জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ২৫) : Assamese love story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, April 28, 2021

জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ২৫) : Assamese love story

             

Assamese love story

কোনোমতে ৰুমলৈ আহি তাই বিচনাখনত বহি পৰিল । তাই নোৱাৰে ইমান আকুলতা আৰু সহিব নোৱাৰে ( Assamese love story ) । তাতকৈ অসহ্যকৰ যেতিয়া তাই এই আকুলতা খিনিক জোনাকৰ প্ৰেমৰ লগত ৰিজাব যায়, তেতিয়া এনে লাগে যেন বুকু ফাটি কলিজাটো তাইৰ ওলাই পৰিল । তাইৰ মন মগজুত এতিয়া মাথো বিনয়ে বিয়পি আছে তাৰমানে তাইৰ মনৰ পৰা লাহে লাহে জোনাকৰ ঠিকনা হেৰাব নেকি? নাই নাই তেনে হব দিব নোৱাৰে । কাৰণ জোনাক তাইৰ প্ৰথম প্ৰেম, প্ৰথম ভালপোৱা । মানুহে কয় সচা প্ৰেমৰ হেনো পৰাজয় নাই । সেয়ে তাই দাবী কৰে জোনাক তাইৰ আজীৱন তাইৰ । তাৰ নামত পিন্ধা শিৰৰ সেন্দুৰকণৰ অস্তিত্ব ই জীয়াই ৰাখিব । কিন্তু মুহূৰ্তবোৰৰ ওচৰত তাই হাৰি যাব ধৰিছে । বুকু ফাটি ওলাই আহিল তাইৰ কান্দোনৰ ৰোল ।তাই অসহায় হৈ পৰিল ।  সকলোফালে যেন তাই ভুল কৰিব গৈ আছে । মাক, দেউতাক, শাহুৱেক, জোনাকৰ ওচৰত ভুল কৰি চহৰলৈ ওলাই আহিল আৰু ইয়াতো যেন তাই নতুন ভুল এটা কৰিব গৈ আছে । আজি তাই ঘৰ এৰি অহা প্ৰায় দেৰ মাহ হল এবাৰো মাক, দেউতাক, শাহুৱেকৰ খবৰ লোৱা নাই, খবৰ লোৱা নাই জোনাকৰ । তাই নাজানে এয়া তাইৰ অভিমান নে কি?? 
    ইতিমধ্যে নিশা যোৱাৰে পৰা প্ৰদীপ শয্যাগত হৈ পৰিল । অঞ্জলিয়ো মৌন হৈ পৰিল । আৰু জোনাক ।  দিনৰ দিনটো কোঠাৰ ভিতৰত সোমাই থাকে  । প্ৰভাও যেন এটা শিলৰ মুৰ্তিহে । মাত বোল নকৰে । খোৱা বোৱাৰ কোনো থানথিত নাই । কেতিয়াবা জোনাকে বৰ আগ্ৰহেৰে মাকৰ ওচৰলৈ আহে দুই এটা কথা পাতিবলৈ কিন্তু সি  ওচৰ পালেই তাই আতৰি যায় । যেতিয়া সি তাৰ কোঠাত সোমাই বুকুখন চিৰিংকৈ কোব মাৰে । সি থিৰেৰে থাকিব নোৱাৰা হৈ পৰে । আৰু যেতিয়া বুকুৰ অসহ্য বিষত বিচনাত পৰে দুচকুৰ পানীৰে তিতি যায় সিতানৰ গাৰু । এয়া সি কি কৰিলে । তাৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণ শেষ কৰি দিলে সি এখন ঘৰ । তাতকৈ ডাঙৰ কথাটো হল এজনী নিৰীহ ছোৱালীক সি বহুত কষ্ট দিলে । সি মাকৰ ওচৰলৈ আহিল । তাক দেখি মাক আতৰি যাব লওতে সি মাত লগালে - 
মা..??  ( Assamese love story )
প্ৰভা ৰৈ গল! 
-তুমি মোক বেয়া পাই আছা ন মা? কোৱা মই কি কৰিব লাগে? এতিয়াৰে পৰা মই সকলো তোমাৰ মতে কৰিম । মই বহুত কষ্টত আছো অ মা!
প্ৰভাই ঘুৰি চালে । জোনাকৰ দুচকুত দুটোপাল চকুলো । তাই আগবাঢ়ি গল আৰু নিশব্দে তাৰ দুধাৰিৰ চকুলো দুটোপাল মচি দি তাক বুকুৰ মাজলৈ নি কলে 
-যা নিশিতাক উভতাই আনগৈ । আমাৰ সুখ শান্তি সকলো তাইৰ লগতে গৈছে অ বাবা । তাই আহিলে সকলো ঘূৰি আহিব । 
আজি বহুদিনৰ পাছত তাৰ বিষাদগ্ৰস্ত মনটো সজীৱ হৈ উঠিল । সি নতুনকৈ শক্তি পালে । কিমান ৰাতি যে সি উজাগৰে কটাইছিল কিন্তু  আজি বিচনাত পৰা লগে লগে তাৰ ভাগৰুৱা দেহটো নিদ্ৰাদেৱীয়ে আকোৱালি ললে । পুৱা দুচকু মেলি দেখিলে তাৰ গাত ব্লেংকেত খন উৰুৱাই দিয়া আছে, আঠুৱীখন তৰি দিয়া আছে । তাৰ দুটি ওঠৰ মাজত এটি হাঁহি বিৰিঙি উঠিল । বুজিব বাকী নাথাকিল যে সি শোৱাৰ পিছত মাক আকৌ তাৰ ৰূমলৈ অহাৰ কথা ।
ক্ৰমশ

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ  বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages