জীৱনত প্ৰথমবাৰৰ বাবে এজন পুৰুষৰ কথাই শিহৰিত কৰি তুলিলে তাইক । খঙত অগ্নিশৰ্মা তাই বিনয়ক তীব্ৰ ভাষাৰে টানকৈ কৈ গুচি আহিল ( Assamese love story )। কাৰণ শিৰৰ সেন্দুৰে সাক্ষী দিয়ে যে তাই বিবাহিতা । তাইৰ বুকুখন বৰকৈ বিষাইছে । পোৱা আৰু নপোৱা দুয়োটাৰে যন্ত্ৰণাই তাইক হেচা মাৰি ধৰিলে । কি বিচিত্ৰ এই পৃথিৱী। এফালে জোনাকৰ অলপ মৰমৰ বাবে ব্যৰ্থ হৈ তাই এই চহৰলৈ আহিব লগা হল আৰু আনফালে বিনয়ৰ এসাগৰ মৰমৰ মাজতো তাই নিজকে বিলীন কৰি দিব পৰা নাই । সচাকৈয়ে এই জীৱনটো কি আচৰিত । কাক, কত, কেতিয়া লগ পোৱা যায় আৰু কাক, কত, কেতিয়া এৰিব লগা হয় কোনেও নাজানে । তাই কলেজৰ দুটামান নোট কৰিব বহিল । আচলতে এয়া কথাবোৰ পাহৰি থকাৰ অজুহাতত হে । আজি তাইৰ কলমৰ আগত শব্দ নোলাই । এনেকৈ কিমান সময় পাৰ হৈ গল তাই গমেই নাপালে । বাহিৰত এজাক জোনাকৰ জিলমিল দেখি তাই ওলাই আহি জোনটোৰ ফালে চাই ৰল । মানস পটত ডুলি থাকিল বিনয়ৰ ছবিখন ।লাহে লাহে তাই কোঠাৰ ভিতৰলৈ গল । আইনাত প্ৰতিবিম্বিত মানুহজনীৰ শিৰৰ ৰঙীণ সেন্দুৰকণ দেখি ভাব হল ছেঃ, মই ইমান নীচ কথা ভাবিব পাৰোনে? বিচনাত পৰি তাই জোনাকক মনৰ পৰ্দাত আনিবলৈ আপ্ৰাণ চেষ্টা কৰিলে যদিও ব্যৰ্থ হল। হয়তো আজি তাইৰ মনৰ অটল গহ্বৰৰ মাজত জোনাক সোমাই পৰিল।( Assamese love story )
অইন দিনাৰ দৰে আজিও নিশা কলেজলৈ ওলাল । অফিচত বিনয়ক বহি থকা দেখি নিশাই ভাবিছিল সি তাইক দেখি উঠি যাব । কিন্তু তেনে নহল নিশাৰ সম্মুখত সিওঁ বহি থাকিল এজন বীৰৰ দৰে । আৰু নিশাও তাক গুৰুত্ব নিদিয়াকৈ বহি থাকিল যেন দুয়ো দুখন পৃথিৱীত বাস কৰা দুজন অচিন মানুহ ।
ক্ৰমশ দিনবোৰ যাবলৈ ধৰিলে । আজি কলেজ পোৱাৰ পাছত অফিচৰ কোঠাটো উকা উকা লাগিল । কাৰণ আজি বিনয় অহা নাই । সিদিনা তাইক তেনেকৈ কোৱাৰ পিছৰে পৰা প্ৰায় এমাহ হব তাই বিনয়ক মাত বোল কৰা নাই, সিও তাইক মাতিব সাহস কৰিব পৰা নাই । কিন্তু হঠাৎ আজি কি হল জানো তাইৰ তাৰ অনুপস্থিতিত সকলো শূন্য যেন লাগিল । ক্লাছলৈ গৈয়ো তাইৰ চকুজুৰি চৌপাশত কেৱল বিনয়কে বিচাৰিব ললে । নাই আজি সি নাহিল । নিশাৰ মনতো চিন্তান্বিত হৈ পৰিল।
সেমেকা মনটো লৈ নিশা কলেজলৈ আহিল । আজিও বিনয় অহা নাই । তাইৰ বুকুৰ ঢপঢপনি বাঢ়ি গল । ক্লাছ শেষ কৰি অফিচলৈ আহি তাক বহি থকা দেখিলে ।অজানিতে দুটি ওঠৰ মাজত অস্ফুট হাঁহি এটা ঢৌ খেলি গল ।তাই নুবুজিলে এই অনুভূতিৰ অৰ্থ কি??
ক্লাচৰ শেষত নিশা বাছ স্তপেজৰ ফালে আগবাঢ়িছে । হঠাতে কিছু দূৰত মানুহৰ জুম দেখিলে । বিনয় আৰু গাড়ী এখন খুন্দা লাগিছে যদিও কাৰো একো ক্ষতি হোৱা নাই । কেৱল বিনয় পৰি গৈছে । নিশাই তাক তুলিবলৈ আগবাঢ়ি গল। সি আচৰিত হল।
-পিছুৱাই কিয় আহিলা?
-মনৰ উৎকণ্ঠাত।
-মোক কিয় তুলিলা?
-মানৱতাৰ খাতিৰত ।
নিশাৰ পিছে পিছে বাইকখন থৈ সিও খোজ ললে
-মোৰ পিছে পিছে কিয় আহি আছা?
-আহিলোৱে যেনিবা আপত্তি কিহত?
-তুমি অহাতে মোৰ আপত্তি ।
-তেন্তে তাক এৰি থৈ যোৱা বাটৰ ধূলিত ।
-কথাই প্ৰতি কাট নামাৰিবা । পাহৰি নাযাবা মই যে বিবাহিতা ।
-মনত ৰাখি কি লাভ এয়া যে হিয়াৰ আকুলতা ।
বাক বিতণ্ডা কৰি দুয়ো আহি বাছ স্তপেজ পালে ।
ক্ৰমশ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment