ৰাতি প্ৰায় ১২ মান বাজিছে । হিল্লোলে বিচনাত চটফটাই আছে ।
-কি হল আপুনি টোপনি যোৱা নাই?
নাই একো হোৱা নাই ( Assamese love story )। মই ভাবিছিলো সি ঘৰলৈ অহাৰ পিছত অফিচৰ ভিতৰৰ দায়িত্ব তাক দি মই বাহিৰৰ খিনি চাম কিন্তু এতিয়া যি দেখিছোঁ সেয়া তাৰ দ্বাৰা সম্ভৱ নহব।
-তাকেই । কিবা বেলেগ উপায় ভাবিব লাগিল ।
-কি উপায় ভাবিবা নো । মোৰ মূৰত কোনো কথাই নহা হৈছে ।
-মই এটা কথা ভাবিছো আমি যদি এজনী ছোৱালী চাই তাৰ বিয়াখন পাতি দিওঁ । মই ভাবো সি সলনি হব ।
-বেষ্ট আইডিয়া ।( প্ৰভাৰ কথাত হিল্লোলে হয়ভৰ দিলে) পিছে তাৰ কাৰণে উপযুক্ত ছোৱালী কত পোৱা যায়?
-দিগন্তক কথাটো কৈ চাবচোন । তেওঁৰ কোনোবা তেনে চিনাকি আছে নে?
-হব দিয়া তুমি ঠিকেই কৈছা । মই কাইলৈ তাক খবৰ কৰিম ।
হিল্লোল আৰু প্ৰভাই জোনাকৰ বিয়াৰ সিদ্ধান্ত ললে ।
ৰাতিপুৱা বাতৰিখন হাতত লৈ হিল্লোলে দিগন্তক ফোন কৰি কৰি অফিচলৈ মাতি পঠিয়াইছিল । সেয়ে দিগন্ত হিল্লোলৰ অফিচলৈ আহিল ।
-তই মোক ইয়ালৈ মাতি পঠিয়ালি যে?
-মই বৰ বিপাঙত পৰিছো
-কি হল নো তোৰ?
তাৰ পাছত হিল্লোলে কৈ গল জোনাকৰ বিষয়ে লগতে তাৰ কাৰণে এজনী উপযুক্ত ছোৱালী চোৱাৰ কথা । দিগন্তই তাৰ বন্ধু এজনৰ ছোৱালী এজনীৰ কথা কলে আৰু তাক সুধি খবৰ কৰিম বুলি কৈ বিদায় ললে ।
দিনবোৰ যাবলৈ ধৰিলে । পৰীক্ষা সমাগত । হোষ্টেলত লৰা ছোৱালীৰ পঢ়াত ব্যস্ত । নিশা খুব চিৰিয়েচ হৈ পৰিছে । প্ৰতিটো শ্ৰেণীতে প্ৰথম হৈ অহা নিশাৰ এইটো আনুষ্ঠানিক শিক্ষা জীৱনৰ শেষ পৰীক্ষা । সেয়ে তাই সজাগ হৈ পৰিছে । সময় সন্ধিয়া । জোনাক ৰূমৰ ভিতৰত সোমাই আছে । দিনৰ দিনটো সি আজি কালি ৰূমৰ ভিতৰতে সোমাই থাকে । চাকি বন্তি জ্বলাই প্ৰভা তাৰ ৰূমলৈ সোমাই আহিল ।
-বাবা, কলৈকো ওলাই যোৱা নাই?
-নাই মা ।
-তোৰ কি হৈছে । আজি কিছুদিনৰে পৰা মন কৰিছোঁ তোৰ কিবা এটা হৈছে ।
-একো হোৱা নাই মা ।
সহজভাৱে জোনাকে উত্তৰ দিলে ।
-বাৰু মোৰ লগতে আহ। মই চাহ কৰোগৈ ৰান্ধনী শাললৈ গল যদিও জোনাক নগল ।
তোমাক কিদৰে বুজাও মা মোৰ জীৱন নাটৰ কাহিনী । তোমালোকে নজনাকৈয়ে অভিনয়তে শেষ হৈ ৰল মোৰ জীৱনৰ অলেখ কাহিনী । মাক যোৱাৰ ফালে চাই জোনাকে কলে ।
কিছু সময় পিছত প্ৰভাই দুকাপ চাহ লৈ আহিল । একাপ জোনাকক দিলে আৰু একাপ নিজেও লৈ জোনাকৰ ওচৰতে বহিল । কথাৰ মাজতে প্ৰভাই কলে
-দিনটো এনেকৈ ৰূমৰ ভিতৰতে সোমাই থাকিলে গা মন বেয়া হৈ পৰে । তাতকৈ দেউতাৰাৰ অফিচলৈ গলে দুই এটা কাম কৰাও হয় আৰু মনটোও ভালে থাকে ।মাকৰ কথা কেইটাত জোনাকৰ খঙে চুলিৰ আগ পালে ।
-তোমালোকে মোক সেই কাৰণেই মাতি পঠিয়াইছিলা নেকি? ব্যৱসায়, ব্যৱসায় কেৱল ব্যৱসায় । ইয়াৰ বাহিৰে আন একো কথা নাই নে? চাহৰ কাপটো আধা খোৱাকৈ থৈ সি ওলাই আহিল, তাৰ যিটো ৰূপ মাকে কেতিয়াও দেখা নাই ।
সন্ধিয়া ৭ মান বাজিছে । প্ৰদীপে টিভিটোৰ ওচৰত বহিছে । অঞ্জলিয়ে একাপ চাহ লৈ সোমাই আহিল । হঠাতে ফোনটো বাজি উঠিল । নিশাৰ ফোন ।মাকে ফোনটো ৰিচিভ কৰিলে
-হেল্লো, নিশা??
- অ.. কি কৰিছ তই?
-পঢ়ি আছ । বাৰু বাৰু পঢ় তই । আমি ভালেই আছো । বাৰু ৰাখিছো ।
কি কলে তাই । প্ৰদীপে সুধিলে ।
-পঢ়ি থকা বুলি কৈছে । ভগৱানে ভালে ভালে পৰীক্ষাটো ভাল কৰিলে হল আৰু ।
-তাই মোৰ ছোৱালী । মোৰ দৰে সাহসী আৰু জেড্ডী । সেয়ে তাইৰ পৰীক্ষা বেয়া হোৱাৰ প্ৰশ্নই নুঠে ।
- পৰীক্ষাটো শেষ হলে তাই কেতিয়া ঘৰলৈ আহে মই তাকেহে ভাবি আছো । আপুনি কিন্তু তাইক অহাৰ পিছত আৰু কলৈকো পঠোৱাৰ কথা নাভাবিব । সৰুৰে পৰা স্কুল, হোষ্টেলতে গল। আৰু দুদিন পিছত একেবাৰে উলিয়াই দিব লাগিব । অঞ্জলিৰ কথাত বিষাদৰ সুৰ । প্ৰদীপৰ বুকুখন কঁপি উঠিল । সি অতদিনে নভবা কথা এটা অঞ্জলিয়ে তাক সোৱঁৰাই দিলে ।
পুৱ আকাশত সূৰুযটোৱে ভুমুকি মাৰিছে । কঢ়িয়াই আনিছে এটা সুন্দৰ দিনৰ বতৰা । বাতৰিখন লৈ হিল্লোল বাৰাণ্ডাত বহিছে । ভিতৰৰ পৰা প্ৰভাই মবাইলটো লৈ ওলাই আহিল । দিগন্তৰ ফোন । হিল্লোলে ফোনটো ৰিচিভ কৰিলে
-অ দিগন্ত?
-ছোৱালী ঠিক হৈ গল। দিগন্তৰ কণ্ঠত উৎকণ্ঠা
-তই সচাই কৈছ নে? দুয়ো বন্ধুৰ মাজত অন্তৰংগ আলাপ ।ফোনটো ৰখাৰ পিছত প্ৰভাই সুধিলে ।
-দিগন্তই কি কলে ।
-জোনাকৰ বিয়াৰ কাৰণে হেনো ছোৱালী পাই গল ।
-কি, হে ভগৱান তোমাক প্ৰণাম ।
হঠাতে জোনাক ওলাই আহিল ।
-বাবা তোৰ কাৰণে এটা ভাল খবৰ আছে ।
-মোৰ ভাল খবৰ??
-তোৰ বিয়াৰ বাবে এজনী ছোৱালী ঠিক কৰিছো ।
-কি?? জোনাক উচপ খাই উঠিল ।
-কি হল তই কি বিয়া নাপাতো বুলি ভাবিছ নেকি?
হিল্লোলৰ কথাত জোনাকে কি উত্তৰ দিব ভাবিব পৰা নাই । মাথো কলে মোক নজনোৱাকৈ তোমালোকে এনে সিদ্ধান্ত এটি কিয় ললা? সি তাৰ ৰুমলৈ গল ।
-তাক আমি কথাটো কৈ বেয়া কৰিলো নেকি?
-একো বেয়া কৰা নাই । সময়ত সকলো ঠিক হব । সান্তনাৰ সুৰতে হিল্লোলে প্ৰভাক কলে ।
জোনাকৰ ৰূম।অজান শোকে আহি তাক হেচা মাৰি ধৰিলে । উশাহবোৰ খৰ হৈ আহিছে । হে ভগৱান এয়া মই কি শুনিছো । নাই নাই এয়া অসম্ভৱ । নিশা অবিহনে মই আন কাকো বিয়া কৰাব নোৱাৰো ।দুহাতেৰে চুলিত খামোচ মাৰি ধৰি জোনাক ভাগৰি পৰিল ।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
হিল্লোল অফিচলৈ যাবলৈ ওলাল । ড্ৰেছ কৰি ব্ৰেকফাষ্ট কৰিব লৈ জোনাকলৈ ৰৈ আছে । সি বহুবাৰ মাতাৰ পিছতো ওলাই অহা নাই! সেয়ে প্ৰভা তাৰ ৰূমলৈ আহিল । ৰূমত সোমাই প্ৰভা চিঞৰি উঠিল ।
-জোনাক...??
ক্ৰমশঃ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment