মাকৰ কথা মতে জোনাক নিশা হতৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলে ।আজি সি প্ৰথম বাৰৰ বাবে নিশাহতৰ ঘৰলৈ গৈছে । হয়তো তাক দেখি নিশা আচৰিত হব ( Assamese love story )। অভিমানত উফন্দি উঠিব তাইৰ মুখখন । আৰু হয়তো সি কিবা কলেই কান্দোনত ভাগি পৰিব তাই । নাই নাই আজি আৰু সি তাইক কান্দিব নিদিয়ে । কান্দিব লওতেই আজি সি তাইক বুকুৰ মাজত সাৱটি লৈ অভিমান ভাঙিব, দুটি ওঠৰ স্পৰ্শত কপালত আকি দিব সতেজ চুমা । কথাবোৰ ভাবি ভাবি গৈ সি এটা সময়ত নিশাহতৰ ঘৰ পালে । নঙলামুখত গাড়ী খন থৈ সি ভিতৰলৈ গল । নিমাওমাও পৰিবেশ । দুৱাৰত তলা লগোৱা। সি ওলাই আহিল । অলপ সময় ৰৈ পথেৰে যোৱা মানুহ এজনৰ পৰা গম পালে নিশাৰ দেউতাকক হস্পিতালত ভৰ্তি কৰিছে আৰু আজি বহুদিন হল সিহঁতে তাত আছে । সি আগবাঢ়িল হস্পিতাললৈ বুলি ।
হস্পিতালৰ কেবিনে কেবিনে সোমাইছে জোনাক । নাই তেনে কোনো ৰোগী সি পোৱা নাই । এক কথাত সি প্ৰদীপ আৰু অঞ্জলিক ভালদৰে চিনি নাপায় । তাৰ অনুভৱ মাক দেউতাকৰ সৈতে নিশাও আছে আৰু যত তাইক দেখা পাব সেয়াই হব তাইৰ মাক দেউতাক । গৈ গৈ সি শেষৰ কেবিনটোত সোমাই ওলাই আহিব লওতেই কেবিনৰ এখন বেদৰ পৰা ভাঁহি আহিল এটি নিভাঁজ কণ্ঠ ( Assamese love story )
-বাবা?
জোনাক থমকি ৰল । কাৰ এই কণ্ঠ? ইমান আপোন, যেন তাৰ মাকৰ কণ্ঠ ।
সি ঘূৰি চাই দেখিলে এজন তাৰ দেউতাকৰ সম বয়সীয়া মানুহ শুই আছে আৰু এজনী মাকৰ সমবয়সীয়া তিৰোতা ওচৰত বহি আছে । তাৰ বুজিব বাকী নাথাকিল সেয়া যে নিশাৰ মাক দেউতাক । সি আগবাঢ়ি গল । অঞ্জলিয়ে তাক দেখি কান্দিলে ।
- দেউতাৰ কি হৈছে মা? আৰু নিশিতা কত? তাইক দেখা নাই যে?
-তাই গলগৈ বাবা?
-মানে?
জোনাক আচৰিত হল । কিবা এটা হেৰুৱাৰ ভয়ে তাক জোকাৰি গল ।
-তাই কৰবালৈ গুচি গলগৈ আৰু তাই যোৱাৰ পিছৰে পৰা দেউতাৰাৰ শয্যাত পৰিল ।
কিছুসময় পাছত প্ৰদীপ সাৰ পালে । জোনাকক বুকুৰ মাজলৈ নি সি হুকহুকাই কান্দিলে আৰু কলে
-তুমি তাইক উভতাই আনা বাবা । মোৰ বেমাৰ ডাক্তৰে ভাল কৰিব নোৱাৰে মোৰ বেমাৰৰ একমাত্ৰ ঔষধ তাইহে ।
-আপুনি নিশ্চিত থাকক দেউতা । তাই যতেই নাথকক কিয় মই উভতাই আনিম । জোনাক এক মিনিটো তাত নৰল ।
"সপোন ৰঙৰ জীৱন তুমি
আকৌ এবাৰ আহিবানে
নিশা মোক জগাবলে..! "
মনৰ সকলো কল্পনা নিমিষতে ধূলিসাৎ হৈ গল তাৰ । সম্মুখত আকৌ আন্ধাৰ। তাৰ মাজে মাজে আগবাঢ়িছে সি নিশাৰ সন্ধানত...!
আজি নিশা কলেজ পোৱাৰ লগে লগে সাগৰৰ দৰে গভীৰ হৈ পৰিল । তাই গৈয়ে ৰেজিষ্টাৰ বহীটো লৈ ক্লাচলৈ গল আৰু ক্লাচৰ পৰা ওলোৱাৰ পিছতো পল্লবীৰ লগত কেন্টিনলৈ গল । বিনয়ৰ বুজিব বাকী নাথাকিল যে তাৰ ওপৰত এয়া তাইৰ আগদিনাৰ প্ৰতিশোধ লৈছে । সিও কিছু সময় পিছত কেন্টিনলৈ গৈ সিহঁতৰ ওচৰতে বহিল । সি কিছুসময় বাহিৰলৈ চাই ৰল । তাৰ পিছত পল্লবীক কলে
-পল্লবী
-কি ?
-এজাক বৰষুণ আহিব
-এই দেই পুৰি যোৱা ৰদত তুমিনো ক'ত বৰষুণৰ উমান পালা?
-সৌৱা চোৱা পশ্চিমৰ আকাশত কলা ডাৱৰৰ খেল । সেয়ে অনুমান কৰিছো । বৰষুণ জাক আহিলে কিন্তু ভাল । আকৌ ফৰকাল হব আকাশ, জিলিকি ৰব তৰাৰ পোহৰ ।
পল্লবীয়ে একো নুবুজিলে যদিও নিশাৰ বুজিব বাকী নাথাকিল যে সেই কথা কেইটা সি তাইক উদ্দেশ্যিয়ে কৈছে ।
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment