জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ২৩) : Assamese love story - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Monday, April 26, 2021

demo-image

জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ২৩) : Assamese love story

             

PhotoGrid_1616953320309

নিশাই এখন বাছত উঠি গুচি গল । সি মাথো চাই ৰল বাছ খন আঁৰ নোহোৱালৈকে । অজানিতে মুখত বিয়পি গল এটা সন্তুষ্টিৰ হাঁহি । উভতি খোজ ললে বাইকখনৰ ওচৰলৈ  ( Assamese love story )। গাড়ীত গোটেই পথত নিশাৰ মনতো সতেজতাৰে ভৰি আহিল । ৰুমলৈ  অহাৰ পিছতো যেতিয়া তাই বিচনাত পৰিল মানস পটত বিনয়ে ডুলি থাকিল । হঠাতে তাইৰ মনটো বিষন্ন হৈ পৰিল। যেতিয়া তাই জোনাকক বিনয়ৰ লগত উপস্থাপন কৰিলে । তাইৰ সৰল মনটোৱে সদায় বিনয়ৰ দৰে এজন প্ৰেমিক বিচাৰিছিল, যাৰ মৰমৰ বৰষুণত জীপাল হৈ থাকিব তাইৰ হৃদয়ৰ চৌপাশ, সেউজীয়া হব বুকুৰ পৃথিৱীখন । কিন্তু বিনয় নহয় জোনাক ৰূপত হে । তাইৰ কল্পনাৰ জোনাকজনতো ঠিক বাস্তৱৰ বিনয়ৰ দৰেই আছিল কিন্তু বাস্তৱৰ জোনাক জন ইমান কঠোৰ হব বুলি তাই কেতিয়াও ভবা নাছিল । এতিয়া তাই জীৱনৰ মাজ বাটত থিয় হৈছে । পিছফালে চালে জোনাকক পাই আৰু আগফালে চালে বিনয়ক পায় । কাক এৰিব কাক আদৰি লব তাইৰ বাবে যেন এটা উত্তৰ বিহীন প্ৰশ্ন হৈ পৰিছে ।  আজি ইমান দিনৰ পাছত আকৌ এবাৰ তাই আশা কৰিছে জোনাক যেন তাইৰ প্ৰেমিক হৈ সোনকালে উভতি আহে  ( Assamese love story )। 

বিচনাখনৰ পৰা উঠি আহি তাই তাইৰ ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিবলৈ ললে । তাত এটুকুৰা কাগজ আছে  । য'ত লিখা আছে - ' কলিজাটো তোৰ তাত এৰি থৈ আহিলো, সযতনে ৰাখিবি.!' আহ,  কি আকুলতা, কি এই মৰম, যেন ভাষাৰে বুজাব নোৱাৰা । সেই টুকুৰাটো এদিন জোনাকে নয়নৰ হাতত দি পঠাইছিল তাইলৈ যিদিনা সি মেট্ৰিক পাছ কৰাৰ পিছত বাহিৰলৈ পঢ়িব গৈছিল আৰু তেতিয়াৰে পৰা তাই আজিও ডায়েৰীৰ মাজত ৰাখি থৈছে টুকুৰাটো । যেতিয়াই তাই নিসংগ হৈ পৰে বা বাধা আহে তেতিয়াই টুকুৰাটো উলিয়াই বাৰ বাৰ পঢ়ে । তাই শক্তি পায় । ক্ৰমশ আন্ধাৰ নামি আহিল । কথাবোৰ ভাবি ভাবি তাই কেতিয়া শুই পৰিল গমেই নাপালে । 
ৰাতিৰ অন্তত আকৌ এটা উজ্জ্বল দিনৰ আৰম্ভণি হল । প্ৰত্যেক দিনাৰ দৰে একেই ব্যস্ততা । তাই কলেজলৈ গল ।অফিচত সোমাই আজি বিনয়ৰ মনতো বেছ উৎফুল্লিত যেন লাগিল ।  সি তাইক হাঁহিৰে সম্ভাষণ জনালে । তাইয়ো মিচিকিয়া হাঁহি এটাৰে পূৰ্ণ সঁহাৰি জনালে । তাৰ পিছত সকলোৱে নিজৰ নিজৰ দায়িত্ব অনুসৰি ক্লাচলৈ গল । 

    ক্ৰমশ দিনবোৰ বাগৰি গল । নিশা আৰু বিনয়ৰ মনবোৰো সজীৱতাৰে ভৰি থকা হল । হয়তো তাই নজনাকৈ তাইৰ মনৰ মাজত বিনয়ে ঘৰ সাজি ললে । কলেজৰ শেষত আজিও তাই  বাছ স্তপেজৰ ফালে খোজ ললে । হঠাতে বিনয় আহি তাইৰ ওচৰতে বাইকখন ব্ৰেক কৰিলে । তাই উচপ খাই উঠিল ।
-বলিয়ালি কৰিবলৈ আৰু ঠাই নাপালা? 
-বলিয়াই জানো স্থান, কাল পাত্ৰ চিনি পায় ।
-চাওঁ বাট এৰি দিয়া ।
-কত নো ধৰি ৰাখিলো । কাইলৈ ৰবিবাৰ । আহিবা ।
-কলৈ?? 
- নিৰৱতাৰ বুকুত ।
-কিয়? 
-প্ৰাণ ভৰি কথা পাতিম ।
-কাম নাই আৰু মোৰ অযথা সময় বৰবাদ কৰিবলৈ ।
-কেতিয়াবা বৰবাদ কৰি চাবাচোন স্মৃতি হয় ৰব..তাৰ পাছত সোঁৱৰণী..!!
বিনয় গুচি গল । সচাকৈয়ে কি পাগল এই লৰাজন । বুকুত বিষাদৰ ঢৌ এটা আহি নিশাৰ মনৰ সকলো প্ৰশান্তি উতুৱাই লৈ গল। কাৰণ এই প্ৰেম, এই আকুলতা খিনি তাই বিচাৰিছিল জোনাকৰ মাজত । কিন্তু জোনাক আজি তাইৰ বাস্তৱতাবিহীন এটা সপোন, যাৰ পৰা তাই এইখিনি আশা কৰাতো বাতুলতা ।
ক্ৰমশ

PhotoGrid_1616950686253+%25281%2529
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ  বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages