তাই মাত্র দৌৰিছে,কোনোফালে চোৱা নাই মাত্র তাইৰ লক্ষ্য ৰেললাইন | এনেকুৱা পংকিল জীৱন এটা লৈ তাই জীয়াই থাকিব নোখোজে | সকলো আশা তাইৰ শেষ,জীয়াই থকা শেষ হেপাঁহকন ও তাইৰ শেষ,,,,,, ( Assamese Love story )
- ঐ জহনিজাইটি আকৌ উভতি নাহিবি ,মৰিব গৈছ মৰি আহিবি ,তই মৰিলে শ্মশানৰ চিতাত প্রথমে অগ্নীসংযোগ মই কৰিম |
মাহীমাকৰ কথাষাৰ তাইৰ কানত নপৰিল |এনেহেন নিষ্ঠুৰ মাহিমাক তেজিমলাৰ সেইজনী মাহীমাকৰ পুনৰজন্ম |
তাই দৌৰিছে,কেৱল দৌৰিছে,,,,,,,
ৰাস্তাত ওলাই ওলাই মানুহবোৰে তাইক প্রত্যক্ষ কৰিছে ,যেন এজনী বোবা অসহায় ছোৱালীৰ সেই ৰূপ দেখি সকলোৱে আনন্দ লভিছে,,,,,,,,
স্কুলৰ পৰা কন কন ল'ৰা ছোৱালীবোৰ আহিছে,সিহতে তাইক দেখি জপিয়াই জপিয়াই কৈছে,,,,,
- বেঙী ,বেঙী,,,,,,
কিন্তু তাইৰ এটা শব্দওঁ কানত নোসোমাল,কাৰন তাইৰ লক্ষ্য মৃত্যুস্থল |
চ'কত জমা হৈ থকা এচাম ডেকা ল'ৰাই আকৌ তাইক দেখি কৈছে,,,,,
- বেঙী হ'লেওঁ তাইটো অলপ ধুনীয়া নহয়,,,,
চকুৰে মানী বাৰিষাৰ ধলৰ দৰে বৈছে,,কপালৰে নিগৰি বৈ আছে তেজ,,,,
কলেজৰ তাইৰ লগৰীয়া বোৰে তাইক তেনে ৰূপত দেখি কিৰিলি পাৰি হাঁহিছে,,,,,
- বেঙী পঢ়া দেখাইছিলি,এতিয়া কেনে মজা
সচাঁকে মানুহ হৈ তাই কেনেকে জীয়াব |কেনেকে তাই ভৱিষ্যতৰ সপোন দেখিব ! সকলো শেষ আজি,,,,
তাই এটা সময়ত ৰেললাইনৰ ওচৰ পালে,তেনেতে তাইৰ দুৰনিত ট্রেইনৰ উকি শুনিব পালে,,,,
তাই আগতকে আৰু দ্রুত গতিত দৌৰিব ল'লে,,,,,,
তেনেতে এফালৰ পৰা আহি থকা ৰাজুয়ে তাইক দৌৰি থকা প্রত্যক্ষ কৰিলে | সি আৰু ৰৈ নাথাকিল,ব্রিটিছৰ দিনৰ বুঢ়া চাইকেল খন পেলাই তাইৰ পাছত দৌৰিব ল'লে,,,
- ঐ অচিনাকী বান্ধৱী,,,,
তাইৰ কানত এটা চিনাকী কণ্ঠৰ প্রতিধ্বনি হ'ল,তাই থমকি ৰ'ল,আৰু উভতি চালে,,,,/p>
হাৰে সেয়াছোন অচিনাকী বন্ধু,আকৌ কি দুখ দিবলৈ আহিল সি,তাই তাক দেখা মাত্রকে তাইৰ দোপাট্রা খনৰে মুখখন ধাকি ল'লে,,,
আকৌ তাইক বোবা ছোৱালী বুলি হাঁহিব আহিল নেকি ! নাই তাই আকৌ দৌৰিলে,,,,,
ৰাজুয়ে যেন একো ধৰিব পৰা নাই,কিন্তু সি বুজিলে যে তাই আত্মাহত্যা কৰিব আহিছে,,
- ঐ অচিনাকী বান্ধৱী,তুমি ৰৈ যোৱা,এবাৰ মোৰ কথা ভাবা,মই তোমাৰ পাগল প্রেমিক,এবাৰ তোমাৰ ধুনীয়া মুখখন মোক চাব সুযোগ দিয়া,,,
তাই আকৌ থমকি ৰৈছিল,আৰু তাৰ ফালে উভতি চাইছিল,আৰু মূৰটো জোকাৰি বুজাই দিছিল,,,,,
- হে অচিনাকী বন্ধু তুমি উভতি যোৱা,মোক মৃত্যুৰ সময়ত আমনি নকৰিবা,মোক মৰিবলৈ দিয়া , আৰু মোৰ দৰে কুলক্ষনী বোবা এজনীৰ মুখখন চাই তুমি নিজৰ অমংগল নামাতিবা,,,,,,
সি বহুত চেষ্টা কৰিছিল,কিন্তু তাই নৰল,,,,
ইতিমধ্যে ট্রেইন আহি ওচৰ পাইছিল,ৰাজুৰ বকুখন কপিব ধৰিছিল,তাই মাত্র দৌৰিছে দৌৰিছে আৰু দৌৰিছে,,,,,
ট্রেইন আহি পালে আৰু তাই ট্রেইনৰ সন্মুখত সাহসৰে জাপ দিলে,,,,,,,
- নাই,,,,,,,,,,,
নাই,,,,,,,নাই,,,,,,,,নাই,,,,,,,
ৰাজুৰ চিঞৰৰ প্রতিধ্বনিত আকাশ ,বতাহ কপি উঠিল,,,,,,,,,,
ঝক্ ঝক্ ঝক্
দ্রুটগতিত চলিল ট্রেইন,,,,,,,,
হেপাঁহ বোৰ যেতিয়া
মৰিশালি হয়,,,,,
দাউ দাউকৈ জ্বলে তেতিয়া
হৃদয় নামৰ আশ্রয়,,,,
ট্রেইন গমনৰ পাছত এক নিৰিবিলি পৰিবেশ,শেষ হৈ গ'ল নেকি সকলো,অকালতে মৃত্যু হ'ল নেকি এটা প্রেমৰ |
ৰাজুই দেহৰ ওপৰত কিবা এটাৰ অনুভৱ কৰিলে,কোনোবাই যেন উচুপি কান্দিছে তাৰ বকুত মূৰ গুজি,সি লাহে লাহে মূৰটো ডাঙি নিজক প্রত্যক্ষ কৰিছিল,,,,,,,
হাৰে ৰিয়া তাৰ ওপৰত,তাইক সি উঠাই দিছিল,আৰু তাইক ভালকে চাইছিল,,,,
হয়,ৰাজুই তাইক ৰেললাইনৰ পৰা জোৰকৈ তানি আনিছিল,আৰু দুয়ো চিটিকি পৰিছিল,কিন্তু ৰাজুৰ ওপৰত ৰিয়া,,,,,,
আকৌ এবাৰ ৰাজুই তাইক জোৰকৈ বকুৰ মাজত তানি আনিছিল |
তাই বুজাব নোৱাৰা এক আবেগত ফেকুৰী ফেকুৰী কান্দিছিল,,,,,,
সি তাইক দুবাহুৰ মাজৰ পৰা মুক্ত কৰি দিছিল,আৰু তাইৰ সন্মুখত আঠু কাঢ়ি পৰিছিল,আৰু দুয়োখন হাতেৰে তাইক প্রনাম কৰি কৈছিল,,,,,,
- হে অচিনাকী বান্ধৱী,হয়টো এটা সময়ত মই স্বাৰ্থপৰ,অহংকাৰী হৈ তোমাক কিবা কৈছিলো,কিন্তু আজি মই অনুতপ্ত |মই ভূল কৰিছিলো,মই তোমাৰ মানসিকতাত আঘাট কৰিব নালাগিছিল,মই এতিয়া তোমাৰ পাগল প্রেমিক,তুমি মোৰ কাৰনে তেনে এটা সিদ্ধান্ত ন'লবা |
তাই ফুটা-নুফুটা কিছুমান শব্দৰে মাত্র বুজাই দিছিল যে ,,,,,,,
মোৰ নিচিনা এজনী অভাগিনীক ক্ষমা বিছাৰি লাজ নিদিবা,তাই তাক তাইৰ দুহাতেৰে কান্ধত ধৰি উঠাই দিছিল,তাৰ চকুৰ পানী বোৰ তাই দুপাট্টা খনৰে মছি দিছিল,,,,,,
তাইৰ সেই গভীৰ মৰমত সি যেন এক বেলেগ অনুভৱ কৰিলে,,,,,যি অনুভৱ সি প্রকাশ কৰিব নোৱাৰে,,,,,
সি লক্ষ্য কৰিছিল,তাইৰ কপালৰ পৰা নিগৰি নিগৰি ওলাইছিল তেজ,,,সি তাইৰ কপালৰ তেজ খিনি নিজৰ হাতখনৰে মছি দিছিল আৰু আকি দিছিল তাইৰ শিৰত এখন ৰঙা নৈ,,,,,,,
- আই,,,,,,,,,
মানুহ এজনৰ মাতত সি উচপ খাই উঠিছিল আৰু চৌদিশ চোৱাৰ পাছত দেখিব পাইছিল,,,,,,
এজন আদবয়সীয়া মানুহ | মানুহজনক দেখা মাত্রকে তাই দৌৰি গৈছিল,আৰু মানুহজনে নিজৰ দুবাহু মেলি দিছিলে,তাই পোনচাতে মানুহজনৰ বকুৰ মাজত সোমাইছিল,,,,,, ( Assamese Love story )
সি বুজিব পৰা নাছিল,মানুহজন আৰু ৰিয়াৰ মাজৰ সম্পৰ্ক কি !
- আই,,,,তই মোক অকলসৰে এৰি কিয় আহিছিলি,কিয় মোক নিসংগ কৰি থৈ যাব খুজিছিলি,তই এবাৰো কিয় ভবা নাছিলি যে তই অবিহনে এইখন পৃথিৱীত আপোন কোনো নাই,,,,,,
মানুহজনৰ দুচকুৰে মাত্র বৈ আহিছিল চকুপানী,,,,,,
পুৰুষ মানুহৰ চকুৰে সহজতে চকুপানী বৈ নাহে,আহে তেতিয়া যেতিয়া অত্যাধিক আঘাট হৃদয়ত জমা হয় |
ৰাজু মানুহজনৰ ওচৰ চাপি আহিছিল |
- খুড়া,,,,,,
তাৰ মাতত মানুহজন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল |
- তুমি,,,,,
- মই ৰিয়াৰ এজন ভাল বন্ধু | আজি মই নহলে,,,,,,,
- মোৰ ৰিয়াৰ বন্ধু আছে ! যিখন সমাজে ৰিয়াক কুলক্ষনী,বোবা বুলি হাঁহে সেইখন সমাজত তোমাৰ দৰে ল'ৰা এজন মোৰ ৰিয়াৰ বন্ধু !
মানুহজনৰ কথাখিনিত মোক এক বুজাব নোৱাৰা দুখে খুন্দা মাৰি ধৰিলে,,,,,আকৌ মানুহ জনে আৰম্ভ কৰিলে,,,,,
মই ৰিয়াৰ দেউতাক,এজন দেউতাক হিচাপে মই তাইক একো দায়িত্ব লব নোৱাৰিলো,মই বৰ দুৰ্ভগীয়া আছিলো বোপা,,,,,
মোৰ ঘৰ আছিলে নাহৰজানত | মই মোৰ মাতৃ-পিতৃৰ পৰিচয় নাজানো | মই এঘৰ মানুহৰ ঘৰত গোলামী কৰি এখন ঘৰ সাজিছিলো | এদিনাখন সাংসাৰিক বান্ধোনত সোমাই পৰিলো | সময়বোৰ বৰ ধুনীয়াকৈ গৈ আছিল | এদিনাখন ৰিয়াৰ মাক গৰ্ভৱতী হ'ল | আমাৰ আনন্দৰ সীমা নোহোৱা হ'ল | এদিনাখন ৰিয়াৰ মাকক মেডিকেলত ভৰ্তি কৰালো | দুদিনৰ পাছত ৰিয়াৰ মাকে এটি কন্যা সন্তান প্রসৱ কৰিলে,সেইজনীয়ে ৰিয়া | মাকৰ গৰ্ভত থাকোতে তাই কণ্ঠনলীত পোৱা এক আঘাটৰ বাবে তাইৰ কণ্ঠ ৰুদ্ধ হ'ল,,,,,
তেনেতে অভিশাপ নামি আহিল আমাৰ জীৱনত | ৰিয়াৰ মাক হৃদৰোগত আক্ৰান্ত হ'ল | ডাক্তৰে মোক ক'লে তেওঁৰ অপাৰেচন কৰিব লাগে,,,,
কিন্তু আমি দিনহাজিৰা কৰা মানুহ ইমান পইচাঁ কত পাওঁ,মই বলিয়াৰ দৰে হ'লো |
কিন্তু তেনেতে এদিনাখন ৰিয়াৰ মাক এই পৃথিৱীৰ পৰা গুছি গ'ল |
মোৰ যে বৰ যন্ত্রনা হ'ল | এজনী কনমানী ছোৱালীক লৈ মই জীৱনত কেনেকে আগবাঢ়ো |
তেতিয়া মই ঔ-গুৰিৰ এজনী নিংসগ মহিলাক বিয়া পতাৰ সিদ্ধান্ত গ্রহন কৰিলো | কিন্তু মানুহজনীৰ এটা চৰ্ত্ত আছিল মই তেওঁৰ ঘৰত থাকিব লাগিব | শেষত মই তাইক ডাঙৰ কৰা স্বাৰ্থত মই ঔ-গুৰিত গুছি আহিলো,আৰু আৰম্ভ কৰিলো দ্বিতীয়খন সংসাৰ |
প্রথমতে সকলো থিকে আছিলে,কিন্তু দিনযোৱাৰ লগে লগে ৰিয়াৰ মাহীমাকৰ আচৰন বোৰৰ সলনি হ'ল,,,,,
তাইৰ ওপৰত চলিল দৈনন্দিন অত্যাচাৰ,মই মাত মাতিলে কয় দস্তুৰ মত মোৰ সম্পত্তিত আছা,মন গ'লে উলিয়াই দিম | মই নিৰুপায় বোপা,,,,,,,
মানুহজনে কান্দিছিলে,সি কি কব একো ভাবি নাপালে,মানুহজনে ৰিয়াৰ হাতখনত খামোছি ধৰিলে,আৰু লাহে লাহে সিহত আগবাঢ়িছিল নিজৰ ৰাস্তাৰে,,,,,
মই কাষত থকা জোপোহা গছডালত নিজক সম্পূৰ্ণ ৰূপে এৰি দিলো | আৰু এপলক নেত্রে তাইক চাই থাকিলো | তাই মাত্র গন্তব্য স্থানলৈ চাই গৈ থাকিল |
জোনাকে কানে কানে
আহি ক'লে ,,,,,
নিবিড় অবুজ ভাষাৰে
তুমি মোৰ মাথো মোৰ,,,,,
যেন মই এতিয়াই চিঞৰি কম,
- হেই অচিনাকী বান্ধৱী,তুমি উভতি আহা,মোক জোৰকৈ সাৱতি ধৰা না,উৰি যাওঁ তোমাৰ প্রেমৰ উৰাজাঁহাজত |
আকৌ এখন ট্রেইন আহিছিলে,সি তাইক লক্ষ্য কৰিছিল,তাই দেউতাকৰ হাতত খামোছি ধৰি গৈ আছিল,,,,,
ক্ৰমাত ট্রেইন খন ওচৰ চাপি আহিছিল | তাই দেউতাকৰ হাতৰ মুঠি খুলি আকৌ দৌৰ দিলে,,,,,,,
- আই,,,,,,,,,,
আই,,,,,,,আই,,,,,,আই,,,,,,
দেউতাকৰ বিকট চিঞৰৰ প্রতিধ্বনি হ'ল |তাৰ বকুখন কপি গ'ল ,,,,,
তাই মাত্র দৌৰিছে,ট্রেইন আহি ওচৰ পাইছে তাৰ আৰু তাইৰ মাজত দূৰত্বও বহুত বেছি,দেউতাক মাত্র এটা ঠাইতে নিঠৰ হৈ তাইক চাইছে,,,,,
তাই দৌৰিছে,ট্রেইন তাইৰ নিচে কাষ পাইছে,,,,,,,,,,,,
ৰিয়া,,,,,,,,,
ৰিয়া,,,,,ৰিয়া,,,,,,ৰিয়া,,,,,,,,
তাৰ চিঞৰত বতাঁহ বলিছে,তাই,,,,,,,,,!!!ট্রেইন ধুমুহা গতিত চলিছে,,,
ঝক্ ,,,,, ঝক্ ,,,,,,ঝক্ !!!
ক্ৰমশ |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese Love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment