কোন সেয়া???
জোনাকৰ মনৰ উত্তেজনা বাঢ়ি গল । সি বিচাৰিব ললে কৰ পৰা ভাঁহি আহিছে সেই সুৰ । নে সিও তাৰ দৰে কোনোবা উদভ্ৰান্ত প্ৰেমিক । জোনাকেও এটা সময়ত খুব বাঁহী বজাইছিল ।আজিৰ পৰা প্ৰায় ৯-১০ বছৰ আগত।যিদিনা সি নিশাক বাইকেৰে খুন্দা মাৰিছিল সিদিনাৰ পৰা তাইৰ প্ৰেমত পৰিছিল ।ক্ষণ প্ৰশিক্ষণ যদিও সিহঁতৰ মাজত কোনো অন্তৰংগ আলাপ হোৱা নাছিল কিন্তু হৃদয়ৰ অনুভূতি বহু দূৰ আগবাঢ়িছিল । আৰু তেতিয়াই সি দুপৰীয়া আৰু সন্ধিয়াৰ সময়ত খুব বাঁহী বজাইছিল । আজিৰ এই নিৰ্জন দুপৰীয়াৰ বাঁহীৰ সুৰে তাক আকৌ এবাৰ মনত পেলাই দিলে সেই সোণোৱালী অতীত । এডাল গছৰ তলত বহি জোনাকে প্ৰাণভৰি উপভোগ কৰিলে সেই সুৰ ।সেয়া যেন বাঁহীৰ সুৰ নহয় জোনাকৰ বাবে যুগৰ সুঁতিয়ে কঢ়িয়াই অনা এক আশাৰ ৰেঙণি । নতুন উদ্যমত তাৰ মুখখন উজলি উঠিল ।
সময় দিনৰ ৩ বাজিছে । স্কুল শেষ কৰি প্ৰদীপ ঘৰলৈ আহিছে । সি ড্ৰয়িং ৰুমতে বহিল । ভিতৰৰ পৰা অঞ্জলিয়ে পানী এগিলাচ লৈ আহিল । পানী গিলাচ দি কলে -
- মবাইলটো দিয়কচোন নিশালৈ ফোন এটা কৰো ।
-তাই মোক ফোন কৰিছিল।
-কি কলে? উৎসাহেৰে অঞ্জলিয়ে সুধিলে ।
-অহা মাহৰ পৰা তাইৰ ফাইনেল পৰীক্ষা। সেয়ে একেবাৰে পৰীক্ষাৰ পিছত হোষ্টেল সামৰি হে আহিব ।
- মই অহা শনিবাৰে আহিব বুলি ভাবি আছিলো মই । প্ৰদীপৰ হাতৰ পৰা গিলাচটো লৈ অঞ্জলিয়ে তাক ভাত খাবলৈ যাবলৈ কৈ গল । প্ৰদীপে মন কৰিলে অলপ আগত দেখা অঞ্জলিৰ উজ্জ্বল মুখখন সেমেকি উঠিল । তাৰ ভাব হল সচাকৈয়ে আমি পুৰুষবোৰে সন্তানৰ দায়িত্ব লওঁ কিন্তু এগৰাকী মাতৃয়ে সন্তানক দায়িত্ব লোৱাৰ লগতে সেই দায়িত্বৰ মাজেৰে চলাই নিয়ে ।
প্ৰভাতী সুৰুযে পুৱ আকাশত ন ৰূপত ওলাই আহিছে । কঢ়িয়াই আনিছে দিনটোৰ বতৰা । হিল্লোলে অইন দিনাৰ দৰে আজিও বাতৰিখন হাতত লৈ বাৰাণ্ডাত বহিছে । ৰাস্তাৰ ফালৰ পৰা দিগন্তই মাত লগালে ।
-হিল্লোল
-অ দিগন্ত, কৰ পৰা ওলালিনো?
- মৰ্ণিং ৱলক কৰিব আহিছিলো । বৰুৱাৰ জোনাক অহা খবৰটো পাই গুচি আহিলো । তই যে মোক লৰাটো অহা কথাটো এতিয়াও কোৱা নাই ।
-সি একেবাৰে আহিছে যেতিয়া সকলো সময়তে তাক লগ পাই যাবি দে ।
-তাৰ MBA ক্লিয়াৰ হল মানে । এতিয়া কি কৰিব বুলি ভাবিছে সি?
-মোৰ বিজনেচ সকলো দায়িত্ব তাৰ হাতত অৰ্পণ কৰি মই অলপ ফ্ৰী হব খোজো এতিয়া ।
-জোনাক চোকা লৰা । সি নিশ্চয় সফল হব । তই মন কৰা নে হিল্লোল, নৱ প্ৰজন্মৰ লৰা ছোৱালী খিনি বৰ্তমান বহুত একতিভ হল ।
নৱ প্ৰজন্মৰ লৰা ছোৱালী খিনি বহুত এক্টিভ হল । যিকোনো বিষয় সিহঁতে অতি সহজে আয়ত্ব কৰি লব পাৰে ।
-এয়া চব সময়ৰ পৰিবৰ্তন বন্ধু । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে আজিৰ প্ৰজন্মক সময়ৰ লগত ফেৰ মাৰিবলৈ শিকালে ।
-সচাকৈয়ে ভাবিলে কিবা আচৰিত লাগে । আজিৰ পৰা প্ৰায় ৪০-৫০ বছৰ পিছলৈ ঘূৰি চালে মনটো কিবা হাহাকাৰ কৰি উঠে । আজিও মনত পৰে সেই মুক্ত আকাশৰ তলত, জোনাকৰ বোকোচাত বহি আইতাই কোৱা সাধুকথাবোৰ । আজি আৰু সেই দিন নাই । আজিৰ লৰা ছোৱালী বন্দী কম্পিউটাৰ, লেপটপ, মবাইলৰ মায়াজালত । হেৰুৱো অতীতটোক উভতাই আনিব নোৱোৰাৰ শোকত দুই বন্ধুৰ মনটো হাহাকাৰ কৰি উঠিল ।
পুৱা সময় ৯ বাজিছে । ব্যস্ততাময় বিশ্ববিদ্যালয়ৰ চৌপাশ । জোনাক ৰৈ আছে তাৰ ফ্ৰণ্টত । মনত নতুন উদ্যম । বুকুত হেঁপাহৰ জাঁজী নৈ, যি সেই ৯-১০ বছৰ আগৰ পৰাই আজিও বৈ আছে একেই গতিত । আজি জোনাকৰ মনতো খুব উৎফুল্লিত হৈ উঠিছে । কাৰণ আজি সি নিশাৰ সম্পূৰ্ণ ঠিকনা পাব । সি নিজকে প্ৰস্তুত কৰি ললে নিশাক দেখিলেই কি কব সি । নে লাজতে ৰঙা চিঙা পৰিব । নাই নাই তেনে হব দিব নোৱাৰে । সি কথাবোৰ ভাবি থাকোতেই জুম পাতি লৰা ছোৱালীবোৰ ক্লাচলৈ অহা তাৰ চকুত পৰিল । তাৰ ভিতৰত তাৰ আগফালৰ পৰা তিনি জনী ছোৱালী হাঁহি ধেমালিৰে কিবা কথা পাতি আহি থকা দেখিলে । সি আগুৱাই গল ।
-Excuse me.
-তিনিওজনী ছোৱালীয়ে তালৈ ঘূৰি চালে যদিও এজনী আগবাঢ়ি আহিল আৰু দুজনী কিছু দূৰত ৰল ।
-মোক মাতিছিল ।
-হয় আপোনাকে ।
-বাৰু কওকচোন ।
-আপুনি নিশাক চিনি পাই নেকি?
-what?? নিশা...???
-হয় হয় । সেই যে বকুলপুৰ গাঁৱৰ । আপোনালোকৰ ইউনিভাৰ্চিটিতে পঢ়ে ।
-মিষ্টাৰ, কৰ বকুলপুৰ গাও, কোন নিশা এইবোৰ ইনফৰমেচন ৰখাৰ সময় মোৰ নাই ।
উসাৎ মাৰি ছোৱালীজনী গুচি গল । লগৰ দুজনীয়ে তাইৰ মুডটো দেখি হাঁহিলে আৰু সুধিলে
-কি হল?
-পাগল কৰোবাৰ
-আৰে কি হল নকৱ কিয়?
-তাক হেনো কোনোবা নিশাক লাগে ।
-হাউ ছেদ । তাৰমানে বেচেৰাই দিৱানাক চিনিয়েই নাপায় ।
-তাক কোনোবাই ৰং নম্বৰত বেয়াকৈ ফচালে যেন পাওঁ ।
তিনিও হাঁহি হাঁহি ইউনিভাৰ্চিটিৰ ফালে খোজ ললে ।
সি বহু কেইজন লৰা ছোৱালীক সুধিলে সকলোৱে তাক উত্তৰ দিলে ছৰি । সি উপায় হীন হৈ পৰিল । হাতৰ ঘড়ীটোলৈ চালে দুই বজাৰ সংকেত দিছে । সি আহি গাড়ী খনত বহিল । হঠাতে বিশ্ববিদ্যালয়ৰ ভিতৰৰ পৰা নিশাৰ লগতে কেইজনীমান ছোৱালী ওলাই আহিল । সিহঁতে তালৈ চালে । সি তলমূৰ কৰিলে...! সিহঁতৰ মাজৰে এজনীয়ে কলে অই তহতে মন কৰিছনে? সেই যে মক্কেলটো মই পুৱা ক্লাচলৈ আহোতেই ইয়াত ৰৈ থকা দেখিছিলো । তেতিয়াৰে পৰা ইয়াতেই ৰৈ আছে । বেচেৰাক চাগে কোনোবাই সময় দি ৰখাই মাৰিছে । নিশাৰ কথাত আটাই কেইজনীয়ে গিৰ্জনি মাৰি হাঁহিলে আৰু খোজ ললে হোষ্টেল অভিমুখে।জোনাকৰ বুজিব বাকী নাথাকিল যে সিহঁতে তাক উদ্দেশ্যিয়ে হাঁহিছে । কেৱল সিহঁতেই নহয় বিশ্ববিদ্যালয়ৰ প্ৰায় ভাগ লৰা ছোৱালীৰ মাজত সি এই দুইদিনত পাগল প্ৰেমিক হিচাপে বিখ্যাত হৈ পৰিছে । তাৰ মনটো বিষন্ন হৈ পৰিল । অলপ সময়ো নষ্ট নকৰি সি ঘৰ অভিমুখে ৰাওনা হল।
ক্ৰমশ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment