- প্রজ্ঞা,,,,,,,
চন্দনৰ মাতত প্রজ্ঞা তাৰ ওচৰত আহিল |
- কোৱা !
- মই দোকান যাওঁ,তুমি ডিউটি নোযোৱা নেকি ? ( Assamese Love story )
- মই আজি নাযাওঁ,কালি চুটি লৈ আহিছো,তোমাকহে কোৱা হোৱা নাছিলে ,
- অ,পিছে কিয় ,,,,,
- আজিৰ দিনতে তোমাৰ ওচৰত গুছি আহিছিলো,গতিকে মই আমাৰ শিৱ মন্দিৰত গৈ ছাকি এগছি জ্বলাই আহিম,,,,
- দেখিছা নে প্রজ্ঞা মই পাহৰি গৈছিলো,,,
- পাহৰাটো স্বাভাৱিক চন্দন ,কাৰন আমি হোমৰ জুইক সাক্ষী কৰি এক হোৱা নাছিলো|
চন্দনে প্রজ্ঞাৰ ওচৰ চাপি আহিছিল,আৰু দুহাতেৰে তাইক সাৱতি ধৰিছিল |
- প্রজ্ঞা,,,,,
প্রজ্ঞাই নিজক তাৰ বহল বকুৰ মাজত এৰি দিছিল,তাই যেন আজি প্রথম বাৰৰ বাবে তাইৰ যোগ্য স্বামীৰ বাহুবন্ধনত সোমাইছে |
- কোৱা,,,
তাই অনুভৱ কৰিছিল চন্দনৰ হাতৰ পৰশ তাইৰ শৰীৰত পৰিছিল,,,,
- যোৱা তিনিবছৰে মই তোমাক বহুত সাস্তি দিলো প্রজ্ঞা,মই তোমাৰ ওচৰত বহুত ভুল কৰিলো |কিন্তু তুমি সচাঁকে আনৰ বাবে আদৰ্শ,তোমাৰ ধৈৰ্য্য,সাহস আনৰ প্রেৰনা,,,
তাই অনুভৱ কৰিছিল,চন্দনে কান্দিছে,,তাই তাৰ বাহুবন্ধনৰ পৰা ওলাই চাদৰৰ আচলৰে তাৰ চকুপানি খিনি মছি দিছিলে,,,,
- নাকান্দিবা,অতীতক পাহৰি যোৱা,বৰ্তমানক আকোৱালি লোৱা,,,
- কিন্তু প্রজ্ঞা এই ভুলৰ যানো ক্ষমা আছে ?
- কিয় নহব,আছে | ৰত্নাকৰ এদিন দস্যু আছিল,কিন্তু পিছত বাল্মিকি হ'ল |
- প্রজ্ঞা ব'লা মই আজি দোকান নাযাওঁ,মই তোমাৰ লগত মন্দিৰত যাম,,,,
চন্দনৰ কথাত প্রজ্ঞা কোনো আপত্তি নকৰিলে, কিন্তু,,,,,
- চন্দন,তুমি দোকানত গৈ বন্তি গছি জ্বলাই আহা তাৰপাছত আমি মন্দিৰত যাম,পাহৰি নাযাবা সেই দোকান খন বৰ্তমান তোমাৰ মূল উপাৰ্জনৰ পথ,,,,,
প্রজ্ঞাৰ কথাত চন্দন দোকানলৈ যাবলৈ সাজু হ'ল |
- প্রজ্ঞা তুমি ওলাই থাকিবা,,,,,,
প্রজ্ঞা এটা সন্তোষৰ হাঁহিৰে তাক বিদায় দিলে,আৰু সি যোৱালৈ চাই থাকিল,,,,,
সিহতৰ পদুলি মুখৰ বাগিছাখনত চিজন ফ্লাৱাৰ বোৰ ধুনীয়াকৈ ফুলিছে,প্রকৃতিৰ অপৰূপ সৌন্দৰ্য্য বিলীন হৈছে,,,,
তাই সিহতৰ কৃষ্ণচূৰা গছডাল ৰ ওচৰত গ'ল | এদিন এই কৃষ্ণচূৰাত তলতে তাইক চন্দনে প্রেমৰ প্রস্তাৱ দিছিলে,,,,,
সেয়া আজিৰ পৰা চাৰিবছৰ আগৰ কথা | চন্দন আছিল প্রজ্ঞাৰ দেউতাকৰ গাড়ীৰ দ্রাইভাৰ, কেতিয়াবা দেউতাকে চন্দনক প্রজ্ঞা কলেজত থৈ আহিব নিৰ্দেশ দিয়ে | সেইদিনাওঁ চন্দনে প্রজ্ঞাক কলেজলৈ লৈ আহিছিল | সিহতে আগতে গাড়ীত আহোতে বহুত কথাই পাতিছিল | চন্দনৰ ঘৰৰ অৱস্থাৰ কথা গম পাই প্রজ্ঞাৰ মনটো তাৰ প্রতি দুৰ্বল হৈছিল | মাক-দেউতাক নোহোৱা ল'ৰা চন্দন | বায়েক এজনী আছিল ,বিয়া হৈ গ'ল | সি যেতিয়া তাৰ ঘৰৰ কথা কৈ কান্দিছিল তেতিয়া প্রজ্ঞাৰ কোনোবা ঠাইত কব নোৱাৰাকৈ আঘাট কৰিছিল |
- প্রজ্ঞা,,,,
চন্দনৰ মাতত তাই উচপ খাই উঠিছিল |
- কোৱা চন্দন দা,,,
- কলেজ পালা,,,
তাই যে গমে পোৱা নাছিল কেতিয়া নো কলেজ পালে,,,,,চন্দনে কোৱাত তাই অকমান লাজ ও পালে ,কি ভাবিব বাৰু সি,,,,তাই গাড়ীৰ পৰা নামি কলেজ যাবলৈ লৈছিল হে মাত্র ,,,,,,,
- প্রজ্ঞা কথা এটা কওঁ,,,,,
- কোৱা,,,,
- তুমি মোক কথা দিয়া প্রজ্ঞা মোৰ কথাটি শুনাৰ পাছত তুমি মোৰ লগত একো সম্পৰ্ক শেষ নকৰাতো,,,,,
- নকৰো চন্দন দা,তুমি নিৰ্ভয়ে কব পাৰা,,,
- মই তোমাক ভালপাওঁ প্রজ্ঞা,কিন্তু মই এজন সাধাৰন দ্রাইভাৰ,,, ,,
- কামৰ সৰু-ডাঙৰ নাই চন্দন দা,মই ও তোমাৰ প্রেমত পৰিছো,,,,,
আৰম্ভ হ'ল প্রজ্ঞা আৰু চন্দনৰ মাজত প্রেম |কিন্তু এই প্রেম প্রজ্ঞাৰ দেউতাকে কেতিয়াওঁ মানি নলয় | তেতিয়া হ'লে কি কৰিব প্রজ্ঞাই! তাই প্রৱঞ্চনা কৰিলে চন্দন শেষ হৈ যাব | নাই তাই চন্দনক প্রতৰণা কৰিব নোৱাৰে তাই চন্দনৰে হব | কথা মতে কাম আজিৰ এই দিনতোতে প্রজ্ঞা চন্দনৰ লগত গুছি আহিছিল |তাইৰ আপোন ঘৰ খন এৰি,তাইৰ মাক-দেউতাকক এৰি |
আৰম্ভ কৰিছিল এখন সংসাৰ,চন্দনে এটা মাৰ্কেটিং এজেন্সিৰ দ্রাইভাৰ হিচাপে নিয়োগ হ'ল |প্রথম কেইদিন মান তাই চন্দনক থিকে পাইছিল কিন্তু লাহে লাহে যেন চন্দন কিছু সলনি হ'ল ,ৰাতি হ'ল মাতাল হৈ ঘৰত প্রবেশ কৰে,তাইক অৱাইচ মাত মাতে,,,,
লাহে লাহে সি নিজৰ কামত যাবলৈ ও এৰিলে,নিশা হ'লে তাই উচুপি উচুপি কন্দাৰ বাহিৰে বেলেগ উপায় একো নাছিল | কি ভুল কৰিছিল তাই ! এজন ল'ৰাক সহজতে বিশ্বাস কৰাই তাইৰ ভুল আছিল নেকি ! নে তাক প্রতৰণা নকৰি তাই ভুল কৰিলে ! কিন্তু এনেকে জানো সংসাৰ চলিব,সি একো কাম নকৰে ৰাতি পোহৰ হ'লে গোটেই নিশালৈ মদ গিলাৰ বাহিৰে একোৱে নাই তাৰ,,,,
তাই এটা প্রাইভেত কামত নিয়োগ হ'ল ,এতিয়া ঘৰ তাই চলাব,সময়বোৰ গৈ থাকিল,,,, এতিয়া যে তাৰ তাইৰ দৰমহাৰ পইচাঁ কেইটাত চকু, নিদিলে কৰে অশান্তি তথাপি সকলো সহ্য কৰি আগবাঢ়িল প্রজ্ঞা |
এদিনা খন অফিচৰ পৰা আহোতে কিছু পলম হোৱাত তাই অফিচৰ সহকৰ্মী ৰক্তিমৰ গাড়ীত ঘৰলৈ আহিছিল | পদুলি মুখত গাড়ীৰ পৰা নামোতে চন্দনে তাইক দেখা পাইছিল,,,,
তাই ঘৰ সোমাই আহোতে চন্দনে তাইক আগছি ধৰিলে,,,,
- প্রজ্ঞা,,,
সি চিঞৰিছে,,,,
- কি হ'ল তোমাৰ ?
- কি হ'ল,,নতুন প্রেম বাহ: বাহ :,নতুন মজা,ধনীৰ দুলালৰ লগত প্রেম,চাৰিচকীয়া,,,
- চন্দন,কি কৈছা তুমি ! সি মোৰ অফিচ ষ্টাফৰ তুমি তাক ( Assamese Love story ) !
- চৰিত্রাহীনা তই,পৰপৰুষৰ গাড়ীত ঘূৰিফুৰা তই সুবিধাবাদী নাৰী,তোৰ লগত আজিৰ পৰা একো সম্পৰ্ক নাই ,,,,
- চন্দন তুমি
ইতিমধ্যে সি আতৰি গৈছিল,,তাই ঘৰত সোমাই বিচনাত পৰি গাৰুটো সাৱতি মাত্র তাই কান্দিছিল | আজি তাইক চন্দনে সন্দেহ কৰিলে,চৰিত্রহীনা বুলি ক'লে | কিহৰ ভিত্তিত সি তাইক সন্দেহ কৰিলে ! চন্দন যে কেতিয়াবা এনেকুৱা হব তাই কেতিয়াওঁ ভবা নাছিল | নাই তাক ভাল কৰিব লাগিব,তাৰ সন্দেহ যে মিছা প্রমান কৰিব লাগিব, তাৰ বাবে তাই শক্তিশালী হব লাগিব,,,,
- প্রজ্ঞা নবৌ,প্রজ্ঞা নবৌ,,,,
নিয়ৰৰ চিঞৰ শুনি প্রজ্ঞা একেজাপে বিচনাৰ পৰা নামি আহিল |
- কি হ'ল নিয়ৰ,তুমি,,,,
- প্রজ্ঞা নবৌ চন্দন দাৰ,,,,
- কি হ'ল চন্দন দাৰ ?
- চন্দন দাৰ এক্সিডেন্ট হ'ল নবৌ,,,,,,
চন্দনৰ মদৰ ৰাগীত এক্সিডেন্ট হ'ল,ৰাজপথত অচিনাকী গাড়ীয়ে খুন্দিয়াই থৈ গ'ল |
- আপুনি,,,,
- হয়,ডাক্তৰ মই চন্দন হাজৰিকাৰ পত্নী,,,,
- ৰোগীৰ মূৰৰ এটা অপাৰেচন কৰিব লাগিব,তাৰ বাবে কিছু টকাৰ প্রয়োজন হব !
ডাক্তৰৰ কথা শুনি চিন্তাত পৰিল প্রজ্ঞা,নাই তাই চন্দনক বচাব লাগিব,তাৰ কাৰনে তাই সকলো ত্যাগ কৰিব | কিন্তু এতিয়া ইমান টকা তাই কত পাব ! তাই সিদ্ধান্ত ল'লে তাই মানুহৰ ওচৰত ভিক্ষা খুজিব,,,,
এজনী পাগলিৰ দৰে ওলাই গৈছিল তাই,গাভৰু বয়সত তাইৰ আজি এই অৱস্থা | পিন্ধনত তেনে সাধৰণ কাপোৰ,যিজনী ছোৱালী সদায় সলনি কৰিছিল চুলিৰ ষ্টাইল তাইৰ আজি আউলি বাউলি চুলি,যিজনী ছোৱালীয়ে প্রসাধনৰ প্রলেপ নপৰাকৈ বাহিৰত ওলোৱা নাছিল আজি তাইৰ মুখত ধুলি মাকুতি,,,,
মহানগৰীৰ ডাঙৰ ডাঙৰ ব্যৱসায় প্রতিষ্ঠান ,অফিচ কচাৰীত তাই ভিক্ষা বিছাৰি ঘূৰি ফুৰিছিল,কিন্তু বাহিৰত তাই নানাধৰনৰ কথা শুনিছিল | সকলো সহ্য কৰি তাই আগুৱাইছিল | কাৰন তাইৰ মৰমৰ চন্দনক জীয়াই তুলিব লাগে,,,,
তেনেকে তাই কিছু পইচাঁ সংগ্রহ কৰিলে | ডাক্তৰে তাইক এটা মেডিচিন আনিবলৈ ফাৰ্মাচীত পঠালে,বাহিৰত বহুত ডাঙৰ বৰুষুণ আছিল |তথাপি তাই বৰুষুণত তিতি তিতি ফাৰ্মাচীলৈ আগবাঢ়িছিল,কাৰন চন্দনক জীয়াই তুলিব লাগিব | বৰুষুণে তাইৰ দেহৰ প্রতিটো অংগ স্পৰ্শ কৰিছিল|তাইৰ দেহৰ কাপোৰ তাইৰ গাভৰু দেহাত লিপিত খাই ধৰিছিল |
- প্রজ্ঞা,,,,,,
কাৰোবাৰ মাতত তাই থমকি ৰৈছিল,আৰু পাছলে ঘূৰি চাইছিল,তাই দেখিছিল তাইৰ দেউতাকে গাড়ীৰ পৰা নামি আহিছিল,কিমান দিনৰ মূৰত দেউতাকক দেখিলে তাই |
- পাপা ,,,,,
-তই,,
দেউতাকৰ চকুুপানি বৰুষুণত বিলিন হৈ গৈছিল | তাই দেউতাকৰ বকুৰ মাজত সোমাইছিল | বহুদিনৰ মূৰত তাই দেউতাকৰ বকুত মুৰ থবলৈ সুবিধা পাইছিল,জিয়েকৰ অৱস্থা দেখি দেউতাকৰ বকুখন ভাগি গৈছিল | তাই দেউতাকক সকলো কথা বিৱৰি ক'লে,আৰু দেউতাকৰ সহায়ৰ লগতে তাই ত্যাগ স্বীকাৰ কৰি ৰাইজৰ পৰা সংগ্রহ কৰা টকাৰে চন্দনক সুস্থ কৰিলে | আৰু সি বুজি পালে সি কৰা ভুলবোৰ,,,
- প্রজ্ঞা মোক ক্ষমা কৰিবা নে ?
- ক্ষমা কিয় নকৰিম ,তুমি মোৰ স্বামী |
- তোমাক মই বহুত কষ্ট দিলো
- সেয়া এজন স্বামীৰ প্রতি পত্নীৰ কৰ্ত্তব্য | মই তাকে পালন কৰিছো ,বিপদত ভিক্ষা খোজাটো কেতিয়াওঁ অপৰাধ নহয় ,অপৰাধ চোৰ কৰাটো হে,ভিক্ষাৰ এটা সন্মান আছে প্রয়োজনত স্বয়ং ভগৱানে ও ভিক্ষা খুজিছিল,,,,,,,,
চন্দনক তাই পোৱা দৰমহাৰ পইচাঁ আৰু দেউতাকৰ সামন্য সহায়ৰে এখন দোকান কৰি দিলে,এতিয়া চন্দনে মদ নাখাই,অবাৱত সময় নষ্ট নকৰে,প্রজ্ঞাৰ লগত কাজিয়া নকৰে,এতিয়াহে সিহতৰ এখন সুখৰ সংসাৰ আৰম্ভ হ'ল |
আৰু প্রজ্ঞাই বুজি পালে যে ধৈৰ্য্য,সাহস আৰু একাগ্রতা থাকিলে অসম্ভৱক ও সম্ভৱ কৰিব পাৰি,সময়ৰ পৰিবৰ্তনত বেয়া মানুহ ভাললৈ ৰূপান্তৰিত হয় |
- প্রজ্ঞা ,,,,,
চন্দনৰ মাতত তাই বাস্তৱ পৃথিৱীত ঘূৰি আহিল |
- কি হ'ল তুমি ওলোৱা নাই যে ,,,,,
- অ ৰবা,,,,
- প্রজ্ঞা
- কোৱা,,,,
- আজি ৰঙাফুলৰ ,বগা মেখেলা-চাদৰ জোৰ পিন্ধিব,তোমাক দেৱী যেন লাগিব,,,,
তাই মিছিকিয়া হাঁহি এটি মাৰি ঘৰত সোমাই গ'ল |
তাই আজি সুখী,চন্দনে আজি তাইক তাৰ পচন্দ মতে কাপোৰ পিন্ধিব কৈছে,,,,
তাই এতিয়া সুখৰ চাচ্ছন্দ্যত নাছিব |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese Love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment