জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ২৭) : Assamese love story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 30, 2021

জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ২৭) : Assamese love story

             

Assamese love story


চহৰৰ অলিয়ে গলিয়ে ঘূৰি ফুৰিছে জোনাক । TOLET বুলি যত লিখা আছে তালৈ সোমাই গৈছে আৰু সুধিছে নিশিতা নামৰ কোনোবা ভাড়া আছে নেকি ( Assamese love story ) । আজি দুদিন ধৰি সি নিশাৰ অনুসন্ধানত ব্যস্ত । কোনেও এতিয়ালৈ সঠিক উত্তৰ দিয়া নাই । আজি সি এই চহৰখনৰ পৰা আতৰি অন্য এখন চহৰলৈ গৈছে । সেই একেই প্ৰশ্ন আৰু মালিক পক্ষৰো একেই উত্তৰ 'ছৰি' । প্ৰায় এসপ্তাহ পাৰ হৈ গল । সি নিশাৰ সঠিক সন্ধান উলিয়াব পৰা নাই । উফ সি ভাগৰি পৰিল । তথাপিও সি যিকোনো প্ৰকাৰে নিশাক বিচাৰি উলিয়াবই লাগিব । কাৰণ সি মাকক কথা দি আহিছে, নিশাৰ দেউতাকক আশা দি আহিছে । সি আকৌ উভতি আহিল আগৰ চহৰখনলৈ আৰু তাৰ বাকী থকা আধা অংশত নিশাৰ অনুসন্ধান চলালে । দিনটোৰ আধাতে সেইখিনি ও শেষ হৈ থাকিল । নাই সি নিশাৰ সন্ধান নাপালে । সি আৰু নোৱাৰা হৈছে । অজান আশংকাত কপি উঠিছে তাৰ বুকুখন । হঠাতে তাৰ চকুত পৰিল ওচৰতে থকা ৱাইনশ্বপৰ দোকান এখন । সি তালৈ গৈ মদৰ বটল এটা ললে । একে উশাহতে সি সকলো খিনি খাই শেষ কৰিলে, যেন মদ নহয় কল ড্ৰিংক হে । কেতিয়াও চিগাৰেট হুপি নোপোৱা লৰাজনে আজি মদ খাইছে । হয়তো পৰিস্থিতিয়ে তাক বাধ্য কৰাইছে । লাহে লাহে তাৰ মূৰটো ঘূৰোৱাৰ উপক্ৰম হল। ( Assamese love story )

"নাই একো নাই জৰা দিবলৈ, 
চিঙিলে মৰমৰ জৰী 
নাই একো নাই কাকো কবলৈ 
লওঁ নিজে কান্ধ পাতি..!"

   আজি ১০-১২ দিনে নিশাই নিজকে বিনয়ৰ আগত শক্তিশালী কৰি ৰাখিছে । হয়তো এয়া জোনাকৰ নামত লোৱা সেন্দুৰকণৰ অস্তিত্ব জীয়াই ৰখাৰ স্বাৰ্থত । কলেজৰ ক্ষণ, প্ৰশিক্ষণত বিনয়ে কিবা কলেও তাই বিচলিত হোৱা নাই । যিমান পাৰে তাৰ পৰা আঁতৰি থাকিব চাইছে । আৰু নিশাৰ এই ৰূপটো বিনয়ৰ বাবে অসহনীয় হৈ পৰিছে । সেয়ে আজি তাই ক্লাচৰ শেষত যেতিয়া বাছ স্তপেজৰ ফালে আগবাঢ়িছে বিনয়ো তাইৰ পিছে পিছে খোজ লৈছে । 
নিশিতা, নিশিতা ।
তাই তাৰ কথালৈ ভ্ৰুক্ষেপ নকৰি খৰ খোজেৰে আগবাঢ়িছে । এটা সময়ত সি তাইক আগভেটি ধৰিলে - 
-শুনা 
-ৰবলৈ সময় নাই । 
-কিন্তু তোমাক দেখিলে মোৰ সময়ো থমকি ৰয় । 
বিনয়ৰ কথাত উত্তেজনাৰ সুৰ ।
-চাওঁ বাট এৰি দিয়া 
নিশা তাৰ ওচৰেৰে পাৰ হৈ যাব লওতে সি হাতত থাপ মাৰি ধৰিলে । 
খঙত অগ্নিশৰ্মা হৈ উঠিল তাই । এক আঁচোৰত তাৰ পৰা হাতখন এৰুৱাই আনিলে 
-ভদ্ৰতাৰ সীমা চেৰাই নাযাবা। তুমি জনা উচিত মই বিবাহিতা আৰু এজনী বিবাহিতা নাৰীৰ লগত তোমাৰ সম্পৰ্ক কিহৰ? নিশা গুচি গল । বজ্ৰপাত পৰা মানুহৰ দৰে থৰ লাগি ৰল বিনয় । হয় নিশা বিবাহিতা নাৰী । কিন্তু তাইৰ স্বামী কোন, ক'ত থাকে, কি কৰে সেইবোৰ সি একো নাজানে আৰু জানিবলৈও চেষ্টা নকৰে । সি নিশাক ভালপায় । সেয়াই তাৰ তাইৰ ওপৰত অধিকাৰ । কিন্তু আজি নিশাৰ কথা কেইটাই তাৰ বুকুত শুলে বিন্ধা দিলে, যাৰ আঘাতত খহি পৰিল তাৰ বুকুৰ পাহাৰ ।

"তুমি চালেই মোৰ ভাল লাগিছিল, 
তুমি হাঁহিলে প্ৰাণ ভৰিছিল, 
এতিয়া নালাগে এনে মিঠা হাঁহি, 
দেখিলেই জানা বুকু যাই ফাটি..! "

দ্ৰুতগতিত আগবাঢ়িছে নিশাই অহা বাছখন । খিৰিকিৰ কাষৰ চিটটোত বহি বাহিৰলৈ চাই আহি আছে তাই । উদাস উদাস মন । হঠাতে তাই ড্ৰাইভাৰক গাড়ী ৰখাব দি বাছৰ পৰা নামি অাহি আচৰিত হল ।
ক্ৰমশ

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ  বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages