যুৱতী সকলে জানি লওক ফেচবুক প্ৰেমৰ ভয়াবহতা : Assamese love story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, April 4, 2021

যুৱতী সকলে জানি লওক ফেচবুক প্ৰেমৰ ভয়াবহতা : Assamese love story

Assamese love story

তাই বাৰে বাৰে উচুপি উঠিছে | কৰ পৰা জীৱন আহি কি পালে | আকৌ ঘূৰি যাৱলৈ মন যায় তাইৰ অতীতৰ আপোন ঘৰখনলৈ  ( Assamese love story )| আকৌ মন যায় আইটাকৰ বুকুৰ মাজত সোমাই পৰিৰ সাধু শুনিবলৈ |

দেউতাকৰ ওচৰত কান্দি কান্দি বস্তু বিচাৰিবলৈ | কিন্তু ক'ত হেৰাল আজি জোনাক | তাইৰ হেপাঁহৰ জোনাক মুঠি এতিয়াই আজুৰি আনিবৰ মন যায় | 

উমলিব মন যায় জোনাকৰ পিঠিত উঠি তৰাৰ সৈতে | 

দৌৰি দৌৰি গৈ মুঠি মাৰি ধৰিবৰ মন যায় সপোন বোৰ | যি সপোনৰ মাজত তাই ঘৰ সাজিছিল | বাস্তব জীৱন যে ইমান কঠিন তাই বুজা নাছিল |

- দিক্ষীতা , ভাত খাবৰ কি আছে ?

তাই পলৰ ফালে কেৰাহিকৈ চাই পাকঘৰত সোমাল |

বাচন বোৰৰ চাইবোৰ তাইৰ হাতত লাগিলে তাইৰ বহুত খং উঠে | কিন্তু কি কৰিব নকৰিলেওঁ উপায় নাই |

- ভাত দিছো |

তাইৰ মাত শুনি পলে ধীৰ খোজেৰে পাকঘৰত সোমাল |

সি দেখিছিল পইতা ভাত,তাৰ কাষত অকমান নিমখৰ ওপৰত তেল | আৰু এটা জলকীয়া |

তাৰ বাৰু তেনেকে খোৱা অভ্যাস আছে কিন্তু দিক্ষীতাৰ ?

সি ভয় ভয়কৈ তাইক সুধিছিল |

- তুমি ভাত নোখোৱা,,,,,,

তাই উত্তৰ দিয়া নাছিল | বৰঞ্চ তাৰ ওচৰৰ পৰা তাই আতৰি গৈছিল |

তাই চিধায় তাইৰ নিজা কোঠালিত সোমাই বিচনাত বাগৰি হুকহুকাই কান্দিছিল |

এসময়ৰ দিক্ষীতা জনী আজি কেনেকে জীয়াই আছে ! কোনোবাই জানো বিশ্বাস কৰিব| সেইজীৱন আৰু এতিয়াৰ জীৱনৰ মাজত কিমান ব্যৱধান |

মনত পৰি গৈছিল তাইৰ সেই অতীতলৈ,,,,,,

এদিনা খন তাইৰ ফেচবুক একাউণ্টত এটা ফ্রেইণ্ড ৰিকুৱেষ্ট আহিছিল |

পল সিদ্ধাৰ্থ শইকীয়া | 

দেখাত খুব মৰম লগা এজন ল'ৰা | তাই তাৰ অনুগ্রহটি গ্রহন কৰিছিল | 

বান্ধ খাইছিল নতুন বন্ধুত্বৰ এনাজৰীৰে |  তাৰপাছত তাই পাহৰি গৈছিল কোন পল | 

এদিনাখন তাইৰ একাউণ্টত এটা মেচেজ আহিছিল |পলৰ মেচেজ,,,,

- হায় ! অচিনাকী বান্ধৱী কি খবৰ তোমাৰ ?

মেচেজটি খুলি চাই তাইৰ কিবা এটা ভাল লাগিছিল |

- ভালে ! তোমাৰ ?

তাইওঁ তালৈ মেচেজ পঠাইছিল |

তাৰ মাজত চলিছিল সিহতৰ বিভিন্ন ধৰনৰ কথোপকথন |

- দিক্ষীতা তোমাৰ ঘৰত কোন কোন আছে ?

- মা,পাপা আৰু ভাইটি |তোমাৰ ?

- মা,দেউতা দাদা আৰু মই | পাপা কি কৰে ?

- পাপা ! পাপা কলেজ এখনৰ প্রফেচৰ ! আৰু মা বেংকত কৰে | তোমাৰ ?

- মোৰ,,,, দেউতাৰ ডাঙৰ ব্যৱসায় আছে | 

ইটো সিটো বহুত কথা | 

কিন্তু এনেকে আৰম্ভ হয় প্রেমৰ ! এনেকে চোৰ হয় হৃদয়ৰ |

সেয়াই হ'ল ! সিহতৰ মাজত প্রেমৰ বন্ধনৰ সৃষ্ট হ'ল | প্রেম মানে গভীৰ প্রেম,,,,,,,,,,

মূহুৰ্ত্ততে সপোন দেখি পেলাইছে বহুত | হয়টো আজি অনুভব কৰিছে সিহতে যে সিহতে আৰু সিহতক এৰি বেছিদিন থাকিব নোৱাৰে |

- দিক্ষীতা মই কালি তোমাক লগ কৰিব গৈ আছো !

- কি ! সঁচাকৈ,,,,,,,

আনন্দত নাছি উঠিছিল তাইৰ মন | বহু প্রতিক্ষীত তাইৰ মৰম কালি আহিব তাইৰ ওচৰত | দুয়ো চকুত চকু থৈ প্রান ভৰি চাব ! কিমান ভাল লাগিব |

- কি হ'ল দিক্ষীতা !

- নাই পল মই বহুত সুখী | আজিৰ সময় খিনি কেনেকে যায় ভাবিছো,,,,,,,,,

আহি পাইছিল সেই সময় | যি সময়ৰ বাবে অপেক্ষা ইমান দিনৰ | 

দিক্ষীতাৰ ফোনটো বাজি উঠিছিল |

- হেই পল ক'ত তুমি,,,,

- তোমাৰ পাছফালে ?

- কি !

প্রিয়তমক চোৱাৰ হাবিয়াসত তাই চিঞৰি উঠিছিল | এয়াই যৌৱনৰ আৰম্ভনিৰ প্রেম | যি প্রেমে চিনি নাপায় মা-দেউতাৰ সম্পৰ্ক ! তাই পাছলৈ ঘূৰি চাইছিল,,,,,,

- তুমি,,,,,,,,,

- উম !

- কেনেকে চিনি পালা মোক ?

- কিয় তোমাৰ ফটো কপিৰ দৰে তুমিটো একে | ৰূপৰ ৰানী ,,,,,,,,,

- প্রেম পূজাৰী 

কথাখিনি কৈ দুয়ো খিলখিলাই হাঁহিছিল | সেই হাঁহিৰ প্রতিধ্বনি হৈছিল |

নিজানত বহিছিল দুয়ো | 

- দিক্ষীতা,,,,,,,

- কোৱা পল ,,,,,,

- মই আজিয়ে তোমাক লৈ যাম ! কোৱা যাবা ?

- কিন্তু পল ?

- কোনো কিন্তু নাই ! 

সি তাইৰ দুয়োখন কান্ধত হাতদুখন থৈ কৈছিল |

- চোৱা দিক্ষীতা ,মই তোমাক পাগলৰ দৰে ভালপাওঁ | সেয়েহে তোমাৰ ওচৰত দৌৰি আহিছো | আৰু যদি তুমি,,,,,,

- হব মই যাম আজিয়ে তোমাৰ লগত যাম |

ফেচবুক ! এই পৃথিৱী খনত দুয়োপ্রেমত পৰিছিল | কিন্তু ফেচবুকৰ সকলোবোৰ তথ্যই সঁচানে ?

- ৰূপা ! মই পলৰ লগত গুছি যাম | তই মা-দেউতাক কবি |

- দিক্ষীতা তই পাগল হলি নেকি ? ফেচবুকত পোৱা এজন ল'ৰাক আজি কাষত পাই তই যাবলৈ ওলালি !

- নকবি তেনেকে ! তেওঁক মই বহুদিন আগতে কাষত পাইছো |

- কিন্তু দিক্ষীতা তোৰ অনুপস্থিতিত খুড়া-খুড়ীৰ ?

- কিন্তু পলক পাহৰি যাব নোৱাৰো ,,,আহো দে       ,,,,,,,,,,,,,

গুছি গ'ল দুয়ো | পলে গুৱাহাটী মহানগৰীত এটা সাধাৰণ কোঠা জোগাৰ কৰিছিল | আজি তাতে ৰাখিব দিক্ষীতাক |

- ব'লা দিক্ষীতা | এইটো মোৰ কোঠা |

- ছি ! চৌপাশটো ইমান লেটেৰা !

- কি কৰিবা ভাড়া কোঠা হে |

তাৰ পিছে পিছে তাইকোঠাতোত সোমাই গৈছিল | ভিতৰৰ অৱস্থা দেখি তাইৰ এক ঘৃনা ভাব সোমালে |

এটা অপৰিপাতি কোঠা,কিমান দিনৰ বাচন তেনেকে পৰি আছে |

নাই নাই তাই ইয়াত থাকিব নোৱাৰে |

- পল মই ইয়াত নাথাকো |

-তেতিয়া হ'লে ক'ত থাকিবা ?

- কিয় ! তোমাৰ ঘৰত |

- মোৰ ঘৰত,,,,,,

- কি হ'ল ! মানে মোৰ দেউতাক ভয় লাগে |

- কিয় তোমাৰ ঘৰৰ অৱস্থাটো বহুত ভাল | তোমাৰ দেউতাই ডাঙৰ ব্যৱসায় কৰে আৰু তুমি  ! মই নাথাকো ইয়াত,,,,,

তাই সেইটো কোঠাৰ পৰা ওলাই আহিছিল | সি তাইক আগভেটি ধৰিছিল | 

- চাওঁ মোক এৰি দিয়া | মই মোৰ ঘৰত গুছি যাম |

- দিক্ষীতা !

- শুনা পল মই এই পৰিবেশত কেতিয়াওঁ থাকিব নোৱাৰো |

বহু বাক বিতণ্ডাৰ অন্তত পলে তাইক লৈ তাৰ ঘৰলৈ গ'ল |

এটা সময়ত সি তাৰ ঘৰ পাইছিল | পদুলিত সি থমকি ৰৈছিল  ( Assamese love story )| এতিয়া সি কেনেকে দিক্ষীতাক  কয় যে এইখনে তাৰ ঘৰ !

- কি হ'ল ৰৈ গ'লা যে,,,,,,

- দিক্ষীতা,,,,,,

- কি !

- এইটো

- বুজা নাই

- এইটো আমাৰ ঘৰ !

দিক্ষীতা চকুদুটা ডাঙৰ হৈ গ'ল | তাই ভালকৈ চালে | এজন ডাঙৰ ব্যৱসায়ীৰ এইটো ঘৰ ! এটা সাধাৰণ জুপুৰি !

তাইৰ মন গৈছিল পলৰ নিচিনা মিছলীয়া এটাক এতিয়াই যেন প্রচণ্ড চৰ এটা সোধাব|

- পল এইবোৰ কেনে ধেমালি ?

- তুমি মোক ক্ষমা কৰিবা দিক্ষীতা | মই তোমাৰ প্রেমত পৰিছিলো | তোমাক পোৱাৰ আশাত মই মিছাৰ আশ্রয় লৈছিলো |

মই এখন তেনে সাধাৰণ ঘৰৰ ল'ৰা ,,,,,,,,

- হব মিষ্টাৰ পল ! বহুত হ'ল এইখিনি তুমি আগত কোৱা হ'লে ? শুনা মিছাৰ আশ্রয় লৈ তুমি ভুল কৰিলা | তুমি মোক পালা সঁচা কিন্তু মোৰ সঁচা মানুহজনীক হেৰুৱালা |

মই কেনেকুৱা এখন ঘৰৰ ছোৱালী তুমি যানা | কিন্তু আজি মই ইয়াত গোটেই জীৱন কান্দি কান্দি থাকিব লাগিব |

ফেচবুকত তোমাৰ নিচিনা ল'ৰাৰ হাতত বহুকেইজনী ছোৱালী লাঞ্ছিত হৈ আছে | 

বহুতৰ সপোনবোৰ মৰহি গৈছে | কিয় সঁচা কথা ক'লে কিজানি তোমাক মই বেছি আন্তৰিকতাৰে গ্রহন কৰিলো হৈ |

তুমি ভাল | তোমাক লৈ মই গৌৰৱ কৰিলো হৈ | আৰু ভুল মই ও কৰিছো | এদিনৰ চিনাকীত মা-দেউতাক বিশ্বাস ঘাটকতা কৰি আহি |


                 এনেকৈ তাই আৰম্ভ কৰিছিল সংসাৰ | যিখন ঘৰত তাই মৰমত উমলি আছিল এইখন ঘৰত তাই কিমান কষ্টত ভাত খাইছে !


- দিক্ষীতা ! দিক্ষীতা

তাইচকুপানী খিনি মচিছিল | 

সি তাইৰ ভৰিখনত হাত খন থৈছিল |

তাই উঠি বহিছিল | 

- দিক্ষীতা ক্ষমা কৰি দিয়া | মই এটা কাম পাইছো কালি যামগৈ | লগত তোমাক লৈ যাম | আৰু কেতিয়াওঁ তুমি কষ্ট নাপাবা | মোৰ কথাবোৰ মিছা আছিল কিন্তু মৰম খিনি সঁচা আছিল দিক্ষীতা |

এনেধৰন আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


তাই আৰু ৰৈ থাকিব নোৱাৰিলে | তাই বহুত জোৰকৈ পলক সাৱতি ধৰিলে | আৰু তাৰবুকুত মুখগুজি হুকহুকাই কান্দিলে |

আজি প্রথমবাৰৰ বাবে দিক্ষীতাই পলৰ বুকুৰ মাজত সোমাল | সি প্রথম বাৰৰ বাবে সি তাইৰ কোমলতাৰ অনুভৱ কৰিলে |

                     সি ওঁ অনুভৱ কৰিলে যে মিছা কথায় এটা ভৱিষ্যত ধংস কৰিব পাৰে | | |


Assames love story

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages