এগৰাকী বোবা ছোৱালীৰ প্ৰেম কাহিনী : Assamese Love story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, April 27, 2021

এগৰাকী বোবা ছোৱালীৰ প্ৰেম কাহিনী : Assamese Love story


সি যে তাইৰ বিয়াৰ কথা কেতিয়াওঁ মানি লব নোৱাৰে ,কি কৰিব এতিয়া সি ! সি তাৰ ব্রিটিছৰ দিনৰ চাইকেল খন লৈ বলিয়াৰ দৰে ঘৰলৈ আগবাঢ়িল  ( Assamese Love story )| প্রথম প্রেমৰ অনুভুতি,মিঠা সিহঁৰণৰ পুলক জাগি উঠোতে মৰহি গ'ল | এনেকৈয়ে শেষ হয় চাগে কিছুমান সঁচা প্রেম | কিন্তু সি তাৰ প্রেমক শেষ হৱ দিব নোৱাৰে | সি তাৰ প্রেমক জীয়াই তুলিব| সি ৰিয়াক বেলেগৰ হব দিব নোৱাৰে | সি তাইক আপোন কৰিব | 

কিছু সময় পাছত সি ঘৰ পালে,কিন্তু তাৰ ঘৰত এক অস্বাভাৱিক পৰিবেশ | তাৰ বকুখন কপি উঠিল | কি হ'ল তাৰ চিনাকী ঘৰখনত | তাৰ খুড়াৰ,,,,,,

নাই নাই তাৰ খুড়াৰ একো হৱমব নোৱাৰে,তেতিয়া হ'লে !

সি লক্ষ্য কৰিলে মানুহবোৰে তাৰ ফালে এক বিৰক্তি,খংৰ চাৱনি এৰিলে,,,,,

- মধুকাই কি হৈছে নো !

সিহতৰ ওচৰৰ মধুকাইক সি প্রশ্ন কৰিলে | কিন্তু মধুকাই তাৰ প্রশ্নত গুৰুত্ব নিদিলে,বৰঞ্চ মুখখন কোচাই আতৰি হে গ'ল |

সি যেন একো ধৰিব পৰা নাই | সি এখোজ দুখোজকৈ ভিতৰত প্রবেশ কৰিলে,ইতিমধ্যে খুড়ীয়েকৰ কান্দোনৰ চিঞৰ তাৰ কানত পৰিছে,তাৰ সমানে তাৰ বুকুখন ও কপিছে |সি এখোজ দুখোজকৈ ভিতৰত প্রবেশ কৰোতে কান্দি থকা খুড়ীয়েকে ৰুদ্রমূৰ্ত্তি ধাৰন কৰিলে |

- খবৰদাৰ,তই ভিতৰত নাহিবি | ওলাই যা তই এতিয়াই এইখন ঘৰৰ পৰা ওলাই যা,,,,

সি খুড়ীয়েকৰ কথা খিনিত আচৰিত হ'ল | 

- কিন্তু খুড়ী,,,,,

- কোনো কিন্তু নাই ,নো কম্প্রমাইজ | ওলাই যাব কৈছো ওলাই যা,,,,,,

মই নো ইমান ডাঙৰ কি ভুল কৰিলো,যে মোৰ ওপৰত ইমান কঠোৰ সিদ্ধান্ত |

সি একো বুজিব নোৱাৰিলে,তাৰ নিজকে নিজে অপৰাধী যেন লাগিল | সি কিবা অজানিতে অপৰাধ কৰিছে,নহ'লে খুড়ীয়েকে তাক কেতিয়াওঁ তেনেকে কব নোৱাৰে |

তেনেতে তাৰ ফোনটো বাজি উঠিল | সি পকেটৰ পৰা মোবাইলটো উলিয়ালে খুড়াকৰ ফোন | আজি তাৰ খুড়াকৰ ফোনটো ৰিচিভ কৰিবওঁ ভয় লাগিছে যদিহে খুড়াকেওঁ তাক,,,,,,,,

সি ভয় ভয়কৈ খুড়াক ফোনটো ৰিচিভ কৰিলে,,,,,

- হেল্ল' খুড়া,,,,,

- তই এই মূহুৰ্ত্তত মোৰ ঘৰৰ পৰা ওলাই যা,,,,

আজিৰ পৰা তোৰ মোৰ লগত একো সম্পৰ্ক নাই |

সি যেন এতিয়াই চিঞৰি কান্দিব| কিয় ! কিয় তাৰ আপোন মানুহবোৰে তাৰ ওপৰত আজি এনে কঠোৰ সিদ্ধান্ত গ্রহন কৰিছে | কিয় সকলোৱে তাৰফালে চাই হাঁহিছে,,,,,,

- খুড়া মোৰ ভূল ক'ত !

- তোৰ ভূল এক ঘৃননীয়,লজ্জিত | ইমান দিনে মই গাখীৰ খুৱাই এডাল সাপ পুহিছিলো |তই আমাৰ মান সন্মান সকলো শেষ কৰি দিলি |

খুড়াকে ফোনটো কাতি দিলে,সি যেন আজি বোবা তাৰ ও যেন কণ্ঠৰুদ্ধ হ'ল থিক ৰিয়াৰ দৰে |

সি লাহে লাহে আকৌ খুড়ীয়েকৰ কাষলৈ গ'ল  ( Assamese Love story )|

- খুড়ী মই মানি লৈছো মই অপৰাধ কৰিছো,কিন্তু মই কি অপৰাধ কৰিছো কোৱা,,,,মই যাম তোমালোকৰ ঘৰখন এইখন ঘৰত থাকি মই আৰু তোমালোকৰ সন্মান হানি নকৰো | কোৱা খুড়ী কোৱা,,,,,,

সি কান্দি দিছিলে,দিবই কাৰন আজি খুড়ীয়েক হতৰ নিষ্ঠুৰ শব্দকেইটাই তাক ৰক্তবীজৰ দৰে ৰোগত পেলালে |

- শুন ,তই যিজনী ছোৱালীৰ লগত প্রেমত পৰিছ সেইজনী ছোৱালী তোৰ দেউতাৰৰ ভনীয়েকৰ ছোৱালী |

সি উচপ খাই উঠিছিল |

- তাইৰ মাকে এদিনাখন ঘৰৰ সকলোৰে কথা অমান্য কৰি এজন জাত পাতৰ বিছাৰ নোহোৱা মানুহৰ লগত সংসাৰ কৰিছিল |আৰু সেইদিনাই তাইৰ লগত এইখন ঘৰে সম্পৰ্ক শেষ কৰিছিল | আৰু তাইৰে সেই বোবা ছোৱালীজনী |

তাৰ মূৰতো আছান্দ্রাই কৰিব ধৰিলে | কি কত কেনেকে সম্পৰ্কবোৰ লুকাই থাকে ! কিন্তু তাৰ বাবে দায়ী কোন আমিবোৰ নে আমাৰ অভিভাৱক বোৰ | কিন্তু তাৰ সমস্ত দুখ সহিব লাগে আমি |

- চা গাওঁত সকলোৱে আমাক ঠাট্রা মস্কৰা কৰিব লৈছে,আমাক বোলে তোৰ কাৰনে এঘৰীয়া কৰি থব |

- হু ! নালাগে খুড়ী ! তোমালোক এঘৰীয়া হৈ থাকিব নালাগে | মই ওলাই যাম ঘৰৰ পৰা | এতিয়াই | কিন্তু এটা কথা মনত ৰাখিবা খুড়ী আমি এটা প্রজন্ম আন এটা প্রজন্মৰ বাধা হৈছো,,,,,,,, আহো

সি শোকাকুল মনৰে এখোজ দুখোজকৈ আগবাঢ়িল |

- ৰাজু তই কত যাবি

খুড়ীয়েকে তাক প্রশ্ন কৰিলে,,,,,

- যাম কৰবাত | ইমান ডাঙৰ পৃথিৱী খনত মোৰ কাৰনে ও এটুকুৰা মাটি ওলাব।

- তই,,,,,

- না খুড়ী না,,,ৰাজু তোমালোকৰ কোনো নহয় খুড়ী | সি মাত্র এটা সামন্য ধূলিকনা |মই থাকিলে তোমালোকক গাওঁৰ মানুহে এৰি থব| সৰুতে মা দেউতাক হেৰুৱালো | তোমালোকৰ মৰমত মা-দেউতাক পাহৰি যাব চেষ্টা কৰিছিলো | কিন্তু আজি,,,,,,,

সি বেগেৰে খোজ ল'লে,,,,,

- দাদা

সি থমকি ৰ'ল,আৰু পাছলৈ ঘূৰি চালে,,,

- মাইনা

তাই দৌৰি আহি ৰাজুৰ বুকুৰ মাজত সোমাল|

- দাদা তুমি গ'লে মোক কোনে স্কুলত থব ?

তাৰ হৃদয়ে হাহাকাৰ কৰি উঠিল |

- হেই মাইনা মই অপৰাধী,মই এজনী ভন্টিৰ লগত প্রেম কৰিছো | মোক যাবলৈ দে মাইনা

- না তুমি যাব নোবাৰা,,,,

- নাই মাইনা মোক এৰি দে, তই ভালকৈ পঢ়িবি,ভাল মানুহ হবি |

- নাই তুমি গলে মই ও কৰবাত গুছি যাম দাদা,তুমি নহলে মোক ৰাতি ৰাতি বকুৰ মাজত কোনে লব | কোনে মোক টোপনি খেদাব !

মাইনাৰ কথা কেইটাই তাৰ বুকুত শিলে বিন্ধা দি বিন্ধিলে |

সি আৰু একো কব নোবাৰিলে,চকু পানী খিনি মছি মছি সি ওলাই গ'ল |

- দাদা,,,,,,,,আহা না দাদা,তুমি নাযাবা

কনমানি জনিয়ে চিঞৰি চিঞৰি কান্দিছিল ,বৰ হৃদয়বিদাৰক দৃশ্য এটি |

- ঐ ৰাজু  তই উভতি আহ,তই অবিহনে মাইনা আৰু মই বৰ অকলসৰীয়া হম |

কিন্তু সি খুড়ীয়েকৰ বিননি নুশুনিলে | সি গলগৈ ,,,,,,,

সি আৰু উভতি নাহিল | কত যাব আজি সি,কোনো লক্ষ্য নাই ,,,,,

কিন্তু আদবাততে মুখামুখি হ'ল ৰিয়াৰ | তাইৰ হাতত এটা কাপোৰৰ তোপলা |

সি তাইৰ হাত খনত থাপ মাৰি ধৰিলে,,,,

- কত যোৱা,,,,

তাই বুজাই দিলে,তুমি মোৰ দাদা হোৱা,মোক ঘৰত সকলোৱে হাঁহিলে,গতিকে মই ঘৰৰ পৰা ওলাই আহিছো,,,,,

তাই তাক ক্ষমা খুজিলে,,,,

সি সকলো দুখ পাহৰি তাইৰ হাতখনত ধৰি 

- ধেত পাগলি,ক্ষমা খুজিব লগা কি আছে,এতিয়া আমি সকলো পাহৰি দাদা-ভন্টিৰ দৰে থাকিম |

তাই তাক বুজাই দিলে,মই আৰু সেইখন ঘৰত অত্যাচাৰ সহিব উভতি নাযাওঁ,,,,

- নালাগে,তুমি আমাৰ ঘৰত বলা,খুড়া- খুড়ী ইমান বেয়া ও নহয় |

সি তাইক লৈ আকৌ ঘৰলৈ উভতি গ'ল | খুড়ীয়েক পদুলিত ৰৈ আছিলে,,,,,

- ৰাজু,,,,

- খুড়ী তোমাৰ ভাগিনক লৈ আহিলো,তুমি যেন তাইক খেদি নপথোৱা,,,,t>

- ৰাজু মই ইমান নিষ্ঠুৰ নহয়,লাজ অপমানত তোক যি কলো তই মোক ক্ষমা কৰিবি | তাই মোৰে লগৰীয়া হব| কাৰন আমাৰ তেজ মঙহৰে সম্পৰ্কৰে তাই | তাইৰ সমস্ত দায়িত্ব আমি লম | তই নাযানি প্রেম কৰিছিলি একো ডাঙৰ ভুল কৰা নাছিলি | সেই ভুলৰ বাবে দায়ী আমি | 

ৰাজুৰ মনটো আনন্দত নাছি উঠিল | 

তাৰ অচিনাকী বান্ধৱী | ধুনীয়াকৈ বোবা ছোৱালীজনী এতিয়া তাৰ ভন্টি হে,,,,,,

তাৰ হাঁহি উঠিল 

কত যে লুকাই থাকে নহয় সম্পৰ্কবোৰ,,,

সি তাইৰ মূৰটোত হাতখন বুলাই কলে,,,

- ঐ পাগলী,,,,,

তাই জিভাখন কামুৰি দিলে,,,,

সি আৰু খুড়ীয়েকে জোৰকৈ হাঁহিলে,,,,,

লাজ কৰিছে চা,,,,,,,,, ~|||


~~~~~~~~~সামৰনি~~~~~~~~~~

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


Assames love story

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese Love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


3 comments:

Advertisement

Pages