূপৰেখাই মোক ভিতৰৰ আলহী কোঠালৈ লৈ গ'ল |
বাহ বৰ সুন্দৰ কৈ কোঠাটো সজাই ৰাখিছে,বৰ ধুনীয়া |
আপুনি বহক | মই চাহ বনাওঁ,,,,
ৰূপৰেখা ভিতৰৰ কোঠালৈ সোমাই গ'ল | ফাগুন মাহ হলেও কিছু গৰমৰ অনুভব হৈছে|মই কোঠাটোৰ সকলো ফালে চকু ফুৰালো | কিন্তু মোৰ চকুত পৰিল এখন ধুনীয়া ফটো |
হাৰে ৰূপৰেখাৰ লগতচোন এয়া মোৰ দাদা |তাৰমানে ৰূপৰেখা মোৰ নবৌ !
হে ভগবান এয়া কি দেখিছো | আজি যিমান দিনে মোৰ দুচকুৱে যাক বিছাৰি আছিলে,যাৰ মৰমে মোক আমনি কৰি আছিলে মই আজি সেই বিশেষ ব্যক্তিজনৰ ঘৰত |
তেতিয়া মই ডিব্রুগড় বিশ্ববিদ্যালয়ত স্নাকোত্তৰ কৰি আছিলো | বহুদিনৰ মূৰত হে ঘৰলৈ আহিবলৈ পাওঁ |
তেতিয়া মোৰ দাদা অম্লান শৰ্মাই বোকাখাতৰ এখন কলেজত কাম কৰি আছিলে |আমাৰ এখন সুখৰ শিক্ষিত ঘৰ আছিলে |
মা ,দেউতা ,দাদা আৰু মই | বছৰত এদিন মান হে মোৰ দাদাক লগপোৱাৰ সৌভাগ্য হৈছিল | কাৰন মোৰ পঢ়া আৰু দাদাৰ কলেজ |
এদিনাখনৰ কথা দাদাই ৰাতি আহি ঘৰ ওলাইছিল | লগত এজনী ছোৱালী,খুব মৰম লগা,অমায়িক |
- মা দৰ্জাখোলা ,মা
মাই দৰ্জাখন খুলিছিল | আৰু খুলিয়ে দাদাক সন্মুখত দেখিছিল |
- ডাঙৰ ধন তই,তই ইমান ৰাতিখন যে , ,,,,
- বহুত কথা মা,তোমাক কালি সকলো কম |
মাৰ চকুত ছোৱালীজনী পৰিল |
- আৰু ছোৱালীজনী,,,,
- মোৰ ছাত্রী |
মাৰ মনত সন্দেহ হ'ল | ইয়াত কিবা এটা ৰহস্য আছে |
- মা,দেউতা ?
- দেউতা শুই আছে,,,,
- ভাইটি ?
- সি ডিব্রুগড়ত |
মাই আৰু ৰাতিখন দাদাক একো প্রশ্ন নকৰিলে | ৰাতি সকলো শুই থাকিল |
ৰাতিপুৱা মায়ে দেউতাৰ ওচৰত গৈ ভয় ভয়কৈ আৰম্ভ কৰিলে,,,,
- ৰাতি ডাঙৰ ধন আহিছে,,,
- কি ! সি একো খবৰ নিদিয়াকৈ আহিল যে,,,,,,,,
- নাযানো ! লগত এজনী ছোৱালী লৈ আহিছে,,,,
- কি ! সৰ্বনাশ,,তাক মোৰ ওচৰত পঠাই দিয়া,
বেলেগ এটা কথাত অকলে শুই আছিল ৰূপৰেখা |
- ৰেখা,ঐ ৰেখা,,,,
- উম,,,,
- উঠা আকৌ,কেতিয়াবাই ৰাতি পোহৰ হ'ল ,,,
ৰেখা বিছনাৰ পৰা উঠিলে |
- ডাঙৰ ধন
- অ মা,,,,
- তোক দেউতাই মাতিছে,,,,
- অ গৈছো |
আজি অম্লানৰ জীৱনত প্রথমবাৰৰ বাবে দেউতাকলৈ ভয় লাগিছে,তথাপি সি দেউতাকৰ সন্মুখত থিয় দিব প্রস্তুত |
- দেউতা,,,,
- অ অম্লান তই এনেকে কোনো খবৰ নকৰাকৈ ওলালি হি যে,,,,
তেতিয়া ৰূপৰেখা বাহিৰত ওলাই আহিছিল |
- আৰু সেই ছোৱালীজনী ?
- ৰূপৰেখা দলে |
- তোৰ লগত সম্পৰ্ক ?
- মই,,,,,মই
- কি মই মই কৰি আছ ! চিধাকে কৈ দে,,,,
তাৰ বকুখন কপিছিল,তথাপি সি সাহসত আৰম্ভ কৰিছিল,সি ৰূপৰেখাক লক্ষ্য কৰিছিল তাই লাজ,ভয়ত মূৰ উঠাব পৰা নাছিল( Assamese Love story ) |
- দেউতা মই জানো মই অপৰাধ কৰিছো,তোমাৰ সন্মান হানি কৰিছো | কিন্তু দেউতা মই উপায় বিহীন | ৰূপৰেখা এখন অনুন্নত ঠাইৰ ছোৱালী | শিক্ষা বুলিবলৈ তাৰ মানুহৰ একোৱে নাই | কালি মই এটা ভয়ংকৰ বাস্তৱৰ মুখামুখি হ'লো | ৰূপৰেখাৰ পিতৃ-মাতৃক সেইখন গাওঁৰ মানুহে ডাইনী সন্দেহত হত্যা কৰিছে | কিন্তু সেই অন্ধবিশ্বাসত বুৰযোৱা মানুহ খিনি ইমানতে ক্ষান্ত হোৱা নাছিলে সিহতে ৰূপৰেখাক হত্যা কৰিবলৈ খেদি আহিল | আৰু সেইসময়ত ৰূপৰেখাক মই উদ্ধাৰ কৰিলো | কিন্তু এজনী ছোৱালীক মই মৃত্যুৰ মুখত ঠেলি দিব নোৱাৰো দেউতা,মই তাইক চিৰজীৱনৰ কাৰনে গ্রহন কৰিলো|
- অসম্ভৱ ! মই এজন শিক্ষক | এই অঞ্চলত মোৰ এটা সুনাম আছে | আৰু তই আজি মোৰ সেই সন্মান বিনাশ কৰিলি |
- দেউতা !
- তই জাননে ডাঙৰ ধন মই ব্রাহ্মন |তই এজন ব্রাহ্মনৰ সন্তান | জাতপাতৰ বিছাৰ নোহোৱা এজনীক ছোৱালীক মই বোৱাৰী কৰি আকোৱালি লব নোৱাৰো |
- দেউতা !
ৰূপৰেখাই কান্দিছিলে | আৰু অম্লানৰ ভৰিত ধৰি কৈছিলে |
- আপুনি ,দেউতাৰ কথা অমান্য নকৰিব| বহুত কষ্টত ডাঙৰ কৰিছে আপোনাক | মা-দেউতাতকৈ পৃথিৱীত আপোন কোনো নাই |মই আজি নিঠৰুৱা হ'লো | মই জীয়াই থাকি কৰিম কি ! আপুনি থাকক মই আহো,,,,
ৰূপৰেখাই কান্দি কান্দি দৌৰ মাৰিলে
- দেউতা,তুমি ইমান অহংকাৰী,স্বাৰ্থপৰ |
- অ মই স্বাৰ্থপৰ,মই অহংকাৰী | আজিৰ পৰা তোক মই ত্যাজ্যপুত্র কৰিলো,যা এতিয়াই মোৰ চকুৰ সন্মুখৰ পৰা আতৰি যা,,,ওলাই যা মোৰ ঘৰৰ পৰা |
অম্লানে চকুপানী তুকিছিল | আৰু হাতজোৰ কৰি দেউতাকক কৈছিল,,,,
- ধন্যবাদ দেউতা |তোমাৰ দৰে মানুহ পৃথিৱী খন ভৰি পৰক |
- ঠাট্রা কৰিছ হা,,শুন তোক মই মোৰ মুখাগ্নীৰ পৰা ও বঞ্চিত কৰিলো |
মুখাগ্নী ! সন্তানৰ মাক-দেউতাকৰ প্রতি কৰা শেষ দায়িত্বৰ পৰা ও বঞ্চিত হ'ল অম্লান | সি ঘৰৰ পৰা ওলাই আহিল | দেখিলে ৰূপৰেখা এজনী পাগলিৰ দৰে গৈ আছে |অম্লানে পাগলৰ দৰে চিঞৰিলে,,,,
- ৰূপৰেখা,ৰবা আমি কৰবাত যাম,মই ও নিঠৰুৱা হ'লো ৰূপৰেখা | মই ইমান বেয়া কাম কৰিলো মই ত্যাজ্য পুত্র হ'লো |
এজন অধ্যাপক হৈ,নিজৰ কৰ্মত সংস্থাপিত হৈ ও অম্লান আজি ত্যাজ্যপুত্র |
অম্লান আৰু ৰূপৰেখা গলগৈ | কিন্তু কত গ'ল কোনেও নাজানিলে,,,,,
মোৰ চকুৰে চকুপানী ওলাই আহিল,মাই মোক সকলো কৈছিল |
- আপুনি,,,,
পুৰুষৰ মানুহ এজনৰ শব্দকানত পৰাৰ লগে লগে চকুপানীখিনি মছি ল'লো | আৰু ঘূৰি চালো ,,,,
- দাদা
- হাৰে ভাইটি তই,,,,
কব নোৱাৰাকৈ বহুদিনৰ মূৰত দাদাৰ বকুৰ মাজত সোমালো |
- বদমাছ,তাৰমানে তই লিখক নিয়ৰ শৰ্মা,,,
- অ দাদা,,,,,
- নবৌ তোৰ লিখা বৰ ভালপায় অ ভাইটি,,,
- দাদা মোলৈ তোৰ মনত পৰা নাছিল ?
- পৰিছিল,কিন্তু পৰিস্থিতিয়ে বান্ধি ৰাখিছিল
তেনেতে ৰূপৰেখা কোঠাত সোমাই আহি আমাক তেনেকে দেখি আচৰিত |
- অম্লান,,,,
- ৰেখা মোৰ ভাইটি,তোমাৰ দেওঁৰ,,,,
- কি ! মোৰ দেওঁৰ ইমান জনপ্রিয় লিখক |
- অ নবৌ !!!
মনটো আজি মোৰ বহুত সুখী,মোৰ একমাত্র মৰমৰ দাদাৰ সান্নিধ্য পালো ইমান বছৰৰ মূৰত | মই দাদা আৰু নবৌক বুজাই বঢ়াই ঘৰলৈ লৈ আহিলো |
দাদা আৰু নবৌ লাজতে সোমাব সংকোচ কৰিলে |
মই চুউটিক কোচত লৈ ঘৰত সোমালো,দেউতাই চুইটিক মোৰ কোচত দেখি মাত মাতিলে,,,,,
- সৰুধন মৰম লগা ছোৱালীজনী কোন অ,,,
- তোমাৰ নাতিনী,,
দেউতাই তাইক কোচত ল'লে,,,
- মাজনী কি নাম তোমাৰ ?
- চুইটি শৰ্মা !
- দেউতা আৰু মাৰ নাম,,,
- অম্লান শৰ্মা আৰু ৰূপৰেখা দলে শৰ্মা
- কি ! ডাঙৰধন আহিছে,,,,
মা দৌৰি আহিল,,,
- হেৰি ডাঙৰ ধন আহিছে,,,
দাদা আৰু নবৌ ভিতৰত সোমাই আহিল,মাই দাদাক সাবতি ধৰিলে আৰু আমাৰ চকুৰে আনন্দৰ চকুপানী ওলাল |
নবৌই দেউতাৰ ভৰি চুই প্রনাম কৰিলে,দেউতাই নবৌৰ মূৰত হাতবুলালে,, ,
- হব আই,,,,,উঠা |
- দেউতা ভালে আছা ?
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
- ডাঙৰধন তই মোক ক্ষমা কৰিবি | সচাঁকে সেই সময়ত মই অহংকাৰী স্বাৰ্থপৰ আছিলো |মই তহতক বহুত কষ্ট দিলো | মানুহ হ'লে তোৰ দৰে হব লাগে,মই তেজৰ গৰমত যি কৰিলো অনুতপ্ত | তই বহুত ডাঙৰ এটা পুন্য কৰিলি | তই মোৰ গৌৰব | জাতি-ধৰ্মৰ গোৰামীয়ে পৃথিৱীখন শেষ কৰি পেলাইছে |মানুহে মানুহক ঘৃনা কৰিব নাপাই,আজি বুজিলো |||
এতিয়া আমি সুখী |||
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese Love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment