জোনাক ভাগি পৰিল । শেষ আশা কণো তাৰ নাইকিয়া হৈ থাকিল । সি নিজক প্ৰশ্ন কৰিলে মই বাৰু হাৰি গলো নেকি?( Assamese love story ) অতদিনে সি বিশ্বাস কৰি আহিছিল অতীতক মনত ৰাখি বৰ্তমানত খোজ দিলে হেনো জীৱনটো সুখৰ হয়। কিন্তু আজি সি এটা নিৰ্ভীক সত্যত উপনীত হল যে পাছলৈ ঘূৰি চোৱাতো এক প্ৰকাৰ মূৰ্খামীৰ বাহিৰে আন একো নহয় । তাৰ বাস্তৱ উদাহৰণ সি নিজেই । শেষ বাৰৰ বাবে সি এবাৰ বিশ্ববিদ্যালয়খনলৈ ঘূৰি চালে । এই বিশ্ববিদ্যালয়খনত তাৰ কোনো অৱদান নাই যদিও তিনিটা দিনতে যেন বহু কিবাকিবি শিকিলে সি আৰু বহু কিবাকিবি আধৰুৱা হৈ ৰল ।
নিশা আজি তিনিটা ক্লাছ কৰিয়ে হোষ্টেললৈ উভতিল । আজি তাইৰ দেউতাক অহাৰ কথা । সেয়ে তাই ১২.৪৫ ৰ ক্লাচটো কৰি হোষ্টেললৈ খোজ ললে ।
-নিশিতা, নিশিতা শুনাচোন ।
বিনয়ে তাইক পিছফালৰ পৰা মাতি আছে যদিও তাই গুৰুত্ব দিয়া নাই । কাৰণ ক্লাচৰ বহু কেইজন লৰা ছোৱালীৰ আগত বিনয়ে তাইৰ কথা কৈছে । আৰু সেই কথাবোৰ তাইৰ কাণত পৰাৰ পৰা তাই তাৰ লগত তেনেকৈ কথা বতৰা পাতা বাদ দিছে । তাই নুশুনাৰ ভাও লৈ বেগতে আগবাঢ়িছে । সি আহি তাইক আগভেটি ধৰিলে ।
-নিশিতা, মই তোমাক ইমান মাতি থকা পিছতো তুমি গুৰুত্ব দিয়া নাই যে?
-মই শুনা নাছিলো । অগ্ৰাহ্যৰ সুৰতে তাই কলে ।
-মোৰ তোমাৰ লগত অলপ কথা আছিল ।বলা কেন্টিনলৈ । তাতে কম ।
-কি কথা আছে ইয়াতে কোৱা ।
কিছু সময় ৰৈ কও নকওঁকৈ সি কলে
-মই তোমাক ভালপাওঁ নিশা! তোমাক দেখাৰে পৰা মই তোমাক মোৰ হৃদয়ত স্থান দি আহিছো ।
-What ??? এই মুহূৰ্তত তুমি এইবোৰ কথা কেনেকৈ ভাবিব পাৰিলা বিনয় । আগত আমাৰ পৰীক্ষা আৰু তুমি...?? খংত অগ্নিশৰ্মা হৈ নিশা হোষ্টেললৈ আগবাঢ়িল ।
হোষ্টেলৰ নিশাৰ কোঠা। বেগটো টেবুলখনত দলিয়াই থৈ বিচনাখনত বহি পৰিল তাই । তাইৰ প্ৰচণ্ড খং উঠিছে । সেয়ে মুখেৰে কি ওলাইছে তাই নাজানে । ওচৰৰ ৰূমৰ পৰা তাইৰ গালি শুনি ছোৱালী কেইজনীমান ওলাই আহিল ।
-কি হল ৰাজকুমাৰী, কাক ইমানকৈ গালি দি আছ?
তাই গালিৰ সুৰতেই বিনয়ৰ কথাখিনি কলে । ছোৱালীকেইজনীয়ে হাঁহিলে আৰু নিশাক জোকোৱা আৰম্ভ কৰি দিলে ।
এডোখৰ নিৰিবিলি ঠাই। বিষন্ন মনে জোনাক বহি আছে তাত । কিছু সময় পিছত নয়ন আহি ওলাল ।
-কি হল জোনাক, মোক ইয়ালৈ কিয় ইমান খৰধৰকৈ মাতি পঠিয়ালি?
-মই চাগে নিশাক মোৰ জীৱনত আৰু কেতিয়াও নাপাম নয়ন ।
-কিন্তু কিয়?
সি কৈ গল বিশ্ববিদ্যালয়ৰ চৌহদত তিনিদিনত হৈ যোৱা তাৰ জীৱনৰ সেই মহাকাব্যৰ কথা । তাৰ কথাবোৰ শুনি নয়ন আচৰিত হল।
সি উপায় হীন হৈ পৰিল । একো ভাবি নাপাই কলে তই চিন্তা নকৰিবি । মই আছো তোৰ লগত । তাই পৰীক্ষাৰ পিছতে ঘৰলৈ আহিলে মই সকলো ঠিক কৰিম
নয়নৰ সান্তনাই আজি তাৰ মন মোহিব পৰা নাই । অপেক্ষাৰ আলিকেঁকুৰিত ৰৈ সি মাথোঁ ক্ষণ গণি গল এই অপেক্ষাৰ শেষ কত, কেতিয়া, কোন মুহূৰ্তত??
সময় আবেলি । নিশা শুই আছে । ওচৰত প্ৰিয়ংকাও শুই শুই মবাইল টিপি আছে । স্নিগ্ধাহত সোমাই আহিল ।
-কাৰ ভাৱত বিভোল ৰাজকুমাৰী? নিশাক উদ্দেশ্যি মনিয়ে কলে ।
-তহতে নাজন নেকি নিশাৰ স্পেচিয়েল মানুহজনৰ কথা? সিহঁতে আজি নিশাক জোকাবলৈ এ যো জা কৰি আহিছে ।
নিশাই একো কব নাপওতে স্নিগ্ধাই কলে ।
-সঁচা ? পিছে কোননো ? আটাইকেজনী ছোৱালীৰ চকু কপালত উঠিল ।
-সেই যে আমাৰ ডিপাৰ্টমেন্টৰ বিনয় । কেৱল সেয়াই নহয় আজি একেবাৰে ভালপাওঁ বুলি কৈয়ে দিলে ।
-আৰে কি ক'! তাইৰ প্ৰেম ইমান দূৰ শিপাইছে অথচ মই গম নাপাওঁ । আক্ষেপৰ সুৰত প্ৰিয়ংকাই কলে ।
সিহঁতৰ কথাত নিশাৰ হাঁহি উঠিল কি যে হব তহঁতৰ লগত । প্ৰেম তেনে বস্তু নহয় । কাৰোবাক দেখিলে, লগ পালেই, কথা পাতিলেই যে সেয়া প্ৰেম হব। প্ৰেম এক অবুজ শিহৰণ ।যি অজানিতে আহি হৃদয়খন চুই যায় । দি যায় এক মিঠা অনুভৱ । নিশাৰ চকু মুখত ৰোমান্তিকতাৰ চাপ
-আৰে তোৰ চোন প্ৰেমৰ বুৰঞ্জী মুখস্থ মাতিছ ।
তাৰ পিছত নিশাই কৈ গল সিহঁতৰ আগত হৃদয়ৰ একোণত সজীৱ হৈ থকা নিভাঁজ কথাবোৰ । প্ৰত্যেকজন মানুহৰ জীৱনলৈ প্ৰেম আহে । হয়তো ময়ো ইয়াৰ ব্যতিক্ৰম নহয় । আজিৰ পৰা প্ৰায় ৯-১০ বছৰ আগৰ কথা । তেতিয়া মই ক্লাচ নাইনত পঢ়ো । অজানিতে আমনি কৰিছিল সেই গভীৰ কলা চকুজুৰি তথা মুখৰ মিচিকিয়া হাঁহিটিয়ে । তুমি তুমি লগা শৈশৱৰ সতেজ ৰাতিপুৱা আৰু আবেলিৰ গোন্ধ বোৰে আকৌ এবাৰ তাইৰ চকু মুখত ৰং সানি দি গল । সেই ৰঙৰ পোহৰত তাই উজ্জ্বলি উঠিল ।
-পিছে ৰাজকুমাৰৰ নামটো???
তাৰ নাম জোনাক । মোৰ ঘৰৰ চুবুৰীৰ পৰা দুই তিনিটা চুবুৰী এৰি হেনো তাৰ ঘৰ । সেই দিনবোৰত প্ৰায়ে তাৰ লগত সাক্ষাৎ হৈছিল । একেলগে কৰবাত বহি, আড্ডা দি নহয় দূৰৰ পৰা.. চকুৱে চকুৱে.. মই স্কুললৈ যোৱাৰ সময়ত আৰু অহাৰ সময়ত সি প্ৰায়েই এডোখৰ নিৰ্দিষ্ট ঠাইত ৰৈ থাকিছিল ।মই তাৰ ওচৰেৰে পাৰ হৈ যোৱা সময়ত মূৰ তল কৰিছিল আৰু কিছু দূৰ গৈ পোৱাত লুকাই লুকাই চাইছিল । নিশাই ভাবিছিল সিহঁতে তাইক জোকাব বুলি কিন্তু তেনে নহল। সিহঁতে মন দি শুনি গল নিশাৰ কথাবোৰ যেন সেয়া নিশাৰ কথা নহয় ঘুনাসুতিৰ পাৰৰ জংকী পানৈৰ সাধু হে শুনিছে । ইটোৰ পিছত সিটো প্ৰশ্নৰে তাইক ব্যতিব্যস্ত কৰি তুলিলে ।
তাৰ পিছত???
সি মেট্ৰিক পাছ কৰিলে । দেউতাকে তাক বাহিৰলৈ পঢ়িবলৈ পঠিয়ালে । আজি পাঁচ বছৰ হল তাৰ লগত কোনো যোগাযোগ নোহোৱা । কিছু দিন আগত ঘৰলৈ যাওঁতে লগৰ এজনে কৈছিল সি হেনো আজি কালি দিল্লীত থাকে । হয়তো কোনোবা দিল্লী কা ৰাণীৰ মায়াৰ জালত সি এতিয়া বন্দী । নিশাই কৈ গল হৃদয়ৰ অপ্ৰকট কথাবোৰ । যিবোৰ কথা কৈ কৈ তাই ভাগৰি নপৰে ।
" তোৰ মৰমে দুলাৰিছে "
অ কলিজা আহানা..!"
ক্ৰমশ বেলিটো পশ্চিমত ডুব যোৱাৰ উপক্ৰম হল । স্বাগতম জনালে এটা দেওলগা সন্ধিয়াই ।

ক্ৰমশঃ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment