- ৰাজু ঐ ৰাজু
খুড়ীৰ গগন ফলা চিঞৰ শুনি দৌৰি আহিলো |
- কি হ'ল খুড়ী ?
- বজাৰৰ পৰা আহচোন,ঘৰত একো এটা নাই,,,,, ( Assamese Love story )
খুড়াই চাকৰি সুত্রে কাৰ্বিআংলংত থাকে সেয়েহে খুড়ীহতৰ ঘৰ খনৰ সকলো দায়িত্ব মই বহন কৰিব লাগে |
- হব খুড়ী,মই এতিয়াই যাম |
- যা সোনকালে আহিবি |
মই খুড়ীৰ নিৰ্দেশমতে বজাৰলৈ ওলাই আহিলো | মই চাইকেলত আহি আছিলো,তেনেতে চাইকেলখনৰ টংকৈ এটা শব্দ হ'ল |বুজিলো চাইকেলৰ চেইনডাল পৰিলে,কি যে হব নহয় | খুড়া চৰকাৰী চাকৰিয়াল,কিন্তু মোক ঘৰত দি গৈছে ব্রিটিছৰ যুগৰ ভঙা চাইকেল খন |
খং উঠিব কোনোবা দিনাখন কোবাই ভাঙিম বাপ্পেকে | মই সেইখিনিতে মানে মানুহ এঘৰৰ পদুলি মুখত ৰৈ চাইকেল খন ঠিক কৰিব ললো |
তেনেতে মানুহঘৰৰ পৰা এজনী খুব ধুনীয়া মৰম লগা ছোৱালী ওলাই আহিছে | মই চাইকেলৰ চেইন থিক কৰিব লৈ একেথিৰে তাইৰ ফালে চাই থাকিলো | তেনেতে মোৰ হাতৰ আঙুলিটো চেইন ডালত চেপা খালে |
- আহ ! ঔ মৰিলো,,,,
লক্ষ্য কৰিছিলো মোৰ অজানিতে ওলাই অহা মুখৰ চিঞৰ শুনি ছোৱালীজনীয়ে মুখ তিপি হাঁহিলে |
মোৰ নিজৰ ওপৰতে লাজ লাগিল | ধেত এজনী ইমান ধুনীয়া গাভৰু ছোৱালীৰ সন্মূখত হে মোৰ এনে হব লাগে নে | মই বৰ লজ্জা অনুভৱ কৰিলো |
কি কৰা যায়,এফালে চেইনডাল তুলিব পৰা নাই,অইন ফালে ছোৱালীজনীৰ মুখ তিপা হাঁহি |
ৰহ ! মই ও যদি ৰাজু হয় মই ও দেখাই হে এৰিম | পকেটৰ পৰা নকিয়া - ১৬০০ মডেলৰ মোবাইলটো উলিয়াই ৰিংটন টো বজালো,তাইক লক্ষ্য কৰিলো সেই সময়ত তাই বেলেগ ফালে লক্ষ্য কৰি আছিলে |
- অ পলাশ ক' ভাই,,,,,,,নাই নাই,,,, মই ঔ-গুৰিত আছো,নকবি বুজিছ,,,,,গাড়ীখন বন্ধু এজনে লৈ গ'ল | মই তাৰ ভগা চাইকেল খন লৈ আহিছিলো এতিয়া বিপদত হে পৰিলো,,,,দেখিছ নে আজি নিজৰ গাড়ী থাকিওঁ এই অৱস্থা |
ভাল মিছাঁ কথা এটা ক'লো | বাইক আৰু মোৰ তেল- পানীৰ দৰে সম্পৰ্ক | কিন্তু মনতে ভাবিলো তাই চাগে পুৰা ভাবি লৈছে মোৰ বাইক আছে,,,,,,,
আৰু এবাৰ চোৰকৈ তাইৰ মুখলৈ লক্ষ্য কৰিলো ,হাৰে ছোৱালীজনীৰ দেখোন বন্ধই হোৱা নাই ! কিয় ?
খং ও উঠিল তাইলৈ ! কিনো ! অৰ্থহীন হাঁহিটো মাৰি আছে ! যা মই মোৰ কাম কৰো,মই আকৌ চাইকেলৰ চেইন ডালৰ লগত লাগিলো |
বাৰিষাৰে বানত অ বাবু
পৰিছে নে মনত তোৰ বাবু,,,,,
বঠা মাৰিছিলো,,,,,,,,,,,
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,
বাৰিষাৰে বানত অ দাদা,,,,,
বাহ! বৰ মজা গান এটা কানত পৰিলে |মনটো একেবাৰে বাৰিষাৰ বোকাপানীৰ দিনকেইটালৈ উৰি গ'ল |
কিন্তু ৰূপহীৰ হাঁহি বন্ধ নহ'ল | পিছলে চাই দেখিলো প্রায় ষোল্ল বছৰীয়া ল'ৰা এজনে এটা বিশাল মোবাইল এটা লৈ গানটো বজাই গৈছে,,,,,,,,,
সি যোৱাৰ পাছত মই তাইক লক্ষ্য কৰিছিলো,তাইৰ মুখত আকৌ হাঁহি,কিন্তু মোৰ হাতত থকা মোবাইলটো চাই হে ! মই ও লক্ষ্য কৰিলো,,,,,,
আৰু নিজকে নিজে হাঁহি উঠিল ! আজিৰ প্রজন্ম গৈ আমেৰিকা পালে আৰু মই অসম পাৰ হবই পৰা নাই,,,,,,,
বহুচেষ্টা কৰাৰ পাছত চাইকেল খনক সুস্থ কৰিব পাৰিলো |
- ছোৱালী ঐ ছোৱালী,,,,,,
কাৰোবাৰ ৰুদ্ধকণ্ঠ এটি মোৰ কানত পৰিলে,আৰু দেখিলো ছোৱালীজনীয়ে মোৰ ফালে বেকা হাঁহি এটি মাৰি গুছি গ'ল |
আস ! একেবাৰে কলিজাঁতে আঘাট কৰি গ'ল তাই ! মই ও সেই সুন্দৰ মহূৰ্ত্তটি এৰি বজাৰলৈ বুলি গ'লো,,,,,,,
ৰাতি ভাত খাই উঠি বিচনাত পৰিলো যদিওঁ চকুত টোপনি নাই,কেৱল প্রতিটো মহূৰ্ত্ততে সেই মৰমলগা ছোৱালীজনী চকুৰ পৰ্দাত ভাহি উঠিল | কি যে মৰম লগা তাইৰ সেই সজল চাৱনি ! ককাললৈ বৈ পৰা মেঘালী ছুলি | তাইৰ লগত মোৰ প্রেম হ'ল নেকি !
- ৰাজু ঐ ৰাজু
খুড়ীৰ মাতত একেজাপে বিচনাত উঠি বহিলো | আৰু দুহাতেৰে চকু কেইটা মোহাৰি ল'লো,,,,,,
- মাইনাৰ স্কুল দেৰি হ'ব এতিয়া,,,,,
অ খুড়াৰ ছোৱালীজনী স্কুল নিব লাগে,মই টোপনিৰ জ্বালাত সাৰ পোৱাই নাছিলো |মই তাইক লৈ স্কুল ওলালো,,,,,
কিছু সময়পাছত মই তাইক স্কুলত থৈ ঔ-গুৰিৰ ৰাস্তাৰে আহিলো ,কপালত থাকিলে তাইক চাগে আকৌ দেখি পাওঁ,,,,
সিহতৰ পদুলি পালো,কিন্তু নাই তাইৰ দেখোন দেখাদেখি নাই,,,,,,
কি কৰা যায় বাৰু ! সিহতৰ পদুলিত মই উচ্ছস্বৰত এটি কাহ মাৰিলো,কিজানিবা ,তাই ওলাই আহে !
মোৰ বকুখন কপি উঠিল,তাইৰ ঠাইত দেখোন এজনী শকত আৱত মহিলা ওলাই আহিল | মোৰ চিগনেল ভুল হ'ল |
মই চাইকেল খনত উঠি গুছি আহিলো,নহব আৰু তাইক ল'গ কৰা |
মনহিৰা দৈ,,,,,,
চাইকেল নহয় টিলিঙা,,,
হাৰে ! মোৰ সন্মুখত দেখোন মোৰ সপোনৰ ৰূপৰানী,তাৰমানে,,,,,,
মন গৈছিল তাইৰ হাতত ধৰি,তানি আনিম তাইক মোৰ বকুৰ মাজত ! আৰু কৰিম আঘোনৰ পথাৰত এক মধুৰ আলিংগন,,,,,
লাহি পাহি খোজেৰে তাই আগবাঢ়িছিল | মোৰ ফালে দিছিলে লাজুকী চাৱনি,,,,,,,
কিন্তু মই তাইক মাতিব খুজিও দেখোন মাতিব নোৱাৰিলো,,,,,,
আকৌ এবাৰ বুকুত সাহস বান্ধি ক'লো ( Assamese Love story )|
কালি ৰাতিপুৱা ৯ বজাত পাৰিলে পদুলি মুখত ৰৈ থাকিবাচোন,,,,,,
তাই কথাটি শুনি লাজুকি চাৱনিৰে আতৰি গ'ল,,,,,,,
মই মাত্র তাইৰ ফালে নিঠৰ হৈ চাই থাকিলো,,,,,,,,,,,,,,,
বিচনাখনত পৰিলে কেৱল তাইৰ ধুনীয়া মুখখনে আমনি কৰে,গাৰুটো সাৱতি ধৰিলে,,,,,,,পাগল কৰি পেলালে তাই মোক | বহুত ভালপাওঁ তাইক,তাই মোৰ হব জীৱনৰ জীয়াই থকা মূল মন্ত্র,,,,,,,,
কিন্তু তাইৰ নাম ,তাইৰ সুন্দৰ কণ্ঠ এতিয়ালৈ মোৰ কানত পৰাই নাই,,,,আশা কৰিছো তাইক কালি ভালকৈ প্রত্যক্ষ কৰিম | তাইৰ চকুত চকু থৈ জোনবাইৰ দেশত উমলিম |তাইৰ কোমল হাতখনত ধৰি কম,,,,
হে অচিনাকী প্রেয়সী,মই তোমাৰ প্রেমত পৰিছো,জীৱনৰ ৰঙীন সপোন দেখিছো,,,
ওলাই আহিব তাইৰ বহুপ্রতীক্ষীত সুন্দৰ কণ্ঠ,,লাজুকী লাজুকী চাৱনিৰে,মিচিকিয়া হাঁহিটি মাৰি কব,,,,,
- মই ও তোমাৰ প্রেমত পৰিছো পাগল,,,,
উটি ভাহি ফুৰিছো,কল্পনাৰ কাৰেংঘৰত |কেতিয়া দুচকু মুদ খালে গমকে নাপালো,,,,,
ৰাতিপুৱাঁ সোনকালে বিচনাৰ পৰা উঠি ,মাইনাক স্কুলত নিবলৈ সাজু হ'লো,,,,
আজি মোৰ কাৰনে এটি বিশেষ দিন,,,,
মাইনাক চাইকেলত বহাই ল'লো,,,,,
- মাইনা,আজি মই নবৌক লগ পাম নে,,,,,
- উম,,,,
লোক বিশ্বাস সৰু ল'ৰা-ছোৱালীয়ে কোৱা কথা হেনো সত্য হয় | সেয়েহে মই মাইনাক সুধিলো |
কিছু সময়পাছত মই আহি ঔ-গুৰিত সোমালো,সিহতৰ পদুলিমুখ পালো,লক্ষ্য কৰিলো মোক দেখিয়ে তাই মিঠা হাঁহিটিৰে ওলাই আহিছে,,,,
বাহ পিন্ধনত গোলপীয়া ৰংৰ চুৰিদাৰ,বগা দুপাট্রা,,,,,,,,
যেন সৰগৰ নৰ্ত্তকী অপ্সৰা | মুখৰ হাহিঁটিৰে মোক সম্ভাষন জনালে,,,,,
- আহিলো তোমাৰ কাষত,,,,,,
কিন্তু মোৰ কথাত তাই একো উত্তৰ নিদিলে,চাগে তাই কথা কম কয় !
- তোমাক আজি এটা কথা কম,,,,,
কিন্তু এইবাৰো তাই মোৰ কথাত কোনো প্রত্যুত্তৰ নিদিলে |
নাই তাই চাগে কথা কব লাজ কৰিছে,বাহ;কি নীলা চকুযুৰি,,,,,
তাই এখন কাগজ মোৰ ফালে আগবঢ়াই দিলে,মই একো ধৰিব নোৱাৰি তাইৰ চকুলৈ চালো,,,,,,,,
তাই মোক মূৰ দুপলিয়ালে,গম পালো তাই লাজ,সংকোচ কৰিছে সেয়েহে কাগজ খনতে কিবা লিখি দিছে,,,,,,
মই পকেটত কাগজখন ভৰাব লৈছিলো,তেনেতে তাই মোক হাতৰ অংগীভংগীৰে কাগজ খন মেলিব দেখাই দিলে,,,,,
কি আচৰিত ! তেওঁৰ কণ্ঠটি তাৰমানে মোক নুশুনাই,,,,,,কাগজ খন মেলিলো,,,,সুন্দৰ হাতৰ আখৰৰে লিখা আছিলে,,,,,
মই তোমাৰ প্রেমত পৰিছো অচিনাকী বন্ধু ! তোমাৰ উত্তৰৰ অপেক্ষাৰী,,,,,,
ৰিয়া
মই কিন্তু বোবা হয় ,কথা কৱ নোবাৰো,,,,,,,,
তলৰ বাক্যতি পঢ়ি মই আৰু স্থিৰ হৈ থাকিব নোৱাৰিলো,খংত মই জ্বলি উঠিলো,,,,
- বোবা হা ! বোবা হৈ এজন ডেকা ল'ৰাৰ লগত প্রেম কৰিব আহিছ ! কি নাই মোৰ ? শুন যিমানৰ মানুহ সিমানত থাকিবি,বেলেগ ল'ৰা নাপাই মোক পাগল কৰিলি,,,,
শুন তোৰ দৰে বোবা এজনীৰ লগত কোনেওঁ প্রেম নকৰে,,,,,,
ধাৰাসাৰে বৈ আহিছিল তাইৰ চকুৰে চকুপানী,আৰু চকুপানী মোহাৰি ভিতৰলৈ দৌৰি গৈছিল তাই !
মিছাঁতে ইমান সপোন দেখিলো,কি নাই মোৰ ,মোৰ লগত এজনী বোবা ছোৱালী প্রেম কৰিব আহিলে !
প্রেম ! কৰে,কোনো কথা চূৰান্ত নোহোৱাকৈ সপোন দেখাটো অনাৰ্থক |
গোটেই ৰাতিটো গাৰুটো সাৱতি কান্দিছো,কিয় হয় মোৰ লগত এনেকুৱা,কিহৰ অভাৱ মোৰ যে বোবা ছোৱালী এজনীয়ে দুৰ্বলতাৰ সুযুগ ল'লে,,,,,,
পিছিদিনাখন আকৌ ওলাই গৈছিলো,সময় ৰাতিপুৱা | সিহতৰ পদুলি মুখৰে গ'লো,,,,
আজি লগ পালে ভাল এসেকা দিম |
দেখিলো তাই পদুলিত ৰৈ আছে ! মই তাইৰ কাষত ৰ'লো ! দেখিছিলো তাইৰ মুখখন কাল এন্ধাৰৰ দৰে হৈছে,জিলিকি থকা মুখখন আজি নাই,,,,,,,,
তাই মোৰ গালৈ কাগজ এখন মাৰি পঠালে,আৰু এখন্তেক ও নৰল,ভিতৰলৈ দৌৰ মাৰিলে |
মই চিঞৰিব খুজিওঁ ৰৈ গ'লো,তাই দিয়া কাগজখন কপা কপা হাতেৰে মাটিৰ পৰা বোতলিলো |
আৰু পঢ়িবলৈ খুলিলো |||
ক্ৰমশ
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese Love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment