দোমোজাৰে ভৰপূৰ মনটো লৈ তাই ৰূমলৈ উভতিল । ৰূমতো প্ৰতিটো কামৰ আঁৰে আঁৰে ছয়া ময়া ছবি হৈ বিনয় লগ দি গল। ( Assamese love story )বিচনাত পৰিও নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় লওতে বিনয় আহি ধৰা দিলে । তাই থতমত খাই উঠি বহিল । হে ভগৱান এয়া কি হব গৈ আছে? এয়া বিনয়ৰ প্ৰতি মোৰ প্ৰেম নে কি? নাই নাই এয়া প্ৰেম হব নোৱাৰে । মই এয়া কেতিয়াও হব দিব নোৱাৰো । যদি প্ৰেম হয় তেন্তে মোৰ জোনাক..? নিশাই আৰু ভাবিব নোৱাৰিলে । মাথো সিদ্ধান্ত ললে কাইলৈ তাই বিনয়ক লগ কৰিব নাযায় । এতিয়াৰে পৰা তাই বিনয়ক অৱহেলাৰ চকুৰে চাব ।
ৰবিবাৰৰ পুৱাটো মুক্ত হৈ আহে নিশাৰ বাবে । সেয়ে তাই সিদিনা অলপ পলমকৈ বিচনা এৰে । কিন্তু আজি তাই সোনকাল সাৰ পাইছে । মনত এটাই প্ৰশ্ন বিনয়ক লগ কৰিব যাব নে নাযায়? এবাৰ যদি নাযাও বুলি ভাবে পিছ মুহূৰ্ততে যাম বুলি ভাবে । তাই নিজৰ মনৰ ওপৰতে আস্থা হেৰুৱাই পেলাইছে । ভবা গুণা কৰি থাকি মবাইলটো হাতত তুলি ললে । পল্লৱীক ফোন কৰিব । আৰু আজি দিনটো তাইৰ লগত বাহিৰলৈ ওলাই যাব।পল্লৱী নিশাৰ কলেজৰে শিক্ষা বিভাগৰ অধ্যাপিকা । মাজে সময়ে বাছত লগ পাওঁতে এতিয়া দুয়োৰে মাজত সুকীয়া বন্ধুত্ব সম্পৰ্ক এটা গঢ় লৈ উঠিছে । তাই ফোনটো হাতত তুলি ললে যদিও মনটোৱে ফোন কৰিব নকলে । বিচনাৰ পৰা উঠি ঘৰুৱা কাম কাজ খিনি কৰি থাকোঁতেও তাই ভাবি থাকিল বিনয়ক লগ কৰিব যাব নে নাযায় । পিছত তাই মনৰ তাগিদাত ঠিৰাং কৰিলে লগ কৰিব যাব । সেয়ে বিনয়ে কোৱা অনুসৰি সেই ঠাই ডোখৰলৈ তাই গল । এখন পাৰ্ক। তাত এখন আসনত বহি আছে বিনয় । তাইয়ো গৈ আসনখনত বহিল । বহু সময় পাৰ হৈ গল । সি একো কোৱা নাই । কিছু সময় পিছত তাইয়ে সুধিলে -
-মোক কিয় মাতিছিলা?
-হৃদয়ৰ আহ্বানত ।
তাই মনে মনে ৰল। তাৰ উত্তৰ বোৰ এনেকুৱাই । যদিও তাই তাৰ প্ৰতি খং দেখুৱাই তথাপিও ভাল লাগে তাৰ এই খুহুতীয়া কথাবোৰ আকৌ কিছু সময় পাৰ হৈ গল । কোনেও একো কোৱা নাই । আকৌ তাই কলে
-মোক কি কব লগা আছে বেগতে কোৱা ।( Assamese love story )
- তুমি কাষত থাকিলে ভাষা হেৰুৱাও ।
তাই আৰু একো নোসুধো বুলি ভাবি ললে যদিও মনটোৱে নামানিলে ।সেয়ে এইবাৰ খঙতে কলে
-যদি কব লগা একো নাই কিয় মোক আহিব কৈছিলা?
-তুমি কাষত থাকিলে সমস্ত পৃথিৱীখন থকা যেন পাওঁ ।
তাইৰ খং উঠিল । উসাৎ মাৰি আসনখনৰ পৰা উঠি আহিব লওতেই বিনয়ে কলে
"এনেদৰে,
ঠিক এনেদৰে...
বৈ যাওঁক হৃদয়ৰ নদীখন
পাৰ হৈ যাওঁক কত যুগ, কাল, সময়..! "
অজানিতে থমকি ৰল নিশাৰ আগুৱাব খোজা প্ৰতিটো খোজৰ লহৰ । এছাটি সতেজ বতাহ আহি চুই গল তাইক। চেঁচা হৈ পৰিল তাইৰ শৰীৰটো । অনুভৱ হল আহ, কি আসক্তি, কি এই ৰাগি যেন সদায় এ থাকে হৃদয়ৰ মণিকোঠাত । তাই যি উঠি আহিল আৰু পিছুৱাই নগল । বুকুখন তাইৰ কঁপিব ধৰিছে । খোজবোৰে স্থিৰতা হেৰুৱাইছে । সম্মুখত ধোঁৱা ধোঁৱা আৱৰণ এটাই বাৰে বাৰে আগভেটি ধৰিছে । যেন তাই মৰিচিকা খেদি ফুৰিছে ।
ক্ৰমশ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment